Thursday, June 25, 2020

শিৱনাথ ভট্টাচাৰ্য্য আৰু অসমৰ পুথি প্ৰকাশনৰ ইতিহাস


শিৱনাথ ভট্টাচাৰ্য্য আৰু অসমৰ পুথি প্ৰকাশনৰ ইতিহাস



উৎসঃ"লৰা শিক্ষা,মাজছোৱাৰ অৰ্থপুথি"


                অসমৰ পুথি প্ৰকাশনৰ ইতিহাসত প্ৰকৃতাৰ্থত প্ৰথমগৰাকী সফল গ্ৰন্থ ব্যৱসায়ী হ'ল শিৱনাথ ভট্টাচাৰ্য্য (১৮৬৩-১৯৩৩)।গুণাভিৰাম বৰুৱা, শ্ৰীধৰ বৰুৱা (আউনীআটি সত্ৰ,মাজুলী), বাঞ্চাৰাম চৌধুৰী (নগাঁও), হৰিবিলাস গুপ্ত, কালিৰাম বৰুৱা, অনাদৰ দাস উকীল (বৰপেটা), যজ্ঞৰাম দাস (বৰপেটা), ভোগজুৰ বেপাৰী, লাক্ৰিসিং বেপাৰী (বৰপেটা) আদি ঊনবিংশ শতিকাৰ পুথি প্ৰকাশকসকলৰ ভিতৰত ডিব্ৰুগড়ত থিতাপি লগা শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰৱৰ্তীকেই অসমৰ প্ৰথম সফল পুথি প্ৰকাশক বুলি অভিহিত কৰিব পাৰি।তাৎপৰ্যপূৰ্ণ যে, ওপৰত উল্লিখিত প্ৰকাশকসকলৰ এজনৰো গ্ৰন্থৰ বিপনী নথকাৰ বিপৰীতে ভট্টাচাৰ্য্য আৰু চক্ৰৱৰ্তীৰ তেওঁলোকৰদ্বাৰা প্ৰকাশিত পুথি বিকিবলৈ দুখনকৈ গ্ৰন্থবিপনী, ক্ৰমে ভট্টাচাৰ্য্য এজেন্সি আৰু এজেন্সি কোম্পানী স্থাপিত হৈছিল ডিব্ৰুগড়ত।ঔপনিৱেশিক আমোলত ডিব্ৰুগড় চহৰ বিভিন্ন দিশত যেনে, যাতায়ত-ব্যৱস্থা, ডাক-ব্যৱস্থা আদিৰ ক্ষেত্ৰত তুলনামূলকভাৱে উন্নত হোৱাৰ বাবেও কলিকতাৰপৰা পুথি ছপাই অনাত বা কিতাপৰ পাৰ্চেলসমূহ বিভিন্ন ঠাইলৈ পঠিওৱাত সুবিধা হৈছিল।তদুপৰি ঊনবিংশ শতিকাৰ শেহৰ ফালে আছাম ৰেইলৱেজ এণ্ড ট্ৰেডিং কোম্পানীৰ এটি ছপাখানা প্ৰতিষ্ঠা হোৱাত পুথি একোখন কলিকতালৈ নোযোৱাকৈয়ে ছপোৱাত ভালেখিনি সুবিধা হৈছিল।


                 শিৱনাথ ভট্টাচাৰ্য্য সফল পুথি ব্যৱসায়ী হ'লেও তেওঁ আছিল মূলতঃ শিক্ষকতাৰ সৈতে জড়িত ব্যক্তি।বুৰঞ্জীবিদ বেণুধৰ শৰ্মাই ভট্টাচাৰ্য্যৰ জী-নাতি, প্ৰসিদ্ধ ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীক হেনো এনেদৰে কৈছিলঃ" মোমায়েৰা ঘুগুৱে (হৰেন ভট্টাচাৰ্য্য) মই কেবাবাৰো লিখা সত্বেও গোটাদিয়েক তথ্য নপঠোৱাত "অৰ্ঘ্যাৱলী"ত 'অসমৰ মেক্ মিলান শিৱনাথ ভট্টাচাৰ্য্য' আলেখ্যটো বাদ পৰিল।পাৰিলে মই এৰি থৈ যোৱা কামটো তুমিয়ে হাতত লবা।যোৱা শতিকাৰ শেষৰ ছোৱাৰপৰা তিনিটা দশকত অসমৰ পঢ়াশলীয়া শিক্ষা, সাহিত্য, বিশেষকৈ বৈষ্ণৱী সাহিত্যৰ অনুসন্ধান আৰু প্ৰকাশনত এইজনা পুৰুষৰ অৱদান কম নহয়।" (কুৰি শতিকাৰ কাহিনী, পৃষ্ঠাঃ৩২-৩৩)



            হেৰম্বকান্ত বৰপূজাৰীয়ে লিখা অনুসৰি শিৱনাথ ভট্টাচাৰ্য্যৰ পূৰ্বপুৰুষ বংগদেশৰ নৱদ্বীপৰ জয়ভাৰতী সত্ৰৰ সত্ৰাধিকাৰ আছিল।ৰুদ্ৰসিংহৰ দিনত তেওঁলোক চাৰিঙলৈ আহি বসতি কৰিবলৈ লয়।শিৱনাথৰ ককাৱক ৰামকৃষ্ণ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী আছিল আৰু তেওঁৰ  বৰপুত্ৰ কৃষ্ণচন্দ্ৰৰ তৃতীয় পুত্ৰ আছিল শিৱনাথ।শিৱসাগৰৰ বঙলা মজলীয়া স্কুলত শিক্ষালাভ কৰি শিৱনাথে ফৰ্থ ক্লাছলৈকে (বৰ্তমানৰ সপ্তম শ্ৰেণী) স্থানীয় হাইস্কুলত পঢ়িছিল।অৱশ্যে ঘৰুৱা অসুবিধাত শিক্ষা সাং কৰি ডিব্ৰুগড়ৰ মজলীয়া বঙলা স্কুলৰ শিক্ষকৰ কামত সোমায়।(পৃষ্ঠা ৩৩, পূৰ্বোক্ত গ্ৰন্থ)


                বেণুধৰ ৰাজখোৱাই "মোৰ জীৱন-দাপোন" (১৯৬৯)ত লিখিছে, "তেতিয়া ডিব্ৰুগড়ত বঙলা স্কুল (অৰ্থাৎ এম-ভি স্কুল) আছিল।এতিয়া য'ত মেট্ৰিক পৰীক্ষা হয়, সেই ঘৰটোতে বঙলা স্কুল বহিছিল।শিৱনাথ ভট্টাচাৰ্য্য তৃতীয় শিক্ষক আছিল।সেই ঘৰতে এটা টোল আছিল---সেইটোৱেই গুৰু-প্ৰশিক্ষণ শ্ৰেণী (Guru Training class)।তাৰ হেডপণ্ডিত আছিল দ্বাৰকানাথ সেন।এতিয়া য'ত ছোৱালী হাইস্কুল আছে, তাৰ দাঁ‌তিতে দ্বাৰকা বাবুৰ বহা আছিল।...পিচত দ্বাৰকা বাবুহঁ‌ত ডিব্ৰুগড় এৰি যোৱাত কিছুদিন ছোৱালী-স্কুলত শিৱনাথ ভট্টাচাৰ্য্যই প্ৰধান শিক্ষক স্বৰূপে কাম কৰিছিল।"(পৃষ্ঠা ৫৯-৬০) ডিব্ৰুগড় বঙলা স্কুলত চাৰিবছৰমান চাকৰি কৰাৰ পিছত গোৱালপাৰা মধ্যম বঙলা স্কুলৰ প্ৰধান শিক্ষক হিচাপে ভট্টাচাৰ্য্য নিযুক্ত হয়।১৯০২ চনত তেওঁ তেজপুৰ মজলীয়া বিদ্যালয়লৈ বদলি হয় আৰু ইয়াতে অসমীয়া ভাষাত সাহিত্য, ভূগোল আৰু সংস্কৃত পঢ়াব লগা হয়।হেৰম্বকান্ত বৰপূজাৰীয়ে লিখিছে, "আৱশ্যকীয় পাঠ্যপুথিৰ অভাৱত, ভাগিনিয়েক নকুল চন্দ্ৰ সভাপণ্ডিতে কোৱামতে, এই উদ্দেশ্যে তেওঁ কিছু টোকা কৰি লব লগা হৈছিল আৰু সেইখিনিকে পিছলৈ সংশোধন আৰু পৰিৱৰ্দ্ধন কৰি "আসাম ভূগোল", "অসমীয়া ব্যাকৰণ" আৰু "পাটীগণিত" ৰূপে প্ৰকাশ কৰিছিল।যাদৱ চক্ৰৱৰ্তীৰ কেবাখনো পাটীগণিত আৰু অঘোৰনাথ চক্ৰৱৰ্তীৰ "পঢ়াশালীৰ পৰা বিশ্বব্ৰহ্মাণ্ড" প্ৰকাশ হোৱাৰ পৰৱৰ্তী কালতো শিৱনাথৰ পাটীগণিত আৰু 'আসাম ভূগোল'-এ শদিয়াৰ পৰা ধুবুৰীলৈকে পঢ়াশলীয়া ছাত্ৰৰ অভাৱ পূৰণ কৰিছিল।"(পৃষ্ঠাঃ৩৩-৩৪, কুৰি শতিকাৰ কাহিনী) শিৱনাথ ভট্টাচাৰ্য্যই তেজপুৰৰপৰা পুনৰ বদলি হৈ আহি যোৰহাটৰ মাইনৰ স্কুলত কিছুদিন শিক্ষকতা কৰে।তাৰ পিছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলত সংস্কৃত পণ্ডিত হিচাপে শিক্ষকতা কৰি ১৯২২ চনত চাকৰি-জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে।

            পুথি প্ৰকাশনৰ আৰম্ভণি  :

           ১৮৮৬ চনত ডিব্ৰুগড়ৰ মজলীয়া বঙলা স্কুলত শিক্ষকতা কৰি থকা অৱস্থাতে শিৱনাথ ভট্টাচাৰ্য্যই এটি এজেঞ্চি প্ৰতিষ্ঠা কৰি সমান্তৰালভাৱে ব্যৱসায়ত মনোনিৱেশ কৰে।"গ্ৰন্থকাৰ আৰু পঢ়াশলীয়া ছাত্ৰৰ সুচলৰ অৰ্থে ১৮৮৬ চনত শিৱনাথে নিজৰ ঘৰতে ভট্টাচাৰ্য্য এজেঞ্চি প্ৰতিষ্ঠা কৰে।পাণ্ডুলিপিসমূহ কমিছন হাৰে বা যথোচিত মূল্যত কিনি কলিকতাৰ সঞ্জীৱনী, লক্ষীবিলাস আদি ভিন ভিন ছপাখানাত ছপাই জাহাজেৰে অনাই এজেঞ্চিত জমা কৰি ৰখা হয়।"(১) অতুলচন্দ্ৰ হাজৰিকাই লিখিছে, "ভট্টাচাৰ্য্য এজেঞ্চি স্থাপন আৰু পৰিচালনা কৰিছিল পণ্ডিত শিৱনাথ ভট্টাচাৰ্য্যদেৱে।তেওঁ শিক্ষকতা কৰিছিল, গাঁ‌ৱে-ভূঞে সিঁ‌চৰতি হৈ অ'ত-ত'ত পৰি থকা পুৰণি অসমীয়া পুথিবোৰ থুপুৰিয়াই আনি প্ৰকাশ কৰি তেওঁৰ ভট্টাচাৰ্য্য এজেঞ্চিৰ যোগেদি সেইবোৰ বেচাৰ ব্যৱস্থা কৰিছিল।এনে পুথি অলেখ।যি সময়ত এইবোৰ পুথি প্ৰকাশ হৈছিল সেই সময়ত শিক্ষিত সমাজে ইয়াত বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল।" (পৃষ্ঠা ৭৬-৭৭, বিচিত্ৰনাৰায়ণ স্মৃতি-গ্ৰন্থ) অৱশ্যে ১৮৮৬ চনত এজেঞ্চিটোৰ নাম 'ভট্টাচাৰ্য্য এজেঞ্চি' ৰখা হ'লেও প্ৰকাশক হিচাপে এজেঞ্চিৰ সলনি 'শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত' বুলিহে প্ৰায়ভাগ গ্ৰন্থত উল্লেখ কৰা হৈছিল। আনহাতে ভট্টাচাৰ্য্য এজেঞ্চিয়ে প্ৰথমৰপৰাই নিশ্চয় পুথি প্ৰকাশ কৰা নাছিল।বিভিন্ন সামগ্ৰী এই এজেঞ্চিয়ে খুচুৰা আৰু পাইকাৰী হাৰত বিক্ৰীহে কৰিছিল। ঊনবিংশ শতিকাৰ শেষ দশকত (আনুমানিক, কিয়নো পুথিখনত প্ৰকাশৰ চন উল্লেখ নাই) শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত "লৰা-শিক্ষা মাজছোৱাৰ অৰ্থপুথি" নামৰ লেখকৰ নাম উল্লেখ নথকা পুথিখনৰ শেষত "ভট্টাচাৰ্য্য এজেন্সী'ৰ দুটা বিজ্ঞাপন প্ৰকাশ হৈছে। এটা হৈছে--

