Saturday, August 22, 2020

তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ' আৰু লীলা এজেন্সি

            ঔপনিৱেশিক সময়ছোৱাত গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ পিছতে লেখত ল'বলগীয়া দুখন চহৰ আছিল তেজপুৰ আৰু যোৰহাট।তেজপুৰৰ বৌদ্ধিক পৰিৱেশ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা ওজা সাহিত্যিকগৰাকী আছিল পদ্মনাথ (গোহাঞি)বৰুৱা(১৮৭১-১৯৪৬)।গোহাঞিবৰুৱাই 'মোৰ সোঁৱৰণী'(১৯৭১)ত লিখা মতে ১৮৯৬ চনৰ ২৬ ডিচেম্বৰৰ পৰা তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰ আৰু 'তেজপুৰ অসমীয়া ভাষা আলোচনী সভা'ৰ সম্পাদক এই দুই চৰ্কাৰী আৰু সমজুৱা বিষয়বাব লৈ তেওঁ তেজপুৰীয়া জীৱন আৰম্ভ কৰে।উল্লেখ্য যে গোহাঞিবৰুৱাই যাৰ ঠাইত প্ৰধান শিক্ষকৰূপে যোগদান কৰিছিল,তেওঁ আছিল পৰৱৰ্তী কালত,অসহযোগ আন্দোলনৰ সময়ত স্কুল ইন্সপেক্টৰৰ চাকৰি ইস্তফা দি গ্ৰন্থ প্ৰকাশনত মন দিয়া দুৰ্গাধৰ বৰকটকী()।তেজপুৰলৈ অহাৰ পূৰ্বেই গোহাঞিবৰুৱাই ইতিমধ্যেই সাহিত্যিক হিচাপে পৰিচিতি লাভ কৰিছিল আৰু ভানুমতি,লাহৰী আদি উপন্যাস,গাওঁবুঢ়া আদি নাটকৰ লগতে কেইবাখনো স্কুলীয়া পাঠ্যপুথিও প্ৰণয়ন কৰিছিল।তাৰ ভিতৰত 'আদি শিক্ষা','নীতি শিক্ষা' আগছোৱা,'সাহিত্য-সংগ্ৰহ' আদি আছিল প্ৰধান।তেজপুৰলৈ আহি গোহাঞিবৰুৱাই লক্ষীমপুৰীয়া বন্ধু পাণীন্দ্ৰনাথ গগৈৰ দৰেই আন্তৰিক সম্পৰ্কৰ এগৰাকী সাহিত্যিক বন্ধুৰ সান্নিধ্য লাভ কৰাৰ কথা আত্মজীৱনীত সোঁৱৰিছে।তেওঁ হ'ল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য।আৰু এইগৰাকী বন্ধুৰ সৈতে হোৱা যুটীয়া চিন্তালোচনাৰ ফলস্বৰূপেই ১৯০০ চনত তেজপুৰত প্ৰতিষ্ঠা হৈছিল চহৰখনৰ প্ৰথমটো ছপাখানা--অসম চেণ্ট্ৰেল প্ৰেছ।অসমৰ ছপাখানাৰ ইতিহাসত এই প্ৰেছৰ এটা গুৰুত্ব এই যে ৰাইজৰ বৰঙণিৰে প্ৰতিষ্ঠা হোৱা এইটোৱেই বোধকৰোঁ অসমৰ প্ৰথম প্ৰেছ।গোহাঞিবৰুৱাৰ ভাষাত 'ভট্টাচাৰ্য্যদেৱৰ গা-তোলা ওজস্বিনী বুজনিৰ প্ৰেৰণাত উলাহিত হৈ স্থানীয় মাৰোৱাৰী সমাজেও অসমীয়াৰ লগত সহযোগিতা দান কৰি আমাক মটমটীয়া কৰি তুলিলে।