Saturday, August 22, 2020

গুৱাহাটীৰ 'ভিক্টোৰীয়া প্ৰেছ' আৰু মথুৰামোহন বৰুৱা

             চিদানন্দ চৌধুৰী আৰু কালিৰাম বৰুৱাৰ পিছত গুৱাহাটী চহৰত কুৰি শতিকাৰ আৰম্ভণিতে এটি প্ৰেছ প্ৰতিষ্ঠা হৈছিল যোৰহাটৰ প্ৰখ্যাত ৰসেন্দ্ৰ বংশৰ মথুৰামোহন বৰুৱাৰ(১৮৬৩-১৯১৯) উদ্যোগত।'মথুৰামোহন বৰুৱা'(সংগ্ৰাহকঃশুভ বৰুৱা,১৯৮৫) গ্ৰন্থত দিয়া বংশলতা অনুসৰি ৰসেন্দ্ৰ বংশৰ শূলপাণি ভৰালী বৰুৱাৰ তৃতীয় পুত্ৰ দিগম্বৰ;তেওঁৰ দুই পুত্ৰ ৰবিচন্দ্ৰ আৰু বলোচন্দ্ৰ।সূৰ্য্যকুমাৰ ভূঞাৰ তথ্য মতে ঊনবিংশ শতিকাৰ গুৱাহাটীৰ প্ৰখ্যাত ব্যক্তি ৰবিচন্দ্ৰ ডেকাবৰুৱাই 'আসাম কায়দা-বন্দী' বাংলাৰপৰা অসমীয়ালৈ অনুবাদ কৰিছিল।(পৃঃ১৩,মথুৰামোহন বৰুৱা)ৰবিচন্দ্ৰৰ বৰপুত্ৰ কেশৱ চন্দ্ৰ বা কেশী বৰুৱা আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ শহুৰেক।কেশৱচন্দ্ৰৰ আন এক ভাতৃ ৰাধিকাচন্দ্ৰই খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈ "আৰ চি বেঞ্জামিন নাম লৈ উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত ব্যৱসায় কৰি ফুৰিছিল"(পৃঃ১৫,পূৰ্বোক্ত গ্ৰন্থ)।এওঁৰ আৰ্থিক সাহায্যতে খুৰাৱক বলোচন্দ্ৰৰ একমাত্ৰ পুত্ৰ মথুৰামোহনে বোম্বাই চহৰত ডাক্তৰি পঢ়ে।অৱশ্যে বিভিন্ন কাৰণত মথুৰামোহনৰ পঢ়া অসমাপ্ত হয়।প্ৰফুল্লদত্ত গোস্বামীয়ে লিখিছে,"পঢ়া বিফল হ'লত মথুৰামোহনে সাংবাদিকতাৰ ফালে মন মেলে।তেওঁৰ ইংৰাজীত ভাষাত দখল আছিল আৰু দৰকাৰ হ'লে লিখিবও পাৰিছিল।...তেওঁ কিছুদিন বোম্বাই আৰু হাইদৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'ছেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰে।তাৰ পিছতহে ১৯০০ চনত তেওঁ তেজপুৰত 'আসাম বন্তি'ৰ ভাৰ লয়হি।"(পৃঃ১৫-১৬)

            কেবল "অসম বন্তি"ৰ সম্পাদনাৰ লগতে নহয়,সেই কাকত মুদ্ৰণ হোৱা তেজপুৰৰ "অসম চেণ্ট্ৰেল প্ৰেছ"ৰ লগতো বৰুৱা জড়িত আছিল।"মোৰ সোঁৱৰণী"ত পদ্মনাথ গোহাঞিবৰুৱাই লিখিছেঃ"আমি প্ৰেছ প্ৰতিষ্ঠা বিষয়ত অনভিজ্ঞ আৰু কোম্পানী সংগঠিত কৰা বিষয়তো তথৈবচ।কাৰ্যকাৰক সমিতিৰ আঁৰ লৈ কাম কৰোতা মোৰ গাতেই প্ৰেছ সম্বন্ধীয় অভিজ্ঞতা অলপ থকাৰ গম ধৰি,সমিতিয়ে প্ৰেছ অনোৱাৰ যুগুতিৰ ভাৰ মোৰ মূৰতে অৰ্পণ কৰিলে।অৱশ্যে অপ্ৰকাশ্যে,কাৰণ মই চৰ্কাৰী চাকৰীয়া।মোৰ মনত পৰিল মোৰ বন্ধু ঁমথুৰামোহন বৰুৱালৈ।তেওঁ কলিকতা,এলাহাবাদ প্ৰভৃতি ঠাইত বাতৰিকাকতৰ লগত সম্বন্ধ ৰাখি ফুৰা-চকা কৰাৰ কথা মই ভালকৈ জানো।তেওঁ সেই সময়ত এলাহাবাদৰপৰা আহি গুৱাহাটীত আছিলহি।সেইছেগতে সমিতিৰ জৰিয়তে তেওঁক তেজপুৰলৈ মতাই অনালোঁ।তাৰ পাচত আলোচনাৰ ফলত এই সিদ্ধান্ত হয় যে,সময়ত এওঁকেই আমাৰ সংকল্পিত কাকতৰ সম্পাদক পতা যাব,সম্প্ৰতি তেওঁ কলিকতালৈ গৈ এখন ভাল প্ৰেছ কিনি পঠিয়াবলৈ যুগুত দিহা কৰকগৈ।...ছমাহৰ ভিতৰত ছপাখানাৰ ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত "অসম চেণ্ট্ৰেল প্ৰেছ" প্ৰতিষ্ঠিত হ'ল।"(পৃঃ১০৪)বৰুৱা "অসম বন্তি'ৰ লগত এবছৰমানহে থাকে,"কিয়নো পৰিচালক সমিতিৰ লগত মত্ভেদ হৈ তেওঁ সম্পাদকীয় বাব এৰি দিয়ে"(পৃঃ১৮,মথুৰামোহন বৰুৱা)অৱশ্যে গোহাঞিবৰুৱাৰ মতে 'অসম চেণ্ট্ৰেল প্ৰেছ' কোম্পানীৰ ধাৰ লগাত "সমস্যাৰ গতি বুজি সম্পাদক ঁমথুৰামোহন বৰুৱা ছুটীত ঘৰলৈ গৈ আৰু ঘূৰি নাহিল।"(পৃঃ১৩৭,মোৰ সোঁৱৰণী)

