Saturday, August 22, 2020

ডিব্ৰুগড়ৰ দুটা ছপাখানা


      'টাইমছ অভ আছাম'(১৮৯৫-১৯৪৭)ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰকাশক ৰাধানাথ চাংকাকতী(মৃত্যু ১৯২৩)ৰ মনত এখন কাকত উলিওৱাৰ কথা পোনতে ১৮৮০-৮১ চনতে খেলাইছিল আৰু এই ক্ষেত্ৰত তেওঁ বিশেষ উৎসাহ পাইছিল বেংগল আৰ্মিৰ পৰা  অৱসৰ গ্ৰহণ কৰি উজনি অসম চৰকাৰৰ সামৰিক আৰু অসামৰিক প্ৰধান চিকিৎসকৰূপে কৰ্মৰত ডাঃ জন বেৰী হোৱাইট(১৮৩৪-১৮৯৬)ৰ পৰা।লক্ষ্মীনাথ ফুকনে লিখা মতে 'অকল মুখৰ কথাৰে উৎসাহ নিদি ডাক্তৰ বেৰী হোৱাইটে আনকি বিলাতৰ পৰা চাংকাকতীলৈ বুলি ৰেল কোম্পানীৰ চীফ ইঞ্জিনীয়াৰৰ ঠিকনাত পঠিয়াই দিছিল সকলো সা-সৰঞ্জামেৰে সৈতে এখন ছপাশাল;পিছে ছপাশালখন চাংকাকতীক নিদি ৰেল কোম্পানীৰ নতুন মেনেজাৰজনে ৰেলৰ টিকট আদি ছপাবৰ কাৰণে লৈ থলে।(পৃঃ৯৫,মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ)উল্লেখ্য,বেৰী হোৱাইটৰ তৎপৰতাতে ঊনবিংশ শতিকাৰ সত্তৰৰ দশকৰ শেষৰফালে গঠিত হৈছিল 'আসাম ৰেইলৱেজ এণ্ড ট্ৰেডিং কোম্পানী' (চমুকৈ এ আৰ এণ্ড টি কোম্পানী) আৰু ডাঃ হোৱাইট এই কোম্পানীৰ সঞ্চালকো আছিল।চাংকাকতীয়ে এই ঘটনাৰ পিছত ১৮৮১ চনত কলিকতাৰ পৰা ফুলস্কেপ আকাৰৰ কাঠৰ ছপাশাল এখন আনি আমোলপট্টিৰ সৰু খেৰীঘৰ এটাত পাতি সৰু সুৰা ছপাৰ কাম আৰম্ভ কৰিছিল।ফুকনে লিখিছে-দুবছৰমান হওঁতে নৌহওঁতেই এদিন ৰাতি কোনোবাই জুই লগাই দিয়াত ঘৰ আৰু ছপাশাল জুইত জাহ গ'ল ....তথাপি হতাশ নেমানি চাংকাকতীয়ে অ'ৰ ত'ৰ পৰা কিছু টকা যোগাৰ কৰি আগৰ ঠাইতে ডিমাই আকাৰৰ এখন লোহাৰ ছপাশাল পাতিলে(ঐ) ।এই ছপাশালৰ পৰাই ১৮৯৫ চনৰ ৫ জানুৱাৰীৰ পৰা প্ৰকাশ পায় অসমৰ প্ৰথমখন ইংৰাজী ভাষাৰ বাতৰি কাকত(সাপ্তাহিক)।ইপিনে যদিও বেৰী হোৱাইটে চাংকাকতীলৈ পঠিয়াই দিয়া ছপাযন্ত্ৰটো 'ৰেলৰ টিকট ছপাবৰ বাবে' ৰেলৱে কোম্পানিয়ে ৰাখি থৈছিল,ঊনবিংশ শতিকাৰ শেষৰ পৰা আৰম্ভ কৰি বিংশ শতিকাৰ দ্বিতীয়  দশকলৈ এই ছপাশালৰ পৰা ভালেমান পুথি প্ৰকাশ হোৱাৰ খবৰ পোৱা যায়।ঔপনিৱেশিক অসমৰ বেছিভাগ ছপাশাল স্থাপন হোৱাৰ মূলতে আছিল কাকত প্ৰকাশৰ উদ্দেশ্য।ক্ৰমবৰ্ধমান ছপাপুথিৰ চাহিদা পূৰাব পৰাকৈ ছপাযন্ত্ৰৰ সংখ্যা তেতিয়া নাছিল।আৰু এই চাহিদা ভালেখিনি পূৰাইছিল ডিব্ৰুগড়ৰ এ আৰ টি কোম্পানীৰ ছপাশালে।ঊনবিংশ শতিকাৰ একেবাৰে শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে অসমৰ অন্যান্য প্ৰান্তৰ তুলনাত ডিব্ৰুগড়ৰ  পৰাই সৰ্বাধিক অসমীয়া কিতাপ ছপা হৈছিল।মন কৰিব পাৰি,গ্ৰন্থ ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ছোৱাৰ দুগৰাকী সফল প্ৰকাশক আছিল ডিব্ৰুগড়ৰ।তেওঁলোক ক্ৰমে শিৱনাথ ভট্টাচাৰ্য্য(পিছলৈ ভট্টাচাৰ্য্য এজেন্সিৰ প্ৰতিষ্ঠাপক) আৰু নন্দেশ্বৰ চক্ৰৱৰ্তী(১৮৮৫-১৯৬৮,১৯০৫ চনত এজেন্সি কোম্পানীৰ প্ৰতিষ্ঠাপক)।যি হওক,'ডিব্ৰুগড়ৰ বুৰঞ্জী' গ্ৰন্থত ১৮৯৮ চনত ৰেলৱে ছপাশালৰ পৰা প্ৰকাশিত এখন গ্ৰন্থৰ উল্লেখ পোৱা গৈছেঃ১৮৯৮ চনতে ডিব্ৰুগড়ৰ মোহনাঘাটৰ মুহিৰাম দাস নামৰ এজন লেখকে প্ৰথমে হৰি দেউ কানীয়াৰ কথা নামৰ এখন উপন্যাস লিখিছিল।পুথিখনৰ প্ৰকাশকৰ নামৰ ঠাইত লিখা আছে এ আৰ টি কোম্পানীৰ নাম।(পৃঃ২৫৫)অৱশ্যে এ আৰ টি কোম্পানী প্ৰকাশক হোৱাৰ সম্ভাৱনা নাই,মুদ্ৰক হোৱাহে সম্ভৱ।এই একে সময়ৰে বিহুৰাম গোহাঁই(বি আৰ গোহাঁইন)নামৰ চিৰিং চাপৰিৰ লেখক এগৰাকীৰ পদত লিখা 'আই দেউ অচল' নামৰ আমোদজনক পুথিখনৰ শেষৰ পৃষ্ঠাত এ আৰ টি কোম্পানীৰ প্ৰেছত মুদ্ৰিত হোৱাৰ উল্লেখ পোৱা যায়ঃprinted at the A.R.&T Co.Ld Press by D.C.Ghose.ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে এই ছপাখানাত ছপা হোৱা আন গ্ৰন্থকেইখনমান হ'লঃৰঙ্গলাল দাসৰ দ্বাৰা প্ৰকাশিত ৰঙ্গ ও ধেমালি(১৮৯৯,পৃষ্ঠাসংখ্যা ২২),ভেকুলী বিয়া(প্ৰকাশৰ চন,লেখক আৰু প্ৰকাশকৰ নাম নাই,মুঠ পৃষ্ঠাসংখ্যা ১৪),এজেন্সি কোম্পানীৰ দ্বাৰা প্ৰকাশিত 'শিপিনী কীৰ্ত্তন'(লিখোঁতা শ্ৰীবিনন্দ ৰাম গগৈ,১৯০৭,মুঠ পৃষ্ঠাসংখ্যা ২৩), 'বাৰভণী বিষালী মন্ত্ৰ'(১৯০৭,পৃষ্ঠাসংখ্যা ৩৬),ডাক চৰিত্ৰ(১৯০৭,মুঠ পৃষ্ঠাসংখ্যা ৩১)আৰু উদ্ধৱ সংবাদ ও কুকুৰ চৰিত,কাক চৰিত ও দিকভণিতা(১৯০৭,শ্ৰীবিষ্ণুৰাম দাসৰদ্বাৰা সংগৃহীত,মুঠ পৃষ্ঠাসংখ্যা ৭১)।ইয়াৰে ১৮৯৯ চনত প্ৰকাশিত 'ৰঙ্গ ও ধেমালী'ৰ বকলাপিঠিত 'গোপীৰ বস্ত্ৰহৰণ' নামৰ কোনো পুথিৰ বিজ্ঞাপনো প্ৰকাশ হৈছে এনেদৰেঃ'

'নুতন পুথি!নুতন পুথি!!নুতন পুথি!!!'

