Friday, January 14, 2022

 

সূতিকা-পটলৰ ১৯০৮ চনৰ সংস্কৰণৰ নাম-পত্ৰ


সূতিকা পটল আৰু ঊনবিংশ শতিকাৰ অসমৰ সাহিত্য-পৰম্পৰা


"গোবিন্দৰ পদ চিন্তি শ্ৰীগোবিন্দ দাস

ৰচিলে পয়াৰ ইতো, নহবা নিৰাশ।"

গোবিন্দৰাম চৌধুৰী(১৮২৬--১৮৯৬)য়ে অনুবাদ কৰা 'সূতিকা পটল'ক ঊনবিংশ শতিকাৰ অসমৰ সাহিত্য-পৰম্পৰাৰ এক অভূতপূৰ্ব, বিৰল আৰু আমোদজনক সংযোজন হিচাপে চিহ্নিত কৰিব পাৰি।এই পুথি যি মূল গ্ৰন্থক আধাৰ হিচাপে লৈ অনূদিত হৈছিল, সেই গ্ৰন্থ ৰচিত হৈছিল আধুনিক বাংলাত, কথোপকথনৰ ভংগীত।কিন্তু অসমীয়ালৈ অনুবাদ কৰোঁ‌তে অনুবাদকে আশ্ৰয় ল'লে পুৰণি পদপুথিৰ ভাষা আৰু শৈলীৰ।সমসাময়িক ভাৰতীয় আন ভাৰ্নেকুলাৰত এনে ঘটনা ঘটিছিলনে নাই সন্দেহ আছে।এই অনুবাদে এফালে ঊনবিংশ শতিকাৰ শেষাৰ্ধতো অসমৰ সমাজ-জীৱনত পুৰণি পদপুথিৰ সজীৱ পৰম্পৰাৰ উপস্থিতি ঘোষণা কৰে, আনহাতে পাশ্চাত্য শিক্ষাৰে শিক্ষিত মধ্যবিত্তৰ তৎপৰতাত নিৰ্মীয়মান সমমানৰ (standardised) আৰু ছপাৰূপৰ অসমীয়া ভাৰ্নেকুলাৰৰ গ্ৰহণযোগ্যতাৰ প্ৰতি কেতবোৰ প্ৰশ্ন দাঙি ধৰে।

      ডাক্তৰ যদুনাথ মুখোপাধ্যায় প্ৰণীত "ধাত্ৰী-শিক্ষা এবং প্ৰসূতি-শিক্ষা"ৰ প্ৰথম ভাগ প্ৰথম প্ৰকাশ হৈছিল ১৮৬৭ চনত।দুয়োটা খণ্ড একত্ৰে একে শিৰোনামেৰে প্ৰকাশ হৈছিল ১৮৭১ চনত।ইয়াৰে প্ৰথম ভাগ গোবিন্দৰাম চৌধুৰীয়ে "কামৰূপী ভাষা"ত পদ কৰিছে।'গ্ৰন্থকাৰৰ ভূমিকা'ত লেখকে লিখিছেঃ

      "গৰ্ভ অৱস্থাৰ সাবধানতা, প্ৰসৱৰ ব্যবস্থা, শিশুপালন, তাৰ ৰোগৰ কাৰণ বা ঔষধ কামৰূপী স্ত্ৰীলোক সকলে নাজানে।

      সেই কাৰণে শৰীৰত আৰু মনত মহাকষ্ট ভোগ কৰে।আকে জানি মহাত্মা যদুনাথ ডাক্তৰৰ কৰা "ধাত্ৰী শিক্ষাৰ" প্ৰথম ভাগৰ কামৰূপী ভাষায়ে সস্তা কথা দি পদ কৰিলোঁ‌।

      গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে।তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।"

      যদুনাথ মুখাৰ্জীৰ গ্ৰন্থখন "চিদানন্দে" আনি দিয়া বুলি অনুবাদকে উল্লেখ কৰিছে। গোবিন্দৰাম চৌধুৰীৰ ভতিজাক আৰু গুৱাহাটীৰ প্ৰথমটো ছপাশাল 'চিদানন্দ প্ৰেছ'(প্ৰতিষ্ঠা ১৮৭২ চন)ৰ স্বত্বাধিকাৰ চিদানন্দ চৌধুৰীয়েই 'সূতিকা পটল'ত উল্লিখিত "চিদানন্দ"।একাধিকবাৰ তেওঁৰ নাম উল্লেখ কৰা হৈছে পুথিখনত যেনেঃ