            প্ৰফুল্লদত্ত গোস্বামীৰ তথ্যমতে,১৯০২ চনৰ জানুৱাৰী মাহত বৰুৱাই গুৱাহাটীলৈ আহি এটি সৰু হেণ্ডপ্ৰেছ স্থাপন কৰে।আৰু ছপাখানাটোৰ নামকৰণ কৰে "ভিক্টোৰীয়া প্ৰেছ"ৰূপে।বৰুৱাৰ বন্ধু আৰু 'মহাৰাণী'(১৯০০) গ্ৰন্থৰ প্ৰণেতা পদ্মনাথ গোহাঞিবৰুৱাৰ দৰেই বোধকৰোঁ বৰুৱায়ো ১৯০০ চনত "মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়াৰ মৃত্যু আটাইতকৈ বৰ" খবৰ হিচাপে গণ্য কৰিছিল।মথুৰামোহন বৰুৱাই "ভিক্টোৰীয়া প্ৰেছ" নাম দি প্ৰতিষ্ঠা কৰা ছপাখানাটো আনিছিল বৰপেটাৰ ভোগজুৰ বেপাৰীৰপৰা।এই তথ্য দিছে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তেওঁৰ আত্মজীৱনীতঃ"মথুৰ বৰুৱাই 'এডভোকেট অৱ আসাম' ছপোৱা হাফ-ক্ৰাউন আকাৰ হেণ্ড প্ৰেছখন প্ৰকৃততে ভোগজুৰ বেপাৰীৰে আছিল।তেওঁ ইং ১৯০২ চনত এই প্ৰেছখন কলিকতাৰপৰা কিনি আনি 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' নাম দি বৰপেটাত পাতিছিল কীৰ্ত্তনঘোষা,নামঘোষা আদি কিতাপবিলাক প্ৰকাশৰ বাবে।কিছুদিন চলাই মন দি কাম কৰা ভাল মানুহৰ অভাৱত প্ৰেছখন এনেয়ে পেলাই ৰাখিছিল।মথুৰ বৰুৱাই বোম্বাইৰপৰা আহি 'এডভোকেট অৱ আসাম' নামৰ ইংৰাজী সাপ্তাহিক কাকতখন প্ৰকাশ কৰিবলৈ প্ৰেছখন লিখা-পঢ়া কৰি ভোগজুৰ বেপাৰীৰপৰা ইং ১৯০৫ চনত গুৱাহাটীলৈ আনিছিল।"(পৃঃ১০১-০২,মোৰ জীৱন-ধুমুহাৰ এছাটি)অৱশ্যে এই অনুচ্ছেদটোত কেইটামান তথ্য বিভ্ৰান্তি আছে।১৯০২ চনৰ আগতেই ভোগজুৰ বেপাৰীয়ে কলিকতাৰপৰা প্ৰেছখন আনিব লাগিব,কিয়নো প্ৰফুল্লদত্ত গোস্বামীয়ে লিখা মতে ১৯০২ চনৰ জানুৱাৰীত মথুৰামোহন বৰুৱাই ইতিমধ্যে প্ৰেছখন গুৱাহাটীত প্ৰতিষ্ঠা কৰিছেহি।আনহাতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "শাস্ত্ৰ প্ৰকাশ প্ৰেছ'' নাছিল।নাৰায়ণ দেৱমিশ্ৰই ১৯১০চনত বৰপেটাত স্থাপন কৰা ছপাযন্ত্ৰটোৰ নামহে 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' আছিল।অক্ষয় কুমাৰ মিশ্ৰই আমাক জনোৱা মতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "সনাতন ধৰ্মযন্ত্ৰ" আছিল।ৰায়চৌধুৰীয়ে লিখাৰ দৰে ১৯০৫ চনতো বেপাৰীৰপৰা বৰুৱাই যন্ত্ৰটো অনা নাছিল,কিয়নো ১৯০৩ চনৰ অক্টোবৰ মাহৰপৰা "এডভোকেট অৱ আসাম" "ভিক্টোৰীয়া প্ৰেছ"ৰপৰা প্ৰকাশ পাইছে।গতিকে তাৰ আগতেই প্ৰেছখন বৰপেটাৰপৰা আনিব লাগিব।উল্লেখ্য যে নিজাকৈ প্ৰেছ অনাৰ আগতে বৰপেটাৰ ব্যৱসায়ী ভোগজুৰ বেপাৰীয়ে লাক্ৰিসিং বেপাৰীৰ লগ লাগি ১৮৯৫ চনত হাহিৰাম বেপাৰী(বৰপেটা)সংকলিত "বৰগীত"খন ছপাই উলিয়াইছিল(পৃঃ৬২,নামনি অসমৰ সামাজিক পটভূমি,অনিল ৰায়চৌধুৰী)।