গোপীৰ বস্ত্ৰ হৰণ

শ্ৰীকৃষ্ণয় গোপীসকলেৰে কেনেকৈ কেলি কৰিছিল আৰু বস্ত্ৰ কি উপায়েৰে হৰণ কৰিলে সকলো ভালকৈ লিখা হৈছে।এবাৰ পঢ়িলে জানিব পাৰিব। 
শ্ৰীদি দুৱৰা এণ্ড কোং 
ডিব্ৰুগৰ।                                             

        বিজ্ঞাপনটিত 'নুতন পুথি' আৰু 'গোপীৰ বস্ত্ৰ হৰণ'ৰ মাজত ৰেলগাড়ীৰ ছবি এখনো দিয়া হৈছে।হয়তো পঢ়ুৱৈক আকৰ্ষণ কৰিবৰ বাবেই এই ব্যৱস্থা।দি দুৱৰা বা দিবাকৰ দুৱৰাই ১৯০৩ চনত প্ৰকাশ কৰা 'থুপৰি চৰিত' নামে এখন ১৭ পৃষ্ঠাৰ পদপুথি পোৱা গৈছে।অৱশ্যে এই সৰু পুথিখন কলিকতাৰ সাম্য প্ৰেছত ছপাই আনিছিল।এই পুথিখনৰ বকলাপিঠিতো দি দুৱৰাই ছখন কিতাপৰ জাননী দিছে।লগতে লিখিছে-মোৰ ওচৰত তলত লিখা পুথিবিলাক পাব।এজেণ্ট হবৰ ইচ্ছা থাকিলে মোলৈ লিখিলেই সকলো জানিব পাৰিব।কিতাপকেইকখন হৈছেঃবড় বেজালী(মাজ আৰু শেহ চোৱা),গোপিনী কিৰ্তন,লক্ষণ চৰিত,থুপৰি চৰিত,গোপীৰ বস্ত্ৰহৰণ আৰু জুমকী।

        আনহাতে প্ৰকাশৰ চন নথকা 'ভেকুলীৰ বিয়া'ৰ বকলাপিঠিত 'ৰঙ্গ ও ধেমালী'ৰ প্ৰকাশক ৰঙ্গলাল দাসে কিতাপৰ জাননী এখন দিছে।গুৱাহাটীৰ কামাখ্যা পুস্তকালয়ৰ কালীৰাম বৰুৱাৰ পিছতেই ডিব্ৰুগড়ৰ ৰঙ্গলাল দাসৰ এই বিজ্ঞাপনটি ঊনবিংশ শতিকাৰ একেবাৰে শেষৰ অসমীয়া গ্ৰন্থৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ বুলিব পাৰি।মুঠ দহখন গ্ৰন্থৰ কথা বিজ্ঞাপনটিত আছেঃজুমকি,হৰিনাম সত্য,তিৰোতাৰ লক্ষণ চৰিত,তিৰী-পাঠ,হৰ মোহন,প্ৰসঙ্গীয়া কীৰ্তন(যন্ত্ৰস্থ),গোপিনী কীৰ্তন,ওভোতা গুকৰতি পুথি,যদুমণি(জিৰণী পুথি),গোপীৰ বস্ত্ৰ হৰণ।এইধৰণৰ গ্ৰন্থৰ বজাৰ-চাহিদাৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো বাঙালী সম্প্ৰদায়ৰ দাসে এই পুথিসমূহ ছপাই উলিয়াইছিল।দিবাকৰ দুৱৰা আৰু ৰঙ্গলাল দাসৰ বেছিভাগ পুথি এ আৰ টি কোম্পানীৰ প্ৰেছতেই ছপা হোৱাটো সম্ভৱ।আনহাতে ডিব্ৰুগড়ৰ দুগৰাকী সফল গ্ৰন্থ ব্যৱসায়ী ক্ৰমে শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰবৰ্ত্তীৰ ভিতৰত নন্দেশ্বৰ চক্ৰবৰ্ত্তীয়ে ১৯০৭ চনত নিজাববীয়াকৈ ছপাযন্ত্ৰ(গৌৰীশংকৰ যন্ত্ৰ) অনাৰ আগলৈকে এ আৰ টি কোম্পানীৰ প্ৰেছতেই প্ৰায় সকলো কিতাপ ছপাই আনিছিল।'কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তী'(১৯৭৫) গ্ৰন্থৰ লেখক শ্ৰীনন্দ গোস্বামীয়ে লিখিছে-আনৰ কিতাপ আনি বিক্ৰি কৰাৰ উপৰিও নিজে(চক্ৰৱৰ্তীয়ে) ভালেখিনি কিতাপ ছপা কৰি উলিয়ালে।প্ৰথমে তেখেতে এ-আৰ-এণ্ড টি কোম্পানীৰ প্ৰেছত কিতাপ ছপাই আনিছিল।(পৃঃ১৮)১৯০৭ চনত চক্ৰৱৰ্তীৰ কবিতাপুথি 'কবিতা পাঠ' এই প্ৰেছতেই ছপাই আনিছিল।(ঐ)একেটা চনতে প্ৰকাশিত বিনন্দ ৰাম গগৈৰ 'শিপিনী কীৰ্তন'ৰ বকলাপিঠিত দিয়া এজেন্সি কোম্পানীৰ ৩৮ খন কিতাপৰ জাননী প্ৰকাশ হৈছে।একেটা চনৰে 'উদ্ধৱ সম্বাদ'ৰ বকলাপিঠিতো ৪৩ খন কিতাপৰ বিজ্ঞাপন প্ৰকাশ হৈছে।এই কিতাপসমূহ হৈছে-কান খোৱা,স্যমন্ত হৰণ,লীলামালা,ভীমচৰিত,লক্ষ্মী চৰিত্ৰ,ধৰ্ম্ম সংবাদ,ৰাধাহৰণ,অশোক চৰিত্ৰ,গুপ্তমনি,বহুৱা চৰিত্ৰ,প্ৰেম কুঁহি,সিপিনী কীৰ্ত্ত্ন,বিলাহী বেজিনী,অসমীয়া ভক্তিতত্ত্ব,সীতাৰ বনবাস,অনাদি পাতন,বিষালি মন্ত্ৰ,হুচৰী কীৰ্ত্তন,হাচতি কীৰ্ত্তন,ফুল কোঁৱৰ,মনিকোৱৰ,দৈবকোষ,পাৰ্ব্বতী চৰিত্ৰ,লাও ফলা,উদ্যোগ পৰ্ব,অগ্নি পুৰাণ,বৰকৰতি,গু কৰতি,বৰগীত,ভটিমা,গুণমালা,বৰগীত ভটিমা গুণমালা(একত্ৰে),পাতালি কাণ্ড ৰামায়ণ,কুলাচল বধ পকাবন্ধা,সপ্তকাণ্ড ৰামায়ণ অসমীয়া,সচিত্ৰ বৃহৎ মহাভাৰত,সচিত্ৰ কীৰ্ত্তন ঘোষা পকাবন্ধা,দশম স্কন্ধ ভাগৱত,পদ্মপুৰাণ,অসমীয়া পদ্যগীতা,অসমীয়া পদ্যগীতা পকাবন্ধা,মহীৰাবণ বধ,সিন্ধুৰা পৰ্ব্ব,সিন্ধুৰা পৰ্ব্ব পকাবন্ধা,নামঘোষা ইত্যাদি।যিহেতু নন্দেশ্বৰ চক্ৰৱৰ্তীয়ে নিজাকৈ প্ৰেছ অনাৰ আগেয়ে এইসমূহ গ্ৰন্থ প্ৰকাশিত,ইয়াৰে প্ৰায়সমূহ গ্ৰন্থই এ আৰ টি কোম্পানীৰ প্ৰেছত ছপোৱা সম্ভৱ।

        অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী(১৮৮৫-১৯৬৭)ৰ প্ৰথম কাব্যপুথি 'তুমি'(১৯১৬)ও এই যন্ত্ৰতেই  ছপা কৰাৰ কথা লেখকে কৈছে-ঁডাঃউমেশ দাস আৰু সংগীত সহবন্ধু ঁকীৰ্ত্তিনাথ শৰ্মাৰ কিছু অৰ্থ-সাহায্য আৰু মই ঘৰুৱা শিক্ষকতা কৰি,গান শিকাই পোৱা ধনেৰে ইং ১৯১৬ চনত ডিব্ৰুগড়ৰ ৰেলৱে প্ৰেছত পোন প্ৰথমতে 'তুমি'খন একহেজাৰ ছপা কৰাওঁ।ছপাত প্ৰকাশ হৈ ৰাইজৰ আগত  ওলোৱা কবিতা বা কাব্যপুথি এয়ে মোৰ প্ৰথম।(পৃঃ৪০,মোৰ জীৱন ধুমুহাৰ এছাটি)কুৰি শতিকাৰ প্ৰথম দশকৰ শেষৰ ফালে (১৯০৯)প্ৰকাশিত গুৰুত্বপূৰ্ণ আলোচনী 'আসাম বান্ধৱ' এ আৰ টি কোম্পানীৰ প্ৰেছতেই ছপা হৈছিল।উল্লেখযোগ্য,প্ৰথমে তেজপুৰৰ 'বান্ধৱ সমিতি'ৰ পৰা তাৰানাথ চক্ৰৱৰ্তীৰ সম্পাদনাত 'আসাম বান্ধৱ' প্ৰকাশ হৈছিল।চাৰিটা সংখ্যা তেজপুৰৰ পৰা ওলোৱাৰ পিছত পৰৱৰ্তী সংখ্যাবোৰ ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হ'বলৈ ধৰে।ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'বান্ধৱ'ৰ উদ্দেশ্যও বেলেগ হৈ পৰে আৰু এইবাৰ পৃষ্ঠপোষকতা কৰে ডাঃ হৰিকৃষ্ণ দাস,কালিৰাম মেধি,ভাৰত চন্দ্ৰ দাস,গঙ্গাৰাম চৌধুৰী আদি নামনি অসমৰ বুদ্ধিজীৱীসকলে।আলোচনীখনৰ ১৯১৫ অৰ পৰা ১৯১৭ চনৰ সহকাৰী সম্পাদক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে জনোৱা মতে 'আসাম বান্ধৱ' এ আৰ এণ্ড কোম্পানীৰ প্ৰেছতেই ছপোৱা হৈছিল--ডিব্ৰুগড়ত ৰেলৱে প্ৰেছ আছে।তাতে 'আসাম বান্ধৱ' ছপায়।(পৃঃ৬০,ঐ)(আজিৰ 'দৈনিক অসম'ত প্ৰকাশিত

তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ' আৰু লীলা এজেন্সি

            ঔপনিৱেশিক সময়ছোৱাত গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ পিছতে লেখত ল'বলগীয়া দুখন চহৰ আছিল তেজপুৰ আৰু যোৰহাট।তেজপুৰৰ বৌদ্ধিক পৰিৱেশ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা ওজা সাহিত্যিকগৰাকী আছিল পদ্মনাথ (গোহাঞি)বৰুৱা(১৮৭১-১৯৪৬)।গোহাঞিবৰুৱাই 'মোৰ সোঁৱৰণী'(১৯৭১)ত লিখা মতে ১৮৯৬ চনৰ ২৬ ডিচেম্বৰৰ পৰা তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰ আৰু 'তেজপুৰ অসমীয়া ভাষা আলোচনী সভা'ৰ সম্পাদক এই দুই চৰ্কাৰী আৰু সমজুৱা বিষয়বাব লৈ তেওঁ তেজপুৰীয়া জীৱন আৰম্ভ কৰে।উল্লেখ্য যে গোহাঞিবৰুৱাই যাৰ ঠাইত প্ৰধান শিক্ষকৰূপে যোগদান কৰিছিল,তেওঁ আছিল পৰৱৰ্তী কালত,অসহযোগ আন্দোলনৰ সময়ত স্কুল ইন্সপেক্টৰৰ চাকৰি ইস্তফা দি গ্ৰন্থ প্ৰকাশনত মন দিয়া দুৰ্গাধৰ বৰকটকী()।তেজপুৰলৈ অহাৰ পূৰ্বেই গোহাঞিবৰুৱাই ইতিমধ্যেই সাহিত্যিক হিচাপে পৰিচিতি লাভ কৰিছিল আৰু ভানুমতি,লাহৰী আদি উপন্যাস,গাওঁবুঢ়া আদি নাটকৰ লগতে কেইবাখনো স্কুলীয়া পাঠ্যপুথিও প্ৰণয়ন কৰিছিল।তাৰ ভিতৰত 'আদি শিক্ষা','নীতি শিক্ষা' আগছোৱা,'সাহিত্য-সংগ্ৰহ' আদি আছিল প্ৰধান।তেজপুৰলৈ আহি গোহাঞিবৰুৱাই লক্ষীমপুৰীয়া বন্ধু পাণীন্দ্ৰনাথ গগৈৰ দৰেই আন্তৰিক সম্পৰ্কৰ এগৰাকী সাহিত্যিক বন্ধুৰ সান্নিধ্য লাভ কৰাৰ কথা আত্মজীৱনীত সোঁৱৰিছে।তেওঁ হ'ল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য।আৰু এইগৰাকী বন্ধুৰ সৈতে হোৱা যুটীয়া চিন্তালোচনাৰ ফলস্বৰূপেই ১৯০০ চনত তেজপুৰত প্ৰতিষ্ঠা হৈছিল চহৰখনৰ প্ৰথমটো ছপাখানা--অসম চেণ্ট্ৰেল প্ৰেছ।অসমৰ ছপাখানাৰ ইতিহাসত এই প্ৰেছৰ এটা গুৰুত্ব এই যে ৰাইজৰ বৰঙণিৰে প্ৰতিষ্ঠা হোৱা এইটোৱেই বোধকৰোঁ অসমৰ প্ৰথম প্ৰেছ।গোহাঞিবৰুৱাৰ ভাষাত 'ভট্টাচাৰ্য্যদেৱৰ গা-তোলা ওজস্বিনী বুজনিৰ প্ৰেৰণাত উলাহিত হৈ স্থানীয় মাৰোৱাৰী সমাজেও অসমীয়াৰ লগত সহযোগিতা দান কৰি আমাক মটমটীয়া কৰি তুলিলে।(পৃঃ১০৩,মোৰ সোঁৱৰণী)এটি প্ৰেছ প্ৰতিষ্ঠাৰ বাবে হাত উজান দি এমাহৰ ভিতৰত ঊনবিংশ শতিকাৰ একেবাৰে শেষত তেজপুৰৰ দৰে চহৰ এখনত ২০০০ টকাৰ বৰঙণি গোট খোৱাটো এহাতে যিদৰে পদ্মনাথ-কমলাকান্তৰ প্ৰতি ৰাইজৰ আস্থাৰ প্ৰকাশ,আনহাতে তেজপুৰীয়া ৰাইজৰ প্ৰগতিশীলতাৰো পৰিচায়ক।এইখিনি ধনেৰে গোহাঞিবৰুৱাই তেওঁৰ বন্ধু গুৱাহাটীৰ মথুৰামোহন বৰুৱা(১৮৬৩-১৯১৯)ক মতাই আনি কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ অনাৰ দায়িত্ব অৰ্পণ কৰে।গোহাঞিবৰুৱা চৰ্কাৰী কৰ্মচাৰী আছিল বাবে প্ৰকাশ্যে তেওঁ এই কাম কৰাত অসুবিধা আছিল।আনহাতে প্ৰেছ সম্পৰ্কত অভিজ্ঞ আছিল মথুৰামোহন বৰুৱা।বোম্বাই বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা বৰুৱা বোম্বাই আৰু হায়দৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'চেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল।প্ৰেছ আহি পোৱাৰ আগতেই সৰ্বসন্মতিক্ৰমে বৰুৱাক তেজপুৰৰ সংকল্পিত প্ৰেছটোৰ পৰা প্ৰকাশ পাবলগীয়া কাকতখনৰ সম্পাদকো মনোনীত কৰা হৈছিল।দায়িত্ব মতেই বৰুৱাই কুৰি শতিকাৰ প্ৰাৰম্ভতে কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ তেজপুৰলৈ লৈ আনিলে।গোহাঞিবৰুৱাৰ ভাষাত---'যথাসময়ত কলিকতাৰ পৰা সম্পূৰ্ণ সৰঞ্জামে সৈতে প্ৰেছ আহি তেজপুৰ পালেহি;কিন্তু তেতিয়ালৈকে ছপাখানাখন পাতিবলৈ আমি সুচল ঠাই পোৱা নাই এথোন।সেইভাৱেই সপ্তাহচেৰেক পাৰ হৈ যোৱাৰ পাচত,মোৰ প্ৰস্তাৱ আৰু ঁজয়দেৱ শৰ্মা আৰু ঁৰবীন্দ্ৰ শৰ্মা বৰুৱা তহচিলদাৰৰ সমৰ্থন মতে পাচত প্ৰতিষ্ঠিত হোৱা বৰ্তমান অ ভা উ সা সভাৰ নামঘৰত লগা 'বাণ ষ্টেজ'ৰ সমুখৰ তিনিকোণীয়া মাটিডোখৰতে ছপাখানা ঘৰ সজোৱা স্থিৰ হ'ল।ঘৰটো সজোৱাৰ ভাৰ পৰিল বৰগোলাৰ বৰ গোমস্তা ঁচুজিৰাম বাবু আৰু মোৰ ওপৰত,সেই অনুসৰি বৰগোলাৰ বাগীত উঠি টাউনৰ পৰা দুমাইলমান দূৰৈৰ পৰা শাল কাঠ কটাই আনি আৰু বৰগোলাৰ পৰাই টিন,গজাল আদি লাগতিয়াল সমল যুগুত কৰি ছমাহৰ ভিতৰত ছপাখানা ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত 'অসম চেণ্ট্ৰেল প্ৰেছ' প্ৰতিষ্ঠিত হ'ল।'(পৃঃ১০৪,ঐ)

       এই প্ৰেছৰ মেনেজাৰ নিযুক্ত কৰা হয় ভৱানীচৰণ ভট্টাচাৰ্য্যক(পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত,১৮৯৪ চনত, ভট্টাচাৰ্য্য পথৰুঘাট তহচিলৰ তহচিলদাৰ আছিল।)আনহাতে গুৱাহাটীৰ কালীৰাম বৰুৱাৰ 'আসাম নিউজ' যন্ত্ৰৰ এসময়ৰ প্ৰিণ্টাৰ দুতিৰাম মেধিক 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ প্ৰিণ্টাৰ কৰি গুৱাহাটীৰ পৰা অনা হয়।গুৱাহাটীৰ পৰাই আৰু এজন অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়।আৰু ১৮২১ শকৰ পহিলা মাঘত 'অসম বন্তি' মথুৰামোহন বৰুৱাৰ সম্পাদনাত 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ পৰা প্ৰকাশ হ'বলৈ ধৰে।