বদন-ৰঞ্জন 

        সাল-মইনা, চেনীপৰা, বগাসোম পৰা, মুখ গাল ফটা ৰোগত এই দৰবৰ গুণ আচৰিত। মোটৰ ওপৰত ই এটা সুগন্ধি পমেটন আৰু মুখ ধুনীয়া কৰাৰ ৰজাদৰব। এই দৰবৰ গুণৰ বাবে আমি অলেখ প্ৰশংসা-পত্ৰ পাইছোঁ‌। আপোনাৰ মুখখন ধুনীয়া কৰি লব খুজিলে ইয়াৰ এক শিশি নি ব্যবহাৰ কৰুক। এক চিচাৰ বেচ ।।০ আনা। একত্ৰে ৩ চিচা নিলে মাসুল দিব নে লাগে।

পোৱাৰ ঠাই----                  
ভট্টাচাৰ্য্য এজেন্সী              
ৰিহাবাড়ী।                        

            এই বিজ্ঞাপনটোৱে প্ৰমাণ কৰে যে 'ভট্টাচাৰ্য্য এজেন্সী'য়ে  কেবল কিতাপৰেই ব্যৱসায় কৰা নাছিল।একেখন পুথিতেই এই এজেঞ্চিৰ আন এটা বিজ্ঞাপন প্ৰকাশ হৈছে আৰু এইটোৱেই বোধকৰোঁ‌ অসমৰ কোনো কিতাপৰ দোকানৰ প্ৰথম বিজ্ঞাপন।বিজ্ঞাপনটো এনে---

 ভট্টাচাৰ্য্য এজেন্সী
পোঃ ৰিহাবাৰী

          আসাম দেশৰ ভিতৰত কিতাপৰ একমাত্ৰ পুৰনা আৰু ডাঙৰ দোকান। আমাৰ দোকানত অসমীয়া ভাষাৰ বৰ্ত্তমানলৈকে ছপা হোৱা সকলো কিতাপ আছে।আসাম দেশৰ বিখ্যাত সাহিত্যিক আৰু গ্ৰন্থ কৰ্ত্তা সকলৰ কিতাপ আৰু তাৰ ব্যাখ্যা আদি ছাতৰৰ কাৰনে ৰখা হৈছে।দাম উপযুক্ত।আমাৰ কিতাপৰ বহুত অনুকৰণ হোৱা শুনা গৈছে।ওপৰৰ ঠিকনালৈ পত্ৰ দিলে সকলো ৰকমৰ অসমীয়া কিতাপ পঠাই দিম।
                                                                                    --   শ্ৰীশিবনাথ ভট্টাচাৰ্য্য।

       এই বিজ্ঞাপনটোতো প্ৰকাশকতকৈ বিতৰক হিচাপেহে 'ভট্টাচাৰ্য্য এজেন্সী'ৰ আবিৰ্ভাৱ হৈছে।আমি পোৱা শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত পুথিসমূহৰ ভিতৰত বলদেৱ মহন্তৰ "উজু পাঠ" প্ৰথম ভাগ প্ৰথমৰ ফালৰ পুথি হ'ব পাৰে।পুথিখনত প্ৰকাশৰ চন নাই বাবে স্পষ্টকৈ ক'ব পৰা নাযায়।বলদেৱ মহন্তৰ এই পুথিখন প্ৰথম প্ৰকাশ হৈছিল ১৮৮৪ চনত। এইটো সংস্কৰণ পোৱা হোৱা নাই। দ্বিতীয় সংস্কৰণ প্ৰকাশ হৈছিল ১৮৮৭ চনত আৰু প্ৰকাশক আছিল ভূমিকান্ত দাস মৌজাদাৰ (মুদ্ৰণ হৈছিল কলিকতাৰ নতুন আৰ্য্য যন্ত্ৰত, মুঠ পৃষ্ঠাসংখ্যা ৩২)।শিৱনাথ ভট্টাচাৰ্য্যই প্ৰকাশ কৰা সংস্কৰণটো নিশ্চয় ১৮৮৭ ৰ পিছত হ'ব। নিঃসন্দেহকৈ ক'ব পৰাকৈ ভট্টাচাৰ্য্যই প্ৰকাশ কৰা প্ৰথমৰফালৰ পুথি এখন হ'ল দুৰ্গাপ্ৰসাদ দত্তই ৰচনা কৰা "লৰাকবিতা"ৰ দ্বিতীয় তাঙৰণ।ডিব্ৰুগড়ৰ এ আৰ টি কোম্পানীৰ প্ৰেছত মুদ্ৰিত এই পুথিখন ছপা হৈ ওলাইছিল ১৮২১ শকৰ আহিন মাহত (ইং ১৮৯৯ চন)। কুৰি শতিকাৰ আৰম্ভণিৰপৰা অৱশ্যে ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত কিতাপসমূহৰ এক নিশ্চিত তালিকা কৰিব পৰা যায়। উদাহৰণ স্বৰূপে ১৯০৫ চনত ভট্টাচাৰ্য্যই প্ৰকাশ কৰা পানীন্দ্ৰনাথ গগৈৰ "লৰা-শিক্ষা, মাজছোৱাৰ" (সচিত্ৰ)ৰ বকলাপিঠিত ২৫ খন পুথিৰ 'জাননী' দিয়া হৈছে।এই গোটেইকেইখন পুথিয়েই পদপুথি। সেইসমূহ হ'ল--অশোক চৰিত্ৰ, ভীম চৰিত্ৰ, ডাক চৰিত্ৰ, স্বপ্ন অধ্যায়, স্ত্ৰী চৰিত্ৰ, লক্ষ্মী চৰিত্ৰ, ধ্ৰুৱ চৰিত্ৰ, গোপাল দেৱ চৰিত্ৰ, গুৰু চৰিত্ৰ, পক্ষী চৰিত্ৰ, মহীৰাৱণ বধ, খটাসুৰ বধ, কুলাচল বধ, শিশুপাল বধ, সুধন্বা বধ, নৰকাসুৰ বধ, শতস্কন্ধ ৰাৱণ বধ, কুৰ্ম্মৱলী বধ, কুমাৰ হৰণ, ৰুক্মিণী হৰণ, ৰাধা হৰণ, ঊষা হৰণ, স্যমন্ত হৰণ, আৰু বস্ত্ৰ হৰণ।

           একেদৰে গোলাপ চন্দ্ৰ বৰুৱাৰ The Assamese Child's Grammar (An English Grammar in Assamese) শিৱনাথ ভট্টাচাৰ্য্যই প্ৰকাশ কৰিছিল ১৯০৬ চনত। এই পুথিৰ বকলাপিঠিত ১৪ খন পুথিৰ 'জাননী' দিয়া হৈছে।সেইবোৰ ক্ৰমে---অসমীয়া ইংৰাজী গ্ৰামাৰ, অসমীয়া ইংৰাজী ওৱাৰ্ডবুক, অসমীয়া ইংৰাজী কম্পজিছন্, ইংৰাজী ফাৰ্ষ্ট বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী চেকেণ্ড বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী থাৰ্ড বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী ফ'ৰ্থ বুক, ইংৰাজী অসমীয়া মিনিং, ইংৰাজী অসমীয়া স্পেলিং বুক, ইংৰাজী কপি বুক, ইংৰাজী ৰাজভাষা।এই আটাইকেইখন পুথিয়েই তলৰ শ্ৰেণীৰ ল'ৰা-ছোৱালীৰ কাৰণে ৰচিত আৰু প্ৰকাশিত।

     কুৰি শতিকাৰ আৰম্ভণী দশকত প্ৰকাশিত "কৃষ্ণগুণমালা" (পঞ্চম সংস্কৰণ ১৯০৬ ত মুদ্ৰিত)ৰ বকলাপিঠিতো ১২ খন পদপুথিৰ বিজ্ঞাপন আছেঃ কীৰ্ত্তন ঘোষা সম্পূৰ্ণ, কীৰ্ত্তন ঘোষা (বিলাতী বন্ধা), সিন্ধুৰাপৰ্ব্ব মহাভাৰত, ভক্তি ৰত্নাৱলী, ভক্তিৰত্নাৱলী (বিলাতী বন্ধা), দশম স্কন্ধ ভাগৱত, দশম স্কন্ধ ভাগৱত (বিলাতী বন্ধা), ভগবদগীতা, ভগবদগীতা (বিলাতী বন্ধা), খটাসুৰ জঙ্ঘাসুৰ ও অশ্বকৰ্ণবধ (বিলাতী বন্ধা), কুলাচল বধ পৰ্ব্ব আৰু বঘাসুৰ বধ পৰ্ব্ব।

           ১৯০৫ চনত গোৱালপাৰা গৱৰ্ণমেণ্ট স্কুলৰ প্ৰধান শিক্ষক হৈ থকা অৱস্থাত মাধৱদেৱৰ "ভক্তিৰত্নাৱলী" পুথিখন ছপাই উলিয়ায়।সেই পুথিৰ পাতনিত ভট্টাচাৰ্য্যই লিখিছে, "আমি ইতি পূৰ্ব্বে উক্ত মহাপুৰুষৰ (মাধৱদেৱ) ৰচিত নামঘোষা খনীও প্ৰকাশ কৰিছিলো।এতিয়া ভক্তিৰত্নাৱলী খনীও প্ৰকাশ কৰিলোঁ‌।যদিও বা ইয়াৰ পূৰ্ব্বে অনেক জন কৃতবিদ্য, স্বদেশ প্ৰেমিক পুৰুষে ইয়াক অনেকবাৰ প্ৰকাশ কৰিছে, তথাপি এই অমূল্য-ৰত্ন-গ্ৰন্থ খানীৰ যিমান অধিক পৰিমানে লোকসমাজত প্ৰচলন হয় সিমানেই মঙ্গল বিবেচনা কৰি অনেক অৰ্থব্যয় কৰি প্ৰকাশ কৰিলোঁ‌।দোষ সকলোতেই আছে; "শশীনি খলু কলষ্কঃ কণ্টকং পদ্মনালে" আমাৰ এই কাৰ্য্যও যে দোষ বিৰহিত তাক আমি কব নোৱাৰোঁ‌, তথাপি সাহসত ভৰ দি আগ বাঢ়িলোঁ‌।"কেইটামান বছৰৰ ভিতৰতে এই পুথিৰ কেইবাটাও সংস্কৰণ প্ৰকাশ হোৱাটোৱে এই পুথিৰ জনপ্ৰিয়তাক সূচায়। "হৰি-প্ৰসংগ ও আইনাম"(চতুৰ্থ সংস্কৰণ ১৯০৪ ত প্ৰকাশিত)ৰ বকলাপিঠিৰ "জাননী"ত শিৱনাথ ভট্টাচাৰ্য্যই এইকেইখন পুথিৰ জাননী দিছে---বিয়া-নাম, গোপিনী-কীৰ্ত্তন, নামতী আই (যন্ত্ৰস্থ), হৰিপ্ৰসঙ্গ-আইনাম, মহৰী (ধেমেলীয়া নাট), নিগ্ৰো (সেয়ে), বৃষকেতু (পৌৰাণিক নাট), বঘাসুৰ-বধ, কুলাচল-বধ, কামিনী-কণ্ঠ, কানীয়া-কীৰ্ত্তন, বৈষ্ণৱ-কীৰ্ত্তন, কাণখোৱা, লক্ষ্মীচৰিত্ৰ, পুষ্পহৰণ-বনপৰ্ব্ব, অনাদিপাতন পুথি, নল-চৰিত্ৰ, পকাবন্ধা কীৰ্ত্তন, ভীমচৰিত্ৰ, বৰ বেজালী আৰু মহীৰাৱণ বধ।
                 একেদৰে "হোকাচৰিত" পুথিৰ বকলাপিঠিত ১৯২৩ চনৰ মাৰ্চ মাহত শিৱনাথ ভট্টাচাৰ্য্যই বত্ৰিছখন ধৰ্মপুথি তেওঁৰ ওচৰত পোৱা যাব বুলি বিজ্ঞাপন দিছেঃ পকাবন্ধা কীৰ্ত্তনঘোষা, পকাবন্ধা দশম, ভক্তি ৰত্নাৱলী, ভক্তি প্ৰেমাৱলী, ভক্তি ৰত্নসিন্ধু, ভক্তি কল্পতৰু, ভক্তি ৰত্নসাৰ, ভজন বিলাস, সন্তসাৰ, ভগৱদগীতা, গুপ্তসাৰ, গুপ্তমণি, অমূল্য ৰতন, ধৰ্ম্মতত্ত্বৰ ১ ম ভাগ, ধৰ্ম্মতত্ত্বৰ ২য় ভাগ, বৈষ্ণবী কীৰ্ত্তন, বৈষ্ণৱামৃত, কৃষ্ণ গুণমালা, গুৰু গুণমালা, কাণখোৱা, স্যমন্ত হৰণ, কলঙ্ক ভজন, হৰিপ্ৰসঙ্গ আইনাম, কালিকা পুৰাণ, বৈষ্ণৱী পুৰাণ, পদ্ম পুৰাণ, গৰুড় পুৰাণ, অগ্নি পুৰাণ, ৰুদ্ৰ যামল, ৰাসক্ৰীড়া, ধৰ্ম্ম সংবাদ আৰু লীলামালা।