            ভিক্টোৰীয়া প্ৰেছৰপৰা মথুৰামোহন বৰুৱাৰ সম্পাদনাত প্ৰকাশিত 'দ এডভোকেট অভ আছাম' ১৯০৩ চনৰপৰা কোনোৰ মতে ১৯১০ চনলৈ আৰু কোনোৰপৰা এৰাধৰাকৈ ১৯২০ চনলৈ চলি আছিল।এই প্ৰেছতে নিজৰ কাকত মুদ্ৰণ হোৱাৰ লগতে সত্যনাথ বৰাৰ সম্পাদনাত গুৱাহাটীৰপৰা প্ৰকাশিত "জোনাকী" মুদ্ৰিত হৈছিল।১৯১৯ চনৰ ৭ জুনত বৰুৱাৰ মৃত্যু হোৱালৈকে প্ৰেছখনো নিজৰ লগতে আছিল বুলি অনুমান কৰিব পাৰি,কিয়নো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বৰুৱাৰ মৃত্যুৰ পিছতহে প্ৰেছখন বিচাৰি গৈছিল।ভিক্টোৰীয়া প্ৰেছত প্ৰিণ্টাৰ আছিল কালিৰাম বৰুৱাৰ প্ৰেছত কাম কৰা প্ৰখ্যাত দুতিৰাম মেধি।"অৰুণা প্ৰেছ"ৰ বাবে প্ৰেছৰ কাম জনা মানুহ বিচৰা প্ৰসংগত অম্বিকাগিৰীয়ে লিখিছেঃউজান বজাৰত দুতিৰাম মেধি নামৰ প্ৰেছৰ ভাল কাম জনা মানুহ আছে।তেওঁ কালিৰাম বৰুৱা,চিদানন্দ চৌধুৰী,মথুৰ বৰুৱাৰ 'এডভোকেট অৱ আসাম'ত কাম কৰা পুৰণি মানুহ।(পৃঃ৭০,মোৰ জীৱন-ধুমুহাৰ এছাটি)একেখন গ্ৰন্থতে গোবিন্দ গগৈ নামৰ আন এগৰাকী প্ৰেছৰ কামজনা ব্যক্তিৰ উল্লেখ আছে যি ভিক্টোৰীয়া প্ৰেছত কাম কৰিছিল।এই গোবিন্দ বা গোবিন্দধৰ গগৈয়ে অম্বিকাগিৰীৰ 'অৰুণা প্ৰেছ'ত কাম কৰাৰ উপৰি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'নিউ প্ৰেছ'(প্ৰতিষ্ঠা ১৯১৮)তো কাম কৰিছিল।দুতিৰাম মেধিয়ে তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ'তো ১৯০০ চনত কাম কৰাৰ তথ্য পোৱা যায়ঃগুৱাহাটীৰপৰা দুতিৰাম মেধিক প্ৰিণ্টাৰ কৰি আনি বহুৱাই লৈ,তাৰেপৰা জনদিয়েক অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়(পৃঃ১০৬,মোৰ সোঁৱৰণী)মথুৰামোহন বৰুৱাই 'আসাম বন্তি' এৰি গুৱাহাটীত নিজাকৈ প্ৰেছ প্ৰতিষ্ঠা কৰাত সম্ভৱতঃ মেধিয়েও সেই প্ৰেছতে কামত যোগ দিয়েহি।

    মথুৰামোহন বৰুৱাৰ মৃত্যুৰ পিছত এই ভিক্টোৰীয়া প্ৰেছ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিনি লয়।

No comments:

Post a Comment