            'অসম বন্তি'ৰ প্ৰকাশৰ উদ্দেশ্যেই যিহেতু এই প্ৰেছ প্ৰতিষ্ঠা হৈছিল,সেইবাবেই হয়তো এই প্ৰেছত অন্য পুথি ছপোৱাৰ তথ্য পোৱা নাযায়।গোহাঞিবৰুৱাৰ 'মহাৰাণী'(১৯০০)খনৰ প্ৰথম সংস্কৰণ 'অসম চেণ্ট্ৰেল প্ৰেছ'ত ছপা হোৱাৰ কথা লেখকে আত্মজীৱনীত উল্লেখ কৰিছে যদিও মহাৰাণীৰ পৰৱৰ্তী সংস্কৰণ 'সচিত্ৰকৈ আৰু ধুনীয়াকৈ কলিকতীয়া ছপাখানাত সৰহীয়াকৈ ছপাই' আনিছিল।গোহাঞিবৰুৱাৰ অন্যান্য পাঠ্যপুথিবোৰো কিন্তু কলিকতাৰ প্ৰেছতহে ছপাই আনিছিল।উদাহৰণস্বৰূপে নীতি-শিক্ষা,মাজছোৱা(১৯০০)ৰ প্ৰথম সংস্কৰণ আৰু আসামৰ বুৰঞ্জীৰ ১৯০৫ চনৰ সংস্কৰণ ছপোৱা হৈছিল কলিকতাৰ 'ৰাধাৰমণ যন্ত্ৰ'ত।তেনেদৰে দেশী-কচৰৎ(১৯০৪)ছপা হৈছিল শ্বিলঙস্থিত অসম সচিবালয়ৰ ছপাযন্ত্ৰত।সৰহীয়াকৈ আৰু দৃষ্টিনন্দন হোৱাকৈ পুথি ছপোৱাৰ সুব্যৱস্থা তেতিয়াও অসমত হোৱা নাছিল বাবেই গোহাঞিবৰুৱাৰ দৰে লেখকসকলে কলিকতীয়া প্ৰেছৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

            ইপিনে ঊনবিংশ শতিকাৰ শেষ ভাগত চাকৰিজীৱন আৰম্ভ কৰাৰ পূৰ্বে দেউতাক ঘিণাৰাম বৰুৱাৰ নৰীয়া সূত্ৰে গোহাঞিবৰুৱাই উত্তৰ লক্ষীমপুৰৰ নিজা ঘৰত কেইদিনমান কটাব লগাত পৰে।সেই সময়তে কলিকতাৰ অ ভা উ সা  সভাৰ আৰ্হিত একে নামেৰেই পদ্মনাথে বাল্যবন্ধু পাণীন্দ্ৰনাথ গগৈৰ লগ লাগি লক্ষীমপুৰত সভা এখন গঠন কৰে।অসমীয়া পাঠ্যপুথিৰ তেনেই তথৈবচ অৱস্থাৰ বাবেই অসমৰ মজলীয়া আৰু ওখখাপৰ পঢ়াশালিবোৰত চলাবৰ নিমিত্তে দেশী ভাষাৰ পাঠ্যপুথি প্ৰস্তুতকৰণ এই সভাৰ অন্যতম মুখ্য উদ্দেশ্য হৈ পৰিছিল।এই সংকল্পৰ ফলস্বৰূপে পাণীন্দ্ৰনাথ গগৈৰ 'অসমীয়া ল'ৰাৰ ভূগোল' আৰু 'ল'ৰা-শিক্ষা' তিনিছোৱা  আৰু গোহাঞিবৰুৱাৰ 'নীতি-শিক্ষা' তিনিছোৱা,'ভূগোল দৰ্পণ' আৰু 'অসমৰ বুৰঞ্জী'য়ে প্ৰকাশৰ মুখ দেখা পাইছিল।কেইবছৰমান পিছত গগৈৰ অকাল বিয়োগৰ পিছত গোহাঞিবৰুৱাই অকলেই পাঠ্যপুথি প্ৰণয়নৰ গধুৰ দায়িত্ব পালন কৰিছিল।দেখা যায় ঔপনিৱেশিক সময়ছোৱাৰ ওজা সাহিত্যিকসকলৰ ভিতৰত একমাত্ৰ গোহাঞিবৰুৱায়েই সাহিত্য সাধনা,কাকত-আলোচনী সম্পাদনা আৰু শিক্ষকতাৰ সমান্তৰালভাৱে এই দায়িত্ব পালন কৰিছিল।হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই গোহাঞিবৰুৱাৰ আগত এই দায়িত্ব পালন কৰি আদৰ্শ দাঙি ধৰিছিল যদিও সত্যনাথ বৰা,লম্বোদৰ বৰা,বেণুধৰ ৰাজখোৱা,ৰজনীকান্ত বৰদলৈ আদি প্ৰতিষ্ঠিত সাহিত্যিকসকলে দুই একোখন  পাঠ্যপুথি ৰচনা কৰা বাদে আন খ্যাতিমন্ত অসমীয়া লেখকসকলে স্কুলীয়া পাঠ্যপুস্তক ৰচনা কৰাৰ উদাহৰণ কম।গোহাঞিবৰুৱাতকৈ কণিষ্ঠ শৰৎ চন্দ্ৰ গোস্বামীহে এই ক্ষেত্ৰত ব্যতিক্ৰম।পাঠ্যপুথি প্ৰণয়নে গোহাঞিবৰুৱাক এহাতে আৰ্থিকভাৱে লাভান্বিত কৰিলে,আনহাতে অসমীয়া ছাতৰসকলকো ঐতিহাসিকভাৱে উপকৃত কৰিলে।

          উল্লেখযোগ্য যে,ঔপনিৱেশিক সময়ছোৱাত মাত্ৰ দুইধৰণৰ পুথি প্ৰকাশনহে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ আছিল---এক,শংকৰদেৱ-মাধৱদেৱৰ জনপ্ৰিয় পদপুথিসমূহকে ধৰি সকলোধৰণৰ পদপুথি আৰু দুই,স্কুলীয়া পাঠ্যপুথি। অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এই কথাটো মনত ৰখা উচিত।সেইবাবেই মূলতঃ এই দুই ধৰণৰ পুথি প্ৰকাশ কৰিয়েই ঔপনিৱেশিক সময়ছোৱাত অসমীয়া প্ৰকাশকৰ উত্থান হৈছিল।আনহাতে পাঠ্যপুথিসমূহৰ বেছিভাগেই লেখকসকলে নিজাববীয়াকৈ ছপাই উলিয়াইছিল(দুই এজনক বাদ দি লেখকসকল আছিল মূলতঃ শিক্ষক।) ।গোহাঞিবৰুৱাও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল।কোনো গুৰুত্বপূৰ্ণ লেখকে এককভাৱে  দিয়া কিতাপৰ বিজ্ঞাপনৰ ক্ষেত্ৰত গোহাঞিবৰুৱাই বোধকৰোঁ প্ৰথম লেখক আছিল।১৯০০ চনত প্ৰকাশিত 'নীতি-শিক্ষা' মাজছোৱাৰ বকলাপিঠিত মুঠ ১৩ খন কিতাপৰ বিজ্ঞাপন দিয়া হৈছিল এনেদৰেঃ


জাননী

শ্ৰীযুত পদ্মনাথ বৰুৱা প্ৰণীত তলত দিয়া কিতাপবিলাক তলত লিখা ঠিকনাত পোৱা যায়।একে সময়তে পাঁচ টকাৰ ওপৰ দামৰ কিতাপ কিনোতাক ১২ অনা হাৰে কমিচন দিয়া যাব।

কিতাপৰ তালিকাত এইকেইখন গ্ৰন্থৰ নাম আছে---শিক্ষাবিধি, সাহিত্য সংগ্ৰহ, নীতি-শিক্ষা(আদিছোৱা), নীতি-শিক্ষা(মাজছোৱা), ভূগোল-দৰ্পণ,সাহিত্য সংগ্ৰহৰ অৰ্থপুথি, নীতি-শিক্ষা আদিছোৱাৰ অৰ্থপুথি, আসামৰ সংক্ষিপ্ত বুৰঞ্জী, লাহৰী(উপন্যাস), লীলা(কাব্য), গাঁওবুঢ়া(ধেমেলীয়া নাটক), ভাৰতবৰ্ষৰ বুৰঞ্জী(সোনকালে ওলাব), মানৰ দিন(কাব্য)(সোনকালে ওলাব)।তলৰ ঠিকনাত এইসকল ব্যক্তিৰ নাম আছে--শ্ৰীযুত নীলকণ্ঠ বৰুৱা,উঃলক্ষীমপুৰ,শিৱনাথ ভট্টাচাৰ্য্য,ডিব্ৰুগড়,ডি এম বৰুৱা এণ্ড চনচ,সোমধৰ বৰুৱা,শিৱসাগৰ,এন চি ব্ৰাডাৰ্চ এণ্ড কোম্পানী,গুৱাহাটী,পদ্মনাথ বৰুৱা,তেজপুৰ।