             ওপৰত উল্লিখিত কুৰি শতিকাৰ প্ৰথমটো দশকত শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত পুথিসমূহৰ তালিকাৰপৰা এটা কথা প্ৰতীয়মান হয় যে ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পুথি প্ৰকাশকসকলৰ ভিতৰত ভট্টাচাৰ্য্যই সৰ্বাধিক পদপুথি ছপা কৰি উলিয়াইছিল।অৱশ্যে ভট্টাচাৰ্য্যৰে সম্পৰ্কীয় নন্দেশ্বৰ চক্ৰৱৰ্তীয়েও 'এজেন্সি কোম্পানী'ৰ যোগেদি পুৰণি পুথি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল ১৯০৫ চনৰপৰা।
               
            বিক্ৰেতা বা বিতৰক হিচাপেও শিৱনাথ ভট্টাচাৰ্য্যই ভট্টাচাৰ্য্য এজেঞ্চিক প্ৰতিষ্ঠা কৰাত সমানে গুৰুত্ব দিছিল।বিশেষকৈ পঢ়াশলীয়া পাঠ্যপুথিসমূহ এই এজেঞ্চিয়ে বিতৰণ কৰিছিল।হয়তো ইচ্ছা থকা সত্বেও সৰহসংখ্যক পাঠ্যপুথি ভট্টাচাৰ্য্যই ছপোৱাৰ সুযোগ পোৱা নাছিল (সেই সময়ছোৱাত ভালেমান পাঠ্যপুথিৰ লেখকে পুথিসমূহ নিজেই ছপাই উলিয়াইছিল)। পাঠ্যপুথিৰ উপৰি অন্যান্য পুথিৰ এজেণ্ট হিচাপেও ভট্টাচাৰ্য্য এজেঞ্চিয়ে কাম কৰিছিল। এইক্ষেত্ৰত শিৱনাথ ভট্টাচাৰ্য্যই হেমচন্দ্ৰ গোস্বামীলৈ লিখা এখন ব্যক্তিগত চিঠিয়ে অসমৰ পুথি প্ৰকাশনৰ ইতিহাসত এক নজিৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি।এইখনেই বোধকৰোঁ‌ কোনো সাহিত্যিকলৈ তেওঁৰ পুথিৰ এজেণ্ট হ'বলৈ বিচাৰি কোনো প্ৰকাশক /বিতৰকে লিখা প্ৰথম চিঠি। বেণুধৰ শৰ্মাৰ "টোকোৰা বাহৰ কুটা" (১৯৮৭)ত অন্তৰ্ভুক্ত এই চিঠিৰ পূৰ্ণপাঠ তলত দিয়া হ'লঃ

  
    পৰম মাননীয়েষু
    সবিনয় নিবেদন।

          মোক ১০ খন 'ফুলৰ চাকি' শীঘ্ৰে লাগে, অনুগ্ৰহ কৰি ভি, পি, ডাকত পঠাই দিয়াব। ২৪ এপ্ৰিলত স্কুলত প্ৰাইজ হ'ব তাৰ আগ দিনা মোৰ হাত পালেহিও কাম চলিব। এই কিতাপ প্ৰাইজত দিবলৈ লাগে। অনুগ্ৰহ কৰি মোক ফুলৰ চাকিৰ এজেণ্ট কৰি দিব তেহে সময়ত সকলোৱে কিতাপ পাবৰ সুবিধা হয়। শ্ৰীযুত সত্যনাথ বড়া, লক্ষ্মীনাথ বেজবৰুৱা প্ৰভৃতি সকলোৱে মোক এজেণ্ট পাতিছে, আপুনি নো কিয় নেপাতিব। ৮।৯ বছৰৰে পৰা মোৰ স্বভাৱ চৰিত্ৰ সকলো জানে, আৰু ২।৩ টা সম্বন্ধৰে সম্বন্ধী, মইনো আপোনাৰ দয়াৰ পৰা কিয় বঞ্চিত হম। যি কমিচন দয়া কৰি মোক দিয়ে মই তাতে ৰাজী হম, অনুগ্ৰহ কৰি মোক কিতাপখন দিয়ক। নতুন ছপাব লাগিলে মই নিজ খৰচেৰে মোৰ নিজৰ Direct Supervision ত চপাম, বড়া ডাঙ্গৰীয়াক সুধি চাব পাৰে তেখেতেও সম্ভৱতঃ Translation (transaction?) ত মোৰ পৰা বেয়া ব্যৱহাৰ পোৱা নাই। মই আকৌ আহি ডিব্ৰুগড়ত পৰিলোহি। জ্ঞাত কাৰণ জনালোঁ‌।

একান্ত আশ্ৰিত                               
শিৱনাথ ভট্টাচাৰ্য্য                          
হেড পণ্ডিত, এম, ভি, স্কুল             


            চিঠিখনত চন-তাৰিখ নাথাকিলেও 'ফুলৰ চাকি' ১৯০৭ চনত প্ৰকাশ হোৱালৈ চাই ইয়াৰ ঠিক পিছৰে হ'ব চিঠিখন। অৱশ্যে হেমচন্দ্ৰ গোস্বামীয়ে ভট্টাচাৰ্য্য এজেঞ্চিক এজেণ্ট কৰিলেনে নাই জনা নাযায়। "ফুলৰ চাকি"ৰ দ্বিতীয় সংস্কৰণো এতিয়ালৈকে চকুত পৰা নাই। (প্ৰথম সংস্কৰণ হাওৰাস্থিত British India Printing Works ত মুদ্ৰিত আৰু সম্ভৱতঃ লেখকৰদ্বাৰাই প্ৰকাশিত। পুথিখন উচৰ্গা কৰিছে চন্দ্ৰকুমাৰ আগৰৱালাক আৰু এই পুথিৰ আৰ্হি-কাকত চাইছিল লক্ষ্মীনাথ বেজবৰুৱাই।)

             মুন্সী ছাখাৱত আলী ৰচিত "অসমীয়া ক্ষেত্ৰ জ্যামিতি অৰ্থাৎ ইউক্লিডৰ প্ৰথম খণ্ড"ৰ চতুৰ্দশ তাঙৰণ (১৯২৯)ৰ বকলাপিঠিত শিৱনাথ ভট্টাচাৰ্য্যই ২২ খন পঢ়াশলীয়া পুথিৰ জাননী দিছিল আৰু এইসমূহৰ বেছিভাগৰে তেওঁ প্ৰকাশক নাছিল, এজেণ্টহে আছিল। সেই পুথিসমূহৰ ভিতৰত আছে হেমচন্দ্ৰ অসমীয়া ব্যাকৰণ, হেমচন্দ্ৰ অসমীয়া লৰাৰ ব্যাকৰণ, লোকনাথ ব্যাকৰণ, শিৱনাথ ব্যাকৰণ, পাঠমালা (হেমচন্দ্ৰ), জ্ঞানমালিনী (মফিজুদ্দিন), সাহিত্য বিচাৰ (সত্যনাথ বড়া), সাৰথি (সত্যনাথ বড়া), ত্ৰিবেণী (সৰ্ব্বেশ্বৰ শৰ্মা), মুৰুলী (সৰ্ব্বেশ্বৰ শৰ্মা), জ্ঞানোদয় (লম্বোদৰ বড়া), জ্ঞানসোপান (ৰজনী বৰদলৈ), নিম্ন প্ৰাইমেৰী ১ম ভাগ, নিম্ন প্ৰাইমেৰী ২ য় ভাগ, লৰাসখী, আসাম-ভূগোল, ভূগোলসাৰ, কাৰ্য্যপ্ৰবেশ, অসমীয়া পাটীগণিত ১ম ভাগ, পাটীগণিত ২য় ভাগ, অসমীয়া ক্ষেত্ৰ জ্যামিতি আৰু আদৰ্শ পাঠ ১ম, ২য়। এই বিজ্ঞাপনৰ লগতে এই বাক্যটিও যোগ দিয়া হৈছে---"ইয়াৰ বাহিৰেও সকলো প্ৰকাৰৰ অসমীয়া পাঠ্য কিতাপ আমাৰ হাতত আছে, পত্ৰ দিয়ামাত্ৰে পঠাই দিয়া হব, যি পুথি আমাৰ হাতত নেপাব, সেই পুথি সেই সময়ত অন্যৰ হাততো নাই বুলি জানিব।" এই জাননীয়ে কুৰি শতিকাৰ প্ৰথম দশককেইটাত বিতৰক হিচাপেও ভট্টাচাৰ্য্য এজেঞ্চিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ স্বাক্ষৰ বহন কৰে। উল্লেখযোগ্য যে শিৱনাথ ভট্টাচাৰ্য্যই শিক্ষকতা কৰি অসমৰ বিভিন্ন ঠাই ঘূৰি ফুৰোঁ‌তে এজেঞ্চিৰ কাম-কাজ বৰপুত্ৰ হৰেন্দ্ৰ ভট্টাচাৰ্য্য আৰু আন আন আত্মীয়ই চোৱা-চিতা কৰিছিল। "অৱসৰ গ্ৰহণৰ পিছত সোঁ‌হাত স্বৰূপ টংকেশ্বৰ চেতিয়াৰ সহযোগত পুৱাৰ পৰা সন্ধ্যালৈকে ভট্টাচাৰ্য্যই সকলো কাম চোৱাচিতা কৰিছিল। এই কালছোৱাত (১৯২২--৩৩) আছিল ভট্টাচাৰ্য্য এজেঞ্চিৰ জয় জয় ময় ময় অৱস্থা। শদিয়াৰ পৰা ধুবুৰীলৈকে নিজা প্ৰকাশিত আৰু এজেঞ্চিভুক্ত পুথিসমূহৰ চাহিদা ইমান বেছি হৈছিল যে একোদিনা তেওঁ মাজৰাতিলৈকে কাম কৰিবলগা হৈছিল।"(২)

