Friday, January 14, 2022

 

সূতিকা-পটলৰ ১৯০৮ চনৰ সংস্কৰণৰ নাম-পত্ৰ


সূতিকা পটল আৰু ঊনবিংশ শতিকাৰ অসমৰ সাহিত্য-পৰম্পৰা


"গোবিন্দৰ পদ চিন্তি শ্ৰীগোবিন্দ দাস

ৰচিলে পয়াৰ ইতো, নহবা নিৰাশ।"

গোবিন্দৰাম চৌধুৰী(১৮২৬--১৮৯৬)য়ে অনুবাদ কৰা 'সূতিকা পটল'ক ঊনবিংশ শতিকাৰ অসমৰ সাহিত্য-পৰম্পৰাৰ এক অভূতপূৰ্ব, বিৰল আৰু আমোদজনক সংযোজন হিচাপে চিহ্নিত কৰিব পাৰি।এই পুথি যি মূল গ্ৰন্থক আধাৰ হিচাপে লৈ অনূদিত হৈছিল, সেই গ্ৰন্থ ৰচিত হৈছিল আধুনিক বাংলাত, কথোপকথনৰ ভংগীত।কিন্তু অসমীয়ালৈ অনুবাদ কৰোঁ‌তে অনুবাদকে আশ্ৰয় ল'লে পুৰণি পদপুথিৰ ভাষা আৰু শৈলীৰ।সমসাময়িক ভাৰতীয় আন ভাৰ্নেকুলাৰত এনে ঘটনা ঘটিছিলনে নাই সন্দেহ আছে।এই অনুবাদে এফালে ঊনবিংশ শতিকাৰ শেষাৰ্ধতো অসমৰ সমাজ-জীৱনত পুৰণি পদপুথিৰ সজীৱ পৰম্পৰাৰ উপস্থিতি ঘোষণা কৰে, আনহাতে পাশ্চাত্য শিক্ষাৰে শিক্ষিত মধ্যবিত্তৰ তৎপৰতাত নিৰ্মীয়মান সমমানৰ (standardised) আৰু ছপাৰূপৰ অসমীয়া ভাৰ্নেকুলাৰৰ গ্ৰহণযোগ্যতাৰ প্ৰতি কেতবোৰ প্ৰশ্ন দাঙি ধৰে।

      ডাক্তৰ যদুনাথ মুখোপাধ্যায় প্ৰণীত "ধাত্ৰী-শিক্ষা এবং প্ৰসূতি-শিক্ষা"ৰ প্ৰথম ভাগ প্ৰথম প্ৰকাশ হৈছিল ১৮৬৭ চনত।দুয়োটা খণ্ড একত্ৰে একে শিৰোনামেৰে প্ৰকাশ হৈছিল ১৮৭১ চনত।ইয়াৰে প্ৰথম ভাগ গোবিন্দৰাম চৌধুৰীয়ে "কামৰূপী ভাষা"ত পদ কৰিছে।'গ্ৰন্থকাৰৰ ভূমিকা'ত লেখকে লিখিছেঃ

      "গৰ্ভ অৱস্থাৰ সাবধানতা, প্ৰসৱৰ ব্যবস্থা, শিশুপালন, তাৰ ৰোগৰ কাৰণ বা ঔষধ কামৰূপী স্ত্ৰীলোক সকলে নাজানে।

      সেই কাৰণে শৰীৰত আৰু মনত মহাকষ্ট ভোগ কৰে।আকে জানি মহাত্মা যদুনাথ ডাক্তৰৰ কৰা "ধাত্ৰী শিক্ষাৰ" প্ৰথম ভাগৰ কামৰূপী ভাষায়ে সস্তা কথা দি পদ কৰিলোঁ‌।

      গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে।তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।"

      যদুনাথ মুখাৰ্জীৰ গ্ৰন্থখন "চিদানন্দে" আনি দিয়া বুলি অনুবাদকে উল্লেখ কৰিছে। গোবিন্দৰাম চৌধুৰীৰ ভতিজাক আৰু গুৱাহাটীৰ প্ৰথমটো ছপাশাল 'চিদানন্দ প্ৰেছ'(প্ৰতিষ্ঠা ১৮৭২ চন)ৰ স্বত্বাধিকাৰ চিদানন্দ চৌধুৰীয়েই 'সূতিকা পটল'ত উল্লিখিত "চিদানন্দ"।একাধিকবাৰ তেওঁৰ নাম উল্লেখ কৰা হৈছে পুথিখনত যেনেঃ

      সু-সাধু ভাষাৰ আৰ মূলগ্ৰন্থ খানি।

      চিদানন্দে পদ্য কৰিবাক দিলা আনি।।

      স্ত্ৰীগণে বুঝিব হেন তাৰ অভিলাষ।

      বুঝিলে হোৱয় তাৰ মনত উল্লাস।।

      মোৰ ভ্ৰাতৃ পুত্ৰ চিদা স্নেহৰ ভাজন।

      এতেকতে পদ্য ৰচনাত দিলোঁ‌ মন।।(পৃষ্ঠা ১-২)

      বা

      এড়ি অন্য ভাৱ,  কৰি ভক্তি ভাৱ,

              ভাৱা সেই চিদানন্দে।

      ভাৱি শ্ৰীগোবিন্দ,   ৰচিল গোবিন্দ,

               যি কহিল চিদানন্দে।।(পৃষ্ঠা ১১)

পুথিৰ শেষত কাইথেলী অংকেৰে পুথিখনৰ ৰচনাৰ কাল নিৰ্দেশ কৰা হৈছেঃ

        ৰস ৰস সাগৰ সূত অঙ্ক।

        গোবিন্দ চৌধুৰী শঁ‌ক বলয় নিশঙ্ক।।

ৰস=৬/৯ সাগৰ =৭ আৰু সূত (সূতল?)=১ ধৰিলে ৬৬৭১ (ওলোটালে ১৭৬৬ শক অৰ্থাৎ ১৮৪৪ খ্ৰীষ্টাব্দ) বা ৯৯৭১ (ওলোটালে ১৭৯৯ শক অৰ্থাৎ ১৮৭৭ খ্ৰীষ্টাব্দ)।যদুনাথ মুখাৰ্জীৰ মূল গ্ৰন্থখনেই যিহেতু ১৮৬৭ চনত প্ৰথম প্ৰকাশ হৈছে, সেয়ে ১৮৪৪ খ্ৰীষ্টাব্দ হ'ব নোৱাৰে।গতিকে গোবিন্দৰাম চৌধুৰীয়ে ১৮৭৭ খ্ৰীষ্টাব্দত 'কামৰূপী ভাষা'ত এই পুথি অনুবাদ কৰিছিল।

অনুবাদ-ৰীতিৰ ক্ষেত্ৰত মূলৰ বক্তব্য বিষয় সংক্ষেপকৈ ভাবানুবাদ কৰা দেখা যায়।পুথিখনৰ আৰম্ভণিৰফালৰ পদৰপৰা উদাহৰণ দাঙি ধৰা হ'লঃ

              গৰ্ভৱতীক দিবৰ জুলাপ।

           লক্ষ্মী বোলে নিয়মিত শৌচ নহইলে।

           শৌচ কৰাবাক লাগে "ক্যাষ্টেৰ অইলে"।।

           দুই বা আড়াই তোলা আৰ পৰিমাণ।

           অধিক নেদিবা আত হৱা সাৱধান।।

           পাচ তোলা তপ্ত দুগ্ধে তাক মিশলাই।

           খুৱাইবা সেই তৈল তাত ভয় নাই।।

           ভেদৰ নিমিত্তে অন্য ঔষধ আছয়।

           নিদিবা সিসব বহু ভেদৰ সংশয়।।

           বিনোদিনী বোলে বহু ভেদে কি সংশয়।

           লক্ষ্মী বোলে বহু ভেদে গৰ্ভ নষ্ট হয়।।(পৃষ্ঠা ৩)

মূলপাঠঃ

লক্ষ্মী। ৰোজ তাৰ যাতে দাস্ত পৰিষ্কাৰ হয় তা কোৰো।কোষ্ঠ বদ্ধ হলে আধ ছটাক খানেক ক্যাষ্টৰ অইল খাইয়ে দিও।

ক্যাষ্টৰ অইল ভিন্ন অন্য কোন জোলাপ দিও না।যাতে বেশী দাস্ত হয় এমন জোলাপ দেয়া বড় দোষ।

বিনোদিনী।  আচ্ছা বেশী দাস্ত হলে কি হয়?

লক্ষ্মী।   দাস্ত বেশী হলে গৰ্ভপাত হতে পাৰে।

বি।  ওঃ তবে ত জোলাপ টোলাপ বেশ বিবেচনা কৰে দেয়া উচিত।

ভাল, আমাদেৰ যে বলে, গৰ্ভ হলে অসুদ দিতে নাই, সে কথাটা কেমন?

ল।  সে আমাদেৰ ভুল। তোমৰা ভাব যে অসুদ দিলিই বুঝি গৰ্ভ নষ্ট হয়।কিন্তু তা নয়। যাতে গৰ্ভ নষ্ট হয় তাই কেবল দেবে না। তা ভিন্ন অসুদ দিতে দোষ কি? আহা বৈদ্যৰা সাহস পুৰে অসুদ দিতে পাৰিনি বলে কত পোয়াতি মাৰা পড়েছে।পোয়াতিৰ ব্যাম স্যাম হলে অসুদ দিয়ে তাকে আগে আৰাম কৰা উচিত।নৈলে একেৰ দায়ে দুটিই যায়। বুঝ্তিই পাচ্যো।

বি।  তাই ভ। আমাদেৰ ত তবে এটা বড় ভুল ভাল এখন ইস্তক আৰ ও কথা শোনা হবে না।আচ্ছা, ক্যাষ্টৰ অইল খাওয়াতে বল্যে, পোয়াতিতে তা কেমন কৰে খাবে?

ল।  কেন?

বি।  ও যে গেলা যায়না। গন্ধেতেই ন্যাকাৰ আসে। আৰ যে বেজল বেজল?

ল।  ছটাক খানেক কি ছটাক দেড়েক গৰম দুদেৰ সঙ্গে মিশিয়ে খেলে আৰ ও ৰকম গন্ধ টন্ধ টেৰ পাওয়া যায় না। বেশ খাওয়া যায়।

বি। গৰম দুদেৰ ভাবেতে বুঝি ও গন্ধটা লুকোয়।আৰ ওৰ সঙ্গে মিশুলে বুঝি অত আটা আটা ও থাকে না?

ল। হ্যাঁ‌, ঠিক বলেচ।

বি।  তবে আৰ কি? অত বড় মন্দফিকিৰ শেখা থকল্যো না।তাৰ পৰ আৰ কি নিয়ম বলব্যে, বল।

ল। বলি! (পৃষ্ঠা ৩)

আনহাতে গোটেই পুথিখনতে লেখকে এটা ছন্দই ব্যৱহাৰ কৰা নাই।দুলড়ীৰ প্ৰয়োগ চাওকঃ


                  সূতিকা গৃহ।

লক্ষ্মী বোলে ঘৰ,        মুক্ত স্থানে কৰ,

            দুৰ্গন্ধ কাষে নথাকে।

পৰিষ্কাৰ স্থান,         ভিটি পৰিমাণ,

            ময় বোলোঁ‌ শুনা তাকে।।

দৈৰ্ঘ্যে বাৰ হস্ত,       ছয় হাত প্ৰস্থ,

             উচ্চত হাত আড়াই।

শুকান ভিটিত,        হোৱে বহু হিত,

             ভিজাত সকাম নাই।।

বেড়িবা চৌফালে,    মুছিবাহা ভালে,

              ৰাখিবা খিৰকী তাতে।

বেড়াতে মুঁ‌ধাৰ,      খিৰকীৰ দ্বাৰ,

              কাটা সম সূত্ৰপাতে।। 

....

লক্ষ্মী বোলে কথা,    দ্বাৰ হব যথা,

            কহোঁ‌ মনে হৈল ভালে।

হৈলে বৰ্ষাকাল,       পূৰ্ব্বদ্বাৰ ভাল,

             তথৈবচ শীতকালে।।

শাস্ত্ৰ অভিমত,         গ্ৰীষ্ম সময়ত,

              দক্ষিণে দুৱাৰ কৰা।

সুযুক্তি বচন,            দিয়া আতমন,

              আক দৃঢ় কৰি ধৰা।।(পৃষ্ঠা ৯)

মূলপাঠঃ

বি। আচ্ছা কেমন জায়গায় আঁ‌তুড় ঘৰ বাধব্যো?

ল।  জায়গাটী খুব ভাল হওয়া চাই।

বি।  ভা কি ৰকম?

ল।  জায়গাটী পৰিষ্কাৰ পৰিছন্ন হবে, আৰ নিকটে কোন খানে দুৰ্গন্ধ থ্যাকবে না। আৰ তাৰ চাৰি দিক বেশ খোলা থাকব্যে।

আঁ‌তুড় ঘৰেৰ মেজে খুব শুকন হওয়া চাই। স্যাঁ‌ত সেতে হওয়া বড় দোষ। সূতিকা ঘৰ খানি প্ৰশস্ত হওয়া ভাৰি আবশ্যক। মেজেটী লম্বে দশ বাৰো হাত ও আড়ে পাঁ‌চ ছ হাত হলেই ভাল হয়।ঘৰেৰ পোতা দু হাত আড়াই হাত উচ না কল্যে মেজে শুকন হবে না। এ ছাড়া দিন থাকত্যে ঘৰ তয়েৰ কৰে ৰাখল্যে মেজেটী শুকন খট খটে হয়ে থাকব্যে। শীত কালে আৰ বৰ্ষা কালে পূৰ্ব্ব দ্বাৰি ও গ্ৰীষ্ম কালে দক্ষিণদ্বাৰি সূতিকা ঘৰ ভাল। ঘৰেৰ উত্তৰ দক্ষিণে দুইটী ৰুজু ৰুজু জানলা থাকা চাই। তা ঝাঁ‌পেৰ বেড়াই হোক্ আৰ মাটি ইটেৰ দেয়ালেই হোক্।(পৃষ্ঠা ২১-২২)

ধাত্ৰী-শিক্ষাৰ নাম-পত্ৰ


অনুবাদকৰ পৰিচয়

গোবিন্দৰাম চৌধুৰীৰ বিষয়ে সাহিত্যৰ ইতিহাসত পাবলৈ নাই। তেওঁৰ নাতি, 'বিদ্ৰোহী কবি' প্ৰসন্নলাল চৌধুৰীয়ে লিখা " সূতিকা পটলৰ লিখক গোবিন্দৰাম চৌধুৰী" শীৰ্ষক নিৱন্ধটিয়েই গোবিন্দৰাম চৌধুৰী সম্পৰ্কত লিখা একমাত্ৰ নিৰ্ভৰযোগ্য লেখা বুলিব পাৰি।অৱশ্যে পৰৱৰ্তী কালত অনিল ৰায়চৌধুৰী(১৯২৬--২০২০)য়েও চৌধুৰী সম্পৰ্কত এটি নিৱন্ধ লিখে।

গোবিন্দৰামৰ পিতৃ হৰিপ্ৰসাদ চৌধুৰী হাদিৰা চকীৰ চকীয়াল অৰ্থাৎ সীমান্ত নিৰাপত্তাৰ দায়িত্বত থকা ৰাজ কৰ্মচাৰী আছিল।সেই সূত্ৰেই আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালৰ লগত চৌধুৰীৰ ঘনিষ্ঠতা হৈছিল। হৰিপ্ৰসাদ চৌধুৰীয়ে বেজালিও কৰিছিল আৰু 'ওজা চৌধুৰী'ৰূপে বিখ্যাত হৈ পৰিছিল। প্ৰসন্নলাল চৌধুৰীয়ে লিখা মতে গোবিন্দৰাম চৌধুৰীৰ ফাৰ্ছী আৰু বাংলা ভাষাত ব্যুৎপত্তি আছিল। বৰপেটাত থাকোঁ‌তে চৌধুৰীৰ ঘৰলৈ আনন্দৰাম ঢেকিয়াল ফুকনৰ সততে অহা-যোৱা হৈছিল আৰু উভয়ে নানান সাংস্কৃতিক আলোচনাত ৰত হৈছিল।প্ৰসন্নলাল চৌধুৰীয়ে লিখিছে, "চৌধুৰীয়ে সেই সময়ৰ কলিকতাৰ 'বঙ্গদৰ্শন', 'সমাচাৰ দৰ্পণ', 'বেদব্যাস', 'তত্ত্ববোধিনী পত্ৰিকা' আদি আলোচনী নিয়মিতভাৱে পঢ়িছিল আৰু চিঠি-পত্ৰৰ দ্বাৰাও এই লিখকগোষ্ঠীৰ লগত সম্পৰ্ক ৰাখি চলিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে বৰপেটাত থাকোঁ‌তে আইন সংক্ৰান্ত ইংৰাজী গ্ৰন্থসমূহ বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল আৰু এই সম্পৰ্কে গোবিন্দৰাম চৌধুৰীয়ে তেওঁক হাতে কামে সহায় কৰিছিল।" (পৃষ্ঠা ৮২০, প্ৰসন্নলাল চৌধুৰী ৰচনাৱলী)

গুণাভিৰাম বৰুৱাই লিখিছে, "সত্ৰ আৰু আন ঠাইৰ মহন্ত আৰু আন ভদ্ৰলোকসকল তেওঁ(ঢেকিয়াল ফুকন)ৰ তালৈ গৈছিল। সুন্দৰীদিয়াৰ আতিৰাম বৰুৱা আৰু ব্ৰহ্মচাৰী বাবাৰ দিনত হাদীৰা চকিত কৰ্ম্ম কৰা হৰিপ্ৰসাদ চৌধুৰী আৰু গঙ্গাপ্ৰসাদ চক্ৰৱৰ্ত্তী মাজে মাজে আহিছিল। সেই সকলৰ মুখে তেওঁ নানাবিধ গল্প শ্ৰৱণ কৰিছিল।

...ব্লাকইষ্টোনচ কমেণ্টৰী অৰ্থাৎ ইংলণ্ডৰ আইনৰ সাৰ সংগ্ৰহ নামে পুস্তকৰ আদৰ্শেৰে বঙ্গদেশৰ আইন আৰু ব্যৱস্থাৰ সাৰ সংগ্ৰহ প্ৰস্তুত কৰিবলৈ ফুকনৰ মন হ'ল। সেই কাৰণে তেওঁ সেইৰূপে পুস্তক প্ৰচাৰৰ পক্ষে যত্ন কৰিবলৈ ধৰিলে। গবৰ্ণমেণ্টৰ প্ৰচাৰিত যাবতীয় আইন আৰু কনষ্ট্ৰকচন চাৰ্কুলাৰ আৰু অনেক চাহাবসকলে কৰা হিন্দু আৰু মুচলমানৰ ব্যৱস্থা ইত্যাদি চাবলৈ ধৰিলে। বৰপেটাত এই বিষয়ে তেওঁ সময় আৰু সুবিধা পাইছিল। সেইসকল পুথি চাই ক্ৰমে তেওঁ তাক বঙ্গলা ভাষাত অনুবাদ কৰিবলৈ ধৰিলে। হৰিপ্ৰসাদ চৌধুৰীৰ পুতেক গোবিন্দৰামৰ হস্তাক্ষৰ ভাল আছিল। সেই অনুবাদ ৰচনা গোবিন্দৰামে নকল কৰিবলৈ ধৰিলে।" (পৃষ্ঠা ১১৫-১১৬, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, ১৯৭১)

লক্ষীনাথ বেজবৰুৱাই গোবিন্দৰাম চৌধুৰীপৰ কথা লিখিছে এনেদৰে, "গুৱাহাটীৰ ভদ্ৰলোকসকলৰ ভিতৰত উকিল শ্ৰীমন্ত সেন, যশোমন্ত সেন, এই দুজনৰ কথা আৰু গোবিন্দৰাম চৌধুৰীৰ কথা মোৰ মনত আছে।এওঁ‌লোক আমাৰ ঘৰলৈ সততে আহিছিল আৰু দেউতাৰ আদৰৰ পাত্ৰ আছিল। গোবিন্দৰাম চৌধুৰী ওখ, ডাঙৰ আৰু দেখিবলৈ সভা শুৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দৰাম চৌধুৰী চকুত পৰা চেহেৰাৰ লোক।(পৃষ্ঠা ২৪, মোৰ জীৱন-সোঁ‌ৱৰণ)


১৯০৮ চনৰ সূতিকা পটলৰ সংস্কৰণ

১৮৭৭ চনতে অনূদিত পুথিখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিল সঠিককৈ জনা হোৱা নাই। আমাৰ হাতত থকা পুথিখন ১৯০৮ চনত নবীনচন্দ্ৰ তালুকদাৰে তেওঁৰ স্বৰ্গীয়া পত্নী যজ্ঞেশ্বৰী দেবীৰ নামে প্ৰকাশ কৰা।পুথিখনৰ একমাত্ৰ এজেণ্ট আছিল নলবাড়ীৰ অমৃত এজেঞ্চি।কলিকতাৰ ৫১।২ নং চুকীয়া ষ্ট্ৰীটৰ মণিকা যন্ত্ৰত হেমচন্দ্ৰ দেৰদ্বাৰা মুদ্ৰিত হৈছিল।বেচ আছিল চাৰিঅনা।মুঠ পৃষ্ঠাসংখ্যা ১১০।নবীনচন্দ্ৰ তালুকদাৰে আঘোণ, ১৩১৫ চন (ইং ১৯০৮)ত লিখিছে যে "গ্ৰন্থকাৰৰ সুযোগ্য পুত্ৰ ঁ‌শ্যামলাল চৌধুৰী চব ডিপুটি কলেক্টৰে তিনমাহ আগতে এই পুথিৰ সকলো স্বত্ত্ব আমাক এড়ি দিছে।" তালুকদাৰে অৱশ্যে প্ৰথম বা দ্বিতীয় সংস্কৰণ কিবা আছিল যদিও উল্লেখ কৰা নাই। ১৮৭৭ চনতে অনূদিত পুথিখন ১৯০৮ চনলৈ প্ৰকাশ নোহোৱাকৈ নিশ্চয় নাছিল। গোবিন্দৰাম চৌধুৰী আছিল প্ৰতিপত্তি থকা লোক, তাতে গুৱাহাটীৰ 'চিদানন্দ প্ৰেছ'ৰ গৰাকী চিদানন্দ চৌধুৰী আছিল সূতিকা পটলৰ অনুবাদৰ আঁ‌ৰৰ মানুহ। প্ৰসন্নলাল চৌধুৰীয়ে এই পুথিখন "গাঁ‌ৱলীয়া মহিলাৰ মাজত প্ৰচাৰ কৰাৰ মানসেৰে সাঁ‌চিপতীয়া পুথিৰ আকাৰত প্ৰকাশ কৰে"(পৃষ্ঠা ৮২০) বুলি উল্লেখ কৰিছে।১৯০৮ চনৰ সংস্কৰণটো যিহেতু সাঁ‌চিপতীয়া পুথিৰ আকাৰত প্ৰকাশ কৰা নাছিল, নিশ্চয় আগৰ সংস্কৰণৰ কথাই চৌধুৰীয়ে উল্লেখ কৰিছে।উল্লেখ্য যে, ১৮৭৭ চনত সাঁ‌চিপতীয়া পুথিৰ আকাৰত মাধৱদেৱৰ ভক্তি ৰত্নাৱলীখন 'চিদানন্দ প্ৰেছ'ত মুদ্ৰিত হৈছিল।

১৯০৮ চনৰ সংস্কৰণটো প্ৰকাশ কৰাৰ অন্তৰালত প্ৰকাশকৰ এটি মহৎ উদ্দেশ্য লুকাই আছিল। এই কথাও অসমীয়া গ্ৰন্থৰ ইতিহাসত গুৰুত্বপূৰ্ণ। নবীনচন্দ্ৰ তালুকদাৰৰ পৰিবাৰ, বেলতলাৰ কোচৰজাৰ জীয়ৰী যজ্ঞেশ্বৰী দেৱীয়ে অকালতে ১৯০৮ চনৰ ভাদ মাহত প্ৰাণ ত্যাগ কৰে।তালুকদাৰে লিখিছে, "যজ্ঞেশ্বৰী দেবী মৃত্যুৰ সময়ত কিছুমান সঞ্চিত ধন এৰি থৈ যায়। এই খিনি হাঁ‌হ, পাৰা, ছাগল প্ৰভৃতি পুহি তেওঁ নিজে উপাৰ্জ্জন কৰা ধন। সেই বাবে এই খিনি তেওঁৰ স্মৃতিৰ অৰ্থে কোনো সদ্ কামত ব্যয় কৰা আমাৰ কৰ্ত্তব্য আছিল।পুত্ৰ সন্তান এটি প্ৰসৱ কৰি ঁ‌যজ্ঞেশ্বৰী দেবীৰ মৃত্যু হোৱাৰ সমান দুখ লগা কথা তেওঁৰ জ্ঞাতি-বান্ধৱসকলৰ ওচৰত একো নাই। এই দৰে যে আমাৰ নজনা দেশত কিমান তিৰোতাই ইষ্টমিত্ৰক কন্দুৱাই অকাল মৃত্যুত প্ৰাণত্যাগ কৰিব ধৰিছে তাৰ সংখ্যা নাই। সেই দেখি এই পুথি খন ছপাই তেওঁ যি কালৰোগত পৰি ইহলীলা সম্বৰিলে, তাক দমন কৰিবলৈকে অলপমানো সহায় কৰি অসমীয়া তিৰোতাক ডাঙৰ বিপদ এটিৰ পৰা উদ্ধাৰৰ এটি সঙ্কীৰ্ণ পথ দেখাই দিব পৰাতকৈ একো ভাল স্মৃতি চিহ্ন হ'ব নোৱাৰে জানি, এই পুথিখন তেওঁৰ নামে ছপা কৰা হ'ল। সেইবাবেই ইয়াৰ মূল্য সম্ভৱমতে সস্তা কৰা হৈছে।"


'নতুন ভাৰ্নেকুলাৰ' আৰু পুৰণি পদপুথি

     কোনবোৰ সামাজিক-সাংস্কৃতিক পটভূমিত গোবিন্দৰাম চৌধুৰীয়ে বাংলা গদ্যপুথি এখন পুৰণি পদৰ আৰ্হিত অনুবাদ কৰিলে সি নিশ্চয় বিচাৰ্য বিষয়। "সূতিকা পটলে" ঊনবিংশ শতিকাৰ বৌদ্ধিক ইতিহাসৰ লগতে সাহিত্যৰ ইতিহাসকো নকৈ চাবলৈ অনুপ্ৰেৰণা যোগাব। প্ৰিণ্ট, পঢ়ুৱৈসমাজ আদিৰ ইতিহাসে এই ক্ষেত্ৰত সহায় কৰিব।

     ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ছপা বা প্ৰিণ্টে অসমীয়া পঢ়ুৱৈ সমাজক এক অভূতপূৰ্ব অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিছিল।১৮২০ (১৮১৩ নহয়) চনত শ্ৰীৰামপুৰ মিছন প্ৰেছৰপৰা উইলিয়াম কেৰি আৰু আত্মাৰাম শৰ্মাৰ যৌথ প্ৰচেষ্টাত প্ৰকাশিত "অসমীয়া ধৰ্ম্মপুস্তক"-এ কেইবাশতিকা ধৰি চলি অহা অসমীয়া পৰম্পৰাগত ভাৰ্নেকুলাৰৰ ঠাইত 'নতুন ভাৰ্নেকুলাৰ' (New Vernacular)ৰ শুভাৰম্ভণি ঘটাইছিল।পৰৱৰ্তী কালত আমেৰিকান বেপ্তিষ্ট মিছনাৰীসকলৰ উদ্যোগত এই নতুন ভাৰ্নেকুলাৰৰে আন এটি সজীৱ তৰংগ যুক্ত হৈছিল 'অৰুনোদই' সম্বাদ-পত্ৰ আৰু আন পুথি প্ৰকাশৰ যোগেদি।প্ৰিণ্টে জন্ম দিয়া এই 'নতুন ভাৰ্নেকুলাৰ' সৃষ্টিত  পৰম্পৰাগত পদপুথি, সপ্তদশ-অষ্টাদশ শতিকাৰ গদ্য (ভট্টদেৱ-চৰিত পুথিৰ সত্ৰীয়া গদ্য আৰু বুৰঞ্জী পুথিৰ গদ্য--এই দুয়োটা ধাৰাৰ) আৰু সমসাময়িক কথ্যভাষা--এই তিনিসুঁ‌তিৰদ্বাৰা কিমান দূৰ প্ৰভাৱান্বিত হৈছিল সি এই পৰ্যন্ত অনুসন্ধানৰ বিষয় হৈ ৰৈছে।আনহাতে এই ছপাসৃষ্ট ভাৰ্নেকুলাৰ যিহেতু মূলতঃ মিছনাৰী আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত (আত্মাৰাম শৰ্মা ব্যতিক্ৰম) লোকসকলৰ উদ্যোগত ঠন ধৰি উঠিছিল, স্বাভাৱিকতে এই ক্ষেত্ৰত, বিশেষকৈ বাক্যৰ গঠনৰ ক্ষেত্ৰত ইংৰাজী ভাষাৰ প্ৰভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল(বাক্যতাত্ত্বিক অধ্যয়নে এই প্ৰভাৱৰ ভালেখিনি দিশ পোহৰলৈ অনাৰ সম্ভাৱনা)।এই ভাৰ্নেকুলাৰ যিহেতু ছপামাধ্যমৰ যোগেদি সৃষ্টি হৈছিল, সমান্তৰালভাৱে ইয়াৰ সমমানকৰণ (standardisation)ৰো ব্যৱহাৰিক প্ৰয়োজনীয়তা আহি পৰিছিল (নেথন ব্ৰাউনৰ প্ৰচেষ্টা আৰু তেখেতে Grammatical Notices of the Asamese Language, ১৮৪৮--ৰ পাতনিত ছপা অসমীয়া ভাৰ্নেকুলাৰৰ আখৰ-জোঁ‌টনিৰ বিষয়ে আগবঢ়োৱা মন্তব্য স্মৰণীয়।)।আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা--এই তিনিগৰাকী পাশ্চাত্য শিক্ষাৰে শিক্ষিত প্ৰথমৰ ফালৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধিস্থানীয় সাহিত্যিকে বেলেগ বেলেগ ধৰণে নিৰ্মীয়মান 'নতুন ভাৰ্নেকুলাৰ'ক সমৃদ্ধ কৰিছিল ঊনবিংশ শতিকাৰ পঞ্চমটো দশকৰ শেষ ভাগৰপৰা বিংশ শতিকাৰ আৰম্ভণী বৰ্ষটোলৈকে (১৮৪৮ চনত অসমিয়া লৰাৰ মিত্ৰ প্ৰকাশৰপৰা ১৯০০ চনত হেমকোষ প্ৰকাশলৈকে)।এই 'নতুন ভাৰ্নেকুলাৰ' বা 'আধুনিক অসমীয়া ভাষা/গদ্য' ফলে-ফূলে জাতিষ্কাৰ হৈ উঠিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ (জন্ম ২৫ আগষ্ট, ১৮৮৮ চন) মুখপত্ৰ জোনাকী(১৮৮৯ চনৰপৰা প্ৰকাশিত)ৰ পাতত।অসমীয়া ভাষা-সাহিত্যই 'অৰুনোদই'ৰ যোগেদি পাশ্চাত্য সাহিত্য-পৰম্পৰাৰ ভালেমান genre ৰ সৈতে পৰিচিতি লাভ কৰি জোনাকীৰ পাতত জাতীয়তাবাদৰ নিৰ্মাতা-লেখকসকলৰ যোগেদি পাশ্চাত্য সাহিত্যৰ genre সমূহৰ এক সমৃদ্ধৰূপ প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলে।

বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পুথিভঁ‌ৰালত সংৰক্ষিত সাঁ‌চিপাতৰ আৰ্হিত মুদ্ৰিত ভক্তি-ৰত্নাৱলী  (১৮৭৭)ৰ   এখিলা পাত


       কিন্তু এইখিনিতে কেইটামান প্ৰশ্ন হয়, দ্বন্দ্বমুখৰ ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰিণ্টৰ জৰিয়তে সৃষ্টি হোৱা 'নতুন ভাৰ্নেকুলাৰ' আৰু ই লৈ অনা পাশ্চাত্য সাহিত্যৰ নানাটা genre ৰ প্ৰতি সমসাময়িক পঢ়ুৱৈ সমাজৰ (Reading Public) সঁ‌হাৰি কেনে আছিল?ছপাৰ উত্থানৰ লগে লগে 'পুৰণি ভাৰ্নেকুলাৰ' (বা মূলতঃ পদপুথিৰ ভাষা) চৰ্চাৰ পৰম্পৰা অন্তৰ্ধান হৈ গৈছিলনে?এটা কথা স্পষ্ট যে 'নতুন' আৰু 'পুৰণি' ভাৰ্নেকুলাৰৰ ভাষিক মিল-অমিল যিয়েই নাথাকক, 'নতুন ভাৰ্নেকুলাৰ' আছিল মূলতঃ গদ্য আৰু ইয়াৰ মাধ্যম আছিল ছপা---আখৰ-জোঁ‌টনিৰ সমমান ৰূপ এটিৰে সৈতে ইয়াৰ আবিৰ্ভাৱ হৈছিল।বিপৰীতে, 'পুৰণি ভাৰ্নেকুলাৰ' মূলতঃ পদ্য, ইয়াৰ সমমান ৰূপ এটি ত্ৰয়োদশ শতিকামানতে নিৰ্মাণ হৈছিল। (কিদৰে এই প্ৰক্ৰিয়া সাধিত হৈছিল, কমতাধিপতি দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰচিত হেম সৰস্বতীৰ 'প্ৰহ্ৰাদ চৰিত্ৰ'ৰ ভাষাৰ সৈতে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰচিত মাধৱ কন্দলীৰ 'ৰামায়ণ'ৰ ভাষা আৰু মূল শৈলীৰ সাদৃশ্য কি কাৰণত দেখা গ'ল, কাল-স্থানৰ পাৰ্থক্য সত্বেও?এই সমমান ৰূপকে আধাৰ কৰি পৰৱৰ্তী কালৰ বৈষ্ণৱ কবিসকলে কিদৰে পুৰণি অসমীয়া ভাষা-সাহিত্য সমৃদ্ধ কৰিলে?এইসমূহ দিশ আজিকোপতি বিশদভাৱে অধ্যয়ন কৰা হোৱা নাই।)'পুৰণি ভাৰ্নেকুলাৰ' চৰ্চাৰ মাধ্যম আছিল সাঁ‌চিপাত (কাচিৎ তুলাপাত, ঊনবিংশ শতিকাত 'কোম্পানী পেপাৰ'লৈ ই সম্প্ৰসাৰিত হৈছিল), আখৰ-জোঁ‌টনিৰ ক্ষেত্ৰত হৰণ-ভগন প্ৰায়ে হৈছিল (ব্ৰাউনৰ "Although, as a spoken language, the Asamese has been fixed in its present form for centuries, it appears never to have been written on any settled and uniform principles of orthography", পৃষ্ঠা vii, Grammatical Notices of the Asamese Language, মন্তব্য দ্ৰষ্টব্য) যদিও মধ্যযুগৰ পণ্ডিত-লেখকৰ চকুত পুথি নকল কৰোঁ‌তাৰ এনে প্ৰমাদ চকুত নপৰাকৈ থকা নাছিল (যেন মতে লিখি আছে তেমনে পঢ়ন্ত।/কি পঢ়স বুলি খঙ্গি মাধৱে মাতন্ত।।/লাঠিকাটা 'জ' দিবে লাগয় যথাত।/পুখুৰীয়া 'য' দি আছন্ত তথাত।।/পুখুৰীয়া লাগৈ যথা লাঠিকাটা তাত।/বৰ 'ও' দিলে 'ঞ' লাগে জানা যাত।।/'ইয়' দিলে 'উৱ' যত লাগয় দিবাক।/'ৱ'ৰ ঠাইত বৰ 'ও' যে দিলেক।।)

       আধুনিক অসমীয়া ভাষা-সাহিত্যৰ আৰম্ভণ বুলিলে ঔপনিৱেশিক আমোলৰ আৰম্ভণি, বেপ্তিষ্ট মিছনাৰী আৰু তেওঁলোকৰ উদ্যোগত ছপাযন্ত্ৰৰ আগমন, পাশ্চাত্য শিক্ষাৰ সূচনা আৰু পাশ্চাত্য সাহিত্যৰ genre সমূহৰ আমদানি আৰু চৰ্চাকে সাধাৰণতে গুৰুত্ব দিয়া হয় যদিও চতুৰ্দশ শতিকাৰ প্ৰাক-শংকৰী কবিসকলৰপৰা আৰম্ভ হোৱা পদপুথি-চৰ্চাৰ পৰম্পৰা (লিখা আৰু নকল কৰা) ঊনবিংশ শতিকাত ভেটা পৰিল নে সজীৱ ৰূপত 'নতুন ভাৰ্নেকুলাৰ'ৰ সমান্তৰালভাৱে ৰক্ষিত হ'ল তাৰ খা-খবৰ সাহিত্যৰ বুৰঞ্জীসমূহে আমাক তেনেদৰে দিয়া নাই।ডিম্বেশ্বৰ নেওগৰ বুৰঞ্জীত বাদে বাকীসমূহত উল্লেখেই নাই।দুই-এখনত যৎকিঞ্চিৎ উল্লেখহে আছে।

       তীৰ্থনাথ শৰ্মায়েই বোধকৰোঁ‌ ঊনবিংশ শতিকাৰ পদপুথি-চৰ্চাৰ এই দিশটোক প্ৰথমবাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলঃ"... পুৰণি আৰ্হিত পদবন্ধে ৰচনা কৰা পুথিৰ সংখ্যাও এই শতিকাত অলপীয়া নাছিল।ঊনৈশ শতিকাত ৰচিত প্ৰাচীন পৰম্পৰাৰ বাহক পদ-পুথিৰ এটা সুকীয়া সঙ্কলনৰ আৱশ্যক হৈ পৰিব।"(ভূমিকা, ৰামনবমী-নাটক,সম্পাঃ যতীন্দ্ৰমোহন ভট্টাচাৰ্য,১৯৬৫) অৰ্থাৎ ছপাৰ আগমন আৰু নতুন ভাৰ্নেকুলাৰৰ উত্থানৰ সমান্তৰালভাৱে পুৰণি পদপুথিৰ চৰ্চা অব্যাহত আছিল।তলত ঔপনিৱেশিক সময়ছোৱাত ৰচিত কেইখনমাত্ৰ প্ৰখ্যাত পদপুথিৰ নাম উল্লেখ কৰা হ'লঃ

       (১) বেলিমাৰৰ বুৰঞ্জী, বিশ্বেশ্বৰ বৈদ্যাধিপ, ১৮৩৩-১৮৪৬ ৰ ভিতৰত ৰচিত

       (২) কলি ভাৰত, দুতিৰাম হাজৰিকা (১৮০৬--১৯০১), ১৮৬২

       (৩) কল্কি পুৰাণ, ঘনশ্যাম খাৰঘৰীয়া ফুকন (১৭৯৫--১৮৮০)

       (৪) ধৰ্ম্ম পুৰাণ, পৰশুৰাম দ্বিজ, ঊনবিংশ শতিকা

       (৫) বিষ্ণু পুৰাণ, পৰশুৰাম দ্বিজ, ঐ

       (৬) কেলি ৰহস্য,ললিতচন্দ্ৰ গোস্বামী (১৮৪৫--১৯৯০, নলবাৰীৰ নাৰায়ণপুৰ সত্ৰ)

       (৭) নল চৰিত্ৰ, পূৰ্ণকান্ত দেৱশৰ্মা (১৮৫৬--১৯২০), ১৮৮৯

       (৮) অনাদি-পাতন, পূৰ্ণকান্ত দেৱশৰ্মা (ঊনবিংশ শতিকাত ৰচিত আৰু ১৯২৮ চনত প্ৰকাশিত)

       (৯) খোবা খুবুনীৰ আখ্যান, ঐ

       (১০) কলঙ্ক ভঞ্জন, গোপীনাথ চক্ৰৱৰ্তী (নামনি অসম)

       (১১) হিতোপদেশী কাব্য, ৰঘুদেৱ গোস্বামী (জখলাবন্ধা সত্ৰ), ১৮৮০--১৮৮৬ ৰ ভিতৰত ৰচিত

       (১২) বৰ-চৰিত, দীননাথ বেজবৰুৱা (১৮১২--১৮৯৫)

       (১৩) বেজবৰুৱা বংশাৱলী, দীননাথ বেজবৰুৱা (প্ৰথম ভাগ) আৰু শ্ৰীনাথ বেজবৰুৱা (দ্বিতীয় ভাগ), ১৯২৭ চনত প্ৰকাশিত

       (১৪) সন্তমালা, দ্বাৰিকা দ্বিজ, ঊনবিংশ শতিকা

       (১৫) ঠাকুৰ আতা, হলিৰাম মহন্ত,১৯১৭ চনত প্ৰকাশিত

       (১৬) সূতিকা পটল, (অনুবাদ) গোবিন্দৰাম চৌধুৰী, ১৮৭৭

       ইয়াৰে পূৰ্ণকান্ত দেৱশৰ্মাই আধুনিক অসমীয়া গদ্যত কেইবাখনো পুথি আৰু দীননাথ বেজবৰুৱাই চিঠি-পত্ৰ, প্ৰৱন্ধাদি লিখিছিল।

       তাৎপৰ্যপূৰ্ণ যে, 'নতুন ভাৰ্নেকুলাৰ' সৃষ্টিৰ অন্যতম ভিত্তিস্বৰূপ 'অৰুনোদই'ত অসমীয়া খ্ৰীষ্টান নিধিৰাম কেওট বা নিধি লেভি ফাৰৱেলে আধুনিক গদ্যৰ সমান্তৰালভাৱে পদপুথিৰ আৰ্হিত ভালেমান খ্ৰীষ্টধৰ্মীয় পদ ৰচনা কৰিছিল। অসমীয়া লোকক খ্ৰীষ্টধৰ্মৰ প্ৰতি আকৰ্ষণৰ হেতু এই শৈলী ব্যৱহাৰ কৰিব পাৰে, কিন্তু একে সময়তে ফাৰৱেলৰ মনত সজীৱ হৈ থকা পৰম্পৰাগত পদপুথিৰ ভাষা-শৈলী আৰু সুৰেও নিঃসন্দেহে প্ৰভাৱান্বিত কৰিছিল। তলত ১৮৫১ চনৰ ফেব্ৰুৱাৰী মাহৰ 'অৰুনোদই'ত প্ৰকাশিত ন ল ফৰ নামত ৰচিত দীঘলীয়া পদৰপৰা কেইশাৰীমান চানেকি স্বৰূপে তুলি দিয়া হ'লঃ

       হিন্দু লোকে মানি থাকে নানা অৱতাৰ,

       অল্প কৰি কহোঁ‌ মই ব্ৰিতান্ত তাহাৰ।

       মত্স্য ৰুপে অৱতাৰ ভৈলা প্ৰথমতে,

       উধাৰিলা চাৰি বেদ প্ৰলয় জলতে।

       বা

       তুমি জদি পাপি হবা,  সেই নৰকতে জাবা,

               মনে মনে দেখাহা বুজিয়া;

        এতিয়া সময় আচে,   লোআ খ্ৰিষ্টে ত্ৰান জাচে,

              পাপ কৰ্ম সকলো চাৰিয়া।

        বা

        ধৰ্ম পথ ধৰা, তেজি পাপ হেৰা,

        ভজিও খ্ৰিষ্ট সৰন;

        পাপ অন্ধকাৰে কিয় ঘুৰি মৰে

        মুদিয়া দুটি নহয়?

        ...

        এই হেতু সুন, মোৰ নিবেদন,

        খ্ৰিষ্টত কৰা আস্ৰই;

        য়িচু বিনে আৰ নাহিকে উধাৰ,

        জানিবা নিচয়ে ভাই।(পৃষ্ঠা ৫১৯--৫২৩, অৰুনোদই, ১৮৪৬--১৮৫৪, সম্পাদনাঃ মহেশ্বৰ নেওগ,১৯৮৩)

        ওপৰৰ পদকেইফাকিত কীৰ্তন-নামঘোষাৰ সুৰ-লয়, ভাৱ-ভাষাৰ প্ৰভাৱ দেখদেখ। আনকি নিধিলেভিয়ে ৰচনা কৰা গদ্যৰ('নতুন ভাৰ্নেকুলাৰ') মাজতো পুৰণি পুথিৰ আৰ্হিৰ পদ দেখা যায়। ১৮৫১ চনৰ জুন সংখ্যা 'অৰুনোদই'ত প্ৰকাশিত 'খ্ৰিষ্টৰ কথাত তোমোলাকৰ মনে কি ধৰে?' শীৰ্ষক গদ্যৰচনাৰ মাজতে এই পদৰ অৱতাৰণা কৰা হৈছেঃ

        তেন্তে নিবেদন কৰোঁ‌, সুনা কৰ্ন পাতি,

        ব্ৰাহ্মন আৰু সুদ্ৰ আদি আচে জত জাতি;

        জি কৰিলে য়িচু খ্ৰিষ্টে জগত তাৰন,

        সুনা তাক বন্ধু, সুনা মধুৰ বচন।

        ...

        অতি বিতোপন কথা ধৰ্ম অৱতাৰ,

        জাহাৰ বিস্বাসে তৰে জগত সংসাৰ।

        আৰু বাৰ বিনয় পূৰ্বক কহোঁ‌ সুনা,

        খ্ৰিষ্টত আস্ৰই ললে এৰাবা জাতনা। (পৃষ্ঠা ৫৮৫, পূৰ্বোক্ত গ্ৰন্থ)


প্ৰিণ্ট, পৰম্পৰা আৰু পঢ়ুৱৈ সমাজ

প্ৰিণ্ট এখন যোগাযোগ-শূন্য আৰু সাহিত্য পৰম্পৰা-শূন্য পৃথিৱীত প্ৰৱেশ কৰা নাছিল। ছপাশাল অহাৰ আগেয়ে অসমত আছিল সাঁ‌চিপতীয়া পুথি লিখন, পঠন-শ্ৰৱণৰ এক শক্তিশালী পৰম্পৰা।মধ্যযুগৰ ভক্তি আন্দোলনে পুথি-চৰ্চাৰ এই পৰম্পৰা প্ৰসাৰিত হোৱাত সহায় কৰিছিল। মধ্যযুগীয় সাহিত্য পঠন-কাৰ্য ছপা-উত্তৰ পঠনৰ দৰে নীৰৱ আৰু ব্যক্তিগত (silent and private)  কাৰ্য নাছিল। ই আছিল সমূহীয়া, উচ্চ স্বৰত পাঠ কৰা কাৰ্য য'ত aurality য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাগৱতী আৰু পাঠক সপ্তদশ শতিকামানৰ অসমত বিকাশ হোৱা এনে দুটা শ্ৰেণী যি পঠন-কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আছিল। সমূহীয়া পঠনৰ যোগেদিয়ে বৈষ্ণৱ পৰম্পৰাৰ কেতবোৰ পাঠ, যেনে--কীৰ্তন-নামঘোষা, বধকাব্য, ভীমচৰিত আদি, অনাখৰী শ্ৰোতাৰ মাজত ইমানেই জনপ্ৰিয় হৈছিল যে সেইবোৰ মানুহৰ মনত ৰৈ গৈছিল আৰু প্ৰায় লোকসাহিত্যৰ মৰ্যাদা পোৱাৰ দৰে হৈছিল। এই সমাজখন আৰু সাহিত্য-পৰম্পৰা ছপাশাল অহাৰ লগে লগে বা পাশ্চাত্য শিক্ষাৰ সূচনাৰ লগে লগে অন্তৰ্ধান হোৱা নাছিল। বৰং ছপাপুথি আৰু নিৰ্মীয়মান ছপাৰূপৰ অসমীয়া ভাষাটোৰ সমান্তৰালভাৱে পুৰণি ভাষা-সাহিত্যৰ পঠন-শ্ৰৱণ কাৰ্য চলি আছিল। জ্ঞাননাথ বৰা(১৮৯০--১৯৬৮)ৰ শৈশৱকালৰ ৰোমন্থনে এনে এখন সমাজৰে উমান দিয়েঃ

"এতিয়াও মোৰ মনত পৰে আইৰ কোলাত শুই কলাঘুমটীয়া হৈ গোপিনী সবাহত শুনা "গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ।" তেতিয়া মই মাথোন লৰি ফুৰিছিলোঁ‌, ফলি পুথি হাতত লোৱা নাই।তাকে শুনি কতদিন ময়ো থুনুক-থানাক কৈ আধাফুটা মাতেৰে গাইছিলোঁ‌ "গোপাল গোবিন্দ যদু নন্দন" আৰু গাইছিলোঁ‌--"ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।।" আৰু মনত পৰে  ওচৰ-চুবুৰীয়া ল'ৰাজাকৰ সৈতে হাত চাপৰি বাই ফুৰা "ৰান কৃষ্ণ গোপাল। ত্ৰাহি ত্ৰাহি কৃপাল।" ল'ৰালি কালত কিমান গোপিনী সবাহত, কিমান নামত এই পদবোৰ শুনিছিলোঁ‌ তাৰ আদি অন্ত নাই।মোৰ দৰে কত সহস্ৰ ল'ৰাই কেঁ‌চুৱা কালৰে পৰা এই পদবোৰ শুনি আহিছে আৰু গাই আহিছে। কিমান দিন ঘৰৰ পিৰালিত বহি আইৰ মুখত শুনিছিলোঁ‌। কিমান দিন লগৰীয়া ল'ৰাৰ লগত বাটত গাইছিলোঁ‌! কিমান দিন পদূলি মুখত, পথাৰত, নৈৰ ঘাটত, কলনিৰ তলত শুনিছিলোঁ‌ আৰু

গাইছিলোঁ‌! আমাৰ জীৱনৰ হেজাৰ হেজাৰ ঘটনা এই পদবোৰৰ লগত গথাঁ‌ আছে। এই পদবিলাকৰ মাজত আমি উপজিছোঁ‌ আৰু এই পদবিলাকৰ মাজত ডাঙ্গৰ-দীঘল হৈছোঁ‌।

      যেতিয়া হাতত ফলিপুথি ল'লোঁ‌ তেতিয়া সেই পদবোৰত কি কথা আছে তাৰ অলপ বুজ পালোঁ‌। আই,খুৰী, পেহী, মাহী, বাইদেউহঁ‌তৰ মুখত ভগৱন্ত শ্ৰীকৃষ্ণৰ পুতনা বধ, বকাসুৰ বধ,কালীয় দমন, অজামিলৰ উপাখ্যান, গজেন্দ্ৰৰ উপাখ্যান, প্ৰহ্লাদ চৰিত, বলিছলনৰ কথা কিমান ভাল লাগিছিল। স্যমন্তক হৰণৰ পদ গাই গাই বুজাই দিয়া ভালকৈ মনত পৰে। তেতিয়া দুটা কথাই কীৰ্ত্তনলৈ মন আকৰ্ষণ কৰিছিল--এটা ইয়াৰ সাধু, আনটো ইয়াৰ লয়।" (পৃষ্ঠা ৩৩, অসমীয়া পুৰণি সাহিত্য)

      একেদৰে "ভীম চৰিত"ৰ কথাও জ্ঞাননাথ বৰাই লিখিছেঃ "আঢ়ৈ কুৰি বছৰৰ আগেয়ে যিবিলাক গাঁ‌ৱলীয়া লোক পাইছিলোঁ‌ সিবিলাকৰ সৰহভাগে ভীম চৰিতৰ দুই এক আধ্যা আওৰাব পাৰিছিল। অপঢ়ুৱা মানুহসকলেও তাৰ বহুত পদ গাব পাৰিছিল। ভীম চৰিতৰ কথা নজনা মানুহ বাস্তৱতে বৰ বিৰল আছিল। এই পুথিখন সকলোৰে ইমান আদৰণীয় হ'ল কিয়?" (পৃষ্ঠা ৫৮, পূৰ্বোক্ত গ্ৰন্থ)

      বাণীকান্ত কাকতিয়েও "পুৰণি অসমীয়া সাহিত্য" (১৯৪০)ত  বধকাব্যৰ জনপ্ৰিয়তাৰ কথা লিখিছেঃ "ঘটাসুৰ, বঘাসুৰ, কুলাচল, অশ্বকৰ্ণ, কুৰ্ম্মাবলী, জঙ্ঘাসুৰ বধ আদি আখ্যানবোৰে পুৰণি সাহিত্যত আজিকালিৰ উপন্যাস, গল্প আদিৰ ঠাই অধিকাৰ কৰি আছে। অসমীয়া গাঁ‌ৱলীয়া সমাজত এতিয়াও সেইবোৰৰ প্ৰভূত সমাদৰ। খেতিবাতিৰ পৰা আজৰি পোৱা সময়ত গাওঁ‌ৰ মানুহে চাক পাতি বহি গোট খাই পুৰণি কালত ধৰ্ম্মাৰণ্যত মুনিসকলে পুৰাণ, ইতিহাস আদি শুনাৰ দৰে এই বধকাব্যৰ আখ্যানবোৰ শুনি শৰীৰ আৰু মনৰ ভাগৰ পলুৱায়।" (পৃষ্ঠা ২০)

      গতিকে এনে এক সজীৱ সাহিত্য-পৰম্পৰা থকা সমাজত, ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰিণ্ট সাধাৰণ লোকৰ মাজত জনপ্ৰিয় নোহোৱাৰ কাৰণ দুটা--এক,অপৰিচিত মাধ্যম আৰু দুই, বিষয়বস্তুৰ অবোধগম্যতা। মূলতঃ খ্ৰীষ্টধৰ্মীয় বিষয়বস্তু লৈয়েই প্ৰিণ্টে অসমত প্ৰৱেশ কৰিছিল। মধ্য-ঊনবিংশ শতিকাৰপৰা অসমীয়া শিক্ষিত মধ্যশ্ৰেণীয়ে শিক্ষা, সমাজ-সংস্কাৰ আদি বিষয় লৈ অনাৰ উপৰি শতিকাটোৰ শেহলৈ প্ৰিণ্টত পাশ্চাত্য সাহিত্য-পৰম্পৰাৰপৰা আমদানিকৃত genre সমূহৰ সবল উপস্থিতি দেখা যায়। গতিকে প্ৰিণ্টৰ 'নতুন ভাৰ্নেকুলাৰ' আৰু পাশ্চাত্য genre সমূহ অলপীয়া শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ মাজত প্ৰচলিত হ'লেও ঊনবিংশ শতিকাত সমান্তৰালভাৱে পদপুথি-চৰ্চা--লিখন-পঠন-শ্ৰৱণ প্ৰবল ৰূপত চলি আছিল। এই যুক্তিৰ সপক্ষে দুটা দিশ আঙুলিয়াব পৰা যায়, এক, এই শতিকাত ৰচিত পদপুথিসমূহৰ তালিকা ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে। এইখন থূলমূল তালিকাহে। এই তালিকা আৰু অধিক দীঘল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

      দুই, তাৎপৰ্যপূৰ্ণ কথা যে অসমত বৰ্তমানে সংৰক্ষিত সাঁ‌চিপতীয়া পুথিসমূহৰ সৰহভাগেই অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাত নকল কৰা।(তথ্যদাতাঃ ধনজিত তালুকদাৰ, সহকাৰী সংৰক্ষক, সাঁ‌চিপাত শাখা, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁ‌ৰাল, গুৱাহাটী বিশ্ববিদ্যালয়)কামৰূপ অনুসন্ধান সমিতি, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন সত্ৰসমূহত বৰ্তমানে সংৰক্ষিত সাঁচিপতীয়া পুথিৰ মুঠ সংখ্যা দহহাজাৰৰো অধিক হ'ব। কেবল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতে প্ৰায় চাৰি হাজাৰ সাঁ‌চিপতীয়া পুথি আছে, যিসমূহৰ প্ৰায় আশী শতাংশ ঔপনিৱেশিক কালছোৱাত নকল কৰা। আমাৰ গৃহজিলা দৰঙতো মানুহৰ ঘৰ আৰু দুই এখন সত্ৰ মিলি মুঠ তিনিহাজাৰমান পুথি সংৰক্ষিত হৈ আছে। এইসমূহৰো বেছিভাগ ঊনবিংশ শতিকাত কপি কৰা। পুৰণি পুথি সংগ্ৰহৰ ক্ষেত্ৰত ঐতিহাসিক ভূমিকা পালন কৰোঁ‌তা উদ্যমী পণ্ডিত হেমচন্দ্ৰ গোস্বামী (১৮৭২--১৯২৭)য়ে অসমীয়া সমাজত প্ৰচলিত সাঁ‌চিপতীয়া পুথিৰ বিষয়ে সাহিত্য সভাৰ সভাপতি(১৯২০)ৰ আসনৰপৰা কৈছিলঃ

      "মই কেবল কেইখনমান জিলাৰ পৰা লৰালৰিকৈ বেলেগ বেলেগ বিষয়ৰ প্ৰায় আঢ়ৈশমান পুথিহে সংগ্ৰহ কৰিব পাৰিলোঁ‌। তেতিয়া মই অসম দেশত থকা পুথিৰ মোটামুটি পিয়ল এটা লৈ দেখিছিলোঁ‌ যে আমাৰ দেশত কমকৈও বেলেগ বেলেগ বিষয়ত প্ৰায় পাঁ‌চ হেজাৰমান পুথি আছে।...এই পুথিবিলাক অসমীয়া মানুহে নিজৰ প্ৰাণতকৈয়ো মূল্যৱান বুলি ভাবে। এনে ভাবৰ পৰাই এই পুথিবোৰ আজিলৈকে তিষ্ঠি আছে।...মই আপোনালোকক দেখুৱাবৰ নিমিত্তে আৰু এখন পুথি আনিছোঁ‌। এইখন কবিৰাজ চক্ৰৱৰ্তীয়ে কৰা "শঙ্খচূড-বধ কাব্য"।এই পুথিখন মই এজনী কেও-কিছু নাইকিয়া বুঢ়ী বিধবা তিৰোতাৰ হাতত পাওঁ‌।"(পৃষ্ঠা ৬৮, অসম সাহিত্য সভাৰ ভাষণাৱলী, প্ৰথম ভাগ,সম্পাঃ অতুলচন্দ্ৰ হাজৰিকা, ১৯৫৫)

      তদুপৰি ঊনবিংশ শতিকাত পুথি লিখনৰ শক্তিশালী পৰম্পৰাৰ ইংগিত বহন কৰে 'কোম্পানী পেপাৰ  মেনুস্ক্ৰিপ্ট'সমূহে। এই বিষয়ে এই পৰ্যন্ত একোৱেই আলোচনা হোৱা নাই। ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামেৰে হৈছে "কোম্পানী পেপাৰ"। বিভিন্ন অফিচ-কাছাৰীত ব্যৱহৃত পেপাৰসমূহৰ খালী পিঠিসমূহত মধ্যযুগৰ পদপুথিসমূহ কপি কৰা হৈছিল। অৰ্থাৎ যুগ সলনি হৈছিল, মাধ্যম সলনি হৈছিল, কিন্তু পুথি লিখনৰ পৰম্পৰা ইমানেই শক্তিশালী আছিল যে সাঁ‌চিপাত এৰি অসমীয়া নকলকাৰে নতুন মাধ্যমত তাক চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল। ঊনবিংশ শতিকাত লিখা এনে কোম্পানী পেপাৰ মেনুস্ক্ৰিপ্টৰ সংখ্যাও একেবাৰে কম নহয়। আচৰিত নহয়, কেবল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতে এনে পেপাৰ মেনুস্ক্ৰিপ্ট প্ৰায় এহেজাৰমান সংৰক্ষিত হৈ আছে!