(পৃঃ১০৩,মোৰ সোঁৱৰণী)এটি প্ৰেছ প্ৰতিষ্ঠাৰ বাবে হাত উজান দি এমাহৰ ভিতৰত ঊনবিংশ শতিকাৰ একেবাৰে শেষত তেজপুৰৰ দৰে চহৰ এখনত ২০০০ টকাৰ বৰঙণি গোট খোৱাটো এহাতে যিদৰে পদ্মনাথ-কমলাকান্তৰ প্ৰতি ৰাইজৰ আস্থাৰ প্ৰকাশ,আনহাতে তেজপুৰীয়া ৰাইজৰ প্ৰগতিশীলতাৰো পৰিচায়ক।এইখিনি ধনেৰে গোহাঞিবৰুৱাই তেওঁৰ বন্ধু গুৱাহাটীৰ মথুৰামোহন বৰুৱা(১৮৬৩-১৯১৯)ক মতাই আনি কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ অনাৰ দায়িত্ব অৰ্পণ কৰে।গোহাঞিবৰুৱা চৰ্কাৰী কৰ্মচাৰী আছিল বাবে প্ৰকাশ্যে তেওঁ এই কাম কৰাত অসুবিধা আছিল।আনহাতে প্ৰেছ সম্পৰ্কত অভিজ্ঞ আছিল মথুৰামোহন বৰুৱা।বোম্বাই বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা বৰুৱা বোম্বাই আৰু হায়দৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'চেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল।প্ৰেছ আহি পোৱাৰ আগতেই সৰ্বসন্মতিক্ৰমে বৰুৱাক তেজপুৰৰ সংকল্পিত প্ৰেছটোৰ পৰা প্ৰকাশ পাবলগীয়া কাকতখনৰ সম্পাদকো মনোনীত কৰা হৈছিল।দায়িত্ব মতেই বৰুৱাই কুৰি শতিকাৰ প্ৰাৰম্ভতে কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ তেজপুৰলৈ লৈ আনিলে।গোহাঞিবৰুৱাৰ ভাষাত---'যথাসময়ত কলিকতাৰ পৰা সম্পূৰ্ণ সৰঞ্জামে সৈতে প্ৰেছ আহি তেজপুৰ পালেহি;কিন্তু তেতিয়ালৈকে ছপাখানাখন পাতিবলৈ আমি সুচল ঠাই পোৱা নাই এথোন।সেইভাৱেই সপ্তাহচেৰেক পাৰ হৈ যোৱাৰ পাচত,মোৰ প্ৰস্তাৱ আৰু ঁজয়দেৱ শৰ্মা আৰু ঁৰবীন্দ্ৰ শৰ্মা বৰুৱা তহচিলদাৰৰ সমৰ্থন মতে পাচত প্ৰতিষ্ঠিত হোৱা বৰ্তমান অ ভা উ সা সভাৰ নামঘৰত লগা 'বাণ ষ্টেজ'ৰ সমুখৰ তিনিকোণীয়া মাটিডোখৰতে ছপাখানা ঘৰ সজোৱা স্থিৰ হ'ল।ঘৰটো সজোৱাৰ ভাৰ পৰিল বৰগোলাৰ বৰ গোমস্তা ঁচুজিৰাম বাবু আৰু মোৰ ওপৰত,সেই অনুসৰি বৰগোলাৰ বাগীত উঠি টাউনৰ পৰা দুমাইলমান দূৰৈৰ পৰা শাল কাঠ কটাই আনি আৰু বৰগোলাৰ পৰাই টিন,গজাল আদি লাগতিয়াল সমল যুগুত কৰি ছমাহৰ ভিতৰত ছপাখানা ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত 'অসম চেণ্ট্ৰেল প্ৰেছ' প্ৰতিষ্ঠিত হ'ল।'(পৃঃ১০৪,ঐ)