            প্ৰথম অসমীয়া পেছাদাৰী প্ৰকাশক

            সঁ‌চা অৰ্থত প্ৰথম পেছাদাৰী অসমীয়া পুথি প্ৰকাশক বুলিলে শিৱনাথ ভট্টাচাৰ্য্যৰ নাম ল'ব লাগিব। ভট্টাচাৰ্য্যৰ আগৰ, সমসাময়িক আৰু পিছৰো বেছিসংখ্যক পুথি প্ৰকাশকে কপিৰাইট নোহোৱা পুৰণি পদপুথিসমূহ ছপা কৰিছিল। সেয়ে একোজন লেখকৰপৰা কোনো প্ৰকাশকে পাণ্ডুলিপি ক্ৰয় কৰা দস্তুৰটো ঔপনিৱেশিক সময়ছোৱাত প্ৰায় নাছিল বুলিব পাৰি। ভট্টাচাৰ্য্যৰ আগৰ (আৰু সমসাময়িকো) প্ৰকাশক হৰিবিলাস গুপ্ত, কালিৰাম বৰুৱা, শ্ৰীধৰ বৰুৱা, বাঞ্চাৰাম চৌধুৰী, ভোগজুৰ বেপাৰী আদি কোনোজন প্ৰকাশকে কোনো লেখকৰপৰা গ্ৰন্থস্বত্ব ক্ৰয় কৰাৰ তথ্য আমি এতিয়ালৈ পোৱা নাই। ভট্টাচাৰ্য্যৰ উত্তৰপুৰুষৰ লগত যোগাযোগ কৰি এইধৰণৰ কোনো নথি-পত্ৰ আমি পোৱা নাই যদিও তেওঁৰ দ্বাৰা প্ৰকাশিত সদ্যহতে প্ৰাপ্ত গ্ৰন্থসমূহ নিৰীক্ষণ কৰি ১৮৯৯ চনৰ পহিলা জানুৱাৰীত স্বাক্ষৰিত এক ঘোষণা পাইছোঁ‌। এম বৰুৱাৰদ্বাৰা সংগৃহীত "হৰি-প্ৰসঙ্গ ও আইনাম" পুথিৰ ১৯০৪ চনৰ চতুৰ্থ তাঙৰণত উদ্ধৃত এই ঘোষণাটি হ'লঃ

              এই পুথিৰ খনীৰ স্বত্ত্ব গ্ৰন্থকৰ্ত্তাৰ পৰা উপযুক্ত মূল্যত ক্ৰয় কৰি সৰ্ব্বসাধাৰণৰ উপকাৰৰ নিমিত্তে প্ৰকাশ কৰিলোঁ‌। গ্ৰন্থকৰ্ত্তাৰ নামত বাজে ইয়াত একো হাত নেথাকিল।

পিছৰ পৃষ্ঠাটোত সংগ্ৰাহকৰ পিতৃ আৰু উকীলৰ স্বাক্ষৰ সম্বলিত আন এটি ঘোষণা-পত্ৰ সন্নিবিষ্ট হৈছে। পূৰ্ণপাঠঃ

           এতদ্দ্বাৰা মই শ্ৰীতনুৰাম বড়ুয়াই প্ৰকাশ কৰিছোঁ‌ যে, মোৰ পুত্ৰ মৃত মুক্তানাথ বড়ুয়াৰ সংগৃহীত (১) বিয়া-নাম (২) হৰি-প্ৰসঙ্গ আইনাম এই কিতাপ দুখনীৰ স্বত্ব উপযুক্ত মূল্য লৈ শ্ৰীযুত শিৱনাথ ভট্টাচাৰ্য্য মহাশয়ক বিক্ৰি কৰিলো। ইয়াত মোৰ কোনো প্ৰকাৰৰ দাবী নাথাকিল; যদি উক্ত ভট্টাচাৰ্য্যই ইচ্ছা কৰি মৃত গ্ৰন্থকৰ্ত্তাৰ নাম ৰাখে ৰাখিব পাৰে; নামৰ ভিন্ন আমাৰ কোনো সম্বন্ধ না থাকিল।
              ইতি সন ১৮৯৮, তাং ১০ ডিসেম্বৰ।

সাক্ষীস্বৰূপে উকীলৰ স্বাক্ষৰ                 শ্ৰীতনুৰাম বড়ুয়া
শ্ৰীদেবীচৰণ বড়ুয়া বি, এল,                     যোৰহাট।
উকীল।                                         

                একেদৰে ইন্দ্ৰধৰ ৰাজখোৱাৰ "হিতোপদেশ" পুথিৰ 'দ্বিতীয়বাৰৰ বিজ্ঞাপন' (১ জানুৱাৰী, ১৯১৪)ত শিৱনাথ ভট্টাচাৰ্য্যই লিখিছে--"মই এই কিতাপখন গ্ৰন্থকৰ্ত্তাৰপৰা কিনি লৈ যেনে আছিল তেনেদৰেই ছপা কৰালোঁ‌।" সত্যনাথ বৰাৰ "সাহিত্য-বিচাৰ" গ্ৰন্থৰ তৃতীয় (১৯১৫) আৰু চতুৰ্থ সংস্কৰণ (১৯২২)তো ভট্টাচাৰ্য্যৰ স্বাক্ষৰ সম্বলিত 'বিজ্ঞাপন' লিখা হৈছে এনেদৰেঃ 

 প্ৰথম আৰু দ্বিতীয় বাৰৰ ছপা সমুদায় পুস্তক শেষ হোৱাত ইয়াক নতুন ছপা কৰোৱা হল, এইবাৰ আমি গ্ৰন্থকৰ্ত্তা ডাঙ্গৰীয়াৰ পৰা ইয়াৰ কপিৰাইট (স্বত্ব) উপযুক্ত মূল্যত কিনিলৈ নিজ কৰি ছপা কৰালোঁ‌। আৰু যতদূৰ সম্ভব বৰ্ণাশুদ্ধি আদি চাই দিয়া হৈছে।

                   শিৱনাথ ভট্টাচাৰ্য্য      
                                  ডিব্ৰুগড়।                                       



             অম্বিকাগিৰী ৰায়চৌধুৰীয়ে শিৱনাথ ভট্টাচাৰ্য্যক পুথিৰ স্বত্ব বিক্ৰীক লৈ এটি আমোদজনক ঘটনা বৰ্ণনা কৰিছে "মোৰ জীৱন-ধুমুহাৰ এছাটি" (১৯৭৩)ৰ পাততঃ

...মই সম্পূৰ্ণ কৰি লিখি উলিওৱা 'তুমি' আৰু 'বীণা'ৰ পাণ্ডুলিপি দুখন লৈ পোনে পোনে গৈ ডিব্ৰুগড়ত উপস্থিত হওঁ‌ ইং ১৯১৪ চনৰ নবেম্বৰ মাহত। তেতিয়াৰ বিখ্যাত পুথি বেচোঁ‌তা ঁ‌শিৱনাথ ভট্টাচাৰ্য্যক ৪০ (চল্লিছ) টকাত 'তুমি'খনৰ স্বত্ব বিক্ৰীৰ প্ৰস্তাৱ দিওঁ‌। তেখেতে মোক দিব খুজিলে মাত্ৰ ২০ (কুৰি) টকা।মইও অৰ্থাভাৱত তাতেই সন্মত হলোঁ‌। কিন্তু ভট্টাচাৰ্য্যই তেতিয়াই টকা কেইটা দিয়াত অসুবিধা বুলি কোৱাত, পিচদিনাখন দিলেও হব বুলি কৈ 'তুমি'ৰ পাণ্ডুলিপিখন তেখেতক দি মই গুচি আহোঁ‌। এই কথা শুনি গোৱালপাৰাৰ ডিব্ৰুগড়বাসী মোৰ সঙ্গীত-সতীৰ্থ পৰম বন্ধু সঙ্গীত-বাদ্যবিদ্ স্বৰ্গীয় ডাঃ উমেশচন্দ্ৰ দাসে ইমান কম মূল্যত 'তুমি'ৰ স্বত্ব বিক্ৰী কৰি দিবলৈ মোক হাক দিয়ে। পিছদিনাখনেই ভট্টাচাৰ্য্যৰ ওচৰলৈ গৈ বিক্ৰী কৰা নহব বুলি 'তুমি'ৰ পাণ্ডুলিপিটো মই ফিৰাই লব খোজোঁ‌। ভট্টাচাৰ্য্যই তেতিয়া আৰু ১০ টকা বঢ়াই দি মুঠ ৩০ (ত্ৰিশ) টকাত কিনিবলৈ খোজে। মই সন্মত নহৈ পাণ্ডুলিপিটো লৈ গুচি আহোঁ‌।" (পৃষ্ঠা ৩৯-৪০, মোৰ জীৱন-ধুমুহাৰ এছাটি)
    
            যি হওক অসমৰ পুথি প্ৰকাশনৰ ইতিহাসত শিৱনাথ ভট্টাচাৰ্য্যয়েই গ্ৰন্থস্বত্ব ক্ৰয় কৰি পুথি প্ৰকাশৰ পৰম্পৰা আৰম্ভ কৰিছিল।

          বহুল ৰূপত পুৰণি পুথিৰ প্ৰচাৰ আৰু প্ৰসাৰ :

          কুৰি শতিকাৰ আৰম্ভণিতে মধ্যযুগৰ পদপুথিসমূহ ছপাৰূপত প্ৰচাৰ কৰাত ভট্টাচাৰ্য্য এজেঞ্চিৰ এক ঐতিহাসিক ভূমিকা আছিল বুলিব পাৰি। অৱশ্যে ঊনবিংশ শতিকাত আউনীআটী সত্ৰ, হৰিবিলাস গুপ্ত আৰু কালিৰাম বৰুৱাই পুৰণি পুথি ছপাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰজনীকান্ত বৰদলৈয়ে অসম সাহিত্য সভাৰ সভাপতিৰ  (অষ্টম অধিবেশন, নগাঁও, ১৯২৫) অভিভাষণত সঠিকভাৱেই উল্লেখ কৰিছিলঃ "ব্ৰিটিছ যুগত আমাৰ এই অসমীয়া ভাষাটো হেমচন্দ্ৰ বৰুৱা আৰু ৰায় বাহাদুৰ গুণাভিৰাম বৰুৱাৰ ওচৰত যেনেকৈ ঋণী, সেইদৰে কিছু পৰিমাণে আমাৰ সহপাঠী শ্ৰদ্ধাস্পদ বন্ধু শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ পিতৃপুৰুষ ঁ‌হৰিবিলাস আগৰৱালাৰ ওচৰতো ধৰুৱা। প্ৰভু শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱে লিখা দশম, কীৰ্ত্তন, নামঘোষা সাঁ‌চিপাতত সত্ৰে সত্ৰে আৰু কাচিৎ দুই এজন অসমীয়া মানুহৰ হাতত আছিল যদিও, সৰ্ব্বসাধাৰণে এইবিলাক অমূল্য ৰত্ন সহজে পাব নোৱাৰিছিল। হৰিবিলাস আগৰৱালাদেৱেই পোনপ্ৰথমে অশেষ কষ্ট কৰি নিজৰ দুখেৰে অৰ্জ্জা ধন ভগন কৰি কীৰ্ত্তন দশম ছপাই উলিয়ায়। তেওঁ ছপাই উলিয়াবৰ পৰাহে অসমীয়া মানুহৰ ঘৰে ঘৰে কীৰ্ত্তন, দশম, নামঘোষা, বৰগীত এইবিলাক পুথি হৈছে আৰু ধৰ্ম্মগুৰুসকলে থৈ যোৱা ধৰ্ম্মৰ ভাববিলাক, অসমীয়া ভাষা আৰু সাহিত্য, সৰ্ব্বসাধাৰণৰ মাজত বহুল ভাবে প্ৰচাৰ হৈছে।" (পৃঃ ১৬২, অসম সাহিত্য সভাৰ ভাষণাৱলী, প্ৰথম ভাগ, সম্পাঃ অতুলচন্দ্ৰ হাজৰিকা, ১৯৫৫) অৱশ্যে এই কথা আউনীআটী সত্ৰ আৰু কালিৰাম বৰুৱাৰ ক্ষেত্ৰতো ক'ব পাৰি। অসমত গ্ৰন্থৰ ইতিহাস-চৰ্চাৰ বাটকটীয়া ৰঞ্জিৎকুমাৰ দেৱ গোস্বামীয়েও হৰিবিলাসৰ তাৎপৰ্যপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰিছে, "হৰিবিলাস আগৰৱালাই ছপাই উলিওৱা কীৰ্তন (১৮৭৬) পুথিয়ে মধ্যযুগৰ অসমীয়া ভক্তিসাহিত্যক ধৰ্মমতনিৰপেক্ষ (ছেক্যুলাৰ) নতুন উত্থানশীল সংস্কৃতিৰ কেন্দ্ৰস্থললৈ অনাৰ প্ৰক্ৰিয়াটো ত্বৰাণ্বিত কৰাই নহয়, ভাষাৰ বঙলুৱা ৰীতিৰ সম্প্ৰসাৰণৰ বিৰুদ্ধে 'অসমীয়া' মাত-কথাৰ কৰ্ষণৰ প্ৰক্ৰিয়াটো সুচল কৰি তুলিলে ব্যৱহাৰযোগ্য অতীতৰ পুনৰুত্থান আৰু প্ৰৱৰ্তনৰ জৰিয়তে।" (পৃষ্ঠা ৪২২, প্ৰবন্ধ, ২০১৫)