      সু-সাধু ভাষাৰ আৰ মূলগ্ৰন্থ খানি।

      চিদানন্দে পদ্য কৰিবাক দিলা আনি।।

      স্ত্ৰীগণে বুঝিব হেন তাৰ অভিলাষ।

      বুঝিলে হোৱয় তাৰ মনত উল্লাস।।

      মোৰ ভ্ৰাতৃ পুত্ৰ চিদা স্নেহৰ ভাজন।

      এতেকতে পদ্য ৰচনাত দিলোঁ‌ মন।।(পৃষ্ঠা ১-২)

      বা

      এড়ি অন্য ভাৱ,  কৰি ভক্তি ভাৱ,

              ভাৱা সেই চিদানন্দে।

      ভাৱি শ্ৰীগোবিন্দ,   ৰচিল গোবিন্দ,

               যি কহিল চিদানন্দে।।(পৃষ্ঠা ১১)

পুথিৰ শেষত কাইথেলী অংকেৰে পুথিখনৰ ৰচনাৰ কাল নিৰ্দেশ কৰা হৈছেঃ

        ৰস ৰস সাগৰ সূত অঙ্ক।

        গোবিন্দ চৌধুৰী শঁ‌ক বলয় নিশঙ্ক।।

ৰস=৬/৯ সাগৰ =৭ আৰু সূত (সূতল?)=১ ধৰিলে ৬৬৭১ (ওলোটালে ১৭৬৬ শক অৰ্থাৎ ১৮৪৪ খ্ৰীষ্টাব্দ) বা ৯৯৭১ (ওলোটালে ১৭৯৯ শক অৰ্থাৎ ১৮৭৭ খ্ৰীষ্টাব্দ)।যদুনাথ মুখাৰ্জীৰ মূল গ্ৰন্থখনেই যিহেতু ১৮৬৭ চনত প্ৰথম প্ৰকাশ হৈছে, সেয়ে ১৮৪৪ খ্ৰীষ্টাব্দ হ'ব নোৱাৰে।গতিকে গোবিন্দৰাম চৌধুৰীয়ে ১৮৭৭ খ্ৰীষ্টাব্দত 'কামৰূপী ভাষা'ত এই পুথি অনুবাদ কৰিছিল।

অনুবাদ-ৰীতিৰ ক্ষেত্ৰত মূলৰ বক্তব্য বিষয় সংক্ষেপকৈ ভাবানুবাদ কৰা দেখা যায়।পুথিখনৰ আৰম্ভণিৰফালৰ পদৰপৰা উদাহৰণ দাঙি ধৰা হ'লঃ

              গৰ্ভৱতীক দিবৰ জুলাপ।

           লক্ষ্মী বোলে নিয়মিত শৌচ নহইলে।

           শৌচ কৰাবাক লাগে "ক্যাষ্টেৰ অইলে"।।

           দুই বা আড়াই তোলা আৰ পৰিমাণ।

           অধিক নেদিবা আত হৱা সাৱধান।।

           পাচ তোলা তপ্ত দুগ্ধে তাক মিশলাই।

           খুৱাইবা সেই তৈল তাত ভয় নাই।।

           ভেদৰ নিমিত্তে অন্য ঔষধ আছয়।

           নিদিবা সিসব বহু ভেদৰ সংশয়।।

           বিনোদিনী বোলে বহু ভেদে কি সংশয়।

           লক্ষ্মী বোলে বহু ভেদে গৰ্ভ নষ্ট হয়।।(পৃষ্ঠা ৩)

মূলপাঠঃ

লক্ষ্মী। ৰোজ তাৰ যাতে দাস্ত পৰিষ্কাৰ হয় তা কোৰো।কোষ্ঠ বদ্ধ হলে আধ ছটাক খানেক ক্যাষ্টৰ অইল খাইয়ে দিও।

ক্যাষ্টৰ অইল ভিন্ন অন্য কোন জোলাপ দিও না।যাতে বেশী দাস্ত হয় এমন জোলাপ দেয়া বড় দোষ।

বিনোদিনী।  আচ্ছা বেশী দাস্ত হলে কি হয়?

লক্ষ্মী।   দাস্ত বেশী হলে গৰ্ভপাত হতে পাৰে।

বি।  ওঃ তবে ত জোলাপ টোলাপ বেশ বিবেচনা কৰে দেয়া উচিত।

ভাল, আমাদেৰ যে বলে, গৰ্ভ হলে অসুদ দিতে নাই, সে কথাটা কেমন?