      অৰ্থাৎ প্ৰিণ্টৰ সমান্তৰালকৈ ঊনবিংশ শতিকাৰ অসমত এইসমূহ ভালদৰেই চৰ্চিত হৈ আছিল। প্ৰিণ্ট আৰু সাঁ‌চিপতীয়া পুথিৰ সমান্তৰাল উপস্থিতিয়ে এই দুই শ্ৰেণীৰ পঢ়ুৱৈৰো জন্ম দিছিল--একে কেবল প্ৰিণ্ট পঢ়িব পাৰিছিল আৰু আন একশ্ৰেণীয়ে কেবল সাঁ‌চিপতীয়া আখৰহে পঢ়িব পাৰিছিল। ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে গুণাভিৰাম বৰুৱাৰ ৰাম-নবমী(১৮৫৭) নাটকত এই দুই শ্ৰেণী পঢ়ুৱৈৰ কথা সুন্দৰকৈ আঙুলিয়াই দেখুৱাইছেঃ

      ফুলে। অসমীয়া পুথী পঢ়িছনে কিবা?

      জয়ন্তী।  ময় কেইখন মান পঢ়িছোঁ‌। সখীয়ে হলে হাতে লেখা পঢ়িব নোয়াৰে।"অসমীয়া লৰাৰ মিত্ৰ" আৰূ মাজে মাজে "অৰূণোদয়ো" পঢ়ে।তাত অনেক ভাল ভাল কথা আছে।

      নবমী। আই।সখীয়ে নাম দিবও পাৰে।মাতটীও ভাল।পদো সৰহ জানে।আৰূ কুমলী আইটীৰ বিয়াৰ দিনা এনেহে যোৰানাম দিছিল দৰা ঘৰীয়া বিলাক কান্দি গ'ল।

      ফুলে। অসমিয়া পুথী পঢ়িলেহে পদ শিকিব পাৰি।আই নবমী!তয়ও পঢ়িবি।

      নবমী। ছাপা নহলে ময় পঢ়িব নোয়াৰোঁ‌।(পৃষ্ঠা ৪২৮, প্ৰবন্ধ,২০১৯)

      অৱশ্যে ঊনবিংশ শতিকাৰ ডাঙৰীয়া শ্ৰেণীৰ লোক আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত লোকসকলৰ বেছিভাগে সাঁ‌চিপতীয়া আখৰ আৰু প্ৰিণ্টৰ আখৰ, দুয়োটা পঢ়িব পাৰিছিল।কিন্তু আধুনিক শিক্ষাৰ প্ৰসাৰৰ লগে প্ৰিণ্টৰ প্ৰসাৰো বাঢ়িছিল আৰু ১৯১০ চনমানলৈ সাঁ‌চিপতীয়া আখৰ পঢ়িব পৰা শিক্ষিত ডেকাৰ সংখ্যা প্ৰায় নোহোৱা হোৱাৰ দৰেই হৈছিল।কীৰ্ত্তিচন্দ্ৰ বিদ্যাভূষণ গোস্বামীয়ে আলোচনীৰ ২য় বছৰ ৬ ষ্ঠ সংখ্যা (১৯১০ চন)ত লিখা "অসমীয়া ভাষাত বঙ্গলা আখৰ" শীৰ্ষক চুটি নিবন্ধটোত এনেদৰে লিখিছে,

       "অসমীয়া ভাষা যেনে স্বতন্ত্ৰ এসময়ত ইয়াৰ বৰ্ণাৱলীও তেনে স্বতন্ত্ৰ আছিল আগৰ অসমীয়া লিখকসকলে সাঁ‌চিপাত আৰু তুলাপাতত যিবিলাক পুথি লিখি থৈ গৈছে, সেইবিলাক পুথিৰ আখৰ আজিকালিৰ ডেকাসকলে মাতিবই নোৱাৰে। ইয়াৰ কাৰণ, অসমীয়া আখৰৰ লগত সিসকলৰ সামান্য প্ৰণয় মাত্ৰ। আগৰ লিখাৰু সকলে কি সংস্কৃত ভাষাৰ পুথি, কি অসমীয়া ভাষাৰ পুথি সকলোতে অসমীয়া আখৰকেহে ব্যৱহাৰ কৰিছিল।

      ...মুদ্ৰা-যন্ত্ৰৰ শ্ৰীবৃদ্ধিৰ লগে লগে অসমীয়া বৰ্ণমালা প্ৰায় লোপ হৈছে।..সম্প্ৰতি যদিওবা শতকৰা দহজনে অসমীয়া কিছুমান বেলেগ আখৰ বুলি জানে, যেনেকুৱা পৰিৱৰ্ত্তন দেখা গৈছে আৰু কিছুদিনৰ পাচত "ৰ" "ৱ"ৰ বাহিৰে নাই বুলিলেও অত্যুক্তি নহব।কাৰণ বৰ্ত্তমান লিখাৰুসকলে ছাপাৰ আখৰৰ আৰ্হিৰে সকলো অসমীয়া আখৰ লিখে, ছাপাৰ আখৰ "ৰ" "ৱ" ভিন্ন সকলো বঙ্গলা।" (পৃষ্ঠা ১৮২-৮৩)

      আনকি নিবন্ধৰ শেষত লেখকে শিক্ষিতমণ্ডলীলৈ আহ্বানো জনাইছেঃ "অসমীয়া শিক্ষিত মণ্ডলীক সবিনয়ে জনাওঁ‌, সিসকলে যেন আধুনিক বিদ্যাৰ্থীসকলক পুৰণা অসমীয়া আখৰ লিখিবলৈ আৰু পঢ়িবলৈ উদগাই অসমীয়া ভাষা আৰু জাতিৰ গৌৰৱ বঢ়ায়।" (ঐ)

      কিন্তু এটা তাৎপৰ্যপূৰ্ণ কথা যে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰপৰা অসমীয়া পঢ়ুৱৈসমাজ ক্ৰমে ক্ৰমে ছপা আখৰৰ লগত পৰিচিত হৈ আহিলেও তেওঁলোকে প্ৰিণ্টত নতুন genre সমূহ পঢ়িবলৈ বিচৰা নাছিল। ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ প্ৰথম দশককেইটাৰ ছপাগ্ৰন্থৰ ইতিহাসে অন্ততঃ সেই কথা প্ৰতীয়মান কৰে।আউনীআটী সত্ৰ, হৰিবিলাস গুপ্ত,বাঞ্চাৰাম চৌধুৰী, কালীৰাম বৰুৱা, ভোগজুৰ বেপাৰী, গণেশৰাম আগৰৱালা, দিৱাকৰ দুৱৰা, শিৱনাথ ভট্টাচাৰ্য্য (ভট্টাচাৰ্য্য এজেঞ্চি), নন্দেশ্বৰ চক্ৰৱৰ্তী (এজেঞ্চি কোম্পানী), গোপালচন্দ্ৰ বৰুৱা (বৰুৱা এজেঞ্চি), বৰকটকী কোম্পানী, হৰিনাৰায়ণ দত্তবৰুৱা,তীৰ্থনাথ গোস্বামী (পুথিতীৰ্থ প্ৰকাশন), দুৰ্গাধৰ বৰকটকী আদি ঊনবিংশ শতিকাৰ শেষভাগৰপৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈকে উত্থান ঘটা প্ৰকাশকসকলে কেবল আৰু কেবল পুৰণি পদপুথিসমূহেই ছপাইছিল। মন কৰিবলগীয়া যে, এইসমূহ প্ৰতিষ্ঠিত প্ৰকাশকে পাশ্চাত্য genre সমূহ প্ৰায় প্ৰকাশ কৰা নাছিল। অৰ্থাৎ 'ৰোমাণ্টিক যুগ' বা 'বেজবৰুৱা যুগ' বুলি অভিহিত কৰা এই সময়ছোৱাৰ সৈতে যিসকল প্ৰখ্যাত সাহিত্যিকৰ নাম আমি যুক্ত কৰোঁ‌, তেওঁলোকৰ গ্ৰন্থসমূহ সমসাময়িক প্ৰকাশকসকলে প্ৰকাশ কৰা নাছিল! যিসময়ত আধুনিক গল্প-কবিতা-উপন্যাস-ৰম্য ৰচনা আদি ৰচনা কৰা হৈছিল, একাংশ পাশ্চাত্য শিক্ষাৰে শিক্ষিত নতুন পঢ়ুৱৈক বাদ দি পৰম্পৰাগত অসমীয়া পঢ়ুৱৈয়ে কীৰ্তন-নামঘোষা-ভাগৱতৰ উপৰি সকলো বিষয়ৰ (আনকি তুলনামূলকভাৱে নাম নুশুনা লেখকৰো) পদপুথি প্ৰিণ্টত পঢ়ি আছিল! গোবিন্দৰাম চৌধুৰীয়ে "সূতিকা পটল"ৰ 'গ্ৰন্থকাৰৰ ভূমিকা'ত লিখা "গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে।তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।" বুলি কোৱা বাক্যষাৰিৰো তাৎপৰ্য বোধকৰোঁ‌ এয়ে।

Saturday, August 22, 2020

ডিব্ৰুগড়ৰ দুটা ছপাখানা


      'টাইমছ অভ আছাম'(১৮৯৫-১৯৪৭)ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰকাশক ৰাধানাথ চাংকাকতী(মৃত্যু ১৯২৩)ৰ মনত এখন কাকত উলিওৱাৰ কথা পোনতে ১৮৮০-৮১ চনতে খেলাইছিল আৰু এই ক্ষেত্ৰত তেওঁ বিশেষ উৎসাহ পাইছিল বেংগল আৰ্মিৰ পৰা  অৱসৰ গ্ৰহণ কৰি উজনি অসম চৰকাৰৰ সামৰিক আৰু অসামৰিক প্ৰধান চিকিৎসকৰূপে কৰ্মৰত ডাঃ জন বেৰী হোৱাইট(১৮৩৪-১৮৯৬)ৰ পৰা।লক্ষ্মীনাথ ফুকনে লিখা মতে 'অকল মুখৰ কথাৰে উৎসাহ নিদি ডাক্তৰ বেৰী হোৱাইটে আনকি বিলাতৰ পৰা চাংকাকতীলৈ বুলি ৰেল কোম্পানীৰ চীফ ইঞ্জিনীয়াৰৰ ঠিকনাত পঠিয়াই দিছিল সকলো সা-সৰঞ্জামেৰে সৈতে এখন ছপাশাল;পিছে ছপাশালখন চাংকাকতীক নিদি ৰেল কোম্পানীৰ নতুন মেনেজাৰজনে ৰেলৰ টিকট আদি ছপাবৰ কাৰণে লৈ থলে।(পৃঃ৯৫,মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ)উল্লেখ্য,বেৰী হোৱাইটৰ তৎপৰতাতে ঊনবিংশ শতিকাৰ সত্তৰৰ দশকৰ শেষৰফালে গঠিত হৈছিল 'আসাম ৰেইলৱেজ এণ্ড ট্ৰেডিং কোম্পানী' (চমুকৈ এ আৰ এণ্ড টি কোম্পানী) আৰু ডাঃ হোৱাইট এই কোম্পানীৰ সঞ্চালকো আছিল।চাংকাকতীয়ে এই ঘটনাৰ পিছত ১৮৮১ চনত কলিকতাৰ পৰা ফুলস্কেপ আকাৰৰ কাঠৰ ছপাশাল এখন আনি আমোলপট্টিৰ সৰু খেৰীঘৰ এটাত পাতি সৰু সুৰা ছপাৰ কাম আৰম্ভ কৰিছিল।ফুকনে লিখিছে-দুবছৰমান হওঁতে নৌহওঁতেই এদিন ৰাতি কোনোবাই জুই লগাই দিয়াত ঘৰ আৰু ছপাশাল জুইত জাহ গ'ল ....তথাপি হতাশ নেমানি চাংকাকতীয়ে অ'ৰ ত'ৰ পৰা কিছু টকা যোগাৰ কৰি আগৰ ঠাইতে ডিমাই আকাৰৰ এখন লোহাৰ ছপাশাল পাতিলে(ঐ) ।এই ছপাশালৰ পৰাই ১৮৯৫ চনৰ ৫ জানুৱাৰীৰ পৰা প্ৰকাশ পায় অসমৰ প্ৰথমখন ইংৰাজী ভাষাৰ বাতৰি কাকত(সাপ্তাহিক)।ইপিনে যদিও বেৰী হোৱাইটে চাংকাকতীলৈ পঠিয়াই দিয়া ছপাযন্ত্ৰটো 'ৰেলৰ টিকট ছপাবৰ বাবে' ৰেলৱে কোম্পানিয়ে ৰাখি থৈছিল,ঊনবিংশ শতিকাৰ শেষৰ পৰা আৰম্ভ কৰি বিংশ শতিকাৰ দ্বিতীয়  দশকলৈ এই ছপাশালৰ পৰা ভালেমান পুথি প্ৰকাশ হোৱাৰ খবৰ পোৱা যায়।ঔপনিৱেশিক অসমৰ বেছিভাগ ছপাশাল স্থাপন হোৱাৰ মূলতে আছিল কাকত প্ৰকাশৰ উদ্দেশ্য।ক্ৰমবৰ্ধমান ছপাপুথিৰ চাহিদা পূৰাব পৰাকৈ ছপাযন্ত্ৰৰ সংখ্যা তেতিয়া নাছিল।আৰু এই চাহিদা ভালেখিনি পূৰাইছিল ডিব্ৰুগড়ৰ এ আৰ টি কোম্পানীৰ ছপাশালে।ঊনবিংশ শতিকাৰ একেবাৰে শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে অসমৰ অন্যান্য প্ৰান্তৰ তুলনাত ডিব্ৰুগড়ৰ  পৰাই সৰ্বাধিক অসমীয়া কিতাপ ছপা হৈছিল।মন কৰিব পাৰি,গ্ৰন্থ ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ছোৱাৰ দুগৰাকী সফল প্ৰকাশক আছিল ডিব্ৰুগড়ৰ।তেওঁলোক ক্ৰমে শিৱনাথ ভট্টাচাৰ্য্য(পিছলৈ ভট্টাচাৰ্য্য এজেন্সিৰ প্ৰতিষ্ঠাপক) আৰু নন্দেশ্বৰ চক্ৰৱৰ্তী(১৮৮৫-১৯৬৮,১৯০৫ চনত এজেন্সি কোম্পানীৰ প্ৰতিষ্ঠাপক)।যি হওক,'ডিব্ৰুগড়ৰ বুৰঞ্জী' গ্ৰন্থত ১৮৯৮ চনত ৰেলৱে ছপাশালৰ পৰা প্ৰকাশিত এখন গ্ৰন্থৰ উল্লেখ পোৱা গৈছেঃ১৮৯৮ চনতে ডিব্ৰুগড়ৰ মোহনাঘাটৰ মুহিৰাম দাস নামৰ এজন লেখকে প্ৰথমে হৰি দেউ কানীয়াৰ কথা নামৰ এখন উপন্যাস লিখিছিল।পুথিখনৰ প্ৰকাশকৰ নামৰ ঠাইত লিখা আছে এ আৰ টি কোম্পানীৰ নাম।(পৃঃ২৫৫)অৱশ্যে এ আৰ টি কোম্পানী প্ৰকাশক হোৱাৰ সম্ভাৱনা নাই,মুদ্ৰক হোৱাহে সম্ভৱ।এই একে সময়ৰে বিহুৰাম গোহাঁই(বি আৰ গোহাঁইন)নামৰ চিৰিং চাপৰিৰ লেখক এগৰাকীৰ পদত লিখা 'আই দেউ অচল' নামৰ আমোদজনক পুথিখনৰ শেষৰ পৃষ্ঠাত এ আৰ টি কোম্পানীৰ প্ৰেছত মুদ্ৰিত হোৱাৰ উল্লেখ পোৱা যায়ঃprinted at the A.R.&T Co.Ld Press by D.C.Ghose.ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে এই ছপাখানাত ছপা হোৱা আন গ্ৰন্থকেইখনমান হ'লঃৰঙ্গলাল দাসৰ দ্বাৰা প্ৰকাশিত ৰঙ্গ ও ধেমালি(১৮৯৯,পৃষ্ঠাসংখ্যা ২২),ভেকুলী বিয়া(প্ৰকাশৰ চন,লেখক আৰু প্ৰকাশকৰ নাম নাই,মুঠ পৃষ্ঠাসংখ্যা ১৪),এজেন্সি কোম্পানীৰ দ্বাৰা প্ৰকাশিত 'শিপিনী কীৰ্ত্তন'(লিখোঁতা শ্ৰীবিনন্দ ৰাম গগৈ,১৯০৭,মুঠ পৃষ্ঠাসংখ্যা ২৩), 'বাৰভণী বিষালী মন্ত্ৰ'(১৯০৭,পৃষ্ঠাসংখ্যা ৩৬),ডাক চৰিত্ৰ(১৯০৭,মুঠ পৃষ্ঠাসংখ্যা ৩১)আৰু উদ্ধৱ সংবাদ ও কুকুৰ চৰিত,কাক চৰিত ও দিকভণিতা(১৯০৭,শ্ৰীবিষ্ণুৰাম দাসৰদ্বাৰা সংগৃহীত,মুঠ পৃষ্ঠাসংখ্যা ৭১)।ইয়াৰে ১৮৯৯ চনত প্ৰকাশিত 'ৰঙ্গ ও ধেমালী'ৰ বকলাপিঠিত 'গোপীৰ বস্ত্ৰহৰণ' নামৰ কোনো পুথিৰ বিজ্ঞাপনো প্ৰকাশ হৈছে এনেদৰেঃ'

'নুতন পুথি!নুতন পুথি!!নুতন পুথি!!!'

গোপীৰ বস্ত্ৰ হৰণ

শ্ৰীকৃষ্ণয় গোপীসকলেৰে কেনেকৈ কেলি কৰিছিল আৰু বস্ত্ৰ কি উপায়েৰে হৰণ কৰিলে সকলো ভালকৈ লিখা হৈছে।এবাৰ পঢ়িলে জানিব পাৰিব। 
শ্ৰীদি দুৱৰা এণ্ড কোং 
ডিব্ৰুগৰ।                                             

        বিজ্ঞাপনটিত 'নুতন পুথি' আৰু 'গোপীৰ বস্ত্ৰ হৰণ'ৰ মাজত ৰেলগাড়ীৰ ছবি এখনো দিয়া হৈছে।হয়তো পঢ়ুৱৈক আকৰ্ষণ কৰিবৰ বাবেই এই ব্যৱস্থা।দি দুৱৰা বা দিবাকৰ দুৱৰাই ১৯০৩ চনত প্ৰকাশ কৰা 'থুপৰি চৰিত' নামে এখন ১৭ পৃষ্ঠাৰ পদপুথি পোৱা গৈছে।অৱশ্যে এই সৰু পুথিখন কলিকতাৰ সাম্য প্ৰেছত ছপাই আনিছিল।এই পুথিখনৰ বকলাপিঠিতো দি দুৱৰাই ছখন কিতাপৰ জাননী দিছে।লগতে লিখিছে-মোৰ ওচৰত তলত লিখা পুথিবিলাক পাব।এজেণ্ট হবৰ ইচ্ছা থাকিলে মোলৈ লিখিলেই সকলো জানিব পাৰিব।কিতাপকেইকখন হৈছেঃবড় বেজালী(মাজ আৰু শেহ চোৱা),গোপিনী কিৰ্তন,লক্ষণ চৰিত,থুপৰি চৰিত,গোপীৰ বস্ত্ৰহৰণ আৰু জুমকী।

        আনহাতে প্ৰকাশৰ চন নথকা 'ভেকুলীৰ বিয়া'ৰ বকলাপিঠিত 'ৰঙ্গ ও ধেমালী'ৰ প্ৰকাশক ৰঙ্গলাল দাসে কিতাপৰ জাননী এখন দিছে।গুৱাহাটীৰ কামাখ্যা পুস্তকালয়ৰ কালীৰাম বৰুৱাৰ পিছতেই ডিব্ৰুগড়ৰ ৰঙ্গলাল দাসৰ এই বিজ্ঞাপনটি ঊনবিংশ শতিকাৰ একেবাৰে শেষৰ অসমীয়া গ্ৰন্থৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ বুলিব পাৰি।মুঠ দহখন গ্ৰন্থৰ কথা বিজ্ঞাপনটিত আছেঃজুমকি,হৰিনাম সত্য,তিৰোতাৰ লক্ষণ চৰিত,তিৰী-পাঠ,হৰ মোহন,প্ৰসঙ্গীয়া কীৰ্তন(যন্ত্ৰস্থ),গোপিনী কীৰ্তন,ওভোতা গুকৰতি পুথি,যদুমণি(জিৰণী পুথি),গোপীৰ বস্ত্ৰ হৰণ।এইধৰণৰ গ্ৰন্থৰ বজাৰ-চাহিদাৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো বাঙালী সম্প্ৰদায়ৰ দাসে এই পুথিসমূহ ছপাই উলিয়াইছিল।দিবাকৰ দুৱৰা আৰু ৰঙ্গলাল দাসৰ বেছিভাগ পুথি এ আৰ টি কোম্পানীৰ প্ৰেছতেই ছপা হোৱাটো সম্ভৱ।আনহাতে ডিব্ৰুগড়ৰ দুগৰাকী সফল গ্ৰন্থ ব্যৱসায়ী ক্ৰমে শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰবৰ্ত্তীৰ ভিতৰত নন্দেশ্বৰ চক্ৰবৰ্ত্তীয়ে ১৯০৭ চনত নিজাববীয়াকৈ ছপাযন্ত্ৰ(গৌৰীশংকৰ যন্ত্ৰ) অনাৰ আগলৈকে এ আৰ টি কোম্পানীৰ প্ৰেছতেই প্ৰায় সকলো কিতাপ ছপাই আনিছিল।'কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তী'(১৯৭৫) গ্ৰন্থৰ লেখক শ্ৰীনন্দ গোস্বামীয়ে লিখিছে-আনৰ কিতাপ আনি বিক্ৰি কৰাৰ উপৰিও নিজে(চক্ৰৱৰ্তীয়ে) ভালেখিনি কিতাপ ছপা কৰি উলিয়ালে।প্ৰথমে তেখেতে এ-আৰ-এণ্ড টি কোম্পানীৰ প্ৰেছত কিতাপ ছপাই আনিছিল।(পৃঃ১৮)১৯০৭ চনত চক্ৰৱৰ্তীৰ কবিতাপুথি 'কবিতা পাঠ' এই প্ৰেছতেই ছপাই আনিছিল।(ঐ)একেটা চনতে প্ৰকাশিত বিনন্দ ৰাম গগৈৰ 'শিপিনী কীৰ্তন'ৰ বকলাপিঠিত দিয়া এজেন্সি কোম্পানীৰ ৩৮ খন কিতাপৰ জাননী প্ৰকাশ হৈছে।একেটা চনৰে 'উদ্ধৱ সম্বাদ'ৰ বকলাপিঠিতো ৪৩ খন কিতাপৰ বিজ্ঞাপন প্ৰকাশ হৈছে।এই কিতাপসমূহ হৈছে-কান খোৱা,স্যমন্ত হৰণ,লীলামালা,ভীমচৰিত,লক্ষ্মী চৰিত্ৰ,ধৰ্ম্ম সংবাদ,ৰাধাহৰণ,অশোক চৰিত্ৰ,গুপ্তমনি,বহুৱা চৰিত্ৰ,প্ৰেম কুঁহি,সিপিনী কীৰ্ত্ত্ন,বিলাহী বেজিনী,অসমীয়া ভক্তিতত্ত্ব,সীতাৰ বনবাস,অনাদি পাতন,বিষালি মন্ত্ৰ,হুচৰী কীৰ্ত্তন,হাচতি কীৰ্ত্তন,ফুল কোঁৱৰ,মনিকোৱৰ,দৈবকোষ,পাৰ্ব্বতী চৰিত্ৰ,লাও ফলা,উদ্যোগ পৰ্ব,অগ্নি পুৰাণ,বৰকৰতি,গু কৰতি,বৰগীত,ভটিমা,গুণমালা,বৰগীত ভটিমা গুণমালা(একত্ৰে),পাতালি কাণ্ড ৰামায়ণ,কুলাচল বধ পকাবন্ধা,সপ্তকাণ্ড ৰামায়ণ অসমীয়া,সচিত্ৰ বৃহৎ মহাভাৰত,সচিত্ৰ কীৰ্ত্তন ঘোষা পকাবন্ধা,দশম স্কন্ধ ভাগৱত,পদ্মপুৰাণ,অসমীয়া পদ্যগীতা,অসমীয়া পদ্যগীতা পকাবন্ধা,মহীৰাবণ বধ,সিন্ধুৰা পৰ্ব্ব,সিন্ধুৰা পৰ্ব্ব পকাবন্ধা,নামঘোষা ইত্যাদি।যিহেতু নন্দেশ্বৰ চক্ৰৱৰ্তীয়ে নিজাকৈ প্ৰেছ অনাৰ আগেয়ে এইসমূহ গ্ৰন্থ প্ৰকাশিত,ইয়াৰে প্ৰায়সমূহ গ্ৰন্থই এ আৰ টি কোম্পানীৰ প্ৰেছত ছপোৱা সম্ভৱ।

        অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী(১৮৮৫-১৯৬৭)ৰ প্ৰথম কাব্যপুথি 'তুমি'(১৯১৬)ও এই যন্ত্ৰতেই  ছপা কৰাৰ কথা লেখকে কৈছে-ঁডাঃউমেশ দাস আৰু সংগীত সহবন্ধু ঁকীৰ্ত্তিনাথ শৰ্মাৰ কিছু অৰ্থ-সাহায্য আৰু মই ঘৰুৱা শিক্ষকতা কৰি,গান শিকাই পোৱা ধনেৰে ইং ১৯১৬ চনত ডিব্ৰুগড়ৰ ৰেলৱে প্ৰেছত পোন প্ৰথমতে 'তুমি'খন একহেজাৰ ছপা কৰাওঁ।ছপাত প্ৰকাশ হৈ ৰাইজৰ আগত  ওলোৱা কবিতা বা কাব্যপুথি এয়ে মোৰ প্ৰথম।(পৃঃ৪০,মোৰ জীৱন ধুমুহাৰ এছাটি)কুৰি শতিকাৰ প্ৰথম দশকৰ শেষৰ ফালে (১৯০৯)প্ৰকাশিত গুৰুত্বপূৰ্ণ আলোচনী 'আসাম বান্ধৱ' এ আৰ টি কোম্পানীৰ প্ৰেছতেই ছপা হৈছিল।উল্লেখযোগ্য,প্ৰথমে তেজপুৰৰ 'বান্ধৱ সমিতি'ৰ পৰা তাৰানাথ চক্ৰৱৰ্তীৰ সম্পাদনাত 'আসাম বান্ধৱ' প্ৰকাশ হৈছিল।চাৰিটা সংখ্যা তেজপুৰৰ পৰা ওলোৱাৰ পিছত পৰৱৰ্তী সংখ্যাবোৰ ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হ'বলৈ ধৰে।ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'বান্ধৱ'ৰ উদ্দেশ্যও বেলেগ হৈ পৰে আৰু এইবাৰ পৃষ্ঠপোষকতা কৰে ডাঃ হৰিকৃষ্ণ দাস,কালিৰাম মেধি,ভাৰত চন্দ্ৰ দাস,গঙ্গাৰাম চৌধুৰী আদি নামনি অসমৰ বুদ্ধিজীৱীসকলে।আলোচনীখনৰ ১৯১৫ অৰ পৰা ১৯১৭ চনৰ সহকাৰী সম্পাদক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে জনোৱা মতে 'আসাম বান্ধৱ' এ আৰ এণ্ড কোম্পানীৰ প্ৰেছতেই ছপোৱা হৈছিল--ডিব্ৰুগড়ত ৰেলৱে প্ৰেছ আছে।তাতে 'আসাম বান্ধৱ' ছপায়।(পৃঃ৬০,ঐ)(আজিৰ 'দৈনিক অসম'ত প্ৰকাশিত

তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ' আৰু লীলা এজেন্সি

            ঔপনিৱেশিক সময়ছোৱাত গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ পিছতে লেখত ল'বলগীয়া দুখন চহৰ আছিল তেজপুৰ আৰু যোৰহাট।তেজপুৰৰ বৌদ্ধিক পৰিৱেশ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা ওজা সাহিত্যিকগৰাকী আছিল পদ্মনাথ (গোহাঞি)বৰুৱা(১৮৭১-১৯৪৬)।গোহাঞিবৰুৱাই 'মোৰ সোঁৱৰণী'(১৯৭১)ত লিখা মতে ১৮৯৬ চনৰ ২৬ ডিচেম্বৰৰ পৰা তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰ আৰু 'তেজপুৰ অসমীয়া ভাষা আলোচনী সভা'ৰ সম্পাদক এই দুই চৰ্কাৰী আৰু সমজুৱা বিষয়বাব লৈ তেওঁ তেজপুৰীয়া জীৱন আৰম্ভ কৰে।উল্লেখ্য যে গোহাঞিবৰুৱাই যাৰ ঠাইত প্ৰধান শিক্ষকৰূপে যোগদান কৰিছিল,তেওঁ আছিল পৰৱৰ্তী কালত,অসহযোগ আন্দোলনৰ সময়ত স্কুল ইন্সপেক্টৰৰ চাকৰি ইস্তফা দি গ্ৰন্থ প্ৰকাশনত মন দিয়া দুৰ্গাধৰ বৰকটকী()।তেজপুৰলৈ অহাৰ পূৰ্বেই গোহাঞিবৰুৱাই ইতিমধ্যেই সাহিত্যিক হিচাপে পৰিচিতি লাভ কৰিছিল আৰু ভানুমতি,লাহৰী আদি উপন্যাস,গাওঁবুঢ়া আদি নাটকৰ লগতে কেইবাখনো স্কুলীয়া পাঠ্যপুথিও প্ৰণয়ন কৰিছিল।তাৰ ভিতৰত 'আদি শিক্ষা','নীতি শিক্ষা' আগছোৱা,'সাহিত্য-সংগ্ৰহ' আদি আছিল প্ৰধান।তেজপুৰলৈ আহি গোহাঞিবৰুৱাই লক্ষীমপুৰীয়া বন্ধু পাণীন্দ্ৰনাথ গগৈৰ দৰেই আন্তৰিক সম্পৰ্কৰ এগৰাকী সাহিত্যিক বন্ধুৰ সান্নিধ্য লাভ কৰাৰ কথা আত্মজীৱনীত সোঁৱৰিছে।তেওঁ হ'ল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য।আৰু এইগৰাকী বন্ধুৰ সৈতে হোৱা যুটীয়া চিন্তালোচনাৰ ফলস্বৰূপেই ১৯০০ চনত তেজপুৰত প্ৰতিষ্ঠা হৈছিল চহৰখনৰ প্ৰথমটো ছপাখানা--অসম চেণ্ট্ৰেল প্ৰেছ।অসমৰ ছপাখানাৰ ইতিহাসত এই প্ৰেছৰ এটা গুৰুত্ব এই যে ৰাইজৰ বৰঙণিৰে প্ৰতিষ্ঠা হোৱা এইটোৱেই বোধকৰোঁ অসমৰ প্ৰথম প্ৰেছ।গোহাঞিবৰুৱাৰ ভাষাত 'ভট্টাচাৰ্য্যদেৱৰ গা-তোলা ওজস্বিনী বুজনিৰ প্ৰেৰণাত উলাহিত হৈ স্থানীয় মাৰোৱাৰী সমাজেও অসমীয়াৰ লগত সহযোগিতা দান কৰি আমাক মটমটীয়া কৰি তুলিলে।(পৃঃ১০৩,মোৰ সোঁৱৰণী)এটি প্ৰেছ প্ৰতিষ্ঠাৰ বাবে হাত উজান দি এমাহৰ ভিতৰত ঊনবিংশ শতিকাৰ একেবাৰে শেষত তেজপুৰৰ দৰে চহৰ এখনত ২০০০ টকাৰ বৰঙণি গোট খোৱাটো এহাতে যিদৰে পদ্মনাথ-কমলাকান্তৰ প্ৰতি ৰাইজৰ আস্থাৰ প্ৰকাশ,আনহাতে তেজপুৰীয়া ৰাইজৰ প্ৰগতিশীলতাৰো পৰিচায়ক।এইখিনি ধনেৰে গোহাঞিবৰুৱাই তেওঁৰ বন্ধু গুৱাহাটীৰ মথুৰামোহন বৰুৱা(১৮৬৩-১৯১৯)ক মতাই আনি কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ অনাৰ দায়িত্ব অৰ্পণ কৰে।গোহাঞিবৰুৱা চৰ্কাৰী কৰ্মচাৰী আছিল বাবে প্ৰকাশ্যে তেওঁ এই কাম কৰাত অসুবিধা আছিল।আনহাতে প্ৰেছ সম্পৰ্কত অভিজ্ঞ আছিল মথুৰামোহন বৰুৱা।বোম্বাই বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা বৰুৱা বোম্বাই আৰু হায়দৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'চেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল।প্ৰেছ আহি পোৱাৰ আগতেই সৰ্বসন্মতিক্ৰমে বৰুৱাক তেজপুৰৰ সংকল্পিত প্ৰেছটোৰ পৰা প্ৰকাশ পাবলগীয়া কাকতখনৰ সম্পাদকো মনোনীত কৰা হৈছিল।দায়িত্ব মতেই বৰুৱাই কুৰি শতিকাৰ প্ৰাৰম্ভতে কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ তেজপুৰলৈ লৈ আনিলে।গোহাঞিবৰুৱাৰ ভাষাত---'যথাসময়ত কলিকতাৰ পৰা সম্পূৰ্ণ সৰঞ্জামে সৈতে প্ৰেছ আহি তেজপুৰ পালেহি;কিন্তু তেতিয়ালৈকে ছপাখানাখন পাতিবলৈ আমি সুচল ঠাই পোৱা নাই এথোন।সেইভাৱেই সপ্তাহচেৰেক পাৰ হৈ যোৱাৰ পাচত,মোৰ প্ৰস্তাৱ আৰু ঁজয়দেৱ শৰ্মা আৰু ঁৰবীন্দ্ৰ শৰ্মা বৰুৱা তহচিলদাৰৰ সমৰ্থন মতে পাচত প্ৰতিষ্ঠিত হোৱা বৰ্তমান অ ভা উ সা সভাৰ নামঘৰত লগা 'বাণ ষ্টেজ'ৰ সমুখৰ তিনিকোণীয়া মাটিডোখৰতে ছপাখানা ঘৰ সজোৱা স্থিৰ হ'ল।ঘৰটো সজোৱাৰ ভাৰ পৰিল বৰগোলাৰ বৰ গোমস্তা ঁচুজিৰাম বাবু আৰু মোৰ ওপৰত,সেই অনুসৰি বৰগোলাৰ বাগীত উঠি টাউনৰ পৰা দুমাইলমান দূৰৈৰ পৰা শাল কাঠ কটাই আনি আৰু বৰগোলাৰ পৰাই টিন,গজাল আদি লাগতিয়াল সমল যুগুত কৰি ছমাহৰ ভিতৰত ছপাখানা ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত 'অসম চেণ্ট্ৰেল প্ৰেছ' প্ৰতিষ্ঠিত হ'ল।'(পৃঃ১০৪,ঐ)

       এই প্ৰেছৰ মেনেজাৰ নিযুক্ত কৰা হয় ভৱানীচৰণ ভট্টাচাৰ্য্যক(পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত,১৮৯৪ চনত, ভট্টাচাৰ্য্য পথৰুঘাট তহচিলৰ তহচিলদাৰ আছিল।)আনহাতে গুৱাহাটীৰ কালীৰাম বৰুৱাৰ 'আসাম নিউজ' যন্ত্ৰৰ এসময়ৰ প্ৰিণ্টাৰ দুতিৰাম মেধিক 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ প্ৰিণ্টাৰ কৰি গুৱাহাটীৰ পৰা অনা হয়।গুৱাহাটীৰ পৰাই আৰু এজন অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়।আৰু ১৮২১ শকৰ পহিলা মাঘত 'অসম বন্তি' মথুৰামোহন বৰুৱাৰ সম্পাদনাত 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ পৰা প্ৰকাশ হ'বলৈ ধৰে।

            'অসম বন্তি'ৰ প্ৰকাশৰ উদ্দেশ্যেই যিহেতু এই প্ৰেছ প্ৰতিষ্ঠা হৈছিল,সেইবাবেই হয়তো এই প্ৰেছত অন্য পুথি ছপোৱাৰ তথ্য পোৱা নাযায়।গোহাঞিবৰুৱাৰ 'মহাৰাণী'(১৯০০)খনৰ প্ৰথম সংস্কৰণ 'অসম চেণ্ট্ৰেল প্ৰেছ'ত ছপা হোৱাৰ কথা লেখকে আত্মজীৱনীত উল্লেখ কৰিছে যদিও মহাৰাণীৰ পৰৱৰ্তী সংস্কৰণ 'সচিত্ৰকৈ আৰু ধুনীয়াকৈ কলিকতীয়া ছপাখানাত সৰহীয়াকৈ ছপাই' আনিছিল।গোহাঞিবৰুৱাৰ অন্যান্য পাঠ্যপুথিবোৰো কিন্তু কলিকতাৰ প্ৰেছতহে ছপাই আনিছিল।উদাহৰণস্বৰূপে নীতি-শিক্ষা,মাজছোৱা(১৯০০)ৰ প্ৰথম সংস্কৰণ আৰু আসামৰ বুৰঞ্জীৰ ১৯০৫ চনৰ সংস্কৰণ ছপোৱা হৈছিল কলিকতাৰ 'ৰাধাৰমণ যন্ত্ৰ'ত।তেনেদৰে দেশী-কচৰৎ(১৯০৪)ছপা হৈছিল শ্বিলঙস্থিত অসম সচিবালয়ৰ ছপাযন্ত্ৰত।সৰহীয়াকৈ আৰু দৃষ্টিনন্দন হোৱাকৈ পুথি ছপোৱাৰ সুব্যৱস্থা তেতিয়াও অসমত হোৱা নাছিল বাবেই গোহাঞিবৰুৱাৰ দৰে লেখকসকলে কলিকতীয়া প্ৰেছৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

            ইপিনে ঊনবিংশ শতিকাৰ শেষ ভাগত চাকৰিজীৱন আৰম্ভ কৰাৰ পূৰ্বে দেউতাক ঘিণাৰাম বৰুৱাৰ নৰীয়া সূত্ৰে গোহাঞিবৰুৱাই উত্তৰ লক্ষীমপুৰৰ নিজা ঘৰত কেইদিনমান কটাব লগাত পৰে।সেই সময়তে কলিকতাৰ অ ভা উ সা  সভাৰ আৰ্হিত একে নামেৰেই পদ্মনাথে বাল্যবন্ধু পাণীন্দ্ৰনাথ গগৈৰ লগ লাগি লক্ষীমপুৰত সভা এখন গঠন কৰে।অসমীয়া পাঠ্যপুথিৰ তেনেই তথৈবচ অৱস্থাৰ বাবেই অসমৰ মজলীয়া আৰু ওখখাপৰ পঢ়াশালিবোৰত চলাবৰ নিমিত্তে দেশী ভাষাৰ পাঠ্যপুথি প্ৰস্তুতকৰণ এই সভাৰ অন্যতম মুখ্য উদ্দেশ্য হৈ পৰিছিল।এই সংকল্পৰ ফলস্বৰূপে পাণীন্দ্ৰনাথ গগৈৰ 'অসমীয়া ল'ৰাৰ ভূগোল' আৰু 'ল'ৰা-শিক্ষা' তিনিছোৱা  আৰু গোহাঞিবৰুৱাৰ 'নীতি-শিক্ষা' তিনিছোৱা,'ভূগোল দৰ্পণ' আৰু 'অসমৰ বুৰঞ্জী'য়ে প্ৰকাশৰ মুখ দেখা পাইছিল।কেইবছৰমান পিছত গগৈৰ অকাল বিয়োগৰ পিছত গোহাঞিবৰুৱাই অকলেই পাঠ্যপুথি প্ৰণয়নৰ গধুৰ দায়িত্ব পালন কৰিছিল।দেখা যায় ঔপনিৱেশিক সময়ছোৱাৰ ওজা সাহিত্যিকসকলৰ ভিতৰত একমাত্ৰ গোহাঞিবৰুৱায়েই সাহিত্য সাধনা,কাকত-আলোচনী সম্পাদনা আৰু শিক্ষকতাৰ সমান্তৰালভাৱে এই দায়িত্ব পালন কৰিছিল।হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই গোহাঞিবৰুৱাৰ আগত এই দায়িত্ব পালন কৰি আদৰ্শ দাঙি ধৰিছিল যদিও সত্যনাথ বৰা,লম্বোদৰ বৰা,বেণুধৰ ৰাজখোৱা,ৰজনীকান্ত বৰদলৈ আদি প্ৰতিষ্ঠিত সাহিত্যিকসকলে দুই একোখন  পাঠ্যপুথি ৰচনা কৰা বাদে আন খ্যাতিমন্ত অসমীয়া লেখকসকলে স্কুলীয়া পাঠ্যপুস্তক ৰচনা কৰাৰ উদাহৰণ কম।গোহাঞিবৰুৱাতকৈ কণিষ্ঠ শৰৎ চন্দ্ৰ গোস্বামীহে এই ক্ষেত্ৰত ব্যতিক্ৰম।পাঠ্যপুথি প্ৰণয়নে গোহাঞিবৰুৱাক এহাতে আৰ্থিকভাৱে লাভান্বিত কৰিলে,আনহাতে অসমীয়া ছাতৰসকলকো ঐতিহাসিকভাৱে উপকৃত কৰিলে।

          উল্লেখযোগ্য যে,ঔপনিৱেশিক সময়ছোৱাত মাত্ৰ দুইধৰণৰ পুথি প্ৰকাশনহে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ আছিল---এক,শংকৰদেৱ-মাধৱদেৱৰ জনপ্ৰিয় পদপুথিসমূহকে ধৰি সকলোধৰণৰ পদপুথি আৰু দুই,স্কুলীয়া পাঠ্যপুথি। অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এই কথাটো মনত ৰখা উচিত।সেইবাবেই মূলতঃ এই দুই ধৰণৰ পুথি প্ৰকাশ কৰিয়েই ঔপনিৱেশিক সময়ছোৱাত অসমীয়া প্ৰকাশকৰ উত্থান হৈছিল।আনহাতে পাঠ্যপুথিসমূহৰ বেছিভাগেই লেখকসকলে নিজাববীয়াকৈ ছপাই উলিয়াইছিল(দুই এজনক বাদ দি লেখকসকল আছিল মূলতঃ শিক্ষক।) ।গোহাঞিবৰুৱাও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল।কোনো গুৰুত্বপূৰ্ণ লেখকে এককভাৱে  দিয়া কিতাপৰ বিজ্ঞাপনৰ ক্ষেত্ৰত গোহাঞিবৰুৱাই বোধকৰোঁ প্ৰথম লেখক আছিল।১৯০০ চনত প্ৰকাশিত 'নীতি-শিক্ষা' মাজছোৱাৰ বকলাপিঠিত মুঠ ১৩ খন কিতাপৰ বিজ্ঞাপন দিয়া হৈছিল এনেদৰেঃ


জাননী

শ্ৰীযুত পদ্মনাথ বৰুৱা প্ৰণীত তলত দিয়া কিতাপবিলাক তলত লিখা ঠিকনাত পোৱা যায়।একে সময়তে পাঁচ টকাৰ ওপৰ দামৰ কিতাপ কিনোতাক ১২ অনা হাৰে কমিচন দিয়া যাব।

কিতাপৰ তালিকাত এইকেইখন গ্ৰন্থৰ নাম আছে---শিক্ষাবিধি, সাহিত্য সংগ্ৰহ, নীতি-শিক্ষা(আদিছোৱা), নীতি-শিক্ষা(মাজছোৱা), ভূগোল-দৰ্পণ,সাহিত্য সংগ্ৰহৰ অৰ্থপুথি, নীতি-শিক্ষা আদিছোৱাৰ অৰ্থপুথি, আসামৰ সংক্ষিপ্ত বুৰঞ্জী, লাহৰী(উপন্যাস), লীলা(কাব্য), গাঁওবুঢ়া(ধেমেলীয়া নাটক), ভাৰতবৰ্ষৰ বুৰঞ্জী(সোনকালে ওলাব), মানৰ দিন(কাব্য)(সোনকালে ওলাব)।তলৰ ঠিকনাত এইসকল ব্যক্তিৰ নাম আছে--শ্ৰীযুত নীলকণ্ঠ বৰুৱা,উঃলক্ষীমপুৰ,শিৱনাথ ভট্টাচাৰ্য্য,ডিব্ৰুগড়,ডি এম বৰুৱা এণ্ড চনচ,সোমধৰ বৰুৱা,শিৱসাগৰ,এন চি ব্ৰাডাৰ্চ এণ্ড কোম্পানী,গুৱাহাটী,পদ্মনাথ বৰুৱা,তেজপুৰ।

একেখন গ্ৰন্থতে 'লীলা' কাব্যৰ সুকীয়াকৈ বিজ্ঞাপন প্ৰকাশ হৈছিল।

লীলা।

উৎকৃষ্ট অসমীয়া কাব্যগ্ৰন্থ।

শ্ৰীযুত পদ্মনাথ বৰুৱা ৰচিত।

বেচ--- 

পকা জিলৰ খনে     আধলি

ধুনীয়া কাকৰ জিলৰ খনে   ডেৰঅনা

বিশেষ লাভ----

'লীলা' খনে প্ৰতি ৰচোঁতাৰ প্ৰতিমূৰ্ত্তিৰ একোটি ধুনীয়া ছবি উপহাৰ পাব।

সিপিঠিৰ এজেণ্টসকলৰ ওচৰতো পোৱা যায়।

প্ৰকাশিকা

শ্ৰীমতী হিৰন্ময়ী বৰুৱাণী।

            উল্লেখ্য যে গোহাঞিবৰুৱাৰ প্ৰথমা ভাৰ্যা লীলাৱতী দেৱীৰ ১৯০০ চনত অকাল বিয়োগ হয়।তেওঁৰ স্মৃতিতেই গোহাঞিবৰুৱাই ৰচনা কৰে লীলা কাব্য(১৯০০)।প্ৰথমা পত্নীৰ নামেৰেই গোহাঞিবৰুৱাই পৰৱৰ্তী কালত লীলা এজেন্সি নামেৰে কিতাপৰ এক এজেন্সিৰ জন্ম দিয়ে।এই এজেন্সিৰ পৰা অৱশ্যে গোহাঞিবৰুৱাৰ বাদে আন লেখকৰ গ্ৰন্থ প্ৰকাশ কৰাৰ তথ্য পোৱা নাই।নিজাকৈ প্ৰণয়ন আৰু প্ৰকাশ কৰা গ্ৰন্থবোৰ যাতে সুচাৰুৰূপে প্ৰচলন হয়,তাৰ নিমিত্তেই গোহাঞিবৰুৱাই হয়তো এই গ্ৰন্থ এজেন্সিৰ জন্ম দিছিল।'নীতি-শিক্ষা' শেহছোৱাৰ ১৯১৮ চনত প্ৰকাশিত চতুৰ্থ তাঙৰণৰ বকলাপিঠিত 'লীলা এজেঞ্চি,তেজপুৰ'ৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ২৭ খন গ্ৰন্থৰ বিজ্ঞাপন দিছে।

সাহিত্যিক পেঞ্চনভোগী

ৰায়চাহাব শ্ৰীযুক্ত পদ্মনাথ গোহাঁই বৰুৱা প্ৰণীত,

তলত নাম দিয়া কিতাপবিলাক আমাৰ এজেঞ্চিৰ পৰা নিলে শতকৰা ১২ আৰু বাজে কিতাপত ১৫ নিৰিখে কমিচন পায়;---

 লীলা(কাব্য), জুৰণি(কবিতা), ফুলৰ চানেকী(বিবিধ ছন্দৰ কবিতা), লাহৰী(উপন্যাস),  জয়মতী(নাটক), গদাধৰ(নাটক), সাধনী(নাটক), লাচিত বৰফুকন(নাটক), গাঁওবুঢ়া(ধেমেলীয়া নাটক), টেটোন তামুলি(ধেমেলীয়া নাটক), মহাৰাণী(ভিক্টোৰীয়া চৰিত, সচিত্ৰ), শিক্ষাবিধি(শিক্ষকৰ হাতৰ পুথি), জীৱনী-সংগ্ৰহ(সচিত্ৰ চৰিতাৱলী), সাহিত্য-সংগ্ৰহ(বিবিধ প্ৰবন্ধাৱলী), নীতি-শিক্ষা(আদিছোৱা, সচিত্ৰ), নীতি-শিক্ষা(মাজছোৱা,সচিত্ৰ),  নীতি-শিক্ষা(শেহছোৱা, সচিত্ৰ), ভূগোলদৰ্পণ(পৃথিৱীৰ ব্যাহিক বিবৰণ), আসামৰ বুৰঞ্জী(সচিত্ৰ), বুৰঞ্জীবোধ(সচিত্ৰ), আদিশিক্ষা(আদিছোৱা ,সচিত্ৰ), আদিশিক্ষা(মাজছোৱা, সচিত্ৰ), আদিশিক্ষা(শেহছোৱা সচিত্ৰ), ভাৰতবৰ্ষৰ বুৰঞ্জী(আদিছোৱা, হিন্দু-ৰাজত্ব), দেশী কছৰৎ(ব্যায়াম শিক্ষা) আৰু সভাপতিৰ অভিভাষণ।

 ইতি--মেনেজাৰ, লীলা-এজেঞ্চি, তেজপুৰ, আসাম।

            একেদৰে ১৯২৪ চনত প্ৰকাশিত নীতি-শিক্ষা আদিছোৱাৰ ৫ম সংস্কৰণৰ বকলাপিঠিত লীলা-এজেঞ্চিৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ৩২ খন কিতাপৰ বিজ্ঞাপন দিছে।অৱশ্যে  'লীলা এজেন্সি' সম্পৰ্কত গোহাঞিবৰুৱাই আত্মজীৱনীত কোনো কথা লিখা নাই।গতিকে এই এজেন্সিৰ জন্মৰ  সঠিক চন-তাৰিখ দিয়াটো সম্ভৱ নহ'ব।'মহাৰাণী'ৰ ১৯১৬ চনৰ তৃতীয় তাঙৰণত গ্ৰন্থখন 'তেজপুৰ,লীলা-এজেঞ্চি'ৰ পৰা প্ৰকাশিত বুলি উল্লেখ থকালৈ চাই আনুমানিক সেই চনটোৰ পৰাই বোধকৰোঁ এই এজেঞ্চিৰ আৰম্ভ হয়।১৯১৮ চনমানত গোহাঞিবৰুৱা ৰচিত স্কুলীয়া পাঠ্যপুথিৰ সংখ্যা বাঢ়ি অহাত এইসমূহ বিতৰণৰ সুবিধা হোৱাকৈ(পাঠ্যপুথিৰ ব্যৱসায় নিশ্চয় সন্তোষজনক আছিল) কোনো মেনেজাৰক নিযুক্ত কৰিছিল।মহাদেৱ শৰ্মাৰ 'অৰুণ পাব্লিছিং হাউছ','আসাম কো-অপাৰেটিভ এজেন্সি' আৰু ভাবিৰাম কলিতাৰ 'বি আৰ কলিতা এণ্ড কোম্পানী' আদি গ্ৰন্থ এজেন্সিৰ পূৰ্বে তেজপুৰ চহৰৰ গ্ৰন্থ প্ৰকাশনৰ ইতিহাসত 'লীলা এজেন্সি'য়ে এক সুকীয়া গুৰুত্ব নিশ্চয় দাবী কৰে।(আজিৰ 'দৈনিক অসম'ত প্ৰকাশিত।)


গুৱাহাটীৰ 'ভিক্টোৰীয়া প্ৰেছ' আৰু মথুৰামোহন বৰুৱা

             চিদানন্দ চৌধুৰী আৰু কালিৰাম বৰুৱাৰ পিছত গুৱাহাটী চহৰত কুৰি শতিকাৰ আৰম্ভণিতে এটি প্ৰেছ প্ৰতিষ্ঠা হৈছিল যোৰহাটৰ প্ৰখ্যাত ৰসেন্দ্ৰ বংশৰ মথুৰামোহন বৰুৱাৰ(১৮৬৩-১৯১৯) উদ্যোগত।'মথুৰামোহন বৰুৱা'(সংগ্ৰাহকঃশুভ বৰুৱা,১৯৮৫) গ্ৰন্থত দিয়া বংশলতা অনুসৰি ৰসেন্দ্ৰ বংশৰ শূলপাণি ভৰালী বৰুৱাৰ তৃতীয় পুত্ৰ দিগম্বৰ;তেওঁৰ দুই পুত্ৰ ৰবিচন্দ্ৰ আৰু বলোচন্দ্ৰ।সূৰ্য্যকুমাৰ ভূঞাৰ তথ্য মতে ঊনবিংশ শতিকাৰ গুৱাহাটীৰ প্ৰখ্যাত ব্যক্তি ৰবিচন্দ্ৰ ডেকাবৰুৱাই 'আসাম কায়দা-বন্দী' বাংলাৰপৰা অসমীয়ালৈ অনুবাদ কৰিছিল।(পৃঃ১৩,মথুৰামোহন বৰুৱা)ৰবিচন্দ্ৰৰ বৰপুত্ৰ কেশৱ চন্দ্ৰ বা কেশী বৰুৱা আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ শহুৰেক।কেশৱচন্দ্ৰৰ আন এক ভাতৃ ৰাধিকাচন্দ্ৰই খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈ "আৰ চি বেঞ্জামিন নাম লৈ উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত ব্যৱসায় কৰি ফুৰিছিল"(পৃঃ১৫,পূৰ্বোক্ত গ্ৰন্থ)।এওঁৰ আৰ্থিক সাহায্যতে খুৰাৱক বলোচন্দ্ৰৰ একমাত্ৰ পুত্ৰ মথুৰামোহনে বোম্বাই চহৰত ডাক্তৰি পঢ়ে।অৱশ্যে বিভিন্ন কাৰণত মথুৰামোহনৰ পঢ়া অসমাপ্ত হয়।প্ৰফুল্লদত্ত গোস্বামীয়ে লিখিছে,"পঢ়া বিফল হ'লত মথুৰামোহনে সাংবাদিকতাৰ ফালে মন মেলে।তেওঁৰ ইংৰাজীত ভাষাত দখল আছিল আৰু দৰকাৰ হ'লে লিখিবও পাৰিছিল।...তেওঁ কিছুদিন বোম্বাই আৰু হাইদৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'ছেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰে।তাৰ পিছতহে ১৯০০ চনত তেওঁ তেজপুৰত 'আসাম বন্তি'ৰ ভাৰ লয়হি।"(পৃঃ১৫-১৬)

            কেবল "অসম বন্তি"ৰ সম্পাদনাৰ লগতে নহয়,সেই কাকত মুদ্ৰণ হোৱা তেজপুৰৰ "অসম চেণ্ট্ৰেল প্ৰেছ"ৰ লগতো বৰুৱা জড়িত আছিল।"মোৰ সোঁৱৰণী"ত পদ্মনাথ গোহাঞিবৰুৱাই লিখিছেঃ"আমি প্ৰেছ প্ৰতিষ্ঠা বিষয়ত অনভিজ্ঞ আৰু কোম্পানী সংগঠিত কৰা বিষয়তো তথৈবচ।কাৰ্যকাৰক সমিতিৰ আঁৰ লৈ কাম কৰোতা মোৰ গাতেই প্ৰেছ সম্বন্ধীয় অভিজ্ঞতা অলপ থকাৰ গম ধৰি,সমিতিয়ে প্ৰেছ অনোৱাৰ যুগুতিৰ ভাৰ মোৰ মূৰতে অৰ্পণ কৰিলে।অৱশ্যে অপ্ৰকাশ্যে,কাৰণ মই চৰ্কাৰী চাকৰীয়া।মোৰ মনত পৰিল মোৰ বন্ধু ঁমথুৰামোহন বৰুৱালৈ।তেওঁ কলিকতা,এলাহাবাদ প্ৰভৃতি ঠাইত বাতৰিকাকতৰ লগত সম্বন্ধ ৰাখি ফুৰা-চকা কৰাৰ কথা মই ভালকৈ জানো।তেওঁ সেই সময়ত এলাহাবাদৰপৰা আহি গুৱাহাটীত আছিলহি।সেইছেগতে সমিতিৰ জৰিয়তে তেওঁক তেজপুৰলৈ মতাই অনালোঁ।তাৰ পাচত আলোচনাৰ ফলত এই সিদ্ধান্ত হয় যে,সময়ত এওঁকেই আমাৰ সংকল্পিত কাকতৰ সম্পাদক পতা যাব,সম্প্ৰতি তেওঁ কলিকতালৈ গৈ এখন ভাল প্ৰেছ কিনি পঠিয়াবলৈ যুগুত দিহা কৰকগৈ।...ছমাহৰ ভিতৰত ছপাখানাৰ ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত "অসম চেণ্ট্ৰেল প্ৰেছ" প্ৰতিষ্ঠিত হ'ল।"(পৃঃ১০৪)বৰুৱা "অসম বন্তি'ৰ লগত এবছৰমানহে থাকে,"কিয়নো পৰিচালক সমিতিৰ লগত মত্ভেদ হৈ তেওঁ সম্পাদকীয় বাব এৰি দিয়ে"(পৃঃ১৮,মথুৰামোহন বৰুৱা)অৱশ্যে গোহাঞিবৰুৱাৰ মতে 'অসম চেণ্ট্ৰেল প্ৰেছ' কোম্পানীৰ ধাৰ লগাত "সমস্যাৰ গতি বুজি সম্পাদক ঁমথুৰামোহন বৰুৱা ছুটীত ঘৰলৈ গৈ আৰু ঘূৰি নাহিল।"(পৃঃ১৩৭,মোৰ সোঁৱৰণী)