                 আউনীআটী সত্ৰৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা ক্ৰমে ঋতু বিহাৰ (১৮৮২), স্বপ্নাদ্বয় (১৮৮২), কিৰ্ত্তন (১৮৮৩), বৈষ্ণৱগীতা (১৮৮৫), বৰগীত (১৮৮৮), আৰ্য্য সংগ্ৰহ (১৮৮৯), বেজালি (১৮৮৯), ভীম চৰিত (১৮৯০), ৰুক্মিণী হৰণ (১৮৯৮) আদি কেইবাখনো পদপুথি ছপাই উলিয়াইছিল। নগাঁ‌ৱৰ বাঞ্চাৰাম চৌধুৰীয়ে নিজা হেণ্ডপ্ৰেছত ১৮৮২--১৯০১ৰ ভিতৰত ছপাই উলিয়াইছিল এইকেইখন পুথিঃ লক্ষ্মী চৰিত, কুমৰ হৰণ, ভট্টিমা, লীলামালা, গুণমালা, কীৰ্ত্তনঘোষা, ঊষাহৰণ, গুকৰতি,শ্যামন্ত হৰণ, ৰুক্মিণী হৰণ, ৰাজসূয় যজ্ঞ, বৈষ্ণৱামৃত, কাণখোৱা আৰু ভাগৱত একাদশ স্কন্ধ। আচৰিত নহয় যে ১৮৯৭ ৰপৰা ১৯০০ চনৰ ভিতৰত, মাত্ৰ তিনিবছৰৰ ভিতৰতে ডিব্ৰুগড়ৰ আছাম ৰেইলৱেজ এণ্ড ট্ৰেডিং কোম্পানীৰ প্ৰেছত ৫৬ খন পদপুথি মুদ্ৰণ হৈছিল। ১৮৯৫ চনত পোৰা মাহাজনে বৰপেটাত প্ৰতিষ্ঠা কৰা হেণ্ডপ্ৰেছত মুঠ ২০ খন পুথি মুদ্ৰণ হৈছিল আৰু ইয়াৰ পাঁ‌চখন পুথিক বাদ দি ১৫ খনেই আছিল পুৰণি পদপুথি। সেইসমূহ হ'লঃ মিৰি জীয়ৰী (১৮৯৫), দীপিকা ছন্দ (১৮৯৫), কাণখোৱা পুথি (১৮৯৫), বৰগীত (১৮৯৫), ব্ৰহ্মসাৰ (১৮৯৭), বৰপেটা হিতসাধিনী সভাৰ প্ৰথম বছেৰেকীয়া কাৰ্য্যবিৱৰণী (১৮৯৭), শিশুলীলা (১৮৯৮), শ্যামন্ত হৰণ (১৮৯৮), নামঘোষা (১৮৯৮), কীৰ্ত্তনঘোষা (১৮৯৮), প্ৰসঙ্গমালা (১৮৯৮), ঘোঁ‌ৰা ও হাতীৰ ঔষধৰ পুথি (১৮৯৮), লৰাবোধক (১৮৯৮), কুমৰ হৰণ (১৮৯৯), অসমীয়া সহজ মৌখিকাঙ্ক (১৮৯৯) আৰু গোপাল সহস্ৰনাম (১৮৯৯)। এই অনুচ্ছেদত উল্লেখ কৰা পুথিসমূহ Public Instruction and Registrar of Books, Assam ৰ সঞ্চালকৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছিল।

            "জোনাকী"ৰ পাতত হৰিবিলাস গুপ্তই মুঠ এঘাৰখন পুথিৰ বিজ্ঞাপন দিছিল আৰু ইয়াৰে কাব্য-কুসুম আৰু প্ৰয়োগ ৰত্নমালা ব্যাকৰণক বাদ দি নখন পুথিয়েই মধ্যযুগৰ পদপুথি। বিজ্ঞাপনটোত উল্লিখিত পুথিসমূহ হ'লঃ কীৰ্ত্তন আৰু নামঘোষা, কীৰ্ত্তন, নামঘোষা, শ্ৰীমদ্ভাগৱত দশমস্কন্ধ শেহছোৱা, ভক্তিৰত্নাৱলী, ভট্টিমা, সীতা সয়ম্বৰ নাটক, গুণমালা, কাব্য-কুসুম আৰু প্ৰয়োগ ৰত্নমালা ব্যাকৰণ। একেদৰে কালিৰাম বৰুৱাই গৌহাটী-কামাখ্যা পুস্তকালয়ৰ সোতৰখন কিতাপৰ বিজ্ঞাপন দিছিল "বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী" (১৮৯৫) ৰ তৃতীয় তাঙৰণৰ বকলাপিঠিত। ইয়াতে উল্লেখ থকা পদপুথিসমূহ হ'লঃ কীৰ্ত্তনপুথি, নামঘোষা, গীতগোৱিন্দ, ৰিপুঞ্জয় আৰু শঙ্কৰদেৱ চৰিত্ৰ।

             গতিকে শিৱনাথ ভট্টাচাৰ্য্যৰ আগৰ পদপুথিৰ  প্ৰকাশক বুলিলে কেবল হৰিবিলাস গুপ্তক ধৰিলে ভুল কৰা হ'ব। অৱশ্যে গুণাভিৰাম বৰুৱাৰ ঐতিহাসিক ভূমিকাকো সুঁ‌ৱৰিব লাগিব। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটো যে বিভিন্ন কাৰণত আউনীআটী সত্ৰ, হৰিবিলাস গুপ্ত, বাঞ্চাৰাম চৌধুৰী, কালিৰাম বৰুৱা আৰু পোৰা মাহাজন---এইসকল প্ৰকাশকৰ পিছৰ প্ৰজন্মই পুথি প্ৰকাশনত মন নিদিলে। তদুপৰি পুথি প্ৰকাশন এইসকল প্ৰকাশকৰ একচেটিয়া ব্যৱসায় নাছিল। যাতায়ত ব্যৱস্থাৰ দুৰাৱস্থা আৰু সুচল ব্যৱসায়িক নেটৱৰ্কৰ অভাৱেও এইসকল পুথি ব্যৱসায়ীক বৰ এটা উৎসাহিত কৰা নাছিল। উল্লেখযোগ্য যে এইসকল পুথি প্ৰকাশকৰ এজনৰো তেওঁলোকৰ উৎপাদিত সামগ্ৰী (ছপাপুথি) বিক্ৰী কৰিবলৈ কিতাপৰ বিপণি নাছিল। ইয়াৰ বিপৰীতে শিৱনাথ ভট্টাচাৰ্য্যই হ'ল অসমৰ প্ৰথম পুথি প্ৰকাশক যি একাণপতীয়াকৈ আৰু একচেটিয়াকৈ কিতাপৰ ব্যৱসায়ত মন দিছিল। নিজাকৈ বিতৰণৰ এজেঞ্চি থকাত পুথিসমূহ সাধাৰণ মানুহৰ হাতত পৰাত আৰু সুবিধা হৈছিল। ঊনবিংশ শতিকাৰ শেষ ভাগতো  অসমত পুথি প্ৰকাশ কৰাটো ব্যৱসায়িকভাৱে লাভজনক যে নাছিল তাৰ উমান পাম "জোনাকী"ৰ ৫ম ভাগ, ৪ৰ্থ সংখ্যা (ইং ১৮৯৪ চন)ত প্ৰকাশিত পুথি সম্পৰ্কীয় এটি টোকাৰপৰাঃ "ভীম চৰিত---শ্ৰীযুত শ্ৰীধৰচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত। পুথিখনি পঢ়ি ভাল পালোঁ‌। আশা কৰোঁ‌ অসমীয়া সাধাৰণে পুথিখনলৈ সমাদৰ দেখুৱাই প্ৰকাশকক উৎসাহ দিব। অসমীয়া পুথি ছপোৱা বৰ টান কাম, কাৰণ ছপোৱাত খৰচ হোৱা ধন ছপাওঁ‌তাই ঘূৰাই পোৱাৰ আশা কম। ইমানতো যে অকল পুৰণি পুথি এখনি ওলাব লাগে এই ভাবিয়েই বৰুৱা মহাশয়ে পুথিখনি ছপাইছে তাৰ কাৰণে তেওঁ আমাৰ সকলোৰে শলাগ পাব লাগে।" (পৃষ্ঠা ৬১৮, জোনাকী, সম্পাঃ নগেন শইকীয়া, ২০০১ চন) অৱশ্যে পুৰণি পদপুথি যে একেবাৰেই বিক্ৰী নহৈছিল, এনেও নহয়।এনেধৰণৰ পুথিৰ নিশ্চয় এক বজাৰ আছিল যি কাৰণত কেইবাগৰাকীও প্ৰকাশকে ভালেমান পুথি ছপাই উলিয়াইছিল। হৰিবিলাস গুপ্তই "কীৰ্ত্তন" দ্বিতীয়বাৰৰ বাবে প্ৰকাশ কৰা, শিৱনাথ ভট্টাচাৰ্য্যই মুক্তানাথ বৰুৱা প্ৰণীত আৰু প্ৰকাশিত "হৰি-প্ৰসঙ্গ আৰু আইনাম" আৰু ইন্দ্ৰধৰ ৰাজখোৱা অনূদিত আৰু প্ৰকাশিত "হিতোপদেশ"ৰ স্বত্ব কিনি দ্বিতীয় তাঙৰণ প্ৰকাশ কৰাটোৱে কিতাপৰ এক বজাৰ থকাৰেই ইংগিত বহন কৰে। অৱশ্যে পদপুথিৰ চাহিদাই বেছি আছিল। বৰং এনেকৈয়ো ক'ব পাৰি ঊনবিংশ শতিকাৰ শেষভাগৰ অসমত যি অলপ-অচৰপ পুথি বিক্ৰী হৈছিল, কেবল পদপুথিয়েই বিক্ৰী হৈছিল। কিছুমান ছপা পদপুথি ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ বাবেও বিক্ৰী হৈছিল। জখলাবন্ধা সত্ৰৰপৰা প্ৰকাশিত "সত্যনাৰায়ণৰ পদপুথি" তেনে পুথিৰ এক উদাহৰণ।

               ডাক-ব্যৱস্থাৰ প্ৰসাৰ আৰু অন্যান্য সুবিধাৰ বাবে কুৰি শতিকাৰ আৰম্ভণিতে শিৱনাথ ভট্টাচাৰ্য্যই ছপোৱা পুথি গুৱাহাটীৰ লগতে বিভিন্ন হাট-বজাৰত  অনায়াসে বিক্ৰী হৈছিল। অতুলচন্দ্ৰ হাজৰিকাই লিখিছে, " বিংশ শতিকাৰ আদিভাগত ডিবৰুৰ দুজন পুথি প্ৰকাশকৰ নাম জাকতজিলিকা হৈ উঠিছিল। এজন হৈছে ভট্টাচাৰ্য্য এজেন্সিৰ শিৱনাথ ভট্টাচাৰ্য্য আৰু আনজন এজেন্সি কোম্পানীৰ নন্দেশ্বৰ চক্ৰৱৰ্তী। আমাৰ ল'ৰাকালত এই দুটা কোম্পানীৰ ধৰ্মপুথিবোৰ বৰ সৰবৰহী হৈ উঠিছিল। সেইবোৰ তেতিয়া হাটে-বজাৰে য'তে-ত'তে সণ্ঢালনিকৈ কিনিবলৈ পোৱা গৈছিল। গুৱাহাটী ফাঁ‌চিবজাৰৰ 'কালিচৰণ বুক ছেলাৰ্ছে' এইবোৰ সৰহীয়াকৈ আনি বেচিছিল আৰু গেলামালৰ দোকানতে এইটো কোম্পানীয়ে স্কুলীয়া পাঠ্যপুথি আৰু ধৰ্মপুথিৰ বেহা পাতি লাভৱান হৈছিল।" (পৃষ্ঠা ৭৬, বিচিত্ৰনাৰায়ণ স্মৃতিগ্ৰন্থ)