ল।  সে আমাদেৰ ভুল। তোমৰা ভাব যে অসুদ দিলিই বুঝি গৰ্ভ নষ্ট হয়।কিন্তু তা নয়। যাতে গৰ্ভ নষ্ট হয় তাই কেবল দেবে না। তা ভিন্ন অসুদ দিতে দোষ কি? আহা বৈদ্যৰা সাহস পুৰে অসুদ দিতে পাৰিনি বলে কত পোয়াতি মাৰা পড়েছে।পোয়াতিৰ ব্যাম স্যাম হলে অসুদ দিয়ে তাকে আগে আৰাম কৰা উচিত।নৈলে একেৰ দায়ে দুটিই যায়। বুঝ্তিই পাচ্যো।

বি।  তাই ভ। আমাদেৰ ত তবে এটা বড় ভুল ভাল এখন ইস্তক আৰ ও কথা শোনা হবে না।আচ্ছা, ক্যাষ্টৰ অইল খাওয়াতে বল্যে, পোয়াতিতে তা কেমন কৰে খাবে?

ল।  কেন?

বি।  ও যে গেলা যায়না। গন্ধেতেই ন্যাকাৰ আসে। আৰ যে বেজল বেজল?

ল।  ছটাক খানেক কি ছটাক দেড়েক গৰম দুদেৰ সঙ্গে মিশিয়ে খেলে আৰ ও ৰকম গন্ধ টন্ধ টেৰ পাওয়া যায় না। বেশ খাওয়া যায়।

বি। গৰম দুদেৰ ভাবেতে বুঝি ও গন্ধটা লুকোয়।আৰ ওৰ সঙ্গে মিশুলে বুঝি অত আটা আটা ও থাকে না?

ল। হ্যাঁ‌, ঠিক বলেচ।

বি।  তবে আৰ কি? অত বড় মন্দফিকিৰ শেখা থকল্যো না।তাৰ পৰ আৰ কি নিয়ম বলব্যে, বল।

ল। বলি! (পৃষ্ঠা ৩)

আনহাতে গোটেই পুথিখনতে লেখকে এটা ছন্দই ব্যৱহাৰ কৰা নাই।দুলড়ীৰ প্ৰয়োগ চাওকঃ


                  সূতিকা গৃহ।

লক্ষ্মী বোলে ঘৰ,        মুক্ত স্থানে কৰ,

            দুৰ্গন্ধ কাষে নথাকে।

পৰিষ্কাৰ স্থান,         ভিটি পৰিমাণ,

            ময় বোলোঁ‌ শুনা তাকে।।

দৈৰ্ঘ্যে বাৰ হস্ত,       ছয় হাত প্ৰস্থ,

             উচ্চত হাত আড়াই।

শুকান ভিটিত,        হোৱে বহু হিত,

             ভিজাত সকাম নাই।।

বেড়িবা চৌফালে,    মুছিবাহা ভালে,

              ৰাখিবা খিৰকী তাতে।

বেড়াতে মুঁ‌ধাৰ,      খিৰকীৰ দ্বাৰ,

              কাটা সম সূত্ৰপাতে।। 

....

লক্ষ্মী বোলে কথা,    দ্বাৰ হব যথা,

            কহোঁ‌ মনে হৈল ভালে।

হৈলে বৰ্ষাকাল,       পূৰ্ব্বদ্বাৰ ভাল,

             তথৈবচ শীতকালে।।

শাস্ত্ৰ অভিমত,         গ্ৰীষ্ম সময়ত,

              দক্ষিণে দুৱাৰ কৰা।

সুযুক্তি বচন,            দিয়া আতমন,

              আক দৃঢ় কৰি ধৰা।।(পৃষ্ঠা ৯)

মূলপাঠঃ

বি। আচ্ছা কেমন জায়গায় আঁ‌তুড় ঘৰ বাধব্যো?

ল।  জায়গাটী খুব ভাল হওয়া চাই।

বি।  ভা কি ৰকম?

ল।  জায়গাটী পৰিষ্কাৰ পৰিছন্ন হবে, আৰ নিকটে কোন খানে দুৰ্গন্ধ থ্যাকবে না। আৰ তাৰ চাৰি দিক বেশ খোলা থাকব্যে।