            প্ৰফুল্লদত্ত গোস্বামীৰ তথ্যমতে,১৯০২ চনৰ জানুৱাৰী মাহত বৰুৱাই গুৱাহাটীলৈ আহি এটি সৰু হেণ্ডপ্ৰেছ স্থাপন কৰে।আৰু ছপাখানাটোৰ নামকৰণ কৰে "ভিক্টোৰীয়া প্ৰেছ"ৰূপে।বৰুৱাৰ বন্ধু আৰু 'মহাৰাণী'(১৯০০) গ্ৰন্থৰ প্ৰণেতা পদ্মনাথ গোহাঞিবৰুৱাৰ দৰেই বোধকৰোঁ বৰুৱায়ো ১৯০০ চনত "মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়াৰ মৃত্যু আটাইতকৈ বৰ" খবৰ হিচাপে গণ্য কৰিছিল।মথুৰামোহন বৰুৱাই "ভিক্টোৰীয়া প্ৰেছ" নাম দি প্ৰতিষ্ঠা কৰা ছপাখানাটো আনিছিল বৰপেটাৰ ভোগজুৰ বেপাৰীৰপৰা।এই তথ্য দিছে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তেওঁৰ আত্মজীৱনীতঃ"মথুৰ বৰুৱাই 'এডভোকেট অৱ আসাম' ছপোৱা হাফ-ক্ৰাউন আকাৰ হেণ্ড প্ৰেছখন প্ৰকৃততে ভোগজুৰ বেপাৰীৰে আছিল।তেওঁ ইং ১৯০২ চনত এই প্ৰেছখন কলিকতাৰপৰা কিনি আনি 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' নাম দি বৰপেটাত পাতিছিল কীৰ্ত্তনঘোষা,নামঘোষা আদি কিতাপবিলাক প্ৰকাশৰ বাবে।কিছুদিন চলাই মন দি কাম কৰা ভাল মানুহৰ অভাৱত প্ৰেছখন এনেয়ে পেলাই ৰাখিছিল।মথুৰ বৰুৱাই বোম্বাইৰপৰা আহি 'এডভোকেট অৱ আসাম' নামৰ ইংৰাজী সাপ্তাহিক কাকতখন প্ৰকাশ কৰিবলৈ প্ৰেছখন লিখা-পঢ়া কৰি ভোগজুৰ বেপাৰীৰপৰা ইং ১৯০৫ চনত গুৱাহাটীলৈ আনিছিল।"(পৃঃ১০১-০২,মোৰ জীৱন-ধুমুহাৰ এছাটি)অৱশ্যে এই অনুচ্ছেদটোত কেইটামান তথ্য বিভ্ৰান্তি আছে।১৯০২ চনৰ আগতেই ভোগজুৰ বেপাৰীয়ে কলিকতাৰপৰা প্ৰেছখন আনিব লাগিব,কিয়নো প্ৰফুল্লদত্ত গোস্বামীয়ে লিখা মতে ১৯০২ চনৰ জানুৱাৰীত মথুৰামোহন বৰুৱাই ইতিমধ্যে প্ৰেছখন গুৱাহাটীত প্ৰতিষ্ঠা কৰিছেহি।আনহাতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "শাস্ত্ৰ প্ৰকাশ প্ৰেছ'' নাছিল।নাৰায়ণ দেৱমিশ্ৰই ১৯১০চনত বৰপেটাত স্থাপন কৰা ছপাযন্ত্ৰটোৰ নামহে 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' আছিল।অক্ষয় কুমাৰ মিশ্ৰই আমাক জনোৱা মতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "সনাতন ধৰ্মযন্ত্ৰ" আছিল।ৰায়চৌধুৰীয়ে লিখাৰ দৰে ১৯০৫ চনতো বেপাৰীৰপৰা বৰুৱাই যন্ত্ৰটো অনা নাছিল,কিয়নো ১৯০৩ চনৰ অক্টোবৰ মাহৰপৰা "এডভোকেট অৱ আসাম" "ভিক্টোৰীয়া প্ৰেছ"ৰপৰা প্ৰকাশ পাইছে।গতিকে তাৰ আগতেই প্ৰেছখন বৰপেটাৰপৰা আনিব লাগিব।উল্লেখ্য যে নিজাকৈ প্ৰেছ অনাৰ আগতে বৰপেটাৰ ব্যৱসায়ী ভোগজুৰ বেপাৰীয়ে লাক্ৰিসিং বেপাৰীৰ লগ লাগি ১৮৯৫ চনত হাহিৰাম বেপাৰী(বৰপেটা)সংকলিত "বৰগীত"খন ছপাই উলিয়াইছিল(পৃঃ৬২,নামনি অসমৰ সামাজিক পটভূমি,অনিল ৰায়চৌধুৰী)।

            ভিক্টোৰীয়া প্ৰেছৰপৰা মথুৰামোহন বৰুৱাৰ সম্পাদনাত প্ৰকাশিত 'দ এডভোকেট অভ আছাম' ১৯০৩ চনৰপৰা কোনোৰ মতে ১৯১০ চনলৈ আৰু কোনোৰপৰা এৰাধৰাকৈ ১৯২০ চনলৈ চলি আছিল।এই প্ৰেছতে নিজৰ কাকত মুদ্ৰণ হোৱাৰ লগতে সত্যনাথ বৰাৰ সম্পাদনাত গুৱাহাটীৰপৰা প্ৰকাশিত "জোনাকী" মুদ্ৰিত হৈছিল।১৯১৯ চনৰ ৭ জুনত বৰুৱাৰ মৃত্যু হোৱালৈকে প্ৰেছখনো নিজৰ লগতে আছিল বুলি অনুমান কৰিব পাৰি,কিয়নো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বৰুৱাৰ মৃত্যুৰ পিছতহে প্ৰেছখন বিচাৰি গৈছিল।ভিক্টোৰীয়া প্ৰেছত প্ৰিণ্টাৰ আছিল কালিৰাম বৰুৱাৰ প্ৰেছত কাম কৰা প্ৰখ্যাত দুতিৰাম মেধি।"অৰুণা প্ৰেছ"ৰ বাবে প্ৰেছৰ কাম জনা মানুহ বিচৰা প্ৰসংগত অম্বিকাগিৰীয়ে লিখিছেঃউজান বজাৰত দুতিৰাম মেধি নামৰ প্ৰেছৰ ভাল কাম জনা মানুহ আছে।তেওঁ কালিৰাম বৰুৱা,চিদানন্দ চৌধুৰী,মথুৰ বৰুৱাৰ 'এডভোকেট অৱ আসাম'ত কাম কৰা পুৰণি মানুহ।(পৃঃ৭০,মোৰ জীৱন-ধুমুহাৰ এছাটি)একেখন গ্ৰন্থতে গোবিন্দ গগৈ নামৰ আন এগৰাকী প্ৰেছৰ কামজনা ব্যক্তিৰ উল্লেখ আছে যি ভিক্টোৰীয়া প্ৰেছত কাম কৰিছিল।এই গোবিন্দ বা গোবিন্দধৰ গগৈয়ে অম্বিকাগিৰীৰ 'অৰুণা প্ৰেছ'ত কাম কৰাৰ উপৰি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'নিউ প্ৰেছ'(প্ৰতিষ্ঠা ১৯১৮)তো কাম কৰিছিল।দুতিৰাম মেধিয়ে তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ'তো ১৯০০ চনত কাম কৰাৰ তথ্য পোৱা যায়ঃগুৱাহাটীৰপৰা দুতিৰাম মেধিক প্ৰিণ্টাৰ কৰি আনি বহুৱাই লৈ,তাৰেপৰা জনদিয়েক অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়(পৃঃ১০৬,মোৰ সোঁৱৰণী)মথুৰামোহন বৰুৱাই 'আসাম বন্তি' এৰি গুৱাহাটীত নিজাকৈ প্ৰেছ প্ৰতিষ্ঠা কৰাত সম্ভৱতঃ মেধিয়েও সেই প্ৰেছতে কামত যোগ দিয়েহি।

    মথুৰামোহন বৰুৱাৰ মৃত্যুৰ পিছত এই ভিক্টোৰীয়া প্ৰেছ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিনি লয়।

বৰপেটাৰ ছপাযন্ত্ৰ

               ছপাপুথিৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে বৰপেটাৰ উদ্যোগ আৰু উদ্যম মন কৰিবলগীয়া।অসমীয়া ছপাপুথিৰ ইতিহাসত হৰিবিলাস গুপ্তই প্ৰকাশ কৰা 'কীৰ্ত্তন'(১৮৭৬)ক মাইলৰ খুঁটিৰূপে চিহ্নিত কৰা হয় যদিও বৰপেটাৰ অনাদৰ দাস উকিলে ছপোৱা 'কথা-গীতা'(১৮৭৫)ক সেই হিচাপে গুৰুত্ব দিয়া হোৱা নাই।পুথিখনো দুৰ্লভ হৈ পৰাত সেই সম্পৰ্কত একো ক'ব পৰা নাযায়।এই পুথিৰ প্ৰথম উল্লেখ আমি পাইছোঁ হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা আৰু প্ৰকাশ কৰা 'কথা-গীতা'ৰ(১৯১৮) পাতনিত।এই পুথিখন ছপোৱাৰ সময়ত গোস্বামীয়ে ৰিজাই চাইছিল 'কথা-গীতা'ৰ তিনিটা পাঠ।তাৰে এটা আছিল অনাদৰ দাস উকিলে প্ৰকাশ কৰা 'কথা-গীতা'ৰ ছপাৰূপ।গোস্বামীয়ে লিখিছেঃ "বড়পেটাৰ ছপা কিতাপ।ঁভট্টদেৱৰ কথা-গীতা কিতাপ আকাৰে ছপা হোৱা এয়েই প্ৰথম।এই কিতাপ বড়পেটাৰ অন্তৰ্গত বড়িগাঁও নিবাসী ঁঅনাদৰ দাস উকিলে ১২৮২ চনত ছপা কৰে।৪৩ বছৰ আগেয়ে এই পুথি কিতাপ আকাৰে ছপা কৰি উলিওৱাৰ বাবে ঁঅনাদৰ দাস উকিল মহাশয় অশেষ ধন্যবাদৰ পাত্ৰ।কিন্তু দুখৰ বিষয় এইহে যে কিতাপখন আদিৰে পৰা অন্তলৈকে অশুদ্ধ পাঠেৰে ভৰা আৰু সেইগুণে ইয়াক পঢ়ি গীতাৰ অৰ্থ বুজাও অসম্ভৱ।তাত বাজেও এই কিতাপ আজিকালি কতো পাবলৈ নাইকিয়া।আমি অনেক পুৰুষাৰ্থ কৰিহে পাটবাউসী সত্ৰৰ বৰ্তমান অধিকাৰ ঁভট্টদেৱৰ বংশধৰ মাননীয় শ্ৰীশ্ৰীযুক্ত গোবিন্দদেৱ গোস্বামীৰ পৰা যেনে তেনে মতে জীৰ্ণাৱস্থাৰ এখন কিতাপ সংগ্ৰহ কৰিছোঁ।ঁঅনাদৰ দাস উকিল মহাশয়ে ছপোৱা কিতাপৰ এইখনেই শেষ সংখ্যা হলেও হব পাৰে।এই কিতাপত অনেক ভুল থাকিলেও ইয়াৰ পৰাও যে আমি ঠায়ে ঠায়ে উপকাৰ পোৱা নাই তেনে নহয়।"(পৃঃ৪)

              অনিল ৰায়চৌধুৰীয়ে  দিয়া তথ্য অনুসৰি ১৮৮৫ চনত বৰপেটাৰ যজ্ঞৰাম দাসে 'ডাক ভণিতা' সংগ্ৰহ কৰি ছপাই আনিছিল কলিকতাৰ 'বিজ্ঞান যন্ত্ৰ'ত।১৮৯৫ চনত হাহিৰাম বেপাৰী(বৰপেটা) সংকলিত 'বৰগীত' ছপাই প্ৰকাশ কৰিছিল ভোগজুৰ বেপাৰী আৰু লাক্ৰিসিং বেপাৰীয়ে (পৃঃ৬২,নামনি অসমৰ সামাজিক পটভূমি)।১৮৯৫ চনতে প্ৰথমটো ছপাখানা স্থাপন কৰে পোৰা মহাজনে।উল্লেখ্য যে এই ছপাখানাতে ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস 'মিৰি জীয়ৰী'(১৮৯৫),তেওঁৰ দ্বাৰা সম্পাদিত 'দীপিকা ছন্দ' ছপা হৈছিল।মাধৱ চন্দ্ৰ বৰদলৈৰ প্ৰখ্যাত মাধৱ কন্দলি বিৰচিত 'ৰামায়ণো'(১৮৯৬) এই ছপাশালতে ছপা হৈছিল (সংবাদ দাতাঃ অক্ষয়কুমাৰ মিশ্ৰ)।এইখিনিতে উল্লেখ কৰিব পাৰি যে মাধৱ চন্দ্ৰ বৰদলৈ নিজা খচৰতে 'ৰামায়ণ' প্ৰকাশ কৰি উলিয়াইছিল।তদুপৰি নিজাকৈ এটি ছপাযন্ত্ৰ কিনাৰো তেওঁৰ মন আছিল।'ঁমাধৱচন্দ্ৰ বৰদলৈ' প্ৰবন্ধৰ লেখক হৰনাথ বৰুৱাই লিখিছেঃ"ৰামায়ণ লুপ্তপ্ৰায় হোৱা দেখি তেওঁ বহু অৰ্থ ব্যয় কৰি তাক ছপা কৰাইছিল।...চৰকাৰী কামৰপৰা অৱসৰ লৈ এখন ছপাযন্ত্ৰ কিনি তাৰদ্বাৰা সকলো পুৰণি পুথি লাহে লাহে ছপোৱাটোৱেই তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য আছিল,কিন্তু তেওঁৰ সেই আশা পূৰণ নহ'ল।"(পৃঃ২১৮,উষা)

              বিংশ শতিকাৰ আৰম্ভণিতে,১৯০২ চনত 'বৰগীত'ৰ প্ৰকাশক ভোগজুৰ বেপাৰীয়ে হাফ-ক্ৰাউন আকাৰৰ এটি সৰু হেণ্ডপ্ৰেছ কলিকতাৰপৰা কিনি আনি বৰপেটাত স্থাপন কৰে আৰু 'সনাতন ধৰ্মযন্ত্ৰ' নাম দিয়ে।পুৰণি পুথি যেনে কীৰ্ত্তনঘোষা,নামঘোষা আদি ছপোৱাই ভোগজুৰ বেপাৰীৰ মুখ্য উদ্দেশ্য আছিল।কিন্তু কিছুদিন চলোৱাৰ পিছতে 'মন দি কাম কৰা ভাল মানুহৰ অভাৱত' 'সনাতন ধৰ্মযন্ত্ৰ' নিষ্কৰ্মা হৈ পৰে।বোধকৰোঁ একেটা চনতে গুৱাহাটীৰ মথুৰামোহন বৰুৱাই এই ছপাযন্ত্ৰটো বেপাৰীৰপৰা কেৰেয়াত আনি গুৱাহাটীত স্থাপন কৰে আৰু 'ভিক্টোৰীয়া প্ৰেছ' নাম দিয়ে।

              ভোগজুৰ  বেপাৰীৰ আঠবছৰ পিছত,১৯১০ চনত বৰপেটাৰ তৃতীয়টো প্ৰেছ স্থাপন হয় পণ্ডিত নাৰায়ণ দেৱমিশ্ৰৰ পৃষ্ঠপোষকতাত।"জীৱিকা নিৰ্বাহ লগতে মহাপুৰুষীয়া শাস্ত্ৰসমূহৰ বিশুদ্ধ সংস্কৰণ প্ৰকাশৰ অভিপ্ৰায়ে কেইজনমান অংশীদাৰ লৈ তেওঁ (দেৱমিশ্ৰই) 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' নাম দি ১৯১০ চনতে বৰপেটাত এটি প্ৰেছ স্থাপন কৰে।এই প্ৰেছত ছপা হোৱা উল্লেখযোগ্য পুথিসমূহ হ'লঃঅখ্যাত চন্দ্ৰিকা,বৰগীত,প্ৰসঙ্গ প্ৰণালী,মালা প্ৰকাশ,নিমিনৱসিদ্ধ সংবাদ,ধাতুৰূপাৱলী।সংস্কৃত ব্যাকৰণ খণ্ডখণ্ডভাৱে ছপাই সংস্কৃতৰ ছাত্ৰসকলক সস্তা দামত কিতাপ যোগোৱাৰ উদ্দেশ্যও তেওঁৰ আছিল।পিছত নানা কাৰণে এই ছপাখানা বন্ধ ৰাখিবলগীয়া হয় আৰু এই প্ৰেছটো অম্বিকাগিৰী ৰায়চৌধুৰীক দি দিয়া হয়।(পৃঃ১২-১৩,পণ্ডিতপ্ৰবৰ নাৰায়ণ দেৱমিশ্ৰ স্মৃতিগ্ৰন্থ)

              এই প্ৰেছত ছপা হোৱা পুথিসমূহ এখনো হাতত পৰা নাই বাবে সবিশেষ ক'ব পৰা নাযাব।কেবল 'প্ৰসঙ্গ প্ৰণালী' প্ৰকাশৰ লগে লগে 'আসাম-বান্ধৱ' আৰু 'বাঁহী'ত একোটিকৈ টোকা প্ৰকাশ পাইছিল।পুহ,১৩১৯(ইং ১৯১৩ চন)সংখ্যা  'আসাম-বান্ধৱ'ত প্ৰকাশিত টোকাটো আছিল এনেধৰণৰঃপ্ৰসঙ্গ প্ৰণালী।শ্ৰীযুক্ত নাৰায়ণ দেৱ মিশ্ৰ সংকলিত।মূল্য ।।০ আঠ আনা।এই পুথি পাই আমি বৰ আনন্দ পালো।পুথি খানি য়ে বৈষ্ণৱসকলৰ এটা ডাঙৰ অভাৱ গুচালে তাত কোনো  সংশয় নাই।এই পুথিত বিশেষ কৰি মহাপুৰুষীয়া সম্প্ৰদায়ৰ ভকতসকলৰ নিত্যনৈমিত্তিক শৰণ,ভজন,উপাসনা,কীৰ্ত্তন,প্ৰসঙ্গাদিৰ ব্যৱস্থা বিশদৰূপে দিয়া আছে।ইয়াৰ ভাষা শুদ্ধ আৰু সাৰ্ব্বজনীন,সদীয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে ইয়াক সহজে বুজিব পাৰিব।ইয়াত প্ৰাদেশীক দোষ নাই।আশা কৰো ই সৰ্বসাধাৰণৰ আদৰ পাব।(পৃঃ৩৫৯)৩য় বছৰ ১১শ সংখ্যা(আহিন,১৮৩৪ শক)'বাঁহী'ত প্ৰকাশিত 'চমু মন্তব্য' এনেকুৱাঃপ্ৰসঙ্গ প্ৰণালী--শ্ৰীযুক্ত নাৰায়ণদেৱ মিশ্ৰ সঙ্কলিত।বৰপেটা শাস্ত্ৰ প্ৰকাশ সমিতিৰ দ্বাৰা প্ৰকাশিত মূল্য ।।০ অনা।আমি এই পুথিখন পাই বৰ সুখী হৈছোঁ।অসমীয়া বৈষ্ণৱ সত্ৰত প্ৰচলিত,ঘাইকৈ বৰপেটা সত্ৰত প্ৰচলিত প্ৰসঙ্গৰ প্ৰণালী ইয়াত সুন্দৰকৈ লিখা হৈছে।পুথিখন ভক্তসকলৰ নিশ্চয় আদৰৰ ধন হ'ব।(পৃঃ৫২৭-২৮)

               'আসাম-বান্ধৱ'ৰ ২য় বছৰ ১২শ সংখ্যা(মাঘ,১৩১৮)ত  প্ৰকাশিত এটি বিজ্ঞাপনৰপৰা অনুমান কৰিব পাৰি কালিৰাম মেধি সম্পাদিত আৰু হেম সৰস্বতী বিৰচিত 'প্ৰহ্লাদ চৰিত্ৰ'(১৯১৩)ত শাস্ত্ৰ প্ৰকাশ প্ৰেছতেই ছপা হৈছিল।'আসাম-বান্ধৱ'ৰে বৈহাগ মাহ,১৩১৯(ইং ১৯১৩)ত  প্ৰকাশিত এটি লেখাত বৰপেটাৰ দাইবৰ ৰাম বেপাৰীয়ে সাৰ্ব্বভৌম ভট্টাচাৰ্য্যৰ 'স্বৰ্গখণ্ড ৰহস্য' প্ৰকাশ কৰাৰ তথ্য পোৱা  যায়।এই পুথিও  একেটা প্ৰেছতে ছপা হোৱা সম্ভৱ।১৯১০ চনৰপৰা চাৰি-পাঁচবছৰমান বোধকৰোঁ এই ছপাযন্ত্ৰত কাম চলিছিল।১৯১৯ ত এই প্ৰেছটো এনেয়ে বহি থকাৰ কথা অম্বিকাগিৰীয়ে ৰায়চৌধুৰীয়ে উল্লেখ কৰিছেঃমনত পৰিল,বৰপেটাৰ পণ্ডিত নাৰায়ণদেৱ মিশ্ৰৰ হাতত বহুত নতুন আখৰ আৰু ছপাৰ অন্যান্য সৰঞ্জাম সৈতে ডিমাই হেণ্ডপ্ৰেছ এটা কাম নকৰাকৈ  এনেয়ে বহি আছে।পিছদিনাই বৰপেটালৈ যাত্ৰা কৰিলোঁ।সৰুপেটা ষ্টেচনত ৰেলৰপৰা নামি বাৰিষাৰ বানে খছি থেৰ্থেৰীয়া কৰি থোৱা দ ৰাস্তাটোৱেদি ১৪ মাইল খোজকাঢ়ি বাহিৰে বাহিৰে গৈ পণ্ডিত মিশ্ৰক লগ ধৰি প্ৰেছটোৰ কথা উলিয়ালোঁ।তেখেতে ক'লে--"এৰা,প্ৰেছটো পৰি আছে মনদি ভালকৈ কাম কৰা মানুহৰ অভাৱত।"(পৃঃ৬৩-৬৪,মোৰ জীৱন-ধুমুহাৰ এছাটি)

              ঔপনিবেশিক অসমৰ গুৰুত্বপূৰ্ণ চহৰ ডিব্ৰুগড়ত কেইবাটাও প্ৰেছ (এ আৰ টি কোম্পানীৰ প্ৰেছ,ৰাধানাথ চাংকাকতীৰ টাইমছ প্ৰেছ,নন্দেশ্বৰ চক্ৰৱৰ্তীৰ গৌৰীশংকৰ যন্ত্ৰ আদি) সুকলমে চলি থকাৰ সময়তে সত্ৰ নগৰী বৰপেটাৰ দুটাকৈ ছপাযন্ত্ৰ কুৰি শতিকাৰ আৰম্ভণিত 'মন দি ভালকৈ কাম কৰা মানুহৰ অভাৱত' বন্ধ হোৱাৰ অন্তৰালত সেই সময়ৰ আৰ্থ-সামাজিক কাৰকো ক্ৰিয়াশীল আছিল।যি হওক,নাৰায়ণদেৱ মিশ্ৰ আৰু আন অংশীদাৰীসকলৰপৰা 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ'টো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীলৈ  লৈ আনি বৰপেটীয়াপাৰাত স্থাপন কৰে আৰু এই ছপাযন্ত্ৰটোৱে হৈ পৰে প্ৰখ্যাত 'অৰুণা প্ৰেছ'।

Thursday, June 25, 2020

শিৱনাথ ভট্টাচাৰ্য্য আৰু অসমৰ পুথি প্ৰকাশনৰ ইতিহাস


শিৱনাথ ভট্টাচাৰ্য্য আৰু অসমৰ পুথি প্ৰকাশনৰ ইতিহাস



উৎসঃ"লৰা শিক্ষা,মাজছোৱাৰ অৰ্থপুথি"


                অসমৰ পুথি প্ৰকাশনৰ ইতিহাসত প্ৰকৃতাৰ্থত প্ৰথমগৰাকী সফল গ্ৰন্থ ব্যৱসায়ী হ'ল শিৱনাথ ভট্টাচাৰ্য্য (১৮৬৩-১৯৩৩)।গুণাভিৰাম বৰুৱা, শ্ৰীধৰ বৰুৱা (আউনীআটি সত্ৰ,মাজুলী), বাঞ্চাৰাম চৌধুৰী (নগাঁও), হৰিবিলাস গুপ্ত, কালিৰাম বৰুৱা, অনাদৰ দাস উকীল (বৰপেটা), যজ্ঞৰাম দাস (বৰপেটা), ভোগজুৰ বেপাৰী, লাক্ৰিসিং বেপাৰী (বৰপেটা) আদি ঊনবিংশ শতিকাৰ পুথি প্ৰকাশকসকলৰ ভিতৰত ডিব্ৰুগড়ত থিতাপি লগা শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰৱৰ্তীকেই অসমৰ প্ৰথম সফল পুথি প্ৰকাশক বুলি অভিহিত কৰিব পাৰি।তাৎপৰ্যপূৰ্ণ যে, ওপৰত উল্লিখিত প্ৰকাশকসকলৰ এজনৰো গ্ৰন্থৰ বিপনী নথকাৰ বিপৰীতে ভট্টাচাৰ্য্য আৰু চক্ৰৱৰ্তীৰ তেওঁলোকৰদ্বাৰা প্ৰকাশিত পুথি বিকিবলৈ দুখনকৈ গ্ৰন্থবিপনী, ক্ৰমে ভট্টাচাৰ্য্য এজেন্সি আৰু এজেন্সি কোম্পানী স্থাপিত হৈছিল ডিব্ৰুগড়ত।ঔপনিৱেশিক আমোলত ডিব্ৰুগড় চহৰ বিভিন্ন দিশত যেনে, যাতায়ত-ব্যৱস্থা, ডাক-ব্যৱস্থা আদিৰ ক্ষেত্ৰত তুলনামূলকভাৱে উন্নত হোৱাৰ বাবেও কলিকতাৰপৰা পুথি ছপাই অনাত বা কিতাপৰ পাৰ্চেলসমূহ বিভিন্ন ঠাইলৈ পঠিওৱাত সুবিধা হৈছিল।তদুপৰি ঊনবিংশ শতিকাৰ শেহৰ ফালে আছাম ৰেইলৱেজ এণ্ড ট্ৰেডিং কোম্পানীৰ এটি ছপাখানা প্ৰতিষ্ঠা হোৱাত পুথি একোখন কলিকতালৈ নোযোৱাকৈয়ে ছপোৱাত ভালেখিনি সুবিধা হৈছিল।


                 শিৱনাথ ভট্টাচাৰ্য্য সফল পুথি ব্যৱসায়ী হ'লেও তেওঁ আছিল মূলতঃ শিক্ষকতাৰ সৈতে জড়িত ব্যক্তি।বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই ভট্টাচাৰ্য্যৰ জী-নাতি, প্ৰসিদ্ধ ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীক হেনো এনেদৰে কৈছিলঃ" মোমায়েৰা ঘুগুৱে (হৰেন ভট্টাচাৰ্য্য) মই কেবাবাৰো লিখা সত্বেও গোটাদিয়েক তথ্য নপঠোৱাত "অৰ্ঘ্যাৱলী"ত 'অসমৰ মেক্ মিলান শিৱনাথ ভট্টাচাৰ্য্য' আলেখ্যটো বাদ পৰিল।পাৰিলে মই এৰি থৈ যোৱা কামটো তুমিয়ে হাতত লবা।যোৱা শতিকাৰ শেষৰ ছোৱাৰপৰা তিনিটা দশকত অসমৰ পঢ়াশলীয়া শিক্ষা, সাহিত্য, বিশেষকৈ বৈষ্ণৱী সাহিত্যৰ অনুসন্ধান আৰু প্ৰকাশনত এইজনা পুৰুষৰ অৱদান কম নহয়।" (কুৰি শতিকাৰ কাহিনী, পৃষ্ঠাঃ৩২-৩৩)



            হেৰম্বকান্ত বৰপূজাৰীয়ে লিখা অনুসৰি শিৱনাথ ভট্টাচাৰ্য্যৰ পূৰ্বপুৰুষ বংগদেশৰ নৱদ্বীপৰ জয়ভাৰতী সত্ৰৰ সত্ৰাধিকাৰ আছিল।ৰুদ্ৰসিংহৰ দিনত তেওঁলোক চাৰিঙলৈ আহি বসতি কৰিবলৈ লয়।শিৱনাথৰ ককাৱক ৰামকৃষ্ণ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী আছিল আৰু তেওঁৰ  বৰপুত্ৰ কৃষ্ণচন্দ্ৰৰ তৃতীয় পুত্ৰ আছিল শিৱনাথ।শিৱসাগৰৰ বঙলা মজলীয়া স্কুলত শিক্ষালাভ কৰি শিৱনাথে ফৰ্থ ক্লাছলৈকে (বৰ্তমানৰ সপ্তম শ্ৰেণী) স্থানীয় হাইস্কুলত পঢ়িছিল।অৱশ্যে ঘৰুৱা অসুবিধাত শিক্ষা সাং কৰি ডিব্ৰুগড়ৰ মজলীয়া বঙলা স্কুলৰ শিক্ষকৰ কামত সোমায়।(পৃষ্ঠা ৩৩, পূৰ্বোক্ত গ্ৰন্থ)