একেখন গ্ৰন্থতে 'লীলা' কাব্যৰ সুকীয়াকৈ বিজ্ঞাপন প্ৰকাশ হৈছিল।

লীলা।

উৎকৃষ্ট অসমীয়া কাব্যগ্ৰন্থ।

শ্ৰীযুত পদ্মনাথ বৰুৱা ৰচিত।

বেচ--- 

পকা জিলৰ খনে     আধলি

ধুনীয়া কাকৰ জিলৰ খনে   ডেৰঅনা

বিশেষ লাভ----

'লীলা' খনে প্ৰতি ৰচোঁতাৰ প্ৰতিমূৰ্ত্তিৰ একোটি ধুনীয়া ছবি উপহাৰ পাব।

সিপিঠিৰ এজেণ্টসকলৰ ওচৰতো পোৱা যায়।

প্ৰকাশিকা

শ্ৰীমতী হিৰন্ময়ী বৰুৱাণী।

            উল্লেখ্য যে গোহাঞিবৰুৱাৰ প্ৰথমা ভাৰ্যা লীলাৱতী দেৱীৰ ১৯০০ চনত অকাল বিয়োগ হয়।তেওঁৰ স্মৃতিতেই গোহাঞিবৰুৱাই ৰচনা কৰে লীলা কাব্য(১৯০০)।প্ৰথমা পত্নীৰ নামেৰেই গোহাঞিবৰুৱাই পৰৱৰ্তী কালত লীলা এজেন্সি নামেৰে কিতাপৰ এক এজেন্সিৰ জন্ম দিয়ে।এই এজেন্সিৰ পৰা অৱশ্যে গোহাঞিবৰুৱাৰ বাদে আন লেখকৰ গ্ৰন্থ প্ৰকাশ কৰাৰ তথ্য পোৱা নাই।নিজাকৈ প্ৰণয়ন আৰু প্ৰকাশ কৰা গ্ৰন্থবোৰ যাতে সুচাৰুৰূপে প্ৰচলন হয়,তাৰ নিমিত্তেই গোহাঞিবৰুৱাই হয়তো এই গ্ৰন্থ এজেন্সিৰ জন্ম দিছিল।'নীতি-শিক্ষা' শেহছোৱাৰ ১৯১৮ চনত প্ৰকাশিত চতুৰ্থ তাঙৰণৰ বকলাপিঠিত 'লীলা এজেঞ্চি,তেজপুৰ'ৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ২৭ খন গ্ৰন্থৰ বিজ্ঞাপন দিছে।

সাহিত্যিক পেঞ্চনভোগী

ৰায়চাহাব শ্ৰীযুক্ত পদ্মনাথ গোহাঁই বৰুৱা প্ৰণীত,

তলত নাম দিয়া কিতাপবিলাক আমাৰ এজেঞ্চিৰ পৰা নিলে শতকৰা ১২ আৰু বাজে কিতাপত ১৫ নিৰিখে কমিচন পায়;---

 লীলা(কাব্য), জুৰণি(কবিতা), ফুলৰ চানেকী(বিবিধ ছন্দৰ কবিতা), লাহৰী(উপন্যাস),  জয়মতী(নাটক), গদাধৰ(নাটক), সাধনী(নাটক), লাচিত বৰফুকন(নাটক), গাঁওবুঢ়া(ধেমেলীয়া নাটক), টেটোন তামুলি(ধেমেলীয়া নাটক), মহাৰাণী(ভিক্টোৰীয়া চৰিত, সচিত্ৰ), শিক্ষাবিধি(শিক্ষকৰ হাতৰ পুথি), জীৱনী-সংগ্ৰহ(সচিত্ৰ চৰিতাৱলী), সাহিত্য-সংগ্ৰহ(বিবিধ প্ৰবন্ধাৱলী), নীতি-শিক্ষা(আদিছোৱা, সচিত্ৰ), নীতি-শিক্ষা(মাজছোৱা,সচিত্ৰ),  নীতি-শিক্ষা(শেহছোৱা, সচিত্ৰ), ভূগোলদৰ্পণ(পৃথিৱীৰ ব্যাহিক বিবৰণ), আসামৰ বুৰঞ্জী(সচিত্ৰ), বুৰঞ্জীবোধ(সচিত্ৰ), আদিশিক্ষা(আদিছোৱা ,সচিত্ৰ), আদিশিক্ষা(মাজছোৱা, সচিত্ৰ), আদিশিক্ষা(শেহছোৱা সচিত্ৰ), ভাৰতবৰ্ষৰ বুৰঞ্জী(আদিছোৱা, হিন্দু-ৰাজত্ব), দেশী কছৰৎ(ব্যায়াম শিক্ষা) আৰু সভাপতিৰ অভিভাষণ।

 ইতি--মেনেজাৰ, লীলা-এজেঞ্চি, তেজপুৰ, আসাম।

            একেদৰে ১৯২৪ চনত প্ৰকাশিত নীতি-শিক্ষা আদিছোৱাৰ ৫ম সংস্কৰণৰ বকলাপিঠিত লীলা-এজেঞ্চিৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ৩২ খন কিতাপৰ বিজ্ঞাপন দিছে।অৱশ্যে  'লীলা এজেন্সি' সম্পৰ্কত গোহাঞিবৰুৱাই আত্মজীৱনীত কোনো কথা লিখা নাই।গতিকে এই এজেন্সিৰ জন্মৰ  সঠিক চন-তাৰিখ দিয়াটো সম্ভৱ নহ'ব।'মহাৰাণী'ৰ ১৯১৬ চনৰ তৃতীয় তাঙৰণত গ্ৰন্থখন 'তেজপুৰ,লীলা-এজেঞ্চি'ৰ পৰা প্ৰকাশিত বুলি উল্লেখ থকালৈ চাই আনুমানিক সেই চনটোৰ পৰাই বোধকৰোঁ এই এজেঞ্চিৰ আৰম্ভ হয়।১৯১৮ চনমানত গোহাঞিবৰুৱা ৰচিত স্কুলীয়া পাঠ্যপুথিৰ সংখ্যা বাঢ়ি অহাত এইসমূহ বিতৰণৰ সুবিধা হোৱাকৈ(পাঠ্যপুথিৰ ব্যৱসায় নিশ্চয় সন্তোষজনক আছিল) কোনো মেনেজাৰক নিযুক্ত কৰিছিল।মহাদেৱ শৰ্মাৰ 'অৰুণ পাব্লিছিং হাউছ','আসাম কো-অপাৰেটিভ এজেন্সি' আৰু ভাবিৰাম কলিতাৰ 'বি আৰ কলিতা এণ্ড কোম্পানী' আদি গ্ৰন্থ এজেন্সিৰ পূৰ্বে তেজপুৰ চহৰৰ গ্ৰন্থ প্ৰকাশনৰ ইতিহাসত 'লীলা এজেন্সি'য়ে এক সুকীয়া গুৰুত্ব নিশ্চয় দাবী কৰে।(আজিৰ 'দৈনিক অসম'ত প্ৰকাশিত।)


গুৱাহাটীৰ 'ভিক্টোৰীয়া প্ৰেছ' আৰু মথুৰামোহন বৰুৱা

             চিদানন্দ চৌধুৰী আৰু কালিৰাম বৰুৱাৰ পিছত গুৱাহাটী চহৰত কুৰি শতিকাৰ আৰম্ভণিতে এটি প্ৰেছ প্ৰতিষ্ঠা হৈছিল যোৰহাটৰ প্ৰখ্যাত ৰসেন্দ্ৰ বংশৰ মথুৰামোহন বৰুৱাৰ(১৮৬৩-১৯১৯) উদ্যোগত।'মথুৰামোহন বৰুৱা'(সংগ্ৰাহকঃশুভ বৰুৱা,১৯৮৫) গ্ৰন্থত দিয়া বংশলতা অনুসৰি ৰসেন্দ্ৰ বংশৰ শূলপাণি ভৰালী বৰুৱাৰ তৃতীয় পুত্ৰ দিগম্বৰ;তেওঁৰ দুই পুত্ৰ ৰবিচন্দ্ৰ আৰু বলোচন্দ্ৰ।সূৰ্য্যকুমাৰ ভূঞাৰ তথ্য মতে ঊনবিংশ শতিকাৰ গুৱাহাটীৰ প্ৰখ্যাত ব্যক্তি ৰবিচন্দ্ৰ ডেকাবৰুৱাই 'আসাম কায়দা-বন্দী' বাংলাৰপৰা অসমীয়ালৈ অনুবাদ কৰিছিল।(পৃঃ১৩,মথুৰামোহন বৰুৱা)ৰবিচন্দ্ৰৰ বৰপুত্ৰ কেশৱ চন্দ্ৰ বা কেশী বৰুৱা আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ শহুৰেক।কেশৱচন্দ্ৰৰ আন এক ভাতৃ ৰাধিকাচন্দ্ৰই খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈ "আৰ চি বেঞ্জামিন নাম লৈ উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত ব্যৱসায় কৰি ফুৰিছিল"(পৃঃ১৫,পূৰ্বোক্ত গ্ৰন্থ)।এওঁৰ আৰ্থিক সাহায্যতে খুৰাৱক বলোচন্দ্ৰৰ একমাত্ৰ পুত্ৰ মথুৰামোহনে বোম্বাই চহৰত ডাক্তৰি পঢ়ে।অৱশ্যে বিভিন্ন কাৰণত মথুৰামোহনৰ পঢ়া অসমাপ্ত হয়।প্ৰফুল্লদত্ত গোস্বামীয়ে লিখিছে,"পঢ়া বিফল হ'লত মথুৰামোহনে সাংবাদিকতাৰ ফালে মন মেলে।তেওঁৰ ইংৰাজীত ভাষাত দখল আছিল আৰু দৰকাৰ হ'লে লিখিবও পাৰিছিল।...তেওঁ কিছুদিন বোম্বাই আৰু হাইদৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'ছেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰে।তাৰ পিছতহে ১৯০০ চনত তেওঁ তেজপুৰত 'আসাম বন্তি'ৰ ভাৰ লয়হি।"(পৃঃ১৫-১৬)