আঁ‌তুড় ঘৰেৰ মেজে খুব শুকন হওয়া চাই। স্যাঁ‌ত সেতে হওয়া বড় দোষ। সূতিকা ঘৰ খানি প্ৰশস্ত হওয়া ভাৰি আবশ্যক। মেজেটী লম্বে দশ বাৰো হাত ও আড়ে পাঁ‌চ ছ হাত হলেই ভাল হয়।ঘৰেৰ পোতা দু হাত আড়াই হাত উচ না কল্যে মেজে শুকন হবে না। এ ছাড়া দিন থাকত্যে ঘৰ তয়েৰ কৰে ৰাখল্যে মেজেটী শুকন খট খটে হয়ে থাকব্যে। শীত কালে আৰ বৰ্ষা কালে পূৰ্ব্ব দ্বাৰি ও গ্ৰীষ্ম কালে দক্ষিণদ্বাৰি সূতিকা ঘৰ ভাল। ঘৰেৰ উত্তৰ দক্ষিণে দুইটী ৰুজু ৰুজু জানলা থাকা চাই। তা ঝাঁ‌পেৰ বেড়াই হোক্ আৰ মাটি ইটেৰ দেয়ালেই হোক্।(পৃষ্ঠা ২১-২২)

ধাত্ৰী-শিক্ষাৰ নাম-পত্ৰ


অনুবাদকৰ পৰিচয়

গোবিন্দৰাম চৌধুৰীৰ বিষয়ে সাহিত্যৰ ইতিহাসত পাবলৈ নাই। তেওঁৰ নাতি, 'বিদ্ৰোহী কবি' প্ৰসন্নলাল চৌধুৰীয়ে লিখা " সূতিকা পটলৰ লিখক গোবিন্দৰাম চৌধুৰী" শীৰ্ষক নিৱন্ধটিয়েই গোবিন্দৰাম চৌধুৰী সম্পৰ্কত লিখা একমাত্ৰ নিৰ্ভৰযোগ্য লেখা বুলিব পাৰি।অৱশ্যে পৰৱৰ্তী কালত অনিল ৰায়চৌধুৰী(১৯২৬--২০২০)য়েও চৌধুৰী সম্পৰ্কত এটি নিৱন্ধ লিখে।

গোবিন্দৰামৰ পিতৃ হৰিপ্ৰসাদ চৌধুৰী হাদিৰা চকীৰ চকীয়াল অৰ্থাৎ সীমান্ত নিৰাপত্তাৰ দায়িত্বত থকা ৰাজ কৰ্মচাৰী আছিল।সেই সূত্ৰেই আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালৰ লগত চৌধুৰীৰ ঘনিষ্ঠতা হৈছিল। হৰিপ্ৰসাদ চৌধুৰীয়ে বেজালিও কৰিছিল আৰু 'ওজা চৌধুৰী'ৰূপে বিখ্যাত হৈ পৰিছিল। প্ৰসন্নলাল চৌধুৰীয়ে লিখা মতে গোবিন্দৰাম চৌধুৰীৰ ফাৰ্ছী আৰু বাংলা ভাষাত ব্যুৎপত্তি আছিল। বৰপেটাত থাকোঁ‌তে চৌধুৰীৰ ঘৰলৈ আনন্দৰাম ঢেকিয়াল ফুকনৰ সততে অহা-যোৱা হৈছিল আৰু উভয়ে নানান সাংস্কৃতিক আলোচনাত ৰত হৈছিল।প্ৰসন্নলাল চৌধুৰীয়ে লিখিছে, "চৌধুৰীয়ে সেই সময়ৰ কলিকতাৰ 'বঙ্গদৰ্শন', 'সমাচাৰ দৰ্পণ', 'বেদব্যাস', 'তত্ত্ববোধিনী পত্ৰিকা' আদি আলোচনী নিয়মিতভাৱে পঢ়িছিল আৰু চিঠি-পত্ৰৰ দ্বাৰাও এই লিখকগোষ্ঠীৰ লগত সম্পৰ্ক ৰাখি চলিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে বৰপেটাত থাকোঁ‌তে আইন সংক্ৰান্ত ইংৰাজী গ্ৰন্থসমূহ বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল আৰু এই সম্পৰ্কে গোবিন্দৰাম চৌধুৰীয়ে তেওঁক হাতে কামে সহায় কৰিছিল।" (পৃষ্ঠা ৮২০, প্ৰসন্নলাল চৌধুৰী ৰচনাৱলী)

গুণাভিৰাম বৰুৱাই লিখিছে, "সত্ৰ আৰু আন ঠাইৰ মহন্ত আৰু আন ভদ্ৰলোকসকল তেওঁ(ঢেকিয়াল ফুকন)ৰ তালৈ গৈছিল। সুন্দৰীদিয়াৰ আতিৰাম বৰুৱা আৰু ব্ৰহ্মচাৰী বাবাৰ দিনত হাদীৰা চকিত কৰ্ম্ম কৰা হৰিপ্ৰসাদ চৌধুৰী আৰু গঙ্গাপ্ৰসাদ চক্ৰৱৰ্ত্তী মাজে মাজে আহিছিল। সেই সকলৰ মুখে তেওঁ নানাবিধ গল্প শ্ৰৱণ কৰিছিল।