                বেণুধৰ ৰাজখোৱাই "মোৰ জীৱন-দাপোন" (১৯৬৯)ত লিখিছে, "তেতিয়া ডিব্ৰুগড়ত বঙলা স্কুল (অৰ্থাৎ এম-ভি স্কুল) আছিল।এতিয়া য'ত মেট্ৰিক পৰীক্ষা হয়, সেই ঘৰটোতে বঙলা স্কুল বহিছিল।শিৱনাথ ভট্টাচাৰ্য্য তৃতীয় শিক্ষক আছিল।সেই ঘৰতে এটা টোল আছিল---সেইটোৱেই গুৰু-প্ৰশিক্ষণ শ্ৰেণী (Guru Training class)।তাৰ হেডপণ্ডিত আছিল দ্বাৰকানাথ সেন।এতিয়া য'ত ছোৱালী হাইস্কুল আছে, তাৰ দাঁ‌তিতে দ্বাৰকা বাবুৰ বহা আছিল।...পিচত দ্বাৰকা বাবুহঁ‌ত ডিব্ৰুগড় এৰি যোৱাত কিছুদিন ছোৱালী-স্কুলত শিৱনাথ ভট্টাচাৰ্য্যই প্ৰধান শিক্ষক স্বৰূপে কাম কৰিছিল।"(পৃষ্ঠা ৫৯-৬০) ডিব্ৰুগড় বঙলা স্কুলত চাৰিবছৰমান চাকৰি কৰাৰ পিছত গোৱালপাৰা মধ্যম বঙলা স্কুলৰ প্ৰধান শিক্ষক হিচাপে ভট্টাচাৰ্য্য নিযুক্ত হয়।১৯০২ চনত তেওঁ তেজপুৰ মজলীয়া বিদ্যালয়লৈ বদলি হয় আৰু ইয়াতে অসমীয়া ভাষাত সাহিত্য, ভূগোল আৰু সংস্কৃত পঢ়াব লগা হয়।হেৰম্বকান্ত বৰপূজাৰীয়ে লিখিছে, "আৱশ্যকীয় পাঠ্যপুথিৰ অভাৱত, ভাগিনিয়েক নকুল চন্দ্ৰ সভাপণ্ডিতে কোৱামতে, এই উদ্দেশ্যে তেওঁ কিছু টোকা কৰি লব লগা হৈছিল আৰু সেইখিনিকে পিছলৈ সংশোধন আৰু পৰিৱৰ্দ্ধন কৰি "আসাম ভূগোল", "অসমীয়া ব্যাকৰণ" আৰু "পাটীগণিত" ৰূপে প্ৰকাশ কৰিছিল।যাদৱ চক্ৰৱৰ্তীৰ কেবাখনো পাটীগণিত আৰু অঘোৰনাথ চক্ৰৱৰ্তীৰ "পঢ়াশালীৰ পৰা বিশ্বব্ৰহ্মাণ্ড" প্ৰকাশ হোৱাৰ পৰৱৰ্তী কালতো শিৱনাথৰ পাটীগণিত আৰু 'আসাম ভূগোল'-এ শদিয়াৰ পৰা ধুবুৰীলৈকে পঢ়াশলীয়া ছাত্ৰৰ অভাৱ পূৰণ কৰিছিল।"(পৃষ্ঠাঃ৩৩-৩৪, কুৰি শতিকাৰ কাহিনী) শিৱনাথ ভট্টাচাৰ্য্যই তেজপুৰৰপৰা পুনৰ বদলি হৈ আহি যোৰহাটৰ মাইনৰ স্কুলত কিছুদিন শিক্ষকতা কৰে।তাৰ পিছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত সংস্কৃত পণ্ডিত হিচাপে শিক্ষকতা কৰি ১৯২২ চনত চাকৰি-জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে।

            পুথি প্ৰকাশনৰ আৰম্ভণি  :

           ১৮৮৬ চনত ডিব্ৰুগড়ৰ মজলীয়া বঙলা স্কুলত শিক্ষকতা কৰি থকা অৱস্থাতে শিৱনাথ ভট্টাচাৰ্য্যই এটি এজেঞ্চি প্ৰতিষ্ঠা কৰি সমান্তৰালভাৱে ব্যৱসায়ত মনোনিৱেশ কৰে।"গ্ৰন্থকাৰ আৰু পঢ়াশলীয়া ছাত্ৰৰ সুচলৰ অৰ্থে ১৮৮৬ চনত শিৱনাথে নিজৰ ঘৰতে ভট্টাচাৰ্য্য এজেঞ্চি প্ৰতিষ্ঠা কৰে।পাণ্ডুলিপিসমূহ কমিছন হাৰে বা যথোচিত মূল্যত কিনি কলিকতাৰ সঞ্জীৱনী, লক্ষীবিলাস আদি ভিন ভিন ছপাখানাত ছপাই জাহাজেৰে অনাই এজেঞ্চিত জমা কৰি ৰখা হয়।"(১) অতুলচন্দ্ৰ হাজৰিকাই লিখিছে, "ভট্টাচাৰ্য্য এজেঞ্চি স্থাপন আৰু পৰিচালনা কৰিছিল পণ্ডিত শিৱনাথ ভট্টাচাৰ্য্যদেৱে।তেওঁ শিক্ষকতা কৰিছিল, গাঁ‌ৱে-ভূঞে সিঁ‌চৰতি হৈ অ'ত-ত'ত পৰি থকা পুৰণি অসমীয়া পুথিবোৰ থুপুৰিয়াই আনি প্ৰকাশ কৰি তেওঁৰ ভট্টাচাৰ্য্য এজেঞ্চিৰ যোগেদি সেইবোৰ বেচাৰ ব্যৱস্থা কৰিছিল।এনে পুথি অলেখ।যি সময়ত এইবোৰ পুথি প্ৰকাশ হৈছিল সেই সময়ত শিক্ষিত সমাজে ইয়াত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল।" (পৃষ্ঠা ৭৬-৭৭, বিচিত্ৰনাৰায়ণ স্মৃতি-গ্ৰন্থ) অৱশ্যে ১৮৮৬ চনত এজেঞ্চিটোৰ নাম 'ভট্টাচাৰ্য্য এজেঞ্চি' ৰখা হ'লেও প্ৰকাশক হিচাপে এজেঞ্চিৰ সলনি 'শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত' বুলিহে প্ৰায়ভাগ গ্ৰন্থত উল্লেখ কৰা হৈছিল। আনহাতে ভট্টাচাৰ্য্য এজেঞ্চিয়ে প্ৰথমৰপৰাই নিশ্চয় পুথি প্ৰকাশ কৰা নাছিল।বিভিন্ন সামগ্ৰী এই এজেঞ্চিয়ে খুচুৰা আৰু পাইকাৰী হাৰত বিক্ৰীহে কৰিছিল। ঊনবিংশ শতিকাৰ শেষ দশকত (আনুমানিক, কিয়নো পুথিখনত প্ৰকাশৰ চন উল্লেখ নাই) শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত "লৰা-শিক্ষা মাজছোৱাৰ অৰ্থপুথি" নামৰ লেখকৰ নাম উল্লেখ নথকা পুথিখনৰ শেষত "ভট্টাচাৰ্য্য এজেন্সী'ৰ দুটা বিজ্ঞাপন প্ৰকাশ হৈছে। এটা হৈছে--

বদন-ৰঞ্জন 

        সাল-মইনা, চেনীপৰা, বগাসোম পৰা, মুখ গাল ফটা ৰোগত এই দৰবৰ গুণ আচৰিত। মোটৰ ওপৰত ই এটা সুগন্ধি পমেটন আৰু মুখ ধুনীয়া কৰাৰ ৰজাদৰব। এই দৰবৰ গুণৰ বাবে আমি অলেখ প্ৰশংসা-পত্ৰ পাইছোঁ‌। আপোনাৰ মুখখন ধুনীয়া কৰি লব খুজিলে ইয়াৰ এক শিশি নি ব্যবহাৰ কৰুক। এক চিচাৰ বেচ ।।০ আনা। একত্ৰে ৩ চিচা নিলে মাসুল দিব নে লাগে।

পোৱাৰ ঠাই----                  
ভট্টাচাৰ্য্য এজেন্সী              
ৰিহাবাড়ী।                        

            এই বিজ্ঞাপনটোৱে প্ৰমাণ কৰে যে 'ভট্টাচাৰ্য্য এজেন্সী'য়ে  কেবল কিতাপৰেই ব্যৱসায় কৰা নাছিল।একেখন পুথিতেই এই এজেঞ্চিৰ আন এটা বিজ্ঞাপন প্ৰকাশ হৈছে আৰু এইটোৱেই বোধকৰোঁ‌ অসমৰ কোনো কিতাপৰ দোকানৰ প্ৰথম বিজ্ঞাপন।বিজ্ঞাপনটো এনে---

 ভট্টাচাৰ্য্য এজেন্সী
পোঃ ৰিহাবাৰী

          আসাম দেশৰ ভিতৰত কিতাপৰ একমাত্ৰ পুৰনা আৰু ডাঙৰ দোকান। আমাৰ দোকানত অসমীয়া ভাষাৰ বৰ্ত্তমানলৈকে ছপা হোৱা সকলো কিতাপ আছে।আসাম দেশৰ বিখ্যাত সাহিত্যিক আৰু গ্ৰন্থ কৰ্ত্তা সকলৰ কিতাপ আৰু তাৰ ব্যাখ্যা আদি ছাতৰৰ কাৰনে ৰখা হৈছে।দাম উপযুক্ত।আমাৰ কিতাপৰ বহুত অনুকৰণ হোৱা শুনা গৈছে।ওপৰৰ ঠিকনালৈ পত্ৰ দিলে সকলো ৰকমৰ অসমীয়া কিতাপ পঠাই দিম।
                                                                                    --   শ্ৰীশিবনাথ ভট্টাচাৰ্য্য।

       এই বিজ্ঞাপনটোতো প্ৰকাশকতকৈ বিতৰক হিচাপেহে 'ভট্টাচাৰ্য্য এজেন্সী'ৰ আবিৰ্ভাৱ হৈছে।আমি পোৱা শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত পুথিসমূহৰ ভিতৰত বলদেৱ মহন্তৰ "উজু পাঠ" প্ৰথম ভাগ প্ৰথমৰ ফালৰ পুথি হ'ব পাৰে।পুথিখনত প্ৰকাশৰ চন নাই বাবে স্পষ্টকৈ ক'ব পৰা নাযায়।বলদেৱ মহন্তৰ এই পুথিখন প্ৰথম প্ৰকাশ হৈছিল ১৮৮৪ চনত। এইটো সংস্কৰণ পোৱা হোৱা নাই। দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল ১৮৮৭ চনত আৰু প্ৰকাশক আছিল ভূমিকান্ত দাস মৌজাদাৰ (মুদ্ৰণ হৈছিল কলিকতাৰ নতুন আৰ্য্য যন্ত্ৰত, মুঠ পৃষ্ঠাসংখ্যা ৩২)।শিৱনাথ ভট্টাচাৰ্য্যই প্ৰকাশ কৰা সংস্কৰণটো নিশ্চয় ১৮৮৭ ৰ পিছত হ'ব। নিঃসন্দেহকৈ ক'ব পৰাকৈ ভট্টাচাৰ্য্যই প্ৰকাশ কৰা প্ৰথমৰফালৰ পুথি এখন হ'ল দুৰ্গাপ্ৰসাদ দত্তই ৰচনা কৰা "লৰাকবিতা"ৰ দ্বিতীয় তাঙৰণ।ডিব্ৰুগড়ৰ এ আৰ টি কোম্পানীৰ প্ৰেছত মুদ্ৰিত এই পুথিখন ছপা হৈ ওলাইছিল ১৮২১ শকৰ আহিন মাহত (ইং ১৮৯৯ চন)। কুৰি শতিকাৰ আৰম্ভণিৰপৰা অৱশ্যে ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত কিতাপসমূহৰ এক নিশ্চিত তালিকা কৰিব পৰা যায়। উদাহৰণ স্বৰূপে ১৯০৫ চনত ভট্টাচাৰ্য্যই প্ৰকাশ কৰা পানীন্দ্ৰনাথ গগৈৰ "লৰা-শিক্ষা, মাজছোৱাৰ" (সচিত্ৰ)ৰ বকলাপিঠিত ২৫ খন পুথিৰ 'জাননী' দিয়া হৈছে।এই গোটেইকেইখন পুথিয়েই পদপুথি। সেইসমূহ হ'ল--অশোক চৰিত্ৰ, ভীম চৰিত্ৰ, ডাক চৰিত্ৰ, স্বপ্ন অধ্যায়, স্ত্ৰী চৰিত্ৰ, লক্ষ্মী চৰিত্ৰ, ধ্ৰুৱ চৰিত্ৰ, গোপাল দেৱ চৰিত্ৰ, গুৰু চৰিত্ৰ, পক্ষী চৰিত্ৰ, মহীৰাৱণ বধ, খটাসুৰ বধ, কুলাচল বধ, শিশুপাল বধ, সুধন্বা বধ, নৰকাসুৰ বধ, শতস্কন্ধ ৰাৱণ বধ, কুৰ্ম্মৱলী বধ, কুমাৰ হৰণ, ৰুক্মিণী হৰণ, ৰাধা হৰণ, ঊষা হৰণ, স্যমন্ত হৰণ, আৰু বস্ত্ৰ হৰণ।

           একেদৰে গোলাপ চন্দ্ৰ বৰুৱাৰ The Assamese Child's Grammar (An English Grammar in Assamese) শিৱনাথ ভট্টাচাৰ্য্যই প্ৰকাশ কৰিছিল ১৯০৬ চনত। এই পুথিৰ বকলাপিঠিত ১৪ খন পুথিৰ 'জাননী' দিয়া হৈছে।সেইবোৰ ক্ৰমে---অসমীয়া ইংৰাজী গ্ৰামাৰ, অসমীয়া ইংৰাজী ওৱাৰ্ডবুক, অসমীয়া ইংৰাজী কম্পজিছন্, ইংৰাজী ফাৰ্ষ্ট বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী চেকেণ্ড বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী থাৰ্ড বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী ফ'ৰ্থ বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী অসমীয়া স্পেলিং বুক, ইংৰাজী কপি বুক, ইংৰাজী ৰাজভাষা।এই আটাইকেইখন পুথিয়েই তলৰ শ্ৰেণীৰ ল'ৰা-ছোৱালীৰ কাৰণে ৰচিত আৰু প্ৰকাশিত।

     কুৰি শতিকাৰ আৰম্ভণী দশকত প্ৰকাশিত "কৃষ্ণগুণমালা" (পঞ্চম সংস্কৰণ ১৯০৬ ত মুদ্ৰিত)ৰ বকলাপিঠিতো ১২ খন পদপুথিৰ বিজ্ঞাপন আছেঃ কীৰ্ত্তন ঘোষা সম্পূৰ্ণ, কীৰ্ত্তন ঘোষা (বিলাতী বন্ধা), সিন্ধুৰাপৰ্ব্ব মহাভাৰত, ভক্তি ৰত্নাৱলী, ভক্তিৰত্নাৱলী (বিলাতী বন্ধা), দশম স্কন্ধ ভাগৱত, দশম স্কন্ধ ভাগৱত (বিলাতী বন্ধা), ভগবদগীতা, ভগবদগীতা (বিলাতী বন্ধা), খটাসুৰ জঙ্ঘাসুৰ ও অশ্বকৰ্ণবধ (বিলাতী বন্ধা), কুলাচল বধ পৰ্ব্ব আৰু বঘাসুৰ বধ পৰ্ব্ব।

           ১৯০৫ চনত গোৱালপাৰা গৱৰ্ণমেণ্ট স্কুলৰ প্ৰধান শিক্ষক হৈ থকা অৱস্থাত মাধৱদেৱৰ "ভক্তিৰত্নাৱলী" পুথিখন ছপাই উলিয়ায়।সেই পুথিৰ পাতনিত ভট্টাচাৰ্য্যই লিখিছে, "আমি ইতি পূৰ্ব্বে উক্ত মহাপুৰুষৰ (মাধৱদেৱ) ৰচিত নামঘোষা খনীও প্ৰকাশ কৰিছিলো।এতিয়া ভক্তিৰত্নাৱলী খনীও প্ৰকাশ কৰিলোঁ‌।যদিও বা ইয়াৰ পূৰ্ব্বে অনেক জন কৃতবিদ্য, স্বদেশ প্ৰেমিক পুৰুষে ইয়াক অনেকবাৰ প্ৰকাশ কৰিছে, তথাপি এই অমূল্য-ৰত্ন-গ্ৰন্থ খানীৰ যিমান অধিক পৰিমানে লোকসমাজত প্ৰচলন হয় সিমানেই মঙ্গল বিবেচনা কৰি অনেক অৰ্থব্যয় কৰি প্ৰকাশ কৰিলোঁ‌।দোষ সকলোতেই আছে; "শশীনি খলু কলষ্কঃ কণ্টকং পদ্মনালে" আমাৰ এই কাৰ্য্যও যে দোষ বিৰহিত তাক আমি কব নোৱাৰোঁ‌, তথাপি সাহসত ভৰ দি আগ বাঢ়িলোঁ‌।"কেইটামান বছৰৰ ভিতৰতে এই পুথিৰ কেইবাটাও সংস্কৰণ প্ৰকাশ হোৱাটোৱে এই পুথিৰ জনপ্ৰিয়তাক সূচায়। "হৰি-প্ৰসংগ ও আইনাম"(চতুৰ্থ সংস্কৰণ ১৯০৪ ত প্ৰকাশিত)ৰ বকলাপিঠিৰ "জাননী"ত শিৱনাথ ভট্টাচাৰ্য্যই এইকেইখন পুথিৰ জাননী দিছে---বিয়া-নাম, গোপিনী-কীৰ্ত্তন, নামতী আই (যন্ত্ৰস্থ), হৰিপ্ৰসঙ্গ-আইনাম, মহৰী (ধেমেলীয়া নাট), নিগ্ৰো (সেয়ে), বৃষকেতু (পৌৰাণিক নাট), বঘাসুৰ-বধ, কুলাচল-বধ, কামিনী-কণ্ঠ, কানীয়া-কীৰ্ত্তন, বৈষ্ণৱ-কীৰ্ত্তন, কাণখোৱা, লক্ষ্মীচৰিত্ৰ, পুষ্পহৰণ-বনপৰ্ব্ব, অনাদিপাতন পুথি, নল-চৰিত্ৰ, পকাবন্ধা কীৰ্ত্তন, ভীমচৰিত্ৰ, বৰ বেজালী আৰু মহীৰাৱণ বধ।
                 একেদৰে "হোকাচৰিত" পুথিৰ বকলাপিঠিত ১৯২৩ চনৰ মাৰ্চ মাহত শিৱনাথ ভট্টাচাৰ্য্যই বত্ৰিছখন ধৰ্মপুথি তেওঁৰ ওচৰত পোৱা যাব বুলি বিজ্ঞাপন দিছেঃ পকাবন্ধা কীৰ্ত্তনঘোষা, পকাবন্ধা দশম, ভক্তি ৰত্নাৱলী, ভক্তি প্ৰেমাৱলী, ভক্তি ৰত্নসিন্ধু, ভক্তি কল্পতৰু, ভক্তি ৰত্নসাৰ, ভজন বিলাস, সন্তসাৰ, ভগৱদগীতা, গুপ্তসাৰ, গুপ্তমণি, অমূল্য ৰতন, ধৰ্ম্মতত্ত্বৰ ১ ম ভাগ, ধৰ্ম্মতত্ত্বৰ ২য় ভাগ, বৈষ্ণবী কীৰ্ত্তন, বৈষ্ণৱামৃত, কৃষ্ণ গুণমালা, গুৰু গুণমালা, কাণখোৱা, স্যমন্ত হৰণ, কলঙ্ক ভজন, হৰিপ্ৰসঙ্গ আইনাম, কালিকা পুৰাণ, বৈষ্ণৱী পুৰাণ, পদ্ম পুৰাণ, গৰুড় পুৰাণ, অগ্নি পুৰাণ, ৰুদ্ৰ যামল, ৰাসক্ৰীড়া, ধৰ্ম্ম সংবাদ আৰু লীলামালা।

             ওপৰত উল্লিখিত কুৰি শতিকাৰ প্ৰথমটো দশকত শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত পুথিসমূহৰ তালিকাৰপৰা এটা কথা প্ৰতীয়মান হয় যে ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পুথি প্ৰকাশকসকলৰ ভিতৰত ভট্টাচাৰ্য্যই সৰ্বাধিক পদপুথি ছপা কৰি উলিয়াইছিল।অৱশ্যে ভট্টাচাৰ্য্যৰে সম্পৰ্কীয় নন্দেশ্বৰ চক্ৰৱৰ্তীয়েও 'এজেন্সি কোম্পানী'ৰ যোগেদি পুৰণি পুথি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল ১৯০৫ চনৰপৰা।
               
            বিক্ৰেতা বা বিতৰক হিচাপেও শিৱনাথ ভট্টাচাৰ্য্যই ভট্টাচাৰ্য্য এজেঞ্চিক প্ৰতিষ্ঠা কৰাত সমানে গুৰুত্ব দিছিল।বিশেষকৈ পঢ়াশলীয়া পাঠ্যপুথিসমূহ এই এজেঞ্চিয়ে বিতৰণ কৰিছিল।হয়তো ইচ্ছা থকা সত্বেও সৰহসংখ্যক পাঠ্যপুথি ভট্টাচাৰ্য্যই ছপোৱাৰ সুযোগ পোৱা নাছিল (সেই সময়ছোৱাত ভালেমান পাঠ্যপুথিৰ লেখকে পুথিসমূহ নিজেই ছপাই উলিয়াইছিল)। পাঠ্যপুথিৰ উপৰি অন্যান্য পুথিৰ এজেণ্ট হিচাপেও ভট্টাচাৰ্য্য এজেঞ্চিয়ে কাম কৰিছিল। এইক্ষেত্ৰত শিৱনাথ ভট্টাচাৰ্য্যই হেমচন্দ্ৰ গোস্বামীলৈ লিখা এখন ব্যক্তিগত চিঠিয়ে অসমৰ পুথি প্ৰকাশনৰ ইতিহাসত এক নজিৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি।এইখনেই বোধকৰোঁ‌ কোনো সাহিত্যিকলৈ তেওঁৰ পুথিৰ এজেণ্ট হ'বলৈ বিচাৰি কোনো প্ৰকাশক /বিতৰকে লিখা প্ৰথম চিঠি। বেণুধৰ শৰ্মাৰ "টোকোৰা বাহৰ কুটা" (১৯৮৭)ত অন্তৰ্ভুক্ত এই চিঠিৰ পূৰ্ণপাঠ তলত দিয়া হ'লঃ

  
    পৰম মাননীয়েষু
    সবিনয় নিবেদন।

          মোক ১০ খন 'ফুলৰ চাকি' শীঘ্ৰে লাগে, অনুগ্ৰহ কৰি ভি, পি, ডাকত পঠাই দিয়াব। ২৪ এপ্ৰিলত স্কুলত প্ৰাইজ হ'ব তাৰ আগ দিনা মোৰ হাত পালেহিও কাম চলিব। এই কিতাপ প্ৰাইজত দিবলৈ লাগে। অনুগ্ৰহ কৰি মোক ফুলৰ চাকিৰ এজেণ্ট কৰি দিব তেহে সময়ত সকলোৱে কিতাপ পাবৰ সুবিধা হয়। শ্ৰীযুত সত্যনাথ বড়া, লক্ষ্মীনাথ বেজবৰুৱা প্ৰভৃতি সকলোৱে মোক এজেণ্ট পাতিছে, আপুনি নো কিয় নেপাতিব। ৮।৯ বছৰৰে পৰা মোৰ স্বভাৱ চৰিত্ৰ সকলো জানে, আৰু ২।৩ টা সম্বন্ধৰে সম্বন্ধী, মইনো আপোনাৰ দয়াৰ পৰা কিয় বঞ্চিত হম। যি কমিচন দয়া কৰি মোক দিয়ে মই তাতে ৰাজী হম, অনুগ্ৰহ কৰি মোক কিতাপখন দিয়ক। নতুন ছপাব লাগিলে মই নিজ খৰচেৰে মোৰ নিজৰ Direct Supervision ত চপাম, বড়া ডাঙ্গৰীয়াক সুধি চাব পাৰে তেখেতেও সম্ভৱতঃ Translation (transaction?) ত মোৰ পৰা বেয়া ব্যৱহাৰ পোৱা নাই। মই আকৌ আহি ডিব্ৰুগড়ত পৰিলোহি। জ্ঞাত কাৰণ জনালোঁ‌।

একান্ত আশ্ৰিত                               
শিৱনাথ ভট্টাচাৰ্য্য                          
হেড পণ্ডিত, এম, ভি, স্কুল             


            চিঠিখনত চন-তাৰিখ নাথাকিলেও 'ফুলৰ চাকি' ১৯০৭ চনত প্ৰকাশ হোৱালৈ চাই ইয়াৰ ঠিক পিছৰে হ'ব চিঠিখন। অৱশ্যে হেমচন্দ্ৰ গোস্বামীয়ে ভট্টাচাৰ্য্য এজেঞ্চিক এজেণ্ট কৰিলেনে নাই জনা নাযায়। "ফুলৰ চাকি"ৰ দ্বিতীয় সংস্কৰণো এতিয়ালৈকে চকুত পৰা নাই। (প্ৰথম সংস্কৰণ হাওৰাস্থিত British India Printing Works ত মুদ্ৰিত আৰু সম্ভৱতঃ লেখকৰদ্বাৰাই প্ৰকাশিত। পুথিখন উচৰ্গা কৰিছে চন্দ্ৰকুমাৰ আগৰৱালাক আৰু এই পুথিৰ আৰ্হি-কাকত চাইছিল লক্ষ্মীনাথ বেজবৰুৱাই।)

             মুন্সী ছাখাৱত আলী ৰচিত "অসমীয়া ক্ষেত্ৰ জ্যামিতি অৰ্থাৎ ইউক্লিডৰ প্ৰথম খণ্ড"ৰ চতুৰ্দশ তাঙৰণ (১৯২৯)ৰ বকলাপিঠিত শিৱনাথ ভট্টাচাৰ্য্যই ২২ খন পঢ়াশলীয়া পুথিৰ জাননী দিছিল আৰু এইসমূহৰ বেছিভাগৰে তেওঁ প্ৰকাশক নাছিল, এজেণ্টহে আছিল। সেই পুথিসমূহৰ ভিতৰত আছে হেমচন্দ্ৰ অসমীয়া ব্যাকৰণ, হেমচন্দ্ৰ অসমীয়া লৰাৰ ব্যাকৰণ, লোকনাথ ব্যাকৰণ, শিৱনাথ ব্যাকৰণ, পাঠমালা (হেমচন্দ্ৰ), জ্ঞানমালিনী (মফিজুদ্দিন), সাহিত্য বিচাৰ (সত্যনাথ বড়া), সাৰথি (সত্যনাথ বড়া), ত্ৰিবেণী (সৰ্ব্বেশ্বৰ শৰ্মা), মুৰুলী (সৰ্ব্বেশ্বৰ শৰ্মা), জ্ঞানোদয় (লম্বোদৰ বড়া), জ্ঞানসোপান (ৰজনী বৰদলৈ), নিম্ন প্ৰাইমেৰী ১ম ভাগ, নিম্ন প্ৰাইমেৰী ২ য় ভাগ, লৰাসখী, আসাম-ভূগোল, ভূগোলসাৰ, কাৰ্য্যপ্ৰবেশ, অসমীয়া পাটীগণিত ১ম ভাগ, পাটীগণিত ২য় ভাগ, অসমীয়া ক্ষেত্ৰ জ্যামিতি আৰু আদৰ্শ পাঠ ১ম, ২য়। এই বিজ্ঞাপনৰ লগতে এই বাক্যটিও যোগ দিয়া হৈছে---"ইয়াৰ বাহিৰেও সকলো প্ৰকাৰৰ অসমীয়া পাঠ্য কিতাপ আমাৰ হাতত আছে, পত্ৰ দিয়ামাত্ৰে পঠাই দিয়া হব, যি পুথি আমাৰ হাতত নেপাব, সেই পুথি সেই সময়ত অন্যৰ হাততো নাই বুলি জানিব।" এই জাননীয়ে কুৰি শতিকাৰ প্ৰথম দশককেইটাত বিতৰক হিচাপেও ভট্টাচাৰ্য্য এজেঞ্চিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ স্বাক্ষৰ বহন কৰে। উল্লেখযোগ্য যে শিৱনাথ ভট্টাচাৰ্য্যই শিক্ষকতা কৰি অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰোঁ‌তে এজেঞ্চিৰ কাম-কাজ বৰপুত্ৰ হৰেন্দ্ৰ ভট্টাচাৰ্য্য আৰু আন আন আত্মীয়ই চোৱা-চিতা কৰিছিল। "অৱসৰ গ্ৰহণৰ পিছত সোঁ‌হাত স্বৰূপ টংকেশ্বৰ চেতিয়াৰ সহযোগত পুৱাৰ পৰা সন্ধ্যালৈকে ভট্টাচাৰ্য্যই সকলো কাম চোৱাচিতা কৰিছিল। এই কালছোৱাত (১৯২২--৩৩) আছিল ভট্টাচাৰ্য্য এজেঞ্চিৰ জয় জয় ময় ময় অৱস্থা। শদিয়াৰ পৰা ধুবুৰীলৈকে নিজা প্ৰকাশিত আৰু এজেঞ্চিভুক্ত পুথিসমূহৰ চাহিদা ইমান বেছি হৈছিল যে একোদিনা তেওঁ মাজৰাতিলৈকে কাম কৰিবলগা হৈছিল।"(২)