            কেবল "অসম বন্তি"ৰ সম্পাদনাৰ লগতে নহয়,সেই কাকত মুদ্ৰণ হোৱা তেজপুৰৰ "অসম চেণ্ট্ৰেল প্ৰেছ"ৰ লগতো বৰুৱা জড়িত আছিল।"মোৰ সোঁৱৰণী"ত পদ্মনাথ গোহাঞিবৰুৱাই লিখিছেঃ"আমি প্ৰেছ প্ৰতিষ্ঠা বিষয়ত অনভিজ্ঞ আৰু কোম্পানী সংগঠিত কৰা বিষয়তো তথৈবচ।কাৰ্যকাৰক সমিতিৰ আঁৰ লৈ কাম কৰোতা মোৰ গাতেই প্ৰেছ সম্বন্ধীয় অভিজ্ঞতা অলপ থকাৰ গম ধৰি,সমিতিয়ে প্ৰেছ অনোৱাৰ যুগুতিৰ ভাৰ মোৰ মূৰতে অৰ্পণ কৰিলে।অৱশ্যে অপ্ৰকাশ্যে,কাৰণ মই চৰ্কাৰী চাকৰীয়া।মোৰ মনত পৰিল মোৰ বন্ধু ঁমথুৰামোহন বৰুৱালৈ।তেওঁ কলিকতা,এলাহাবাদ প্ৰভৃতি ঠাইত বাতৰিকাকতৰ লগত সম্বন্ধ ৰাখি ফুৰা-চকা কৰাৰ কথা মই ভালকৈ জানো।তেওঁ সেই সময়ত এলাহাবাদৰপৰা আহি গুৱাহাটীত আছিলহি।সেইছেগতে সমিতিৰ জৰিয়তে তেওঁক তেজপুৰলৈ মতাই অনালোঁ।তাৰ পাচত আলোচনাৰ ফলত এই সিদ্ধান্ত হয় যে,সময়ত এওঁকেই আমাৰ সংকল্পিত কাকতৰ সম্পাদক পতা যাব,সম্প্ৰতি তেওঁ কলিকতালৈ গৈ এখন ভাল প্ৰেছ কিনি পঠিয়াবলৈ যুগুত দিহা কৰকগৈ।...ছমাহৰ ভিতৰত ছপাখানাৰ ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত "অসম চেণ্ট্ৰেল প্ৰেছ" প্ৰতিষ্ঠিত হ'ল।"(পৃঃ১০৪)বৰুৱা "অসম বন্তি'ৰ লগত এবছৰমানহে থাকে,"কিয়নো পৰিচালক সমিতিৰ লগত মত্ভেদ হৈ তেওঁ সম্পাদকীয় বাব এৰি দিয়ে"(পৃঃ১৮,মথুৰামোহন বৰুৱা)অৱশ্যে গোহাঞিবৰুৱাৰ মতে 'অসম চেণ্ট্ৰেল প্ৰেছ' কোম্পানীৰ ধাৰ লগাত "সমস্যাৰ গতি বুজি সম্পাদক ঁমথুৰামোহন বৰুৱা ছুটীত ঘৰলৈ গৈ আৰু ঘূৰি নাহিল।"(পৃঃ১৩৭,মোৰ সোঁৱৰণী)

            প্ৰফুল্লদত্ত গোস্বামীৰ তথ্যমতে,১৯০২ চনৰ জানুৱাৰী মাহত বৰুৱাই গুৱাহাটীলৈ আহি এটি সৰু হেণ্ডপ্ৰেছ স্থাপন কৰে।আৰু ছপাখানাটোৰ নামকৰণ কৰে "ভিক্টোৰীয়া প্ৰেছ"ৰূপে।বৰুৱাৰ বন্ধু আৰু 'মহাৰাণী'(১৯০০) গ্ৰন্থৰ প্ৰণেতা পদ্মনাথ গোহাঞিবৰুৱাৰ দৰেই বোধকৰোঁ বৰুৱায়ো ১৯০০ চনত "মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়াৰ মৃত্যু আটাইতকৈ বৰ" খবৰ হিচাপে গণ্য কৰিছিল।মথুৰামোহন বৰুৱাই "ভিক্টোৰীয়া প্ৰেছ" নাম দি প্ৰতিষ্ঠা কৰা ছপাখানাটো আনিছিল বৰপেটাৰ ভোগজুৰ বেপাৰীৰপৰা।এই তথ্য দিছে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তেওঁৰ আত্মজীৱনীতঃ"মথুৰ বৰুৱাই 'এডভোকেট অৱ আসাম' ছপোৱা হাফ-ক্ৰাউন আকাৰ হেণ্ড প্ৰেছখন প্ৰকৃততে ভোগজুৰ বেপাৰীৰে আছিল।তেওঁ ইং ১৯০২ চনত এই প্ৰেছখন কলিকতাৰপৰা কিনি আনি 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' নাম দি বৰপেটাত পাতিছিল কীৰ্ত্তনঘোষা,নামঘোষা আদি কিতাপবিলাক প্ৰকাশৰ বাবে।কিছুদিন চলাই মন দি কাম কৰা ভাল মানুহৰ অভাৱত প্ৰেছখন এনেয়ে পেলাই ৰাখিছিল।মথুৰ বৰুৱাই বোম্বাইৰপৰা আহি 'এডভোকেট অৱ আসাম' নামৰ ইংৰাজী সাপ্তাহিক কাকতখন প্ৰকাশ কৰিবলৈ প্ৰেছখন লিখা-পঢ়া কৰি ভোগজুৰ বেপাৰীৰপৰা ইং ১৯০৫ চনত গুৱাহাটীলৈ আনিছিল।"(পৃঃ১০১-০২,মোৰ জীৱন-ধুমুহাৰ এছাটি)অৱশ্যে এই অনুচ্ছেদটোত কেইটামান তথ্য বিভ্ৰান্তি আছে।১৯০২ চনৰ আগতেই ভোগজুৰ বেপাৰীয়ে কলিকতাৰপৰা প্ৰেছখন আনিব লাগিব,কিয়নো প্ৰফুল্লদত্ত গোস্বামীয়ে লিখা মতে ১৯০২ চনৰ জানুৱাৰীত মথুৰামোহন বৰুৱাই ইতিমধ্যে প্ৰেছখন গুৱাহাটীত প্ৰতিষ্ঠা কৰিছেহি।আনহাতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "শাস্ত্ৰ প্ৰকাশ প্ৰেছ'' নাছিল।নাৰায়ণ দেৱমিশ্ৰই ১৯১০চনত বৰপেটাত স্থাপন কৰা ছপাযন্ত্ৰটোৰ নামহে 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' আছিল।অক্ষয় কুমাৰ মিশ্ৰই আমাক জনোৱা মতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "সনাতন ধৰ্মযন্ত্ৰ" আছিল।ৰায়চৌধুৰীয়ে লিখাৰ দৰে ১৯০৫ চনতো বেপাৰীৰপৰা বৰুৱাই যন্ত্ৰটো অনা নাছিল,কিয়নো ১৯০৩ চনৰ অক্টোবৰ মাহৰপৰা "এডভোকেট অৱ আসাম" "ভিক্টোৰীয়া প্ৰেছ"ৰপৰা প্ৰকাশ পাইছে।গতিকে তাৰ আগতেই প্ৰেছখন বৰপেটাৰপৰা আনিব লাগিব।উল্লেখ্য যে নিজাকৈ প্ৰেছ অনাৰ আগতে বৰপেটাৰ ব্যৱসায়ী ভোগজুৰ বেপাৰীয়ে লাক্ৰিসিং বেপাৰীৰ লগ লাগি ১৮৯৫ চনত হাহিৰাম বেপাৰী(বৰপেটা)সংকলিত "বৰগীত"খন ছপাই উলিয়াইছিল(পৃঃ৬২,নামনি অসমৰ সামাজিক পটভূমি,অনিল ৰায়চৌধুৰী)।