            আধুনিক শিক্ষাৰ প্ৰসাৰ, সাঁ‌চিপতীয়া পুথি পঢ়িব নোৱাৰা মানুহৰ ক্ৰমবৰ্ধমান সংখ্যাবৃদ্ধি, যাতায়ত আৰু ডাক-ব্যৱস্থাৰ উন্নতি আৰু ব্যক্তিগত অধ্যৱসায় আদি কাৰণত কুৰি শতিকাৰ আৰম্ভণিতে পুৰণি পুথি প্ৰকাশ কৰি ব্যৱসায়িকভাৱে লাভৱান হৈ শিৱনাথ ভট্টাচাৰ্য্যই অসমীয়া পুথি প্ৰকাশনৰ ইতিহাসত এক উদাহৰণ দাঙি ধৰিছিল।

        শিক্ষিত মধ্যশ্ৰেণীৰ প্ৰতিক্ৰিয়া :
           
               পুৰণি পদপুথিৰ প্ৰকাশকসকলৰ প্ৰতি শিক্ষিত মধ্যশ্ৰেণীয়ে কিদৰে সঁ‌হাৰি দিছিল সি নিশ্চয় এক গুৰুত্বপূৰ্ণ বিষয়। উল্লেখযোগ্য যে অসমীয়া শিক্ষিত মধ্যবিত্তৰ প্ৰতিনিধি কলিকতা-প্ৰবাসী অসমীয়া ছাতৰৰ অনুষ্ঠান "অসমীয়া ভাষা উন্নতি সাধিনী সভা" (প্ৰতিষ্ঠা ১৮৮৮ চনৰ ২৫ আগষ্ট)ৰ এটা মুখ্য উদ্দেশ্যই আছিল পুৰণি পুথিৰ সংগ্ৰহ আৰু ছপা কৰোঁ‌ৱা। ৮-৯-১৮৯৫ তাৰিখে সভাৰ বিষয়ববীয়াসকলে  "কাৰ্য্য-বিবৰণ"ত লিখিছে, "কুমলীয়া মাতৃভাষা কেনেকৈ ডাঙ্গৰ দীঘল হৈ পৃথিৱীৰ আন আন উন্নতিশীল ভাষাৰ সমান হব পাৰিব, তাৰ উপায় সাধনেই এই সভাৰ একমাত্ৰ অভিপ্ৰায়। এই উদ্দেশ্য সাধন কৰিবলৈ সভাই অসমীয়া পুথিবিলাক একে ঠাইতে গোটাই পুৰণি পুথিবিলাক যাতে নষ্ট নেপায়, আৰু ক্ৰমে ছপাহৈ প্ৰকাশিত হয় তাৰো চেষ্টা কৰিব।" (পৃষ্ঠা ৬৬১, জোনাকী)

                   সেই হিচাপত "জোনাকী"ৰ পাতত পুৰণি পদপুথিৰ প্ৰকাশকসকল, যেনে হৰিবিলাস গুপ্ত, বাঞ্চাৰাম চৌধুৰী বা কালিৰাম বৰুৱাই প্ৰকাশ কৰা পুথিৰ সপ্ৰশংস উল্লেখ কিন্তু পোৱা নাযায়। অপেছাদাৰী প্ৰকাশক দুই-এজনৰদ্বাৰা প্ৰকাশিত পুথি আৰু লেখকৰদ্বাৰা প্ৰকাশিত দুই-এক পুথিৰহে 'গুণাগুণ' বিচাৰ কৰা হৈছিল 'জোনাকী'ৰ পাতত। আউনীআটী সত্ৰৰ শ্ৰীধৰ বৰুৱাৰদ্বাৰা প্ৰকাশিত একাধিক পুথিৰ টোকা লিখা হৈছিল 'জোনাকী'ত। যেনে--

              "বৈষ্ণৱ কীৰ্ত্তন।---শ্ৰীশ্ৰীধৰ চন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত।বেচ ।০ এসিকি। ছপা ভাল; তুলা পাতো বেয়া নহয়। শঙ্কৰ দেৱ আৰু মাধৱ দেৱে কৰা গীত, গুণমালা, ঘোষা, আৰু কীৰ্ত্তনৰ পৰা গীত, গুণমালা, ঘোষা আৰু কীৰ্ত্তন তুলি একে ঠাই কৰি কিতাপৰ আকাৰে এই পুথি ছপোৱা হৈছে। ইয়াত ছপা আৰু বৰ্ণাশুদ্ধি দোষ অতি কম। আসামৰ বৈষ্ণৱ সকলে ইয়াক যে আদৰ কৰিব তাক কোৱা বাহুল্য মাথোন।" (পৃষ্ঠা ২৬৮, প্ৰাগুক্ত গ্ৰন্থ)

               "জোনাকী"ত প্ৰকাশিত আন দুটামান টোকাৰ চানেকি হ'ল--

                "গুৰু-গুণমালা---এই পুথিত গ্ৰন্থকাৰৰ নাম নাই, কিন্তু ই কাংশপাৰ সত্ৰৰ শ্ৰীনৃসিংহচন্দ্ৰ অধিকাৰী গোস্বামীৰ দ্বাৰা সংশোধিত আৰু প্ৰকাশিত হৈছে। এই সৰু পুথি খনিত শ্ৰীশ্ৰী ঁ‌শঙ্কৰ আৰু মাধৱদেৱৰ সংক্ষিপ্ত জীৱন-চৰিত আছে। প্ৰকাশকে এই পুথি খনি ছপাই সাধাৰণৰ হাতত দিয়াৰ বাবে তেওঁ আমাৰ ধন্যবাদৰ পাত্ৰ হৈছে।" (পৃষ্ঠা ৬৬৬)

             "ৰামায়ণ আদিকাণ্ড---কবিবৰ মাধৱ কন্দলি ভণিত; শ্ৰীযুক্ত বেণুধৰ ৰাজখোৱা বিএ দ্বাৰা সম্পাদিত আৰু শ্ৰীযুক্ত গণেশৰাম আগৰওৱালাৰ দ্বাৰা প্ৰকাশিত।...পুথিখনিৰ ছপা বৰ সুন্দৰ হৈছে।আমি আশা কৰোঁ‌ মাতৃভাষানুৰাগী সকলো অসমীয়াই প্ৰকাশকক এই শুভ কাৰ্য্যত উৎসাহ দি, বাকি ৬ কাণ্ড যাতে সোনকালে ছপা হৈ প্ৰকাশ পায় তাৰ নিমিত্তে চেষ্টা কৰিব।" (পৃষ্ঠা ৮২৯, ঐ)
                       
             অনুমান হয়, ব্যৱসায়িক উদ্দেশ্যৰে সুলভ মূল্যৰ cheap print সমূহক 'জোনাকী'ৰ সম্পাদনা-কক্ষই গুৰুত্ব দিয়া নাছিল। বৰ্ণাশুদ্ধি আৰু পাঠৰ হেৰ-ফেৰ থকা পুথিসমূহেও নিশ্চয় শিক্ষিত শ্ৰেণীক আকৰ্ষিত কৰা নাছিল। মনত পেলাব পাৰি, হৰিবিলাস গুপ্তই প্ৰকাশ কৰা 'কীৰ্ত্তন'ৰ দ্বিতীয় সংস্কৰণৰ বিষয়ে 'আসাম নিউচ'ৰ পাতত কাঢ়া সমালোচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাইঃ

            "বৈষ্ণৱ বিলাকৰ ইমান মান্য আৰু আদৰৰ পুথিবিলাক ছপাই সণ্ঢালনি কৰিবলৈ সকলোৱে সাহ কৰিব নোৱাৰে। অনুমান হয়, ইয়াকে ভাবি শ্ৰীযুত আউনীআটীয় অধিকাৰ গোস্বামীয়ে প্ৰথমতে গুণমালা নামেৰে পুথি এখন ছপাই এটা আৰ্হি দেখুৱায়। ইয়াৰ পাচত, হাজাৰী ঘোষা আদি কোনো পুথিও তেওঁৰ আজ্ঞাৰে ছপা হৈছিল। পাচত, সেই পথৰ পথিক হৈ অন্যান্য লোকেও কীৰ্তন আদি কোনো কোনো পুথি ছপাইছে। কিন্তু আৰ্হি তোলোঁ‌তাৰ দোষত হাতেৰে লিখা পুথি বিলাক এনে বিশ্ৰী হৈ পৰিছে যে অনেক ঠাইত লেখকৰ ভাৱ বুজাই টান হয়।...দুৰ্ভাগ্যৰ গুণে ছপা হোৱা যিবিলাক পদপুথি আমি দেখিছোঁ‌হঁ‌ক, সেইবিলাকৰ ভিতৰত এখনকো শুদ্ধ বুলিব নোৱাৰি।

              হৰিবিলাস বাবুয়ে কীৰ্তন পুথি ইয়াৰ আগেয়েও এবাৰ ছপাইছিল; এইয়া দ্বিতীয়বাৰ। দুয়োবাৰৰ পুথি আমি দেখিছোঁ‌ আৰু তেওঁ যে শুদ্ধৰূপে ছপাবৰ নিমিত্তে প্ৰচুৰ পৰিশ্ৰম কৰিছে তাকো আমি বুজিছোঁ‌। তাত যে কোনো এজন বোধ থকা মানুহৰ হাত লাগিছে সেই পুথিয়েই তাৰ প্ৰমাণ। ইয়াকেই বোলে আওমৰা ছলেৰে বাওমৰা।" (পৃষ্ঠা ৭৮-৭৮, অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, যতীন্দ্ৰনাথ গোস্বামী)

               "আসাম-বান্ধৱ"ৰ ২য় বছৰ, ১১শ সংখ্যাত 'উণপঞ্চাশৎ পৱনস্য' নামৰ ছদ্মনামী লেখকে 'অসমীয়া ভাষাৰ বৰ্ত্তমান যুগ' শীৰ্ষক ধাৰাবাহিক প্ৰবন্ধটোত তদ্ৰূপ সমালোচনাই প্ৰকাশ পাইছে, "কীৰ্ত্তন দশম আদি মুদ্ৰিত পুস্তকত যি দুই চাৰিটা বিকৃত শব্দ দেখা যায় সি প্ৰকাশক সকলৰ দোষত। সুবিধা পালে কোনেও হাত এৰি নিদিয়ে; কিছুমানত তেওঁলোকে এনে ভাবে শব্দৰ পৰিবৰ্ত্তন কৰিছে যে সি আচল পুথিৰ পৰা বহুতো অন্তৰ হৈছে। কোনো কোনো পুস্তকত বহুল ভাবে পৰিবৰ্ত্তন কৰি তাক নিজৰ ৰচিত বুলিও প্ৰকাশ কৰা দেখা গৈছে। পঢ়িব নোৱাৰা আৰু ভালকৈ অৰ্থ বুজিব নোৱাৰা ঠাইত নিজৰ মৰ্জ্জি অনুসৰি পাণ্ডিত্য পৰিমিত শব্দ সুৰকাই দি তাক অতি বিকৃত কৰিছে; বস্তুতঃ প্ৰাচীন পুস্তক ৰাশি মুদ্ৰাঙ্কৰ দ্বাৰা যিখিনি উপকাৰ সাধিত হৈছে; তাৰ ভাষা বিকৃতিৰ দ্বাৰা সেই পৰিমিত অপকাৰ হোৱা দেখা যায়; এই বিষয়ে বিস্তৃত মন্তব্য প্ৰকাশৰ ইচ্ছা থাকিল।" (পৃষ্ঠা ২৭০, আসাম-বান্ধৱ)