       এই প্ৰেছৰ মেনেজাৰ নিযুক্ত কৰা হয় ভৱানীচৰণ ভট্টাচাৰ্য্যক(পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত,১৮৯৪ চনত, ভট্টাচাৰ্য্য পথৰুঘাট তহচিলৰ তহচিলদাৰ আছিল।)আনহাতে গুৱাহাটীৰ কালীৰাম বৰুৱাৰ 'আসাম নিউজ' যন্ত্ৰৰ এসময়ৰ প্ৰিণ্টাৰ দুতিৰাম মেধিক 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ প্ৰিণ্টাৰ কৰি গুৱাহাটীৰ পৰা অনা হয়।গুৱাহাটীৰ পৰাই আৰু এজন অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়।আৰু ১৮২১ শকৰ পহিলা মাঘত 'অসম বন্তি' মথুৰামোহন বৰুৱাৰ সম্পাদনাত 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ পৰা প্ৰকাশ হ'বলৈ ধৰে।

            'অসম বন্তি'ৰ প্ৰকাশৰ উদ্দেশ্যেই যিহেতু এই প্ৰেছ প্ৰতিষ্ঠা হৈছিল,সেইবাবেই হয়তো এই প্ৰেছত অন্য পুথি ছপোৱাৰ তথ্য পোৱা নাযায়।গোহাঞিবৰুৱাৰ 'মহাৰাণী'(১৯০০)খনৰ প্ৰথম সংস্কৰণ 'অসম চেণ্ট্ৰেল প্ৰেছ'ত ছপা হোৱাৰ কথা লেখকে আত্মজীৱনীত উল্লেখ কৰিছে যদিও মহাৰাণীৰ পৰৱৰ্তী সংস্কৰণ 'সচিত্ৰকৈ আৰু ধুনীয়াকৈ কলিকতীয়া ছপাখানাত সৰহীয়াকৈ ছপাই' আনিছিল।গোহাঞিবৰুৱাৰ অন্যান্য পাঠ্যপুথিবোৰো কিন্তু কলিকতাৰ প্ৰেছতহে ছপাই আনিছিল।উদাহৰণস্বৰূপে নীতি-শিক্ষা,মাজছোৱা(১৯০০)ৰ প্ৰথম সংস্কৰণ আৰু আসামৰ বুৰঞ্জীৰ ১৯০৫ চনৰ সংস্কৰণ ছপোৱা হৈছিল কলিকতাৰ 'ৰাধাৰমণ যন্ত্ৰ'ত।তেনেদৰে দেশী-কচৰৎ(১৯০৪)ছপা হৈছিল শ্বিলঙস্থিত অসম সচিবালয়ৰ ছপাযন্ত্ৰত।সৰহীয়াকৈ আৰু দৃষ্টিনন্দন হোৱাকৈ পুথি ছপোৱাৰ সুব্যৱস্থা তেতিয়াও অসমত হোৱা নাছিল বাবেই গোহাঞিবৰুৱাৰ দৰে লেখকসকলে কলিকতীয়া প্ৰেছৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

            ইপিনে ঊনবিংশ শতিকাৰ শেষ ভাগত চাকৰিজীৱন আৰম্ভ কৰাৰ পূৰ্বে দেউতাক ঘিণাৰাম বৰুৱাৰ নৰীয়া সূত্ৰে গোহাঞিবৰুৱাই উত্তৰ লক্ষীমপুৰৰ নিজা ঘৰত কেইদিনমান কটাব লগাত পৰে।সেই সময়তে কলিকতাৰ অ ভা উ সা  সভাৰ আৰ্হিত একে নামেৰেই পদ্মনাথে বাল্যবন্ধু পাণীন্দ্ৰনাথ গগৈৰ লগ লাগি লক্ষীমপুৰত সভা এখন গঠন কৰে।অসমীয়া পাঠ্যপুথিৰ তেনেই তথৈবচ অৱস্থাৰ বাবেই অসমৰ মজলীয়া আৰু ওখখাপৰ পঢ়াশালিবোৰত চলাবৰ নিমিত্তে দেশী ভাষাৰ পাঠ্যপুথি প্ৰস্তুতকৰণ এই সভাৰ অন্যতম মুখ্য উদ্দেশ্য হৈ পৰিছিল।এই সংকল্পৰ ফলস্বৰূপে পাণীন্দ্ৰনাথ গগৈৰ 'অসমীয়া ল'ৰাৰ ভূগোল' আৰু 'ল'ৰা-শিক্ষা' তিনিছোৱা  আৰু গোহাঞিবৰুৱাৰ 'নীতি-শিক্ষা' তিনিছোৱা,'ভূগোল দৰ্পণ' আৰু 'অসমৰ বুৰঞ্জী'য়ে প্ৰকাশৰ মুখ দেখা পাইছিল।কেইবছৰমান পিছত গগৈৰ অকাল বিয়োগৰ পিছত গোহাঞিবৰুৱাই অকলেই পাঠ্যপুথি প্ৰণয়নৰ গধুৰ দায়িত্ব পালন কৰিছিল।দেখা যায় ঔপনিৱেশিক সময়ছোৱাৰ ওজা সাহিত্যিকসকলৰ ভিতৰত একমাত্ৰ গোহাঞিবৰুৱায়েই সাহিত্য সাধনা,কাকত-আলোচনী সম্পাদনা আৰু শিক্ষকতাৰ সমান্তৰালভাৱে এই দায়িত্ব পালন কৰিছিল।হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই গোহাঞিবৰুৱাৰ আগত এই দায়িত্ব পালন কৰি আদৰ্শ দাঙি ধৰিছিল যদিও সত্যনাথ বৰা,লম্বোদৰ বৰা,বেণুধৰ ৰাজখোৱা,ৰজনীকান্ত বৰদলৈ আদি প্ৰতিষ্ঠিত সাহিত্যিকসকলে দুই একোখন  পাঠ্যপুথি ৰচনা কৰা বাদে আন খ্যাতিমন্ত অসমীয়া লেখকসকলে স্কুলীয়া পাঠ্যপুস্তক ৰচনা কৰাৰ উদাহৰণ কম।গোহাঞিবৰুৱাতকৈ কণিষ্ঠ শৰৎ চন্দ্ৰ গোস্বামীহে এই ক্ষেত্ৰত ব্যতিক্ৰম।পাঠ্যপুথি প্ৰণয়নে গোহাঞিবৰুৱাক এহাতে আৰ্থিকভাৱে লাভান্বিত কৰিলে,আনহাতে অসমীয়া ছাতৰসকলকো ঐতিহাসিকভাৱে উপকৃত কৰিলে।