            ভিক্টোৰীয়া প্ৰেছৰপৰা মথুৰামোহন বৰুৱাৰ সম্পাদনাত প্ৰকাশিত 'দ এডভোকেট অভ আছাম' ১৯০৩ চনৰপৰা কোনোৰ মতে ১৯১০ চনলৈ আৰু কোনোৰপৰা এৰাধৰাকৈ ১৯২০ চনলৈ চলি আছিল।এই প্ৰেছতে নিজৰ কাকত মুদ্ৰণ হোৱাৰ লগতে সত্যনাথ বৰাৰ সম্পাদনাত গুৱাহাটীৰপৰা প্ৰকাশিত "জোনাকী" মুদ্ৰিত হৈছিল।১৯১৯ চনৰ ৭ জুনত বৰুৱাৰ মৃত্যু হোৱালৈকে প্ৰেছখনো নিজৰ লগতে আছিল বুলি অনুমান কৰিব পাৰি,কিয়নো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বৰুৱাৰ মৃত্যুৰ পিছতহে প্ৰেছখন বিচাৰি গৈছিল।ভিক্টোৰীয়া প্ৰেছত প্ৰিণ্টাৰ আছিল কালিৰাম বৰুৱাৰ প্ৰেছত কাম কৰা প্ৰখ্যাত দুতিৰাম মেধি।"অৰুণা প্ৰেছ"ৰ বাবে প্ৰেছৰ কাম জনা মানুহ বিচৰা প্ৰসংগত অম্বিকাগিৰীয়ে লিখিছেঃউজান বজাৰত দুতিৰাম মেধি নামৰ প্ৰেছৰ ভাল কাম জনা মানুহ আছে।তেওঁ কালিৰাম বৰুৱা,চিদানন্দ চৌধুৰী,মথুৰ বৰুৱাৰ 'এডভোকেট অৱ আসাম'ত কাম কৰা পুৰণি মানুহ।(পৃঃ৭০,মোৰ জীৱন-ধুমুহাৰ এছাটি)একেখন গ্ৰন্থতে গোবিন্দ গগৈ নামৰ আন এগৰাকী প্ৰেছৰ কামজনা ব্যক্তিৰ উল্লেখ আছে যি ভিক্টোৰীয়া প্ৰেছত কাম কৰিছিল।এই গোবিন্দ বা গোবিন্দধৰ গগৈয়ে অম্বিকাগিৰীৰ 'অৰুণা প্ৰেছ'ত কাম কৰাৰ উপৰি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'নিউ প্ৰেছ'(প্ৰতিষ্ঠা ১৯১৮)তো কাম কৰিছিল।দুতিৰাম মেধিয়ে তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ'তো ১৯০০ চনত কাম কৰাৰ তথ্য পোৱা যায়ঃগুৱাহাটীৰপৰা দুতিৰাম মেধিক প্ৰিণ্টাৰ কৰি আনি বহুৱাই লৈ,তাৰেপৰা জনদিয়েক অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়(পৃঃ১০৬,মোৰ সোঁৱৰণী)মথুৰামোহন বৰুৱাই 'আসাম বন্তি' এৰি গুৱাহাটীত নিজাকৈ প্ৰেছ প্ৰতিষ্ঠা কৰাত সম্ভৱতঃ মেধিয়েও সেই প্ৰেছতে কামত যোগ দিয়েহি।

    মথুৰামোহন বৰুৱাৰ মৃত্যুৰ পিছত এই ভিক্টোৰীয়া প্ৰেছ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিনি লয়।

বৰপেটাৰ ছপাযন্ত্ৰ

               ছপাপুথিৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে বৰপেটাৰ উদ্যোগ আৰু উদ্যম মন কৰিবলগীয়া।অসমীয়া ছপাপুথিৰ ইতিহাসত হৰিবিলাস গুপ্তই প্ৰকাশ কৰা 'কীৰ্ত্তন'(১৮৭৬)ক মাইলৰ খুঁটিৰূপে চিহ্নিত কৰা হয় যদিও বৰপেটাৰ অনাদৰ দাস উকিলে ছপোৱা 'কথা-গীতা'(১৮৭৫)ক সেই হিচাপে গুৰুত্ব দিয়া হোৱা নাই।পুথিখনো দুৰ্লভ হৈ পৰাত সেই সম্পৰ্কত একো ক'ব পৰা নাযায়।এই পুথিৰ প্ৰথম উল্লেখ আমি পাইছোঁ হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা আৰু প্ৰকাশ কৰা 'কথা-গীতা'ৰ(১৯১৮) পাতনিত।এই পুথিখন ছপোৱাৰ সময়ত গোস্বামীয়ে ৰিজাই চাইছিল 'কথা-গীতা'ৰ তিনিটা পাঠ।তাৰে এটা আছিল অনাদৰ দাস উকিলে প্ৰকাশ কৰা 'কথা-গীতা'ৰ ছপাৰূপ।গোস্বামীয়ে লিখিছেঃ "বড়পেটাৰ ছপা কিতাপ।ঁভট্টদেৱৰ কথা-গীতা কিতাপ আকাৰে ছপা হোৱা এয়েই প্ৰথম।এই কিতাপ বড়পেটাৰ অন্তৰ্গত বড়িগাঁও নিবাসী ঁঅনাদৰ দাস উকিলে ১২৮২ চনত ছপা কৰে।৪৩ বছৰ আগেয়ে এই পুথি কিতাপ আকাৰে ছপা কৰি উলিওৱাৰ বাবে ঁঅনাদৰ দাস উকিল মহাশয় অশেষ ধন্যবাদৰ পাত্ৰ।কিন্তু দুখৰ বিষয় এইহে যে কিতাপখন আদিৰে পৰা অন্তলৈকে অশুদ্ধ পাঠেৰে ভৰা আৰু সেইগুণে ইয়াক পঢ়ি গীতাৰ অৰ্থ বুজাও অসম্ভৱ।তাত বাজেও এই কিতাপ আজিকালি কতো পাবলৈ নাইকিয়া।আমি অনেক পুৰুষাৰ্থ কৰিহে পাটবাউসী সত্ৰৰ বৰ্তমান অধিকাৰ ঁভট্টদেৱৰ বংশধৰ মাননীয় শ্ৰীশ্ৰীযুক্ত গোবিন্দদেৱ গোস্বামীৰ পৰা যেনে তেনে মতে জীৰ্ণাৱস্থাৰ এখন কিতাপ সংগ্ৰহ কৰিছোঁ।ঁঅনাদৰ দাস উকিল মহাশয়ে ছপোৱা কিতাপৰ এইখনেই শেষ সংখ্যা হলেও হব পাৰে।এই কিতাপত অনেক ভুল থাকিলেও ইয়াৰ পৰাও যে আমি ঠায়ে ঠায়ে উপকাৰ পোৱা নাই তেনে নহয়।"(পৃঃ৪)

              অনিল ৰায়চৌধুৰীয়ে  দিয়া তথ্য অনুসৰি ১৮৮৫ চনত বৰপেটাৰ যজ্ঞৰাম দাসে 'ডাক ভণিতা' সংগ্ৰহ কৰি ছপাই আনিছিল কলিকতাৰ 'বিজ্ঞান যন্ত্ৰ'ত।১৮৯৫ চনত হাহিৰাম বেপাৰী(বৰপেটা) সংকলিত 'বৰগীত' ছপাই প্ৰকাশ কৰিছিল ভোগজুৰ বেপাৰী আৰু লাক্ৰিসিং বেপাৰীয়ে (পৃঃ৬২,নামনি অসমৰ সামাজিক পটভূমি)।১৮৯৫ চনতে প্ৰথমটো ছপাখানা স্থাপন কৰে পোৰা মহাজনে।উল্লেখ্য যে এই ছপাখানাতে ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস 'মিৰি জীয়ৰী'(১৮৯৫),তেওঁৰ দ্বাৰা সম্পাদিত 'দীপিকা ছন্দ' ছপা হৈছিল।মাধৱ চন্দ্ৰ বৰদলৈৰ প্ৰখ্যাত মাধৱ কন্দলি বিৰচিত 'ৰামায়ণো'(১৮৯৬) এই ছপাশালতে ছপা হৈছিল (সংবাদ দাতাঃ অক্ষয়কুমাৰ মিশ্ৰ)।এইখিনিতে উল্লেখ কৰিব পাৰি যে মাধৱ চন্দ্ৰ বৰদলৈ নিজা খচৰতে 'ৰামায়ণ' প্ৰকাশ কৰি উলিয়াইছিল।তদুপৰি নিজাকৈ এটি ছপাযন্ত্ৰ কিনাৰো তেওঁৰ মন আছিল।'ঁমাধৱচন্দ্ৰ বৰদলৈ' প্ৰবন্ধৰ লেখক হৰনাথ বৰুৱাই লিখিছেঃ"ৰামায়ণ লুপ্তপ্ৰায় হোৱা দেখি তেওঁ বহু অৰ্থ ব্যয় কৰি তাক ছপা কৰাইছিল।...চৰকাৰী কামৰপৰা অৱসৰ লৈ এখন ছপাযন্ত্ৰ কিনি তাৰদ্বাৰা সকলো পুৰণি পুথি লাহে লাহে ছপোৱাটোৱেই তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য আছিল,কিন্তু তেওঁৰ সেই আশা পূৰণ নহ'ল।"(পৃঃ২১৮,উষা)

              বিংশ শতিকাৰ আৰম্ভণিতে,১৯০২ চনত 'বৰগীত'ৰ প্ৰকাশক ভোগজুৰ বেপাৰীয়ে হাফ-ক্ৰাউন আকাৰৰ এটি সৰু হেণ্ডপ্ৰেছ কলিকতাৰপৰা কিনি আনি বৰপেটাত স্থাপন কৰে আৰু 'সনাতন ধৰ্মযন্ত্ৰ' নাম দিয়ে।পুৰণি পুথি যেনে কীৰ্ত্তনঘোষা,নামঘোষা আদি ছপোৱাই ভোগজুৰ বেপাৰীৰ মুখ্য উদ্দেশ্য আছিল।কিন্তু কিছুদিন চলোৱাৰ পিছতে 'মন দি কাম কৰা ভাল মানুহৰ অভাৱত' 'সনাতন ধৰ্মযন্ত্ৰ' নিষ্কৰ্মা হৈ পৰে।বোধকৰোঁ একেটা চনতে গুৱাহাটীৰ মথুৰামোহন বৰুৱাই এই ছপাযন্ত্ৰটো বেপাৰীৰপৰা কেৰেয়াত আনি গুৱাহাটীত স্থাপন কৰে আৰু 'ভিক্টোৰীয়া প্ৰেছ' নাম দিয়ে।