            প্ৰথম অসমীয়া পেছাদাৰী প্ৰকাশক

            সঁ‌চা অৰ্থত প্ৰথম পেছাদাৰী অসমীয়া পুথি প্ৰকাশক বুলিলে শিৱনাথ ভট্টাচাৰ্য্যৰ নাম ল'ব লাগিব। ভট্টাচাৰ্য্যৰ আগৰ, সমসাময়িক আৰু পিছৰো বেছিসংখ্যক পুথি প্ৰকাশকে কপিৰাইট নোহোৱা পুৰণি পদপুথিসমূহ ছপা কৰিছিল। সেয়ে একোজন লেখকৰপৰা কোনো প্ৰকাশকে পাণ্ডুলিপি ক্ৰয় কৰা দস্তুৰটো ঔপনিৱেশিক সময়ছোৱাত প্ৰায় নাছিল বুলিব পাৰি। ভট্টাচাৰ্য্যৰ আগৰ (আৰু সমসাময়িকো) প্ৰকাশক হৰিবিলাস গুপ্ত, কালিৰাম বৰুৱা, শ্ৰীধৰ বৰুৱা, বাঞ্চাৰাম চৌধুৰী, ভোগজুৰ বেপাৰী আদি কোনোজন প্ৰকাশকে কোনো লেখকৰপৰা গ্ৰন্থস্বত্ব ক্ৰয় কৰাৰ তথ্য আমি এতিয়ালৈ পোৱা নাই। ভট্টাচাৰ্য্যৰ উত্তৰপুৰুষৰ লগত যোগাযোগ কৰি এইধৰণৰ কোনো নথি-পত্ৰ আমি পোৱা নাই যদিও তেওঁৰ দ্বাৰা প্ৰকাশিত সদ্যহতে প্ৰাপ্ত গ্ৰন্থসমূহ নিৰীক্ষণ কৰি ১৮৯৯ চনৰ পহিলা জানুৱাৰীত স্বাক্ষৰিত এক ঘোষণা পাইছোঁ‌। এম বৰুৱাৰদ্বাৰা সংগৃহীত "হৰি-প্ৰসঙ্গ ও আইনাম" পুথিৰ ১৯০৪ চনৰ চতুৰ্থ তাঙৰণত উদ্ধৃত এই ঘোষণাটি হ'লঃ

              এই পুথিৰ খনীৰ স্বত্ত্ব গ্ৰন্থকৰ্ত্তাৰ পৰা উপযুক্ত মূল্যত ক্ৰয় কৰি সৰ্ব্বসাধাৰণৰ উপকাৰৰ নিমিত্তে প্ৰকাশ কৰিলোঁ‌। গ্ৰন্থকৰ্ত্তাৰ নামত বাজে ইয়াত একো হাত নেথাকিল।

পিছৰ পৃষ্ঠাটোত সংগ্ৰাহকৰ পিতৃ আৰু উকীলৰ স্বাক্ষৰ সম্বলিত আন এটি ঘোষণা-পত্ৰ সন্নিবিষ্ট হৈছে। পূৰ্ণপাঠঃ

           এতদ্দ্বাৰা মই শ্ৰীতনুৰাম বড়ুয়াই প্ৰকাশ কৰিছোঁ‌ যে, মোৰ পুত্ৰ মৃত মুক্তানাথ বড়ুয়াৰ সংগৃহীত (১) বিয়া-নাম (২) হৰি-প্ৰসঙ্গ আইনাম এই কিতাপ দুখনীৰ স্বত্ব উপযুক্ত মূল্য লৈ শ্ৰীযুত শিৱনাথ ভট্টাচাৰ্য্য মহাশয়ক বিক্ৰি কৰিলো। ইয়াত মোৰ কোনো প্ৰকাৰৰ দাবী নাথাকিল; যদি উক্ত ভট্টাচাৰ্য্যই ইচ্ছা কৰি মৃত গ্ৰন্থকৰ্ত্তাৰ নাম ৰাখে ৰাখিব পাৰে; নামৰ ভিন্ন আমাৰ কোনো সম্বন্ধ না থাকিল।
              ইতি সন ১৮৯৮, তাং ১০ ডিসেম্বৰ।

সাক্ষীস্বৰূপে উকীলৰ স্বাক্ষৰ                 শ্ৰীতনুৰাম বড়ুয়া
শ্ৰীদেবীচৰণ বড়ুয়া বি, এল,                     যোৰহাট।
উকীল।                                         

                একেদৰে ইন্দ্ৰধৰ ৰাজখোৱাৰ "হিতোপদেশ" পুথিৰ 'দ্বিতীয়বাৰৰ বিজ্ঞাপন' (১ জানুৱাৰী, ১৯১৪)ত শিৱনাথ ভট্টাচাৰ্য্যই লিখিছে--"মই এই কিতাপখন গ্ৰন্থকৰ্ত্তাৰপৰা কিনি লৈ যেনে আছিল তেনেদৰেই ছপা কৰালোঁ‌।" সত্যনাথ বৰাৰ "সাহিত্য-বিচাৰ" গ্ৰন্থৰ তৃতীয় (১৯১৫) আৰু চতুৰ্থ সংস্কৰণ (১৯২২)তো ভট্টাচাৰ্য্যৰ স্বাক্ষৰ সম্বলিত 'বিজ্ঞাপন' লিখা হৈছে এনেদৰেঃ 

 প্ৰথম আৰু দ্বিতীয় বাৰৰ ছপা সমুদায় পুস্তক শেষ হোৱাত ইয়াক নতুন ছপা কৰোৱা হল, এইবাৰ আমি গ্ৰন্থকৰ্ত্তা ডাঙ্গৰীয়াৰ পৰা ইয়াৰ কপিৰাইট (স্বত্ব) উপযুক্ত মূল্যত কিনিলৈ নিজ কৰি ছপা কৰালোঁ‌। আৰু যতদূৰ সম্ভব বৰ্ণাশুদ্ধি আদি চাই দিয়া হৈছে।

                   শিৱনাথ ভট্টাচাৰ্য্য      
                                  ডিব্ৰুগড়।                                       



             অম্বিকাগিৰী ৰায়চৌধুৰীয়ে শিৱনাথ ভট্টাচাৰ্য্যক পুথিৰ স্বত্ব বিক্ৰীক লৈ এটি আমোদজনক ঘটনা বৰ্ণনা কৰিছে "মোৰ জীৱন-ধুমুহাৰ এছাটি" (১৯৭৩)ৰ পাততঃ

...মই সম্পূৰ্ণ কৰি লিখি উলিওৱা 'তুমি' আৰু 'বীণা'ৰ পাণ্ডুলিপি দুখন লৈ পোনে পোনে গৈ ডিব্ৰুগড়ত উপস্থিত হওঁ‌ ইং ১৯১৪ চনৰ নবেম্বৰ মাহত। তেতিয়াৰ বিখ্যাত পুথি বেচোঁ‌তা ঁ‌শিৱনাথ ভট্টাচাৰ্য্যক ৪০ (চল্লিছ) টকাত 'তুমি'খনৰ স্বত্ব বিক্ৰীৰ প্ৰস্তাৱ দিওঁ‌। তেখেতে মোক দিব খুজিলে মাত্ৰ ২০ (কুৰি) টকা।মইও অৰ্থাভাৱত তাতেই সন্মত হলোঁ‌। কিন্তু ভট্টাচাৰ্য্যই তেতিয়াই টকা কেইটা দিয়াত অসুবিধা বুলি কোৱাত, পিচদিনাখন দিলেও হব বুলি কৈ 'তুমি'ৰ পাণ্ডুলিপিখন তেখেতক দি মই গুচি আহোঁ‌। এই কথা শুনি গোৱালপাৰাৰ ডিব্ৰুগড়বাসী মোৰ সঙ্গীত-সতীৰ্থ পৰম বন্ধু সঙ্গীত-বাদ্যবিদ্ স্বৰ্গীয় ডাঃ উমেশচন্দ্ৰ দাসে ইমান কম মূল্যত 'তুমি'ৰ স্বত্ব বিক্ৰী কৰি দিবলৈ মোক হাক দিয়ে। পিছদিনাখনেই ভট্টাচাৰ্য্যৰ ওচৰলৈ গৈ বিক্ৰী কৰা নহব বুলি 'তুমি'ৰ পাণ্ডুলিপিটো মই ফিৰাই লব খোজোঁ‌। ভট্টাচাৰ্য্যই তেতিয়া আৰু ১০ টকা বঢ়াই দি মুঠ ৩০ (ত্ৰিশ) টকাত কিনিবলৈ খোজে। মই সন্মত নহৈ পাণ্ডুলিপিটো লৈ গুচি আহোঁ‌।" (পৃষ্ঠা ৩৯-৪০, মোৰ জীৱন-ধুমুহাৰ এছাটি)
    
            যি হওক অসমৰ পুথি প্ৰকাশনৰ ইতিহাসত শিৱনাথ ভট্টাচাৰ্য্যয়েই গ্ৰন্থস্বত্ব ক্ৰয় কৰি পুথি প্ৰকাশৰ পৰম্পৰা আৰম্ভ কৰিছিল।

          বহুল ৰূপত পুৰণি পুথিৰ প্ৰচাৰ আৰু প্ৰসাৰ :

          কুৰি শতিকাৰ আৰম্ভণিতে মধ্যযুগৰ পদপুথিসমূহ ছপাৰূপত প্ৰচাৰ কৰাত ভট্টাচাৰ্য্য এজেঞ্চিৰ এক ঐতিহাসিক ভূমিকা আছিল বুলিব পাৰি। অৱশ্যে ঊনবিংশ শতিকাত আউনীআটী সত্ৰ, হৰিবিলাস গুপ্ত আৰু কালিৰাম বৰুৱাই পুৰণি পুথি ছপাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰজনীকান্ত বৰদলৈয়ে অসম সাহিত্য সভাৰ সভাপতিৰ  (অষ্টম অধিবেশন, নগাঁও, ১৯২৫) অভিভাষণত সঠিকভাৱেই উল্লেখ কৰিছিলঃ "ব্ৰিটিছ যুগত আমাৰ এই অসমীয়া ভাষাটো হেমচন্দ্ৰ বৰুৱা আৰু ৰায় বাহাদুৰ গুণাভিৰাম বৰুৱাৰ ওচৰত যেনেকৈ ঋণী, সেইদৰে কিছু পৰিমাণে আমাৰ সহপাঠী শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ পিতৃপুৰুষ ঁ‌হৰিবিলাস আগৰৱালাৰ ওচৰতো ধৰুৱা। প্ৰভু শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে লিখা দশম, কীৰ্ত্তন, নামঘোষা সাঁ‌চিপাতত সত্ৰে সত্ৰে আৰু কাচিৎ দুই এজন অসমীয়া মানুহৰ হাতত আছিল যদিও, সৰ্ব্বসাধাৰণে এইবিলাক অমূল্য ৰত্ন সহজে পাব নোৱাৰিছিল। হৰিবিলাস আগৰৱালাদেৱেই পোনপ্ৰথমে অশেষ কষ্ট কৰি নিজৰ দুখেৰে অৰ্জ্জা ধন ভগন কৰি কীৰ্ত্তন দশম ছপাই উলিয়ায়। তেওঁ ছপাই উলিয়াবৰ পৰাহে অসমীয়া মানুহৰ ঘৰে ঘৰে কীৰ্ত্তন, দশম, নামঘোষা, বৰগীত এইবিলাক পুথি হৈছে আৰু ধৰ্ম্মগুৰুসকলে থৈ যোৱা ধৰ্ম্মৰ ভাববিলাক, অসমীয়া ভাষা আৰু সাহিত্য, সৰ্ব্বসাধাৰণৰ মাজত বহুল ভাবে প্ৰচাৰ হৈছে।" (পৃঃ ১৬২, অসম সাহিত্য সভাৰ ভাষণাৱলী, প্ৰথম ভাগ, সম্পাঃ অতুলচন্দ্ৰ হাজৰিকা, ১৯৫৫) অৱশ্যে এই কথা আউনীআটী সত্ৰ আৰু কালিৰাম বৰুৱাৰ ক্ষেত্ৰতো ক'ব পাৰি। অসমত গ্ৰন্থৰ ইতিহাস-চৰ্চাৰ বাটকটীয়া ৰঞ্জিৎকুমাৰ দেৱ গোস্বামীয়েও হৰিবিলাসৰ তাৎপৰ্যপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰিছে, "হৰিবিলাস আগৰৱালাই ছপাই উলিওৱা কীৰ্তন (১৮৭৬) পুথিয়ে মধ্যযুগৰ অসমীয়া ভক্তিসাহিত্যক ধৰ্মমতনিৰপেক্ষ (ছেক্যুলাৰ) নতুন উত্থানশীল সংস্কৃতিৰ কেন্দ্ৰস্থললৈ অনাৰ প্ৰক্ৰিয়াটো ত্বৰাণ্বিত কৰাই নহয়, ভাষাৰ বঙলুৱা ৰীতিৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে 'অসমীয়া' মাত-কথাৰ কৰ্ষণৰ প্ৰক্ৰিয়াটো সুচল কৰি তুলিলে ব্যৱহাৰযোগ্য অতীতৰ পুনৰুত্থান আৰু প্ৰৱৰ্তনৰ জৰিয়তে।" (পৃষ্ঠা ৪২২, প্ৰবন্ধ, ২০১৫)

                 আউনীআটী সত্ৰৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা ক্ৰমে ঋতু বিহাৰ (১৮৮২), স্বপ্নাদ্বয় (১৮৮২), কিৰ্ত্তন (১৮৮৩), বৈষ্ণৱগীতা (১৮৮৫), বৰগীত (১৮৮৮), আৰ্য্য সংগ্ৰহ (১৮৮৯), বেজালি (১৮৮৯), ভীম চৰিত (১৮৯০), ৰুক্মিণী হৰণ (১৮৯৮) আদি কেইবাখনো পদপুথি ছপাই উলিয়াইছিল। নগাঁ‌ৱৰ বাঞ্চাৰাম চৌধুৰীয়ে নিজা হেণ্ডপ্ৰেছত ১৮৮২--১৯০১ৰ ভিতৰত ছপাই উলিয়াইছিল এইকেইখন পুথিঃ লক্ষ্মী চৰিত, কুমৰ হৰণ, ভট্টিমা, লীলামালা, গুণমালা, কীৰ্ত্তনঘোষা, ঊষাহৰণ, গুকৰতি,শ্যামন্ত হৰণ, ৰুক্মিণী হৰণ, ৰাজসূয় যজ্ঞ, বৈষ্ণৱামৃত, কাণখোৱা আৰু ভাগৱত একাদশ স্কন্ধ। আচৰিত নহয় যে ১৮৯৭ ৰপৰা ১৯০০ চনৰ ভিতৰত, মাত্ৰ তিনিবছৰৰ ভিতৰতে ডিব্ৰুগড়ৰ আছাম ৰেইলৱেজ এণ্ড ট্ৰেডিং কোম্পানীৰ প্ৰেছত ৫৬ খন পদপুথি মুদ্ৰণ হৈছিল। ১৮৯৫ চনত পোৰা মাহাজনে বৰপেটাত প্ৰতিষ্ঠা কৰা হেণ্ডপ্ৰেছত মুঠ ২০ খন পুথি মুদ্ৰণ হৈছিল আৰু ইয়াৰ পাঁ‌চখন পুথিক বাদ দি ১৫ খনেই আছিল পুৰণি পদপুথি। সেইসমূহ হ'লঃ মিৰি জীয়ৰী (১৮৯৫), দীপিকা ছন্দ (১৮৯৫), কাণখোৱা পুথি (১৮৯৫), বৰগীত (১৮৯৫), ব্ৰহ্মসাৰ (১৮৯৭), বৰপেটা হিতসাধিনী সভাৰ প্ৰথম বছেৰেকীয়া কাৰ্য্যবিৱৰণী (১৮৯৭), শিশুলীলা (১৮৯৮), শ্যামন্ত হৰণ (১৮৯৮), নামঘোষা (১৮৯৮), কীৰ্ত্তনঘোষা (১৮৯৮), প্ৰসঙ্গমালা (১৮৯৮), ঘোঁ‌ৰা ও হাতীৰ ঔষধৰ পুথি (১৮৯৮), লৰাবোধক (১৮৯৮), কুমৰ হৰণ (১৮৯৯), অসমীয়া সহজ মৌখিকাঙ্ক (১৮৯৯) আৰু গোপাল সহস্ৰনাম (১৮৯৯)। এই অনুচ্ছেদত উল্লেখ কৰা পুথিসমূহ Public Instruction and Registrar of Books, Assam ৰ সঞ্চালকৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল।

            "জোনাকী"ৰ পাতত হৰিবিলাস গুপ্তই মুঠ এঘাৰখন পুথিৰ বিজ্ঞাপন দিছিল আৰু ইয়াৰে কাব্য-কুসুম আৰু প্ৰয়োগ ৰত্নমালা ব্যাকৰণক বাদ দি নখন পুথিয়েই মধ্যযুগৰ পদপুথি। বিজ্ঞাপনটোত উল্লিখিত পুথিসমূহ হ'লঃ কীৰ্ত্তন আৰু নামঘোষা, কীৰ্ত্তন, নামঘোষা, শ্ৰীমদ্ভাগৱত দশমস্কন্ধ শেহছোৱা, ভক্তিৰত্নাৱলী, ভট্টিমা, সীতা সয়ম্বৰ নাটক, গুণমালা, কাব্য-কুসুম আৰু প্ৰয়োগ ৰত্নমালা ব্যাকৰণ। একেদৰে কালিৰাম বৰুৱাই গৌহাটী-কামাখ্যা পুস্তকালয়ৰ সোতৰখন কিতাপৰ বিজ্ঞাপন দিছিল "বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী" (১৮৯৫) ৰ তৃতীয় তাঙৰণৰ বকলাপিঠিত। ইয়াতে উল্লেখ থকা পদপুথিসমূহ হ'লঃ কীৰ্ত্তনপুথি, নামঘোষা, গীতগোৱিন্দ, ৰিপুঞ্জয় আৰু শঙ্কৰদেৱ চৰিত্ৰ।

             গতিকে শিৱনাথ ভট্টাচাৰ্য্যৰ আগৰ পদপুথিৰ  প্ৰকাশক বুলিলে কেবল হৰিবিলাস গুপ্তক ধৰিলে ভুল কৰা হ'ব। অৱশ্যে গুণাভিৰাম বৰুৱাৰ ঐতিহাসিক ভূমিকাকো সুঁ‌ৱৰিব লাগিব। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটো যে বিভিন্ন কাৰণত আউনীআটী সত্ৰ, হৰিবিলাস গুপ্ত, বাঞ্চাৰাম চৌধুৰী, কালিৰাম বৰুৱা আৰু পোৰা মাহাজন---এইসকল প্ৰকাশকৰ পিছৰ প্ৰজন্মই পুথি প্ৰকাশনত মন নিদিলে। তদুপৰি পুথি প্ৰকাশন এইসকল প্ৰকাশকৰ একচেটিয়া ব্যৱসায় নাছিল। যাতায়ত ব্যৱস্থাৰ দুৰাৱস্থা আৰু সুচল ব্যৱসায়িক নেটৱৰ্কৰ অভাৱেও এইসকল পুথি ব্যৱসায়ীক বৰ এটা উৎসাহিত কৰা নাছিল। উল্লেখযোগ্য যে এইসকল পুথি প্ৰকাশকৰ এজনৰো তেওঁলোকৰ উৎপাদিত সামগ্ৰী (ছপাপুথি) বিক্ৰী কৰিবলৈ কিতাপৰ বিপণি নাছিল। ইয়াৰ বিপৰীতে শিৱনাথ ভট্টাচাৰ্য্যই হ'ল অসমৰ প্ৰথম পুথি প্ৰকাশক যি একাণপতীয়াকৈ আৰু একচেটিয়াকৈ কিতাপৰ ব্যৱসায়ত মন দিছিল। নিজাকৈ বিতৰণৰ এজেঞ্চি থকাত পুথিসমূহ সাধাৰণ মানুহৰ হাতত পৰাত আৰু সুবিধা হৈছিল। ঊনবিংশ শতিকাৰ শেষ ভাগতো  অসমত পুথি প্ৰকাশ কৰাটো ব্যৱসায়িকভাৱে লাভজনক যে নাছিল তাৰ উমান পাম "জোনাকী"ৰ ৫ম ভাগ, ৪ৰ্থ সংখ্যা (ইং ১৮৯৪ চন)ত প্ৰকাশিত পুথি সম্পৰ্কীয় এটি টোকাৰপৰাঃ "ভীম চৰিত---শ্ৰীযুত শ্ৰীধৰচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত। পুথিখনি পঢ়ি ভাল পালোঁ‌। আশা কৰোঁ‌ অসমীয়া সাধাৰণে পুথিখনলৈ সমাদৰ দেখুৱাই প্ৰকাশকক উৎসাহ দিব। অসমীয়া পুথি ছপোৱা বৰ টান কাম, কাৰণ ছপোৱাত খৰচ হোৱা ধন ছপাওঁ‌তাই ঘূৰাই পোৱাৰ আশা কম। ইমানতো যে অকল পুৰণি পুথি এখনি ওলাব লাগে এই ভাবিয়েই বৰুৱা মহাশয়ে পুথিখনি ছপাইছে তাৰ কাৰণে তেওঁ আমাৰ সকলোৰে শলাগ পাব লাগে।" (পৃষ্ঠা ৬১৮, জোনাকী, সম্পাঃ নগেন শইকীয়া, ২০০১ চন) অৱশ্যে পুৰণি পদপুথি যে একেবাৰেই বিক্ৰী নহৈছিল, এনেও নহয়।এনেধৰণৰ পুথিৰ নিশ্চয় এক বজাৰ আছিল যি কাৰণত কেইবাগৰাকীও প্ৰকাশকে ভালেমান পুথি ছপাই উলিয়াইছিল। হৰিবিলাস গুপ্তই "কীৰ্ত্তন" দ্বিতীয়বাৰৰ বাবে প্ৰকাশ কৰা, শিৱনাথ ভট্টাচাৰ্য্যই মুক্তানাথ বৰুৱা প্ৰণীত আৰু প্ৰকাশিত "হৰি-প্ৰসঙ্গ আৰু আইনাম" আৰু ইন্দ্ৰধৰ ৰাজখোৱা অনূদিত আৰু প্ৰকাশিত "হিতোপদেশ"ৰ স্বত্ব কিনি দ্বিতীয় তাঙৰণ প্ৰকাশ কৰাটোৱে কিতাপৰ এক বজাৰ থকাৰেই ইংগিত বহন কৰে। অৱশ্যে পদপুথিৰ চাহিদাই বেছি আছিল। বৰং এনেকৈয়ো ক'ব পাৰি ঊনবিংশ শতিকাৰ শেষভাগৰ অসমত যি অলপ-অচৰপ পুথি বিক্ৰী হৈছিল, কেবল পদপুথিয়েই বিক্ৰী হৈছিল। কিছুমান ছপা পদপুথি ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ বাবেও বিক্ৰী হৈছিল। জখলাবন্ধা সত্ৰৰপৰা প্ৰকাশিত "সত্যনাৰায়ণৰ পদপুথি" তেনে পুথিৰ এক উদাহৰণ।

               ডাক-ব্যৱস্থাৰ প্ৰসাৰ আৰু অন্যান্য সুবিধাৰ বাবে কুৰি শতিকাৰ আৰম্ভণিতে শিৱনাথ ভট্টাচাৰ্য্যই ছপোৱা পুথি গুৱাহাটীৰ লগতে বিভিন্ন হাট-বজাৰত  অনায়াসে বিক্ৰী হৈছিল। অতুলচন্দ্ৰ হাজৰিকাই লিখিছে, " বিংশ শতিকাৰ আদিভাগত ডিবৰুৰ দুজন পুথি প্ৰকাশকৰ নাম জাকতজিলিকা হৈ উঠিছিল। এজন হৈছে ভট্টাচাৰ্য্য এজেন্সিৰ শিৱনাথ ভট্টাচাৰ্য্য আৰু আনজন এজেন্সি কোম্পানীৰ নন্দেশ্বৰ চক্ৰৱৰ্তী। আমাৰ ল'ৰাকালত এই দুটা কোম্পানীৰ ধৰ্মপুথিবোৰ বৰ সৰবৰহী হৈ উঠিছিল। সেইবোৰ তেতিয়া হাটে-বজাৰে য'তে-ত'তে সণ্ঢালনিকৈ কিনিবলৈ পোৱা গৈছিল। গুৱাহাটী ফাঁ‌চিবজাৰৰ 'কালিচৰণ বুক ছেলাৰ্ছে' এইবোৰ সৰহীয়াকৈ আনি বেচিছিল আৰু গেলামালৰ দোকানতে এইটো কোম্পানীয়ে স্কুলীয়া পাঠ্যপুথি আৰু ধৰ্মপুথিৰ বেহা পাতি লাভৱান হৈছিল।" (পৃষ্ঠা ৭৬, বিচিত্ৰনাৰায়ণ স্মৃতিগ্ৰন্থ)

            আধুনিক শিক্ষাৰ প্ৰসাৰ, সাঁ‌চিপতীয়া পুথি পঢ়িব নোৱাৰা মানুহৰ ক্ৰমবৰ্ধমান সংখ্যাবৃদ্ধি, যাতায়ত আৰু ডাক-ব্যৱস্থাৰ উন্নতি আৰু ব্যক্তিগত অধ্যৱসায় আদি কাৰণত কুৰি শতিকাৰ আৰম্ভণিতে পুৰণি পুথি প্ৰকাশ কৰি ব্যৱসায়িকভাৱে লাভৱান হৈ শিৱনাথ ভট্টাচাৰ্য্যই অসমীয়া পুথি প্ৰকাশনৰ ইতিহাসত এক উদাহৰণ দাঙি ধৰিছিল।

        শিক্ষিত মধ্যশ্ৰেণীৰ প্ৰতিক্ৰিয়া :
           
               পুৰণি পদপুথিৰ প্ৰকাশকসকলৰ প্ৰতি শিক্ষিত মধ্যশ্ৰেণীয়ে কিদৰে সঁ‌হাৰি দিছিল সি নিশ্চয় এক গুৰুত্বপূৰ্ণ বিষয়। উল্লেখযোগ্য যে অসমীয়া শিক্ষিত মধ্যবিত্তৰ প্ৰতিনিধি কলিকতা-প্ৰবাসী অসমীয়া ছাতৰৰ অনুষ্ঠান "অসমীয়া ভাষা উন্নতি সাধিনী সভা" (প্ৰতিষ্ঠা ১৮৮৮ চনৰ ২৫ আগষ্ট)ৰ এটা মুখ্য উদ্দেশ্যই আছিল পুৰণি পুথিৰ সংগ্ৰহ আৰু ছপা কৰোঁ‌ৱা। ৮-৯-১৮৯৫ তাৰিখে সভাৰ বিষয়ববীয়াসকলে  "কাৰ্য্য-বিবৰণ"ত লিখিছে, "কুমলীয়া মাতৃভাষা কেনেকৈ ডাঙ্গৰ দীঘল হৈ পৃথিৱীৰ আন আন উন্নতিশীল ভাষাৰ সমান হব পাৰিব, তাৰ উপায় সাধনেই এই সভাৰ একমাত্ৰ অভিপ্ৰায়। এই উদ্দেশ্য সাধন কৰিবলৈ সভাই অসমীয়া পুথিবিলাক একে ঠাইতে গোটাই পুৰণি পুথিবিলাক যাতে নষ্ট নেপায়, আৰু ক্ৰমে ছপাহৈ প্ৰকাশিত হয় তাৰো চেষ্টা কৰিব।" (পৃষ্ঠা ৬৬১, জোনাকী)

                   সেই হিচাপত "জোনাকী"ৰ পাতত পুৰণি পদপুথিৰ প্ৰকাশকসকল, যেনে হৰিবিলাস গুপ্ত, বাঞ্চাৰাম চৌধুৰী বা কালিৰাম বৰুৱাই প্ৰকাশ কৰা পুথিৰ সপ্ৰশংস উল্লেখ কিন্তু পোৱা নাযায়। অপেছাদাৰী প্ৰকাশক দুই-এজনৰদ্বাৰা প্ৰকাশিত পুথি আৰু লেখকৰদ্বাৰা প্ৰকাশিত দুই-এক পুথিৰহে 'গুণাগুণ' বিচাৰ কৰা হৈছিল 'জোনাকী'ৰ পাতত। আউনীআটী সত্ৰৰ শ্ৰীধৰ বৰুৱাৰদ্বাৰা প্ৰকাশিত একাধিক পুথিৰ টোকা লিখা হৈছিল 'জোনাকী'ত। যেনে--

              "বৈষ্ণৱ কীৰ্ত্তন।---শ্ৰীশ্ৰীধৰ চন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত।বেচ ।০ এসিকি। ছপা ভাল; তুলা পাতো বেয়া নহয়। শঙ্কৰ দেৱ আৰু মাধৱ দেৱে কৰা গীত, গুণমালা, ঘোষা, আৰু কীৰ্ত্তনৰ পৰা গীত, গুণমালা, ঘোষা আৰু কীৰ্ত্তন তুলি একে ঠাই কৰি কিতাপৰ আকাৰে এই পুথি ছপোৱা হৈছে। ইয়াত ছপা আৰু বৰ্ণাশুদ্ধি দোষ অতি কম। আসামৰ বৈষ্ণৱ সকলে ইয়াক যে আদৰ কৰিব তাক কোৱা বাহুল্য মাথোন।" (পৃষ্ঠা ২৬৮, প্ৰাগুক্ত গ্ৰন্থ)

               "জোনাকী"ত প্ৰকাশিত আন দুটামান টোকাৰ চানেকি হ'ল--

                "গুৰু-গুণমালা---এই পুথিত গ্ৰন্থকাৰৰ নাম নাই, কিন্তু ই কাংশপাৰ সত্ৰৰ শ্ৰীনৃসিংহচন্দ্ৰ অধিকাৰী গোস্বামীৰ দ্বাৰা সংশোধিত আৰু প্ৰকাশিত হৈছে। এই সৰু পুথি খনিত শ্ৰীশ্ৰী ঁ‌শঙ্কৰ আৰু মাধৱদেৱৰ সংক্ষিপ্ত জীৱন-চৰিত আছে। প্ৰকাশকে এই পুথি খনি ছপাই সাধাৰণৰ হাতত দিয়াৰ বাবে তেওঁ আমাৰ ধন্যবাদৰ পাত্ৰ হৈছে।" (পৃষ্ঠা ৬৬৬)