...ব্লাকইষ্টোনচ কমেণ্টৰী অৰ্থাৎ ইংলণ্ডৰ আইনৰ সাৰ সংগ্ৰহ নামে পুস্তকৰ আদৰ্শেৰে বঙ্গদেশৰ আইন আৰু ব্যৱস্থাৰ সাৰ সংগ্ৰহ প্ৰস্তুত কৰিবলৈ ফুকনৰ মন হ'ল। সেই কাৰণে তেওঁ সেইৰূপে পুস্তক প্ৰচাৰৰ পক্ষে যত্ন কৰিবলৈ ধৰিলে। গবৰ্ণমেণ্টৰ প্ৰচাৰিত যাবতীয় আইন আৰু কনষ্ট্ৰকচন চাৰ্কুলাৰ আৰু অনেক চাহাবসকলে কৰা হিন্দু আৰু মুচলমানৰ ব্যৱস্থা ইত্যাদি চাবলৈ ধৰিলে। বৰপেটাত এই বিষয়ে তেওঁ সময় আৰু সুবিধা পাইছিল। সেইসকল পুথি চাই ক্ৰমে তেওঁ তাক বঙ্গলা ভাষাত অনুবাদ কৰিবলৈ ধৰিলে। হৰিপ্ৰসাদ চৌধুৰীৰ পুতেক গোবিন্দৰামৰ হস্তাক্ষৰ ভাল আছিল। সেই অনুবাদ ৰচনা গোবিন্দৰামে নকল কৰিবলৈ ধৰিলে।" (পৃষ্ঠা ১১৫-১১৬, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, ১৯৭১)

লক্ষীনাথ বেজবৰুৱাই গোবিন্দৰাম চৌধুৰীপৰ কথা লিখিছে এনেদৰে, "গুৱাহাটীৰ ভদ্ৰলোকসকলৰ ভিতৰত উকিল শ্ৰীমন্ত সেন, যশোমন্ত সেন, এই দুজনৰ কথা আৰু গোবিন্দৰাম চৌধুৰীৰ কথা মোৰ মনত আছে।এওঁ‌লোক আমাৰ ঘৰলৈ সততে আহিছিল আৰু দেউতাৰ আদৰৰ পাত্ৰ আছিল। গোবিন্দৰাম চৌধুৰী ওখ, ডাঙৰ আৰু দেখিবলৈ সভা শুৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দৰাম চৌধুৰী চকুত পৰা চেহেৰাৰ লোক।(পৃষ্ঠা ২৪, মোৰ জীৱন-সোঁ‌ৱৰণ)


১৯০৮ চনৰ সূতিকা পটলৰ সংস্কৰণ

১৮৭৭ চনতে অনূদিত পুথিখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিল সঠিককৈ জনা হোৱা নাই। আমাৰ হাতত থকা পুথিখন ১৯০৮ চনত নবীনচন্দ্ৰ তালুকদাৰে তেওঁৰ স্বৰ্গীয়া পত্নী যজ্ঞেশ্বৰী দেবীৰ নামে প্ৰকাশ কৰা।পুথিখনৰ একমাত্ৰ এজেণ্ট আছিল নলবাড়ীৰ অমৃত এজেঞ্চি।কলিকতাৰ ৫১।২ নং চুকীয়া ষ্ট্ৰীটৰ মণিকা যন্ত্ৰত হেমচন্দ্ৰ দেৰদ্বাৰা মুদ্ৰিত হৈছিল।বেচ আছিল চাৰিঅনা।মুঠ পৃষ্ঠাসংখ্যা ১১০।নবীনচন্দ্ৰ তালুকদাৰে আঘোণ, ১৩১৫ চন (ইং ১৯০৮)ত লিখিছে যে "গ্ৰন্থকাৰৰ সুযোগ্য পুত্ৰ ঁ‌শ্যামলাল চৌধুৰী চব ডিপুটি কলেক্টৰে তিনমাহ আগতে এই পুথিৰ সকলো স্বত্ত্ব আমাক এড়ি দিছে।" তালুকদাৰে অৱশ্যে প্ৰথম বা দ্বিতীয় সংস্কৰণ কিবা আছিল যদিও উল্লেখ কৰা নাই। ১৮৭৭ চনতে অনূদিত পুথিখন ১৯০৮ চনলৈ প্ৰকাশ নোহোৱাকৈ নিশ্চয় নাছিল। গোবিন্দৰাম চৌধুৰী আছিল প্ৰতিপত্তি থকা লোক, তাতে গুৱাহাটীৰ 'চিদানন্দ প্ৰেছ'ৰ গৰাকী চিদানন্দ চৌধুৰী আছিল সূতিকা পটলৰ অনুবাদৰ আঁ‌ৰৰ মানুহ। প্ৰসন্নলাল চৌধুৰীয়ে এই পুথিখন "গাঁ‌ৱলীয়া মহিলাৰ মাজত প্ৰচাৰ কৰাৰ মানসেৰে সাঁ‌চিপতীয়া পুথিৰ আকাৰত প্ৰকাশ কৰে"(পৃষ্ঠা ৮২০) বুলি উল্লেখ কৰিছে।১৯০৮ চনৰ সংস্কৰণটো যিহেতু সাঁ‌চিপতীয়া পুথিৰ আকাৰত প্ৰকাশ কৰা নাছিল, নিশ্চয় আগৰ সংস্কৰণৰ কথাই চৌধুৰীয়ে উল্লেখ কৰিছে।উল্লেখ্য যে, ১৮৭৭ চনত সাঁ‌চিপতীয়া পুথিৰ আকাৰত মাধৱদেৱৰ ভক্তি ৰত্নাৱলীখন 'চিদানন্দ প্ৰেছ'ত মুদ্ৰিত হৈছিল।