              ভোগজুৰ  বেপাৰীৰ আঠবছৰ পিছত,১৯১০ চনত বৰপেটাৰ তৃতীয়টো প্ৰেছ স্থাপন হয় পণ্ডিত নাৰায়ণ দেৱমিশ্ৰৰ পৃষ্ঠপোষকতাত।"জীৱিকা নিৰ্বাহ লগতে মহাপুৰুষীয়া শাস্ত্ৰসমূহৰ বিশুদ্ধ সংস্কৰণ প্ৰকাশৰ অভিপ্ৰায়ে কেইজনমান অংশীদাৰ লৈ তেওঁ (দেৱমিশ্ৰই) 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' নাম দি ১৯১০ চনতে বৰপেটাত এটি প্ৰেছ স্থাপন কৰে।এই প্ৰেছত ছপা হোৱা উল্লেখযোগ্য পুথিসমূহ হ'লঃঅখ্যাত চন্দ্ৰিকা,বৰগীত,প্ৰসঙ্গ প্ৰণালী,মালা প্ৰকাশ,নিমিনৱসিদ্ধ সংবাদ,ধাতুৰূপাৱলী।সংস্কৃত ব্যাকৰণ খণ্ডখণ্ডভাৱে ছপাই সংস্কৃতৰ ছাত্ৰসকলক সস্তা দামত কিতাপ যোগোৱাৰ উদ্দেশ্যও তেওঁৰ আছিল।পিছত নানা কাৰণে এই ছপাখানা বন্ধ ৰাখিবলগীয়া হয় আৰু এই প্ৰেছটো অম্বিকাগিৰী ৰায়চৌধুৰীক দি দিয়া হয়।(পৃঃ১২-১৩,পণ্ডিতপ্ৰবৰ নাৰায়ণ দেৱমিশ্ৰ স্মৃতিগ্ৰন্থ)

              এই প্ৰেছত ছপা হোৱা পুথিসমূহ এখনো হাতত পৰা নাই বাবে সবিশেষ ক'ব পৰা নাযাব।কেবল 'প্ৰসঙ্গ প্ৰণালী' প্ৰকাশৰ লগে লগে 'আসাম-বান্ধৱ' আৰু 'বাঁহী'ত একোটিকৈ টোকা প্ৰকাশ পাইছিল।পুহ,১৩১৯(ইং ১৯১৩ চন)সংখ্যা  'আসাম-বান্ধৱ'ত প্ৰকাশিত টোকাটো আছিল এনেধৰণৰঃপ্ৰসঙ্গ প্ৰণালী।শ্ৰীযুক্ত নাৰায়ণ দেৱ মিশ্ৰ সংকলিত।মূল্য ।।০ আঠ আনা।এই পুথি পাই আমি বৰ আনন্দ পালো।পুথি খানি য়ে বৈষ্ণৱসকলৰ এটা ডাঙৰ অভাৱ গুচালে তাত কোনো  সংশয় নাই।এই পুথিত বিশেষ কৰি মহাপুৰুষীয়া সম্প্ৰদায়ৰ ভকতসকলৰ নিত্যনৈমিত্তিক শৰণ,ভজন,উপাসনা,কীৰ্ত্তন,প্ৰসঙ্গাদিৰ ব্যৱস্থা বিশদৰূপে দিয়া আছে।ইয়াৰ ভাষা শুদ্ধ আৰু সাৰ্ব্বজনীন,সদীয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে ইয়াক সহজে বুজিব পাৰিব।ইয়াত প্ৰাদেশীক দোষ নাই।আশা কৰো ই সৰ্বসাধাৰণৰ আদৰ পাব।(পৃঃ৩৫৯)৩য় বছৰ ১১শ সংখ্যা(আহিন,১৮৩৪ শক)'বাঁহী'ত প্ৰকাশিত 'চমু মন্তব্য' এনেকুৱাঃপ্ৰসঙ্গ প্ৰণালী--শ্ৰীযুক্ত নাৰায়ণদেৱ মিশ্ৰ সঙ্কলিত।বৰপেটা শাস্ত্ৰ প্ৰকাশ সমিতিৰ দ্বাৰা প্ৰকাশিত মূল্য ।।০ অনা।আমি এই পুথিখন পাই বৰ সুখী হৈছোঁ।অসমীয়া বৈষ্ণৱ সত্ৰত প্ৰচলিত,ঘাইকৈ বৰপেটা সত্ৰত প্ৰচলিত প্ৰসঙ্গৰ প্ৰণালী ইয়াত সুন্দৰকৈ লিখা হৈছে।পুথিখন ভক্তসকলৰ নিশ্চয় আদৰৰ ধন হ'ব।(পৃঃ৫২৭-২৮)

               'আসাম-বান্ধৱ'ৰ ২য় বছৰ ১২শ সংখ্যা(মাঘ,১৩১৮)ত  প্ৰকাশিত এটি বিজ্ঞাপনৰপৰা অনুমান কৰিব পাৰি কালিৰাম মেধি সম্পাদিত আৰু হেম সৰস্বতী বিৰচিত 'প্ৰহ্লাদ চৰিত্ৰ'(১৯১৩)ত শাস্ত্ৰ প্ৰকাশ প্ৰেছতেই ছপা হৈছিল।'আসাম-বান্ধৱ'ৰে বৈহাগ মাহ,১৩১৯(ইং ১৯১৩)ত  প্ৰকাশিত এটি লেখাত বৰপেটাৰ দাইবৰ ৰাম বেপাৰীয়ে সাৰ্ব্বভৌম ভট্টাচাৰ্য্যৰ 'স্বৰ্গখণ্ড ৰহস্য' প্ৰকাশ কৰাৰ তথ্য পোৱা  যায়।এই পুথিও  একেটা প্ৰেছতে ছপা হোৱা সম্ভৱ।১৯১০ চনৰপৰা চাৰি-পাঁচবছৰমান বোধকৰোঁ এই ছপাযন্ত্ৰত কাম চলিছিল।১৯১৯ ত এই প্ৰেছটো এনেয়ে বহি থকাৰ কথা অম্বিকাগিৰীয়ে ৰায়চৌধুৰীয়ে উল্লেখ কৰিছেঃমনত পৰিল,বৰপেটাৰ পণ্ডিত নাৰায়ণদেৱ মিশ্ৰৰ হাতত বহুত নতুন আখৰ আৰু ছপাৰ অন্যান্য সৰঞ্জাম সৈতে ডিমাই হেণ্ডপ্ৰেছ এটা কাম নকৰাকৈ  এনেয়ে বহি আছে।পিছদিনাই বৰপেটালৈ যাত্ৰা কৰিলোঁ।সৰুপেটা ষ্টেচনত ৰেলৰপৰা নামি বাৰিষাৰ বানে খছি থেৰ্থেৰীয়া কৰি থোৱা দ ৰাস্তাটোৱেদি ১৪ মাইল খোজকাঢ়ি বাহিৰে বাহিৰে গৈ পণ্ডিত মিশ্ৰক লগ ধৰি প্ৰেছটোৰ কথা উলিয়ালোঁ।তেখেতে ক'লে--"এৰা,প্ৰেছটো পৰি আছে মনদি ভালকৈ কাম কৰা মানুহৰ অভাৱত।"(পৃঃ৬৩-৬৪,মোৰ জীৱন-ধুমুহাৰ এছাটি)

              ঔপনিবেশিক অসমৰ গুৰুত্বপূৰ্ণ চহৰ ডিব্ৰুগড়ত কেইবাটাও প্ৰেছ (এ আৰ টি কোম্পানীৰ প্ৰেছ,ৰাধানাথ চাংকাকতীৰ টাইমছ প্ৰেছ,নন্দেশ্বৰ চক্ৰৱৰ্তীৰ গৌৰীশংকৰ যন্ত্ৰ আদি) সুকলমে চলি থকাৰ সময়তে সত্ৰ নগৰী বৰপেটাৰ দুটাকৈ ছপাযন্ত্ৰ কুৰি শতিকাৰ আৰম্ভণিত 'মন দি ভালকৈ কাম কৰা মানুহৰ অভাৱত' বন্ধ হোৱাৰ অন্তৰালত সেই সময়ৰ আৰ্থ-সামাজিক কাৰকো ক্ৰিয়াশীল আছিল।যি হওক,নাৰায়ণদেৱ মিশ্ৰ আৰু আন অংশীদাৰীসকলৰপৰা 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ'টো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীলৈ  লৈ আনি বৰপেটীয়াপাৰাত স্থাপন কৰে আৰু এই ছপাযন্ত্ৰটোৱে হৈ পৰে প্ৰখ্যাত 'অৰুণা প্ৰেছ'।