             "ৰামায়ণ আদিকাণ্ড---কবিবৰ মাধৱ কন্দলি ভণিত; শ্ৰীযুক্ত বেণুধৰ ৰাজখোৱা বিএ দ্বাৰা সম্পাদিত আৰু শ্ৰীযুক্ত গণেশৰাম আগৰওৱালাৰ দ্বাৰা প্ৰকাশিত।...পুথিখনিৰ ছপা বৰ সুন্দৰ হৈছে।আমি আশা কৰোঁ‌ মাতৃভাষানুৰাগী সকলো অসমীয়াই প্ৰকাশকক এই শুভ কাৰ্য্যত উৎসাহ দি, বাকি ৬ কাণ্ড যাতে সোনকালে ছপা হৈ প্ৰকাশ পায় তাৰ নিমিত্তে চেষ্টা কৰিব।" (পৃষ্ঠা ৮২৯, ঐ)
                       
             অনুমান হয়, ব্যৱসায়িক উদ্দেশ্যৰে সুলভ মূল্যৰ cheap print সমূহক 'জোনাকী'ৰ সম্পাদনা-কক্ষই গুৰুত্ব দিয়া নাছিল। বৰ্ণাশুদ্ধি আৰু পাঠৰ হেৰ-ফেৰ থকা পুথিসমূহেও নিশ্চয় শিক্ষিত শ্ৰেণীক আকৰ্ষিত কৰা নাছিল। মনত পেলাব পাৰি, হৰিবিলাস গুপ্তই প্ৰকাশ কৰা 'কীৰ্ত্তন'ৰ দ্বিতীয় সংস্কৰণৰ বিষয়ে 'আসাম নিউচ'ৰ পাতত কাঢ়া সমালোচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাইঃ

            "বৈষ্ণৱ বিলাকৰ ইমান মান্য আৰু আদৰৰ পুথিবিলাক ছপাই সণ্ঢালনি কৰিবলৈ সকলোৱে সাহ কৰিব নোৱাৰে। অনুমান হয়, ইয়াকে ভাবি শ্ৰীযুত আউনীআটীয় অধিকাৰ গোস্বামীয়ে প্ৰথমতে গুণমালা নামেৰে পুথি এখন ছপাই এটা আৰ্হি দেখুৱায়। ইয়াৰ পাচত, হাজাৰী ঘোষা আদি কোনো পুথিও তেওঁৰ আজ্ঞাৰে ছপা হৈছিল। পাচত, সেই পথৰ পথিক হৈ অন্যান্য লোকেও কীৰ্তন আদি কোনো কোনো পুথি ছপাইছে। কিন্তু আৰ্হি তোলোঁ‌তাৰ দোষত হাতেৰে লিখা পুথি বিলাক এনে বিশ্ৰী হৈ পৰিছে যে অনেক ঠাইত লেখকৰ ভাৱ বুজাই টান হয়।...দুৰ্ভাগ্যৰ গুণে ছপা হোৱা যিবিলাক পদপুথি আমি দেখিছোঁ‌হঁ‌ক, সেইবিলাকৰ ভিতৰত এখনকো শুদ্ধ বুলিব নোৱাৰি।

              হৰিবিলাস বাবুয়ে কীৰ্তন পুথি ইয়াৰ আগেয়েও এবাৰ ছপাইছিল; এইয়া দ্বিতীয়বাৰ। দুয়োবাৰৰ পুথি আমি দেখিছোঁ‌ আৰু তেওঁ যে শুদ্ধৰূপে ছপাবৰ নিমিত্তে প্ৰচুৰ পৰিশ্ৰম কৰিছে তাকো আমি বুজিছোঁ‌। তাত যে কোনো এজন বোধ থকা মানুহৰ হাত লাগিছে সেই পুথিয়েই তাৰ প্ৰমাণ। ইয়াকেই বোলে আওমৰা ছলেৰে বাওমৰা।" (পৃষ্ঠা ৭৮-৭৮, অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, যতীন্দ্ৰনাথ গোস্বামী)

               "আসাম-বান্ধৱ"ৰ ২য় বছৰ, ১১শ সংখ্যাত 'উণপঞ্চাশৎ পৱনস্য' নামৰ ছদ্মনামী লেখকে 'অসমীয়া ভাষাৰ বৰ্ত্তমান যুগ' শীৰ্ষক ধাৰাবাহিক প্ৰবন্ধটোত তদ্ৰূপ সমালোচনাই প্ৰকাশ পাইছে, "কীৰ্ত্তন দশম আদি মুদ্ৰিত পুস্তকত যি দুই চাৰিটা বিকৃত শব্দ দেখা যায় সি প্ৰকাশক সকলৰ দোষত। সুবিধা পালে কোনেও হাত এৰি নিদিয়ে; কিছুমানত তেওঁলোকে এনে ভাবে শব্দৰ পৰিবৰ্ত্তন কৰিছে যে সি আচল পুথিৰ পৰা বহুতো অন্তৰ হৈছে। কোনো কোনো পুস্তকত বহুল ভাবে পৰিবৰ্ত্তন কৰি তাক নিজৰ ৰচিত বুলিও প্ৰকাশ কৰা দেখা গৈছে। পঢ়িব নোৱাৰা আৰু ভালকৈ অৰ্থ বুজিব নোৱাৰা ঠাইত নিজৰ মৰ্জ্জি অনুসৰি পাণ্ডিত্য পৰিমিত শব্দ সুৰকাই দি তাক অতি বিকৃত কৰিছে; বস্তুতঃ প্ৰাচীন পুস্তক ৰাশি মুদ্ৰাঙ্কৰ দ্বাৰা যিখিনি উপকাৰ সাধিত হৈছে; তাৰ ভাষা বিকৃতিৰ দ্বাৰা সেই পৰিমিত অপকাৰ হোৱা দেখা যায়; এই বিষয়ে বিস্তৃত মন্তব্য প্ৰকাশৰ ইচ্ছা থাকিল।" (পৃষ্ঠা ২৭০, আসাম-বান্ধৱ)

             এনেধৰণৰ সমালোচনা সেই সময়ৰ বিদ্বৎ মহলত নিশ্চয় কিছু পৰিমানে হ'লেও প্ৰচলিত আছিল। সেইবাবেই হয়তো ১৯০৫ চনত 'ভক্তি-ৰত্নাৱলী' ছপাওঁ‌তে শিৱনাথ ভট্টাচাৰ্য্যই পাতনিৰ শেষত "দোষ সকলোতেই আছে; "শশীনি খলু কলঙ্কঃ কণ্টকং পদ্মনালে", আমাৰ এই কাৰ্য্যও যে দোষ বিৰহিত তাক আমি কব নোৱাৰোঁ‌, তথাপি সাহসত ভৰ কৰি আগ বাঢ়িলোঁ‌। সাধু মহন্তসকলে দোষ এৰি গুণৰ ভাৰ গ্ৰহণ কৰিব।" --এই বাক্যকেইষাৰি লিখি দিছিল। আনহাতে "শ্ৰীমদ্ভাগৱত দশম স্কন্ধ" (১৯১৮)ৰ আৰম্ভণিতে "পোণ প্ৰথমে কবলগীয়া দুটামান কথা" বুলি শেষত ভট্টাচাৰ্য্যই লিখিছেঃ

    "আমি জ্ঞানহীন মূৰ্খ মানুহ। উক্ত মহাপুৰুষৰ (শঙ্কৰদেৱৰ) গ্ৰন্থ প্ৰকাশ কৰা মাদৃশ ক্ষুদ্ৰ ব্যক্তিৰ ধৃষ্টতা মাত্ৰ। তথাপি সাহসত ভৰ দি আগ বাঢ়িছোঁ‌।আশা কৰোঁ‌ মহাপুৰুষৰ ৰচিত সকলো পুথিকেই লাহে লাহে প্ৰকাশ কৰিম। এই পুথি প্ৰকাশ কৰিবলৈ ইচ্ছা কৰি এখনী প্ৰকাশিত হোৱা ছাপাৰ পুথি, এখনী বড়পেটা অঞ্চলৰ আৰু এখনী কোনো প্ৰসিদ্ধ এখন সত্ৰৰ (এই দুখনি সাঁ‌চিপতীয়া) এই ৩ খনি পুথি চাই কোনো খনিৰে লগত কোনো খনি পুথিৰ মিল নেদেখি শুদ্ধ ভাবে ছপাব নোৱাৰিম যেন জানি ছপোৱা আশা এৰি দিছিলোঁ‌।পাচত আমাৰ এজন প্ৰধান সহকাৰী কৰ্ম্মচাৰী লোকৰ উৎসাহ পাই আকৌ সংশোধন কাৰ্য্যত হাত দি এই বিদেশতে শুধৰণী কাৰ্য্য শেষ কৰিলোঁ‌। এটাই কেউখনি পুথিৰ মূল কথা একে; কিন্তু অক্ষৰ বিলাক আৰু ক্ৰিয়া বিলাক নিমিলে। এই হেতুকে মনত বড় ভয় লাগি, ভয়ে ভয়ে তিনিও খনি পুথিৰে সামঞ্জস্য ৰাখি বুদ্ধিস্বৰূপা ঐশী শক্তিয়ে যেনে ধাৰণা হৃদয়ত দিছে তদনুযায়ী ইয়াক ছপা কৰালোঁ‌।বহু দিনেহে এই কাৰ্য্য সম্পাদিত হল। আশা কৰোঁ‌ সহৃদয় সন্ত মহন্ত সকলে পুথিৰ সংশোধন কাৰ্য্যত অসন্তোষ প্ৰকাশ নকৰি এই অধমক ক্ষমা কৰে।"--শিৱনাথ ভট্টাচাৰ্য্য, গোয়ালপাৰা, গবৰ্ণমেণ্ট স্কুল, শক ১৮২৭ আশ্বিন।

              অসম সাহিত্য সভাৰ সভাপতিসকলে তেওঁলোকৰ অভিভাষণত বা সমসাময়িক কাকত-আলোচনীত ব্যৱসায়ভিত্তিক ধৰ্মপুথি প্ৰকাশ কৰা লোকসকলৰ প্ৰতি কিন্তু  অসমীয়া সাহিত্যৰ উপকাৰ সাধিছে ধৰণৰ বাক্যব্যয় কৰা দেখা নাযায়। অসমৰ পুথি প্ৰকাশনৰ ক্ষেত্ৰত এইটো এটা তাৎপৰ্যপূৰ্ণ দিশ। আনকি পুৰণি পুথি-পাঁ‌জিৰ সংৰক্ষণ আৰু তালিকাকৰণৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়েও সমসাময়িক পদপুথি প্ৰকাশকসকলৰ বিষয়ে প্ৰশংসামূলক একো উল্লেখ কৰা নাই। অসম সাহিত্য সভা (১৯২০ চনৰ তেজপুৰ অধিবেশন)ৰ সভাপতিৰ অভিভাষণত তেওঁ পুৰণি পুথিক গুৰুত্ব দি লিখিছে, "আমাৰ সাহিত্যৰ আৰু এটা প্ৰধান সম্পদ হৈছে আমাৰ দেশৰ পুৰণি পুথিবিলাক।" আৰু এটি জাতীয় পুঁ‌জি গঠনৰ জৰিয়তে "আমাৰ দেশৰ এতিয়াও ছপা নোহোৱা পুৰণি পুথিবিলাক ছপা কৰি উলিয়াব পাৰোহঁ‌ক" বুলি তেওঁ উল্লেখ কৰিছে।

                অনুমান হয়, "অসমীয়া সাহিত্যৰ চানেকি"ৰ সাতোটা খণ্ড, দুৰ্গাধৰ বৰকটকীয়ে প্ৰকাশ কৰা মহাভাৰতৰ বিভিন্ন পৰ্ব বা পৰৱৰ্তী কালত হৰিনাৰায়ণ দত্তবৰুৱাই প্ৰকাশ কৰা "অসমীয়া মহাভাৰত"ৰ যিটো মৰ্যাদা শিক্ষিত মধ্যশ্ৰেণীৰ মাজত আছিল, পাঠৰ অবিশ্বাসযোগ্যতাৰ বাবেই হওক বা অন্যান্য কাৰণতে হওক, কুৰি শতিকাৰ আৰম্ভণি দশককেইটাত আন প্ৰকাশকসকলে ছপোৱা পুথিসমূহৰ সেই গ্ৰহণযোগ্যতা নাছিল। শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰৱৰ্তীয়ে ছপোৱা পদপুথি সম্পৰ্কত অতুলচন্দ্ৰ হাজৰিকাই সঠিকভাৱেই লিখিছেঃ "সেই সময়ত এনেবোৰ পুথিলৈ সাহিত্যিকৰ দৃষ্টি আকৰ্ষিত হোৱা নাছিল আৰু ধৰ্মপুথি হিচাপেই ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰিত হৈছিল।" (পৃষ্ঠা ৭৬, বিচিত্ৰনাৰায়ণ স্মৃতি-গ্ৰন্থ) "পুৰণি অসমীয়া সাহিত্য" (১৯৪০) ৰ আগকথাতো বাণীকান্ত কাকতিয়ে তেনে এক ইংগিতেই দিছে--"একৈচ বছৰ আগত যেতিয়া শিক্ষিত সমাজে পুৰণি অসমীয়া সাহিত্য মানে গাঁ‌ৱলীয়া মানুহে পঢ়া অসাৰ পদ-পুথি কেতবোৰ বুলিহে ভাবিছিল।"অৰ্থাৎ ১৯১৯ চনলৈ শিক্ষিত মধ্যশ্ৰেণীৰ বহুতে সাহিত্য হিচাপে পদপুথিসমূহক গণ্যই কৰা নাছিল। তাৎপৰ্যপূৰ্ণ যে "পুৰণি অসমীয়া সাহিত্য" আৰু "অসমীয়া পুৰণি সাহিত্য" এই দুই পুথিৰ লেখক ক্ৰমে বাণীকান্ত কাকতি আৰু জ্ঞাননাথ বৰাই তেওঁলোকে পুথি দুখন ৰচনাৰ ক্ষেত্ৰত কোন কোন ছপা পুথিক মূল পাঠ হিচাপে লৈছে সেই কথা উল্লেখ কৰা নাই। জ্ঞাননাথ বৰাই কেবল  পাতনিত লিখিছে--"আমি লৰা কালৰে পৰা পদ পুথিবোৰ মানুহে গোৱা শুনিছো আৰু নিজেও পঢ়িছো।" এই পদপুথিবোৰ সাঁ‌চিপতীয়া নে ছপা আখৰৰ স্পষ্ট নহয়।

                 কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, শিক্ষিত মধ্যশ্ৰেণীৰ বেছিভাগে গুৰুত্ব নিদিলেও শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰৱৰ্তীৰ দৰে প্ৰকাশকে ছপোৱা পদপুথিসমূহ 'ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰিত হৈছিল।' নন্দেশ্বৰ চক্ৰৱৰ্তীয়ে পদপুথিৰ ব্যৱসায় কৰিয়েই চাহ-খেতিয়ক হ'বগৈ পাৰিছিল। পুৰণি পদপুথিৰ ক্ৰমবৰ্ধমান বজাৰ এখন আছিল বাবেই এই দুজন প্ৰকাশকৰ উপৰি বৰুৱা এজেঞ্চি, বৰকটকী এণ্ড কোম্পানী, পুথিতীৰ্থ প্ৰকাশন, হৰিনাৰায়ণ দত্তবৰুৱা, দুৰ্গাধৰ বৰকটকী আদি খ্যাতিমন্ত প্ৰকাশনগোষ্ঠী /প্ৰকাশকে কুৰি শতিকাৰ প্ৰথম দশককেইটাত মূলতঃ পদপুথিয়েই ছপাইছিল। কুৰি শতিকাৰ প্ৰথম দশককেইটাৰ অসমৰ পুথি প্ৰকাশনৰ ইতিহাসলৈ লক্ষ্য কৰিলে পৃথিৱীৰ আন আন ঠাইতো প্ৰয়োজ্য কথাষাৰকেই ক'ব পাৰি--ছপাই নতুন কিতাপৰ সৃষ্টি কৰা নাছিল, কেবল অধিক পৰিমানে পুৰণি পুথি উৎপাদন কৰিছিল (print did not produce new books, only more old books)। পঢ়ুৱৈ সমাজ (Reading Public) সম্পৰ্কেও এইখিনিতে কেতবোৰ কথা ক'ব পাৰি। পাশ্চাত্য শিক্ষাৰে শিক্ষিত স্বল্পসংখ্যক লোকক বাদ দি ছপা-সংস্কৃতিয়ে (print culture) নতুন পঢ়ুৱৈ সমাজ সৃষ্টি কৰিব পাৰিছিলনে? হেমচন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ অভিভাষণত ঠিকে নিৰীক্ষণ কৰিছে, " আমি জাতীয় চৰিত্ৰৰ ভু নলৈ কিতাপ লিখিবলৈ গৈছোঁ‌ গুণেই অসমীয়া মানুহৰ মনত লগা কৰি কিতাপ লিখিব পৰা নাই আৰু সেই গুণেই আমাৰ দেশত এটা পঢ়ুৱৈ সমাজৰ (Reading Public) সৃষ্টি হোৱা নাই।" (পৃষ্ঠা ৭১, অসম সাহিত্য সভাৰ ভাষণাৱলী) গোস্বামীয়ে পঢ়ুৱৈ সমাজ বোলোঁ‌তে নিশ্চয় নতুন genre সমূহৰ পঢ়ুৱৈলৈয়েই আঙুলিয়াইছিল। পুথি প্ৰকাশনৰ ইতিহাসলৈ চালে দেখা যায়, ঔপনিৱেশিক কালছোৱাত নতুন genre সমূহৰ পঢ়ুৱৈ বিশেষ নাছিল সঁ‌চা, কিন্তু প্ৰাক-শংকৰ যুগৰপৰা মধ্যযুগৰ অসমত যি এক পঢ়ুৱৈ আৰু শ্ৰোতাৰ সৃষ্টি হৈছিল, ভক্তি আন্দোলনৰ সময়ছোৱাত সেই সংখ্যা অধিক বৃদ্ধি হৈ অষ্টাদশ শতিকামানৰপৰা এক বুজন পৰিমানৰ পঢ়ুৱৈ-শ্ৰোতাৰ উত্থান হৈছিল। সমান্তৰালভাৱে সাঁ‌চিপতীয়া পুথি নকল (scribe)কৰা এক শিক্ষিত শ্ৰেণীৰো সৃষ্টি হৈছিল। প্ৰিণ্ট অহাৰ পিছত এই সাঁ‌চিপতীয়া পঢ়ুৱৈ সমাজেই ছপা পদপুথিৰো পঢ়ুৱৈ হৈ পৰিছিল। অৰ্থাৎ কেবল মাধ্যমহে সলনি হৈছিল।সেই সময়ছোৱাত প্ৰিণ্টে বিশেষ নতুন কোনো কিতাপ সৃষ্টি নকৰাৰ দৰে নতুন পঢ়ুৱৈ সমাজো সৃষ্টি কৰা নাছিল। আমাৰ আধুনিক সাহিত্যৰ বুৰঞ্জীসমূহৰ সীমাবদ্ধতা এইটোৱে যে সাহিত্যৰ নতুন genre বোৰকহে এইসমূহত গুৰুত্ব দিয়া হৈছে আৰু সেই সময়ছোৱাত অসমীয়া পঢ়ুৱৈ সমাজেনো কি পঢ়িছিল তাক বিচাৰ কৰা হোৱা নাই।
              যি হওক, প্ৰিণ্টে পৰম্পৰাগত পঢ়ুৱৈ সমাজলৈ যে এক উত্তেজনাও কঢ়িয়াই আনিছিল সেই বতৰা জ্ঞাননাথ বৰাই আমাক দিছে 'মাধৱ কন্দলীৰ ৰামায়ণ' শীৰ্ষক পাঠটোতঃ 
           '"অসমীয়া ৰামায়ণ ওলাল', 'অসমীয়া ৰামায়ণ ওলাল' বুলি ৰংমনেৰে আমাৰ মানুহে পৰস্পৰ কোৱা এতিয়াও মোৰ মনত পৰে। ই আঢ়ৈকুৰি বছৰৰ আগৰ কথা। তাৰ আগেয়ে ঘৰে ঘৰে বঙলা ৰামায়ণ। আমি আমাৰ ভাষাত যে এখন ৰামায়ণ আছিল তাকেই নাজানিছিলোঁ‌। যিদিনা স্বৰ্গীয় ঁ‌মাধৱচন্দ্ৰ বৰদলৈ ডাঙৰীয়াই মাধৱ কন্দলীৰ ৰামায়ণ ছপা কৰি ৰাইজৰ হাতত দিলে সেইদিনা দুপৰীয়া আমাৰ পুৰোহিত সৰ্ব্বেশ্বৰদেৱে ভৰলুমুখৰ শাহু-বোৱাৰী-জীয়াৰীসকলৰ আগত জাত লগাই পঢ়িছিল। বৃদ্ধ পুৰোহিতৰ কণ্ঠধ্বনি আমাৰ কাণত এতিয়াও লাগি আছে। পুৰোহিতে অৱশ্যে সেই পুথি আগেয়ে সাঁ‌চিপাতত পঢ়িছিল। এতিয়া ফটফটীয়া ছপা আখৰ পাই তেওঁৰ কি উৎসাহ! কি আনন্দ! একেৰাহে আদিকাণ্ডৰপৰা সুন্দৰাকাণ্ডলৈ পঢ়ি গধূলি এন্ধাৰ হোৱাতহে পুথি জপালে।" (পৃষ্ঠা ২৪, অসমীয়া পুৰণি সাহিত্য)
 
        শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত পুথি :

আমি সংগ্ৰহ কৰা শিৱনাথ ভট্টাচাৰ্য্যই ছপোৱা পুথিসমূহৰ এক চমু বিবৰণ আগবঢ়োৱা হ'লঃ

(১) লৰাকবিতা /দুৰ্গাপ্ৰসাদ দত্ত /দ্বিতীয় তাঙৰণ /আহিন, ১৮৭১ শক (ইং ১৮৯৯)/বেচ--তিনি অনা মাথোন /ডিব্ৰুগড়ৰ এ আৰ টি কোম্পানীৰ প্ৰেছত ডি চি ঘোষৰদ্বাৰা মুদ্ৰিত/মুঠ পৃষ্ঠাসংখ্যা ৩৭।

(২) উজু পাঠ /বলদেৱ মহন্ত /প্ৰকাশৰ চন আৰু ছপাশালৰ নাম নাই /মুঠ পৃষ্ঠাসংখ্যা ৩৫।

(৩) হৰি-প্ৰসঙ্গ ও আইনাম /এম বৰুৱা / চতুৰ্থ তাঙৰণ /১৮২৬ শক (ইং ১৯০৪)/ বেচ--এসিকি মাথোন /কলিকতাৰ ১২২ নং আৰ্মহাৰ্ষ্ট ষ্ট্ৰীটৰ ৰাধাৰমণ যন্ত্ৰত নৃত্যগোপাল চক্ৰবৰ্ত্তীৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৩৭।

(৪) সীতাহৰণ-কাব্য /ভোলানাথ দাস /প্ৰথম সংস্কৰণ /সন ১৩১৩ (ইং ১৯০৬)/বেচ নাই / কলিকতাৰ ৬ নং কলেজ-স্কোয়াৰৰ সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১৯২।

(৫) কৃষ্ণগুণমালা /শঙ্কৰদেৱ /পঞ্চম তাঙৰণ /১৮২৮ শক (ইং ১৯০৬)/বেচ এমহা মাথোন /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৫১।

(৬) The Assamese Child's Grammar/গোলাপচন্দ্ৰ বৰুৱা /তৃতীয় তাঙৰণ /১৯০৭ চন /বেচ--চাৰি আনা মাথোন /৬ নং কলেজ স্কোৱেৰৰ সাম্য প্ৰেছত এ লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৮৮।

(৭) ভক্তি-ৰত্নাৱলী /মাধৱদেৱ /দ্বিতীয় তাঙৰণ /১ ভাদ্ৰ, ১৮৩১ শক (ইং ১৯০৯)/মুঠ পৃষ্ঠাসংখ্যা ২৮৯।

(৮) পঢ়াশালীৰ অসমীয়া ব্যাকৰণ /শিৱনাথ ভট্টাচাৰ্য্য /নৱম তাঙৰণ /১৯১২ চন /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৬৮ (অসম্পূৰ্ণ)।

(৯) অসমীয়া ভূগোল-সাৰ / নৰেশ্বৰ শৰ্ম্মা /ঊনবিংশ তাঙৰণ /১৯১৩ চন /মুঠ পৃষ্ঠাসংখ্যা ১৩২ (আন তথ্য পোৱা নগ'ল)।

(১০) শ্ৰীমদ্ভাগৱত দশম স্কন্ধ /মহাপুৰুষ শঙ্কৰদেৱ /১৩২৪ (ইং ১৯১৮)/বেচ দুই টকা মাথোন /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য যন্ত্ৰত দেৱেন্দ্ৰনাথ বন্দোপাধ্যায়ৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৫৭৬।

(১১) অঞ্জলি /দুৰ্গেশ্বৰ শৰ্ম্মা /দ্বিতীয় তাঙৰণ /১৮৩৭ শক (ইং ১৯১৫)/ বেচ দহ অনা /সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১১২ (অসম্পূৰ্ণ)।

(১২) লৰা-শিক্ষা মাজছোৱাৰ অৰ্থপুথি /কলিকতাৰ ৩৯।১ নং শিবনাৰায়ণ দাস লেইনৰ কাত্যায়নী প্ৰেছত অমৃতলাল সৰকাৰৰদ্বাৰা মুদ্ৰিত /বেচ দহ অনা মাত্ৰ /মুঠ পৃষ্ঠাসংখ্যা ৩৪। (আন তথ্য পোৱা নগ'ল)

(১৩) সাহিত্য-বিচাৰ /সত্যনাথ বৰা /চতুৰ্থ তাঙৰণ /১৮৪৪ শক (ইং ১৯২২ চন)/ বেচ চাৰি অনা /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য প্ৰেছত উপেন্দ্ৰনাথ দাসৰদ্বাৰা মুদ্ৰিত।মুঠ পৃষ্ঠাসংখ্যা ১১৫।

(১৪) হিতোপদেশ /ইন্দ্ৰধৰ ৰাজখোৱা /চতুৰ্থ তাঙৰণ /১৯২২ চন /কলিকতাৰ ১৪ নং জগন্নাথ দত্ত লেনৰ লক্ষ্মীবিলাস প্ৰেছত বিজয়কৃষ্ণ দাসৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৪৯।

(১৫) হোকাচৰিত, ধেমেলীয়া পুথি /ৰজনীকান্ত খাৰঘৰীয়া সংগৃহীত /দ্বিতীয় তাঙৰণ /১৯২৩ চন / ডিব্ৰুগড়ৰ আসাম কমাৰ্ছিয়েল কোম্পানীৰ প্ৰেছত সূৰ্য্যধৰ ৰাজখোৱাৰদ্বাৰা মুদ্ৰিত।বেচ দুই অনা /মুঠ পৃষ্ঠাসংখ্যা ১১।

(১৬) শ্ৰীকৃষ্ণ-শতনাম, নাৰায়ণ-কৱচ /নতুন তাঙৰণ /১৯২৪ /লক্ষ্মীবিলাস প্ৰেছত বিজয়কৃষ্ণ দাসৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ২১।

(১৭) ভক্তি-ৰত্নাৱলী /মাধৱদেৱ অনূদিত /১৯২৬ চন /কলিকতাৰ ১৪ নং জগন্নাথ দত্তৰ লেনৰ লক্ষ্মীবিলাস প্ৰেছত বিজয়কৃষ্ণ দাসৰদ্বাৰা মুদ্ৰিত /বেচ ডেৰ টকা মাত্ৰ /মুঠ পৃষ্ঠাসংখ্যা ২৮৪।

(১৮) ভক্তি সাধন বা বৈষ্ণৱামৃত /অনন্ত কন্দলী ভণিত /দ্বিতীয় তাঙৰণ /১৯২৮ /৩৮ নং শিবনাৰায়ণ দাসৰ লেনৰ ঘোষ মেছিন যন্ত্ৰত মন্মথনাথ ঘোষৰ দ্বাৰা মুদ্ৰিত / বেচ এসিকি/মুঠ পৃষ্ঠাসংখ্যা ৩৬।

(১৯) ত্ৰিবেণী /সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী সংগৃহীত আৰু সম্পাদিত /দ্বিতীয় তাঙৰণ /১৯২৮ /বেচ দহ অনা মাথোন /সাম্য প্ৰেছত উপেন্দ্ৰনাথ দাসৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১১২।

(২০) অসমীয়া সাহিত্য-সম্ভাৰ /সৰ্ব্বেশ্বৰ শৰ্মা কটকী /প্ৰথম তাঙৰণ / ১৮৫১ শক (ইং ১৯২৯) /বেচ এটকা /মুঠ পৃষ্ঠাসংখ্যা ২৩২।

(২১) অসমীয়া ক্ষেত্ৰ জ্যামিতি অৰ্থাৎ ইউক্লিডৰ প্ৰথম খণ্ড /মুন্সী ছাখাৱত আলী /চতুৰ্দ্দশ তাঙৰণ /১৯২৯/বেচ দহ অনা মাথোন /সাম্য প্ৰেছত দেবেন্দ্ৰনাথ বন্দোপাধ্যায়ৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১৩০।