১৯০৮ চনৰ সংস্কৰণটো প্ৰকাশ কৰাৰ অন্তৰালত প্ৰকাশকৰ এটি মহৎ উদ্দেশ্য লুকাই আছিল। এই কথাও অসমীয়া গ্ৰন্থৰ ইতিহাসত গুৰুত্বপূৰ্ণ। নবীনচন্দ্ৰ তালুকদাৰৰ পৰিবাৰ, বেলতলাৰ কোচৰজাৰ জীয়ৰী যজ্ঞেশ্বৰী দেৱীয়ে অকালতে ১৯০৮ চনৰ ভাদ মাহত প্ৰাণ ত্যাগ কৰে।তালুকদাৰে লিখিছে, "যজ্ঞেশ্বৰী দেবী মৃত্যুৰ সময়ত কিছুমান সঞ্চিত ধন এৰি থৈ যায়। এই খিনি হাঁ‌হ, পাৰা, ছাগল প্ৰভৃতি পুহি তেওঁ নিজে উপাৰ্জ্জন কৰা ধন। সেই বাবে এই খিনি তেওঁৰ স্মৃতিৰ অৰ্থে কোনো সদ্ কামত ব্যয় কৰা আমাৰ কৰ্ত্তব্য আছিল।পুত্ৰ সন্তান এটি প্ৰসৱ কৰি ঁ‌যজ্ঞেশ্বৰী দেবীৰ মৃত্যু হোৱাৰ সমান দুখ লগা কথা তেওঁৰ জ্ঞাতি-বান্ধৱসকলৰ ওচৰত একো নাই। এই দৰে যে আমাৰ নজনা দেশত কিমান তিৰোতাই ইষ্টমিত্ৰক কন্দুৱাই অকাল মৃত্যুত প্ৰাণত্যাগ কৰিব ধৰিছে তাৰ সংখ্যা নাই। সেই দেখি এই পুথি খন ছপাই তেওঁ যি কালৰোগত পৰি ইহলীলা সম্বৰিলে, তাক দমন কৰিবলৈকে অলপমানো সহায় কৰি অসমীয়া তিৰোতাক ডাঙৰ বিপদ এটিৰ পৰা উদ্ধাৰৰ এটি সঙ্কীৰ্ণ পথ দেখাই দিব পৰাতকৈ একো ভাল স্মৃতি চিহ্ন হ'ব নোৱাৰে জানি, এই পুথিখন তেওঁৰ নামে ছপা কৰা হ'ল। সেইবাবেই ইয়াৰ মূল্য সম্ভৱমতে সস্তা কৰা হৈছে।"


'নতুন ভাৰ্নেকুলাৰ' আৰু পুৰণি পদপুথি

     কোনবোৰ সামাজিক-সাংস্কৃতিক পটভূমিত গোবিন্দৰাম চৌধুৰীয়ে বাংলা গদ্যপুথি এখন পুৰণি পদৰ আৰ্হিত অনুবাদ কৰিলে সি নিশ্চয় বিচাৰ্য বিষয়। "সূতিকা পটলে" ঊনবিংশ শতিকাৰ বৌদ্ধিক ইতিহাসৰ লগতে সাহিত্যৰ ইতিহাসকো নকৈ চাবলৈ অনুপ্ৰেৰণা যোগাব। প্ৰিণ্ট, পঢ়ুৱৈসমাজ আদিৰ ইতিহাসে এই ক্ষেত্ৰত সহায় কৰিব।

     ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ছপা বা প্ৰিণ্টে অসমীয়া পঢ়ুৱৈ সমাজক এক অভূতপূৰ্ব অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিছিল।১৮২০ (১৮১৩ নহয়) চনত শ্ৰীৰামপুৰ মিছন প্ৰেছৰপৰা উইলিয়াম কেৰি আৰু আত্মাৰাম শৰ্মাৰ যৌথ প্ৰচেষ্টাত প্ৰকাশিত "অসমীয়া ধৰ্ম্মপুস্তক"-এ কেইবাশতিকা ধৰি চলি অহা অসমীয়া পৰম্পৰাগত ভাৰ্নেকুলাৰৰ ঠাইত 'নতুন ভাৰ্নেকুলাৰ' (New Vernacular)ৰ শুভাৰম্ভণি ঘটাইছিল।পৰৱৰ্তী কালত আমেৰিকান বেপ্তিষ্ট মিছনাৰীসকলৰ উদ্যোগত এই নতুন ভাৰ্নেকুলাৰৰে আন এটি সজীৱ তৰংগ যুক্ত হৈছিল 'অৰুনোদই' সম্বাদ-পত্ৰ আৰু আন পুথি প্ৰকাশৰ যোগেদি।প্ৰিণ্টে জন্ম দিয়া এই 'নতুন ভাৰ্নেকুলাৰ' সৃষ্টিত  পৰম্পৰাগত পদপুথি, সপ্তদশ-অষ্টাদশ শতিকাৰ গদ্য (ভট্টদেৱ-চৰিত পুথিৰ সত্ৰীয়া গদ্য আৰু বুৰঞ্জী পুথিৰ গদ্য--এই দুয়োটা ধাৰাৰ) আৰু সমসাময়িক কথ্যভাষা--এই তিনিসুঁ‌তিৰদ্বাৰা কিমান দূৰ প্ৰভাৱান্বিত হৈছিল সি এই পৰ্যন্ত অনুসন্ধানৰ বিষয় হৈ ৰৈছে।আনহাতে এই ছপাসৃষ্ট ভাৰ্নেকুলাৰ যিহেতু মূলতঃ মিছনাৰী আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত (আত্মাৰাম শৰ্মা ব্যতিক্ৰম) লোকসকলৰ উদ্যোগত ঠন ধৰি উঠিছিল, স্বাভাৱিকতে এই ক্ষেত্ৰত, বিশেষকৈ বাক্যৰ গঠনৰ ক্ষেত্ৰত ইংৰাজী ভাষাৰ প্ৰভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল(বাক্যতাত্ত্বিক অধ্যয়নে এই প্ৰভাৱৰ ভালেখিনি দিশ পোহৰলৈ অনাৰ সম্ভাৱনা)।এই ভাৰ্নেকুলাৰ যিহেতু ছপামাধ্যমৰ যোগেদি সৃষ্টি হৈছিল, সমান্তৰালভাৱে ইয়াৰ সমমানকৰণ (standardisation)ৰো ব্যৱহাৰিক প্ৰয়োজনীয়তা আহি পৰিছিল (নেথন ব্ৰাউনৰ প্ৰচেষ্টা আৰু তেখেতে Grammatical Notices of the Asamese Language, ১৮৪৮--ৰ পাতনিত ছপা অসমীয়া ভাৰ্নেকুলাৰৰ আখৰ-জোঁ‌টনিৰ বিষয়ে আগবঢ়োৱা মন্তব্য স্মৰণীয়।)।আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা--এই তিনিগৰাকী পাশ্চাত্য শিক্ষাৰে শিক্ষিত প্ৰথমৰ ফালৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধিস্থানীয় সাহিত্যিকে বেলেগ বেলেগ ধৰণে নিৰ্মীয়মান 'নতুন ভাৰ্নেকুলাৰ'ক সমৃদ্ধ কৰিছিল ঊনবিংশ শতিকাৰ পঞ্চমটো দশকৰ শেষ ভাগৰপৰা বিংশ শতিকাৰ আৰম্ভণী বৰ্ষটোলৈকে (১৮৪৮ চনত অসমিয়া লৰাৰ মিত্ৰ প্ৰকাশৰপৰা ১৯০০ চনত হেমকোষ প্ৰকাশলৈকে)।এই 'নতুন ভাৰ্নেকুলাৰ' বা 'আধুনিক অসমীয়া ভাষা/গদ্য' ফলে-ফূলে জাতিষ্কাৰ হৈ উঠিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ (জন্ম ২৫ আগষ্ট, ১৮৮৮ চন) মুখপত্ৰ জোনাকী(১৮৮৯ চনৰপৰা প্ৰকাশিত)ৰ পাতত।অসমীয়া ভাষা-সাহিত্যই 'অৰুনোদই'ৰ যোগেদি পাশ্চাত্য সাহিত্য-পৰম্পৰাৰ ভালেমান genre ৰ সৈতে পৰিচিতি লাভ কৰি জোনাকীৰ পাতত জাতীয়তাবাদৰ নিৰ্মাতা-লেখকসকলৰ যোগেদি পাশ্চাত্য সাহিত্যৰ genre সমূহৰ এক সমৃদ্ধৰূপ প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলে।

বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পুথিভঁ‌ৰালত সংৰক্ষিত সাঁ‌চিপাতৰ আৰ্হিত মুদ্ৰিত ভক্তি-ৰত্নাৱলী  (১৮৭৭)ৰ   এখিলা পাত


       কিন্তু এইখিনিতে কেইটামান প্ৰশ্ন হয়, দ্বন্দ্বমুখৰ ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰিণ্টৰ জৰিয়তে সৃষ্টি হোৱা 'নতুন ভাৰ্নেকুলাৰ' আৰু ই লৈ অনা পাশ্চাত্য সাহিত্যৰ নানাটা genre ৰ প্ৰতি সমসাময়িক পঢ়ুৱৈ সমাজৰ (Reading Public) সঁ‌হাৰি কেনে আছিল?ছপাৰ উত্থানৰ লগে লগে 'পুৰণি ভাৰ্নেকুলাৰ' (বা মূলতঃ পদপুথিৰ ভাষা) চৰ্চাৰ পৰম্পৰা অন্তৰ্ধান হৈ গৈছিলনে?এটা কথা স্পষ্ট যে 'নতুন' আৰু 'পুৰণি' ভাৰ্নেকুলাৰৰ ভাষিক মিল-অমিল যিয়েই নাথাকক, 'নতুন ভাৰ্নেকুলাৰ' আছিল মূলতঃ গদ্য আৰু ইয়াৰ মাধ্যম আছিল ছপা---আখৰ-জোঁ‌টনিৰ সমমান ৰূপ এটিৰে সৈতে ইয়াৰ আবিৰ্ভাৱ হৈছিল।বিপৰীতে, 'পুৰণি ভাৰ্নেকুলাৰ' মূলতঃ পদ্য, ইয়াৰ সমমান ৰূপ এটি ত্ৰয়োদশ শতিকামানতে নিৰ্মাণ হৈছিল। (কিদৰে এই প্ৰক্ৰিয়া সাধিত হৈছিল, কমতাধিপতি দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰচিত হেম সৰস্বতীৰ 'প্ৰহ্ৰাদ চৰিত্ৰ'ৰ ভাষাৰ সৈতে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰচিত মাধৱ কন্দলীৰ 'ৰামায়ণ'ৰ ভাষা আৰু মূল শৈলীৰ সাদৃশ্য কি কাৰণত দেখা গ'ল, কাল-স্থানৰ পাৰ্থক্য সত্বেও?এই সমমান ৰূপকে আধাৰ কৰি পৰৱৰ্তী কালৰ বৈষ্ণৱ কবিসকলে কিদৰে পুৰণি অসমীয়া ভাষা-সাহিত্য সমৃদ্ধ কৰিলে?এইসমূহ দিশ আজিকোপতি বিশদভাৱে অধ্যয়ন কৰা হোৱা নাই।)'পুৰণি ভাৰ্নেকুলাৰ' চৰ্চাৰ মাধ্যম আছিল সাঁ‌চিপাত (কাচিৎ তুলাপাত, ঊনবিংশ শতিকাত 'কোম্পানী পেপাৰ'লৈ ই সম্প্ৰসাৰিত হৈছিল), আখৰ-জোঁ‌টনিৰ ক্ষেত্ৰত হৰণ-ভগন প্ৰায়ে হৈছিল (ব্ৰাউনৰ "Although, as a spoken language, the Asamese has been fixed in its present form for centuries, it appears never to have been written on any settled and uniform principles of orthography", পৃষ্ঠা vii, Grammatical Notices of the