          উল্লেখযোগ্য যে,ঔপনিৱেশিক সময়ছোৱাত মাত্ৰ দুইধৰণৰ পুথি প্ৰকাশনহে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ আছিল---এক,শংকৰদেৱ-মাধৱদেৱৰ জনপ্ৰিয় পদপুথিসমূহকে ধৰি সকলোধৰণৰ পদপুথি আৰু দুই,স্কুলীয়া পাঠ্যপুথি। অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এই কথাটো মনত ৰখা উচিত।সেইবাবেই মূলতঃ এই দুই ধৰণৰ পুথি প্ৰকাশ কৰিয়েই ঔপনিৱেশিক সময়ছোৱাত অসমীয়া প্ৰকাশকৰ উত্থান হৈছিল।আনহাতে পাঠ্যপুথিসমূহৰ বেছিভাগেই লেখকসকলে নিজাববীয়াকৈ ছপাই উলিয়াইছিল(দুই এজনক বাদ দি লেখকসকল আছিল মূলতঃ শিক্ষক।) ।গোহাঞিবৰুৱাও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল।কোনো গুৰুত্বপূৰ্ণ লেখকে এককভাৱে  দিয়া কিতাপৰ বিজ্ঞাপনৰ ক্ষেত্ৰত গোহাঞিবৰুৱাই বোধকৰোঁ প্ৰথম লেখক আছিল।১৯০০ চনত প্ৰকাশিত 'নীতি-শিক্ষা' মাজছোৱাৰ বকলাপিঠিত মুঠ ১৩ খন কিতাপৰ বিজ্ঞাপন দিয়া হৈছিল এনেদৰেঃ


জাননী

শ্ৰীযুত পদ্মনাথ বৰুৱা প্ৰণীত তলত দিয়া কিতাপবিলাক তলত লিখা ঠিকনাত পোৱা যায়।একে সময়তে পাঁচ টকাৰ ওপৰ দামৰ কিতাপ কিনোতাক ১২ অনা হাৰে কমিচন দিয়া যাব।

কিতাপৰ তালিকাত এইকেইখন গ্ৰন্থৰ নাম আছে---শিক্ষাবিধি, সাহিত্য সংগ্ৰহ, নীতি-শিক্ষা(আদিছোৱা), নীতি-শিক্ষা(মাজছোৱা), ভূগোল-দৰ্পণ,সাহিত্য সংগ্ৰহৰ অৰ্থপুথি, নীতি-শিক্ষা আদিছোৱাৰ অৰ্থপুথি, আসামৰ সংক্ষিপ্ত বুৰঞ্জী, লাহৰী(উপন্যাস), লীলা(কাব্য), গাঁওবুঢ়া(ধেমেলীয়া নাটক), ভাৰতবৰ্ষৰ বুৰঞ্জী(সোনকালে ওলাব), মানৰ দিন(কাব্য)(সোনকালে ওলাব)।তলৰ ঠিকনাত এইসকল ব্যক্তিৰ নাম আছে--শ্ৰীযুত নীলকণ্ঠ বৰুৱা,উঃলক্ষীমপুৰ,শিৱনাথ ভট্টাচাৰ্য্য,ডিব্ৰুগড়,ডি এম বৰুৱা এণ্ড চনচ,সোমধৰ বৰুৱা,শিৱসাগৰ,এন চি ব্ৰাডাৰ্চ এণ্ড কোম্পানী,গুৱাহাটী,পদ্মনাথ বৰুৱা,তেজপুৰ।

একেখন গ্ৰন্থতে 'লীলা' কাব্যৰ সুকীয়াকৈ বিজ্ঞাপন প্ৰকাশ হৈছিল।

লীলা।

উৎকৃষ্ট অসমীয়া কাব্যগ্ৰন্থ।

শ্ৰীযুত পদ্মনাথ বৰুৱা ৰচিত।

বেচ--- 

পকা জিলৰ খনে     আধলি

ধুনীয়া কাকৰ জিলৰ খনে   ডেৰঅনা

বিশেষ লাভ----

'লীলা' খনে প্ৰতি ৰচোঁতাৰ প্ৰতিমূৰ্ত্তিৰ একোটি ধুনীয়া ছবি উপহাৰ পাব।

সিপিঠিৰ এজেণ্টসকলৰ ওচৰতো পোৱা যায়।

প্ৰকাশিকা

শ্ৰীমতী হিৰন্ময়ী বৰুৱাণী।

            উল্লেখ্য যে গোহাঞিবৰুৱাৰ প্ৰথমা ভাৰ্যা লীলাৱতী দেৱীৰ ১৯০০ চনত অকাল বিয়োগ হয়।তেওঁৰ স্মৃতিতেই গোহাঞিবৰুৱাই ৰচনা কৰে লীলা কাব্য(১৯০০)।প্ৰথমা পত্নীৰ নামেৰেই গোহাঞিবৰুৱাই পৰৱৰ্তী কালত লীলা এজেন্সি নামেৰে কিতাপৰ এক এজেন্সিৰ জন্ম দিয়ে।এই এজেন্সিৰ পৰা অৱশ্যে গোহাঞিবৰুৱাৰ বাদে আন লেখকৰ গ্ৰন্থ প্ৰকাশ কৰাৰ তথ্য পোৱা নাই।নিজাকৈ প্ৰণয়ন আৰু প্ৰকাশ কৰা গ্ৰন্থবোৰ যাতে সুচাৰুৰূপে প্ৰচলন হয়,তাৰ নিমিত্তেই গোহাঞিবৰুৱাই হয়তো এই গ্ৰন্থ এজেন্সিৰ জন্ম দিছিল।'নীতি-শিক্ষা' শেহছোৱাৰ ১৯১৮ চনত প্ৰকাশিত চতুৰ্থ তাঙৰণৰ বকলাপিঠিত 'লীলা এজেঞ্চি,তেজপুৰ'ৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ২৭ খন গ্ৰন্থৰ বিজ্ঞাপন দিছে।

সাহিত্যিক পেঞ্চনভোগী

ৰায়চাহাব শ্ৰীযুক্ত পদ্মনাথ গোহাঁই বৰুৱা প্ৰণীত,

তলত নাম দিয়া কিতাপবিলাক আমাৰ এজেঞ্চিৰ পৰা নিলে শতকৰা ১২ আৰু বাজে কিতাপত ১৫ নিৰিখে কমিচন পায়;---

 লীলা(কাব্য), জুৰণি(কবিতা), ফুলৰ চানেকী(বিবিধ ছন্দৰ কবিতা), লাহৰী(উপন্যাস),  জয়মতী(নাটক), গদাধৰ(নাটক), সাধনী(নাটক), লাচিত বৰফুকন(নাটক), গাঁওবুঢ়া(ধেমেলীয়া নাটক), টেটোন তামুলি(ধেমেলীয়া নাটক), মহাৰাণী(ভিক্টোৰীয়া চৰিত, সচিত্ৰ), শিক্ষাবিধি(শিক্ষকৰ হাতৰ পুথি), জীৱনী-সংগ্ৰহ(সচিত্ৰ চৰিতাৱলী), সাহিত্য-সংগ্ৰহ(বিবিধ প্ৰবন্ধাৱলী), নীতি-শিক্ষা(আদিছোৱা, সচিত্ৰ), নীতি-শিক্ষা(মাজছোৱা,সচিত্ৰ),  নীতি-শিক্ষা(শেহছোৱা, সচিত্ৰ), ভূগোলদৰ্পণ(পৃথিৱীৰ ব্যাহিক বিবৰণ), আসামৰ বুৰঞ্জী(সচিত্ৰ), বুৰঞ্জীবোধ(সচিত্ৰ), আদিশিক্ষা(আদিছোৱা ,সচিত্ৰ), আদিশিক্ষা(মাজছোৱা, সচিত্ৰ), আদিশিক্ষা(শেহছোৱা সচিত্ৰ), ভাৰতবৰ্ষৰ বুৰঞ্জী(আদিছোৱা, হিন্দু-ৰাজত্ব), দেশী কছৰৎ(ব্যায়াম শিক্ষা) আৰু সভাপতিৰ অভিভাষণ।

 ইতি--মেনেজাৰ, লীলা-এজেঞ্চি, তেজপুৰ, আসাম।

            একেদৰে ১৯২৪ চনত প্ৰকাশিত নীতি-শিক্ষা আদিছোৱাৰ ৫ম সংস্কৰণৰ বকলাপিঠিত লীলা-এজেঞ্চিৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ৩২ খন কিতাপৰ বিজ্ঞাপন দিছে।অৱশ্যে  'লীলা এজেন্সি' সম্পৰ্কত গোহাঞিবৰুৱাই আত্মজীৱনীত কোনো কথা লিখা নাই।গতিকে এই এজেন্সিৰ জন্মৰ  সঠিক চন-তাৰিখ দিয়াটো সম্ভৱ নহ'ব।'মহাৰাণী'ৰ ১৯১৬ চনৰ তৃতীয় তাঙৰণত গ্ৰন্থখন 'তেজপুৰ,লীলা-এজেঞ্চি'ৰ পৰা প্ৰকাশিত বুলি উল্লেখ থকালৈ চাই আনুমানিক সেই চনটোৰ পৰাই বোধকৰোঁ এই এজেঞ্চিৰ আৰম্ভ হয়।১৯১৮ চনমানত গোহাঞিবৰুৱা ৰচিত স্কুলীয়া পাঠ্যপুথিৰ সংখ্যা বাঢ়ি অহাত এইসমূহ বিতৰণৰ সুবিধা হোৱাকৈ(পাঠ্যপুথিৰ ব্যৱসায় নিশ্চয় সন্তোষজনক আছিল) কোনো মেনেজাৰক নিযুক্ত কৰিছিল।মহাদেৱ শৰ্মাৰ 'অৰুণ পাব্লিছিং হাউছ','আসাম কো-অপাৰেটিভ এজেন্সি' আৰু ভাবিৰাম কলিতাৰ 'বি আৰ কলিতা এণ্ড কোম্পানী' আদি গ্ৰন্থ এজেন্সিৰ পূৰ্বে তেজপুৰ চহৰৰ গ্ৰন্থ প্ৰকাশনৰ ইতিহাসত 'লীলা এজেন্সি'য়ে এক সুকীয়া গুৰুত্ব নিশ্চয় দাবী কৰে।(আজিৰ 'দৈনিক অসম'ত প্ৰকাশিত।)


1 comment:

  1. ছাৰ কেনেকৈ সংগ্ৰহ কৰিব পৰা যাব জনাবচোন

    ReplyDelete