             এনেধৰণৰ সমালোচনা সেই সময়ৰ বিদ্বৎ মহলত নিশ্চয় কিছু পৰিমানে হ'লেও প্ৰচলিত আছিল। সেইবাবেই হয়তো ১৯০৫ চনত 'ভক্তি-ৰত্নাৱলী' ছপাওঁ‌তে শিৱনাথ ভট্টাচাৰ্য্যই পাতনিৰ শেষত "দোষ সকলোতেই আছে; "শশীনি খলু কলঙ্কঃ কণ্টকং পদ্মনালে", আমাৰ এই কাৰ্য্যও যে দোষ বিৰহিত তাক আমি কব নোৱাৰোঁ‌, তথাপি সাহসত ভৰ কৰি আগ বাঢ়িলোঁ‌। সাধু মহন্তসকলে দোষ এৰি গুণৰ ভাৰ গ্ৰহণ কৰিব।" --এই বাক্যকেইষাৰি লিখি দিছিল। আনহাতে "শ্ৰীমদ্ভাগৱত দশম স্কন্ধ" (১৯১৮)ৰ আৰম্ভণিতে "পোণ প্ৰথমে কবলগীয়া দুটামান কথা" বুলি শেষত ভট্টাচাৰ্য্যই লিখিছেঃ

    "আমি জ্ঞানহীন মূৰ্খ মানুহ। উক্ত মহাপুৰুষৰ (শঙ্কৰদেৱৰ) গ্ৰন্থ প্ৰকাশ কৰা মাদৃশ ক্ষুদ্ৰ ব্যক্তিৰ ধৃষ্টতা মাত্ৰ। তথাপি সাহসত ভৰ দি আগ বাঢ়িছোঁ‌।আশা কৰোঁ‌ মহাপুৰুষৰ ৰচিত সকলো পুথিকেই লাহে লাহে প্ৰকাশ কৰিম। এই পুথি প্ৰকাশ কৰিবলৈ ইচ্ছা কৰি এখনী প্ৰকাশিত হোৱা ছাপাৰ পুথি, এখনী বড়পেটা অঞ্চলৰ আৰু এখনী কোনো প্ৰসিদ্ধ এখন সত্ৰৰ (এই দুখনি সাঁ‌চিপতীয়া) এই ৩ খনি পুথি চাই কোনো খনিৰে লগত কোনো খনি পুথিৰ মিল নেদেখি শুদ্ধ ভাবে ছপাব নোৱাৰিম যেন জানি ছপোৱা আশা এৰি দিছিলোঁ‌।পাচত আমাৰ এজন প্ৰধান সহকাৰী কৰ্ম্মচাৰী লোকৰ উৎসাহ পাই আকৌ সংশোধন কাৰ্য্যত হাত দি এই বিদেশতে শুধৰণী কাৰ্য্য শেষ কৰিলোঁ‌। এটাই কেউখনি পুথিৰ মূল কথা একে; কিন্তু অক্ষৰ বিলাক আৰু ক্ৰিয়া বিলাক নিমিলে। এই হেতুকে মনত বড় ভয় লাগি, ভয়ে ভয়ে তিনিও খনি পুথিৰে সামঞ্জস্য ৰাখি বুদ্ধিস্বৰূপা ঐশী শক্তিয়ে যেনে ধাৰণা হৃদয়ত দিছে তদনুযায়ী ইয়াক ছপা কৰালোঁ‌।বহু দিনেহে এই কাৰ্য্য সম্পাদিত হল। আশা কৰোঁ‌ সহৃদয় সন্ত মহন্ত সকলে পুথিৰ সংশোধন কাৰ্য্যত অসন্তোষ প্ৰকাশ নকৰি এই অধমক ক্ষমা কৰে।"--শিৱনাথ ভট্টাচাৰ্য্য, গোয়ালপাৰা, গবৰ্ণমেণ্ট স্কুল, শক ১৮২৭ আশ্বিন।

              অসম সাহিত্য সভাৰ সভাপতিসকলে তেওঁলোকৰ অভিভাষণত বা সমসাময়িক কাকত-আলোচনীত ব্যৱসায়ভিত্তিক ধৰ্মপুথি প্ৰকাশ কৰা লোকসকলৰ প্ৰতি কিন্তু  অসমীয়া সাহিত্যৰ উপকাৰ সাধিছে ধৰণৰ বাক্যব্যয় কৰা দেখা নাযায়। অসমৰ পুথি প্ৰকাশনৰ ক্ষেত্ৰত এইটো এটা তাৎপৰ্যপূৰ্ণ দিশ। আনকি পুৰণি পুথি-পাঁ‌জিৰ সংৰক্ষণ আৰু তালিকাকৰণৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়েও সমসাময়িক পদপুথি প্ৰকাশকসকলৰ বিষয়ে প্ৰশংসামূলক একো উল্লেখ কৰা নাই। অসম সাহিত্য সভা (১৯২০ চনৰ তেজপুৰ অধিবেশন)ৰ সভাপতিৰ অভিভাষণত তেওঁ পুৰণি পুথিক গুৰুত্ব দি লিখিছে, "আমাৰ সাহিত্যৰ আৰু এটা প্ৰধান সম্পদ হৈছে আমাৰ দেশৰ পুৰণি পুথিবিলাক।" আৰু এটি জাতীয় পুঁ‌জি গঠনৰ জৰিয়তে "আমাৰ দেশৰ এতিয়াও ছপা নোহোৱা পুৰণি পুথিবিলাক ছপা কৰি উলিয়াব পাৰোহঁ‌ক" বুলি তেওঁ উল্লেখ কৰিছে।

                অনুমান হয়, "অসমীয়া সাহিত্যৰ চানেকি"ৰ সাতোটা খণ্ড, দুৰ্গাধৰ বৰকটকীয়ে প্ৰকাশ কৰা মহাভাৰতৰ বিভিন্ন পৰ্ব বা পৰৱৰ্তী কালত হৰিনাৰায়ণ দত্তবৰুৱাই প্ৰকাশ কৰা "অসমীয়া মহাভাৰত"ৰ যিটো মৰ্যাদা শিক্ষিত মধ্যশ্ৰেণীৰ মাজত আছিল, পাঠৰ অবিশ্বাসযোগ্যতাৰ বাবেই হওক বা অন্যান্য কাৰণতে হওক, কুৰি শতিকাৰ আৰম্ভণি দশককেইটাত আন প্ৰকাশকসকলে ছপোৱা পুথিসমূহৰ সেই গ্ৰহণযোগ্যতা নাছিল। শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰৱৰ্তীয়ে ছপোৱা পদপুথি সম্পৰ্কত অতুলচন্দ্ৰ হাজৰিকাই সঠিকভাৱেই লিখিছেঃ "সেই সময়ত এনেবোৰ পুথিলৈ সাহিত্যিকৰ দৃষ্টি আকৰ্ষিত হোৱা নাছিল আৰু ধৰ্মপুথি হিচাপেই ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰিত হৈছিল।" (পৃষ্ঠা ৭৬, বিচিত্ৰনাৰায়ণ স্মৃতি-গ্ৰন্থ) "পুৰণি অসমীয়া সাহিত্য" (১৯৪০) ৰ আগকথাতো বাণীকান্ত কাকতিয়ে তেনে এক ইংগিতেই দিছে--"একৈচ বছৰ আগত যেতিয়া শিক্ষিত সমাজে পুৰণি অসমীয়া সাহিত্য মানে গাঁ‌ৱলীয়া মানুহে পঢ়া অসাৰ পদ-পুথি কেতবোৰ বুলিহে ভাবিছিল।"অৰ্থাৎ ১৯১৯ চনলৈ শিক্ষিত মধ্যশ্ৰেণীৰ বহুতে সাহিত্য হিচাপে পদপুথিসমূহক গণ্যই কৰা নাছিল। তাৎপৰ্যপূৰ্ণ যে "পুৰণি অসমীয়া সাহিত্য" আৰু "অসমীয়া পুৰণি সাহিত্য" এই দুই পুথিৰ লেখক ক্ৰমে বাণীকান্ত কাকতি আৰু জ্ঞাননাথ বৰাই তেওঁলোকে পুথি দুখন ৰচনাৰ ক্ষেত্ৰত কোন কোন ছপা পুথিক মূল পাঠ হিচাপে লৈছে সেই কথা উল্লেখ কৰা নাই। জ্ঞাননাথ বৰাই কেবল  পাতনিত লিখিছে--"আমি লৰা কালৰে পৰা পদ পুথিবোৰ মানুহে গোৱা শুনিছো আৰু নিজেও পঢ়িছো।" এই পদপুথিবোৰ সাঁ‌চিপতীয়া নে ছপা আখৰৰ স্পষ্ট নহয়।

                 কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, শিক্ষিত মধ্যশ্ৰেণীৰ বেছিভাগে গুৰুত্ব নিদিলেও শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰৱৰ্তীৰ দৰে প্ৰকাশকে ছপোৱা পদপুথিসমূহ 'ৰাইজৰ মাজত বহুলভাৱে প্ৰচাৰিত হৈছিল।' নন্দেশ্বৰ চক্ৰৱৰ্তীয়ে পদপুথিৰ ব্যৱসায় কৰিয়েই চাহ-খেতিয়ক হ'বগৈ পাৰিছিল। পুৰণি পদপুথিৰ ক্ৰমবৰ্ধমান বজাৰ এখন আছিল বাবেই এই দুজন প্ৰকাশকৰ উপৰি বৰুৱা এজেঞ্চি, বৰকটকী এণ্ড কোম্পানী, পুথিতীৰ্থ প্ৰকাশন, হৰিনাৰায়ণ দত্তবৰুৱা, দুৰ্গাধৰ বৰকটকী আদি খ্যাতিমন্ত প্ৰকাশনগোষ্ঠী /প্ৰকাশকে কুৰি শতিকাৰ প্ৰথম দশককেইটাত মূলতঃ পদপুথিয়েই ছপাইছিল। কুৰি শতিকাৰ প্ৰথম দশককেইটাৰ অসমৰ পুথি প্ৰকাশনৰ ইতিহাসলৈ লক্ষ্য কৰিলে পৃথিৱীৰ আন আন ঠাইতো প্ৰয়োজ্য কথাষাৰকেই ক'ব পাৰি--ছপাই নতুন কিতাপৰ সৃষ্টি কৰা নাছিল, কেবল অধিক পৰিমানে পুৰণি পুথি উৎপাদন কৰিছিল (print did not produce new books, only more old books)। পঢ়ুৱৈ সমাজ (Reading Public) সম্পৰ্কেও এইখিনিতে কেতবোৰ কথা ক'ব পাৰি। পাশ্চাত্য শিক্ষাৰে শিক্ষিত স্বল্পসংখ্যক লোকক বাদ দি ছপা-সংস্কৃতিয়ে (print culture) নতুন পঢ়ুৱৈ সমাজ সৃষ্টি কৰিব পাৰিছিলনে? হেমচন্দ্ৰ গোস্বামীয়ে অসম সাহিত্য সভাৰ অভিভাষণত ঠিকে নিৰীক্ষণ কৰিছে, " আমি জাতীয় চৰিত্ৰৰ ভু নলৈ কিতাপ লিখিবলৈ গৈছোঁ‌ গুণেই অসমীয়া মানুহৰ মনত লগা কৰি কিতাপ লিখিব পৰা নাই আৰু সেই গুণেই আমাৰ দেশত এটা পঢ়ুৱৈ সমাজৰ (Reading Public) সৃষ্টি হোৱা নাই।" (পৃষ্ঠা ৭১, অসম সাহিত্য সভাৰ ভাষণাৱলী) গোস্বামীয়ে পঢ়ুৱৈ সমাজ বোলোঁ‌তে নিশ্চয় নতুন genre সমূহৰ পঢ়ুৱৈলৈয়েই আঙুলিয়াইছিল। পুথি প্ৰকাশনৰ ইতিহাসলৈ চালে দেখা যায়, ঔপনিৱেশিক কালছোৱাত নতুন genre সমূহৰ পঢ়ুৱৈ বিশেষ নাছিল সঁ‌চা, কিন্তু প্ৰাক-শংকৰ যুগৰপৰা মধ্যযুগৰ অসমত যি এক পঢ়ুৱৈ আৰু শ্ৰোতাৰ সৃষ্টি হৈছিল, ভক্তি আন্দোলনৰ সময়ছোৱাত সেই সংখ্যা অধিক বৃদ্ধি হৈ অষ্টাদশ শতিকামানৰপৰা এক বুজন পৰিমানৰ পঢ়ুৱৈ-শ্ৰোতাৰ উত্থান হৈছিল। সমান্তৰালভাৱে সাঁ‌চিপতীয়া পুথি নকল (scribe)কৰা এক শিক্ষিত শ্ৰেণীৰো সৃষ্টি হৈছিল। প্ৰিণ্ট অহাৰ পিছত এই সাঁ‌চিপতীয়া পঢ়ুৱৈ সমাজেই ছপা পদপুথিৰো পঢ়ুৱৈ হৈ পৰিছিল। অৰ্থাৎ কেবল মাধ্যমহে সলনি হৈছিল।সেই সময়ছোৱাত প্ৰিণ্টে বিশেষ নতুন কোনো কিতাপ সৃষ্টি নকৰাৰ দৰে নতুন পঢ়ুৱৈ সমাজো সৃষ্টি কৰা নাছিল। আমাৰ আধুনিক সাহিত্যৰ বুৰঞ্জীসমূহৰ সীমাবদ্ধতা এইটোৱে যে সাহিত্যৰ নতুন genre বোৰকহে এইসমূহত গুৰুত্ব দিয়া হৈছে আৰু সেই সময়ছোৱাত অসমীয়া পঢ়ুৱৈ সমাজেনো কি পঢ়িছিল তাক বিচাৰ কৰা হোৱা নাই।
              যি হওক, প্ৰিণ্টে পৰম্পৰাগত পঢ়ুৱৈ সমাজলৈ যে এক উত্তেজনাও কঢ়িয়াই আনিছিল সেই বতৰা জ্ঞাননাথ বৰাই আমাক দিছে 'মাধৱ কন্দলীৰ ৰামায়ণ' শীৰ্ষক পাঠটোতঃ 
           '"অসমীয়া ৰামায়ণ ওলাল', 'অসমীয়া ৰামায়ণ ওলাল' বুলি ৰংমনেৰে আমাৰ মানুহে পৰস্পৰ কোৱা এতিয়াও মোৰ মনত পৰে। ই আঢ়ৈকুৰি বছৰৰ আগৰ কথা। তাৰ আগেয়ে ঘৰে ঘৰে বঙলা ৰামায়ণ। আমি আমাৰ ভাষাত যে এখন ৰামায়ণ আছিল তাকেই নাজানিছিলোঁ‌। যিদিনা স্বৰ্গীয় ঁ‌মাধৱচন্দ্ৰ বৰদলৈ ডাঙৰীয়াই মাধৱ কন্দলীৰ ৰামায়ণ ছপা কৰি ৰাইজৰ হাতত দিলে সেইদিনা দুপৰীয়া আমাৰ পুৰোহিত সৰ্ব্বেশ্বৰদেৱে ভৰলুমুখৰ শাহু-বোৱাৰী-জীয়াৰীসকলৰ আগত জাত লগাই পঢ়িছিল। বৃদ্ধ পুৰোহিতৰ কণ্ঠধ্বনি আমাৰ কাণত এতিয়াও লাগি আছে। পুৰোহিতে অৱশ্যে সেই পুথি আগেয়ে সাঁ‌চিপাতত পঢ়িছিল। এতিয়া ফটফটীয়া ছপা আখৰ পাই তেওঁৰ কি উৎসাহ! কি আনন্দ! একেৰাহে আদিকাণ্ডৰপৰা সুন্দৰাকাণ্ডলৈ পঢ়ি গধূলি এন্ধাৰ হোৱাতহে পুথি জপালে।" (পৃষ্ঠা ২৪, অসমীয়া পুৰণি সাহিত্য)
 
        শিৱনাথ ভট্টাচাৰ্য্যৰদ্বাৰা প্ৰকাশিত পুথি :

আমি সংগ্ৰহ কৰা শিৱনাথ ভট্টাচাৰ্য্যই ছপোৱা পুথিসমূহৰ এক চমু বিবৰণ আগবঢ়োৱা হ'লঃ

(১) লৰাকবিতা /দুৰ্গাপ্ৰসাদ দত্ত /দ্বিতীয় তাঙৰণ /আহিন, ১৮৭১ শক (ইং ১৮৯৯)/বেচ--তিনি অনা মাথোন /ডিব্ৰুগড়ৰ এ আৰ টি কোম্পানীৰ প্ৰেছত ডি চি ঘোষৰদ্বাৰা মুদ্ৰিত/মুঠ পৃষ্ঠাসংখ্যা ৩৭।

(২) উজু পাঠ /বলদেৱ মহন্ত /প্ৰকাশৰ চন আৰু ছপাশালৰ নাম নাই /মুঠ পৃষ্ঠাসংখ্যা ৩৫।

(৩) হৰি-প্ৰসঙ্গ ও আইনাম /এম বৰুৱা / চতুৰ্থ তাঙৰণ /১৮২৬ শক (ইং ১৯০৪)/ বেচ--এসিকি মাথোন /কলিকতাৰ ১২২ নং আৰ্মহাৰ্ষ্ট ষ্ট্ৰীটৰ ৰাধাৰমণ যন্ত্ৰত নৃত্যগোপাল চক্ৰবৰ্ত্তীৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৩৭।

(৪) সীতাহৰণ-কাব্য /ভোলানাথ দাস /প্ৰথম সংস্কৰণ /সন ১৩১৩ (ইং ১৯০৬)/বেচ নাই / কলিকতাৰ ৬ নং কলেজ-স্কোয়াৰৰ সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১৯২।

(৫) কৃষ্ণগুণমালা /শঙ্কৰদেৱ /পঞ্চম তাঙৰণ /১৮২৮ শক (ইং ১৯০৬)/বেচ এমহা মাথোন /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৫১।

(৬) The Assamese Child's Grammar/গোলাপচন্দ্ৰ বৰুৱা /তৃতীয় তাঙৰণ /১৯০৭ চন /বেচ--চাৰি আনা মাথোন /৬ নং কলেজ স্কোৱেৰৰ সাম্য প্ৰেছত এ লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৮৮।

(৭) ভক্তি-ৰত্নাৱলী /মাধৱদেৱ /দ্বিতীয় তাঙৰণ /১ ভাদ্ৰ, ১৮৩১ শক (ইং ১৯০৯)/মুঠ পৃষ্ঠাসংখ্যা ২৮৯।

(৮) পঢ়াশালীৰ অসমীয়া ব্যাকৰণ /শিৱনাথ ভট্টাচাৰ্য্য /নৱম তাঙৰণ /১৯১২ চন /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৬৮ (অসম্পূৰ্ণ)।

(৯) অসমীয়া ভূগোল-সাৰ / নৰেশ্বৰ শৰ্ম্মা /ঊনবিংশ তাঙৰণ /১৯১৩ চন /মুঠ পৃষ্ঠাসংখ্যা ১৩২ (আন তথ্য পোৱা নগ'ল)।

(১০) শ্ৰীমদ্ভাগৱত দশম স্কন্ধ /মহাপুৰুষ শঙ্কৰদেৱ /১৩২৪ (ইং ১৯১৮)/বেচ দুই টকা মাথোন /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য যন্ত্ৰত দেৱেন্দ্ৰনাথ বন্দোপাধ্যায়ৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৫৭৬।

(১১) অঞ্জলি /দুৰ্গেশ্বৰ শৰ্ম্মা /দ্বিতীয় তাঙৰণ /১৮৩৭ শক (ইং ১৯১৫)/ বেচ দহ অনা /সাম্য যন্ত্ৰত সেখ আব্দুল লতিফৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১১২ (অসম্পূৰ্ণ)।

(১২) লৰা-শিক্ষা মাজছোৱাৰ অৰ্থপুথি /কলিকতাৰ ৩৯।১ নং শিবনাৰায়ণ দাস লেইনৰ কাত্যায়নী প্ৰেছত অমৃতলাল সৰকাৰৰদ্বাৰা মুদ্ৰিত /বেচ দহ অনা মাত্ৰ /মুঠ পৃষ্ঠাসংখ্যা ৩৪। (আন তথ্য পোৱা নগ'ল)

(১৩) সাহিত্য-বিচাৰ /সত্যনাথ বৰা /চতুৰ্থ তাঙৰণ /১৮৪৪ শক (ইং ১৯২২ চন)/ বেচ চাৰি অনা /কলিকতাৰ ৬ নং কলেজ স্কোৱেৰৰ সাম্য প্ৰেছত উপেন্দ্ৰনাথ দাসৰদ্বাৰা মুদ্ৰিত।মুঠ পৃষ্ঠাসংখ্যা ১১৫।

(১৪) হিতোপদেশ /ইন্দ্ৰধৰ ৰাজখোৱা /চতুৰ্থ তাঙৰণ /১৯২২ চন /কলিকতাৰ ১৪ নং জগন্নাথ দত্ত লেনৰ লক্ষ্মীবিলাস প্ৰেছত বিজয়কৃষ্ণ দাসৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ৪৯।

(১৫) হোকাচৰিত, ধেমেলীয়া পুথি /ৰজনীকান্ত খাৰঘৰীয়া সংগৃহীত /দ্বিতীয় তাঙৰণ /১৯২৩ চন / ডিব্ৰুগড়ৰ আসাম কমাৰ্ছিয়েল কোম্পানীৰ প্ৰেছত সূৰ্য্যধৰ ৰাজখোৱাৰদ্বাৰা মুদ্ৰিত।বেচ দুই অনা /মুঠ পৃষ্ঠাসংখ্যা ১১।

(১৬) শ্ৰীকৃষ্ণ-শতনাম, নাৰায়ণ-কৱচ /নতুন তাঙৰণ /১৯২৪ /লক্ষ্মীবিলাস প্ৰেছত বিজয়কৃষ্ণ দাসৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ২১।

(১৭) ভক্তি-ৰত্নাৱলী /মাধৱদেৱ অনূদিত /১৯২৬ চন /কলিকতাৰ ১৪ নং জগন্নাথ দত্তৰ লেনৰ লক্ষ্মীবিলাস প্ৰেছত বিজয়কৃষ্ণ দাসৰদ্বাৰা মুদ্ৰিত /বেচ ডেৰ টকা মাত্ৰ /মুঠ পৃষ্ঠাসংখ্যা ২৮৪।

(১৮) ভক্তি সাধন বা বৈষ্ণৱামৃত /অনন্ত কন্দলী ভণিত /দ্বিতীয় তাঙৰণ /১৯২৮ /৩৮ নং শিবনাৰায়ণ দাসৰ লেনৰ ঘোষ মেছিন যন্ত্ৰত মন্মথনাথ ঘোষৰ দ্বাৰা মুদ্ৰিত / বেচ এসিকি/মুঠ পৃষ্ঠাসংখ্যা ৩৬।

(১৯) ত্ৰিবেণী /সৰ্ব্বেশ্বৰ শৰ্ম্মা কটকী সংগৃহীত আৰু সম্পাদিত /দ্বিতীয় তাঙৰণ /১৯২৮ /বেচ দহ অনা মাথোন /সাম্য প্ৰেছত উপেন্দ্ৰনাথ দাসৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১১২।

(২০) অসমীয়া সাহিত্য-সম্ভাৰ /সৰ্ব্বেশ্বৰ শৰ্মা কটকী /প্ৰথম তাঙৰণ / ১৮৫১ শক (ইং ১৯২৯) /বেচ এটকা /মুঠ পৃষ্ঠাসংখ্যা ২৩২।

(২১) অসমীয়া ক্ষেত্ৰ জ্যামিতি অৰ্থাৎ ইউক্লিডৰ প্ৰথম খণ্ড /মুন্সী ছাখাৱত আলী /চতুৰ্দ্দশ তাঙৰণ /১৯২৯/বেচ দহ অনা মাথোন /সাম্য প্ৰেছত দেবেন্দ্ৰনাথ বন্দোপাধ্যায়ৰদ্বাৰা মুদ্ৰিত /মুঠ পৃষ্ঠাসংখ্যা ১৩০।

No comments:

Post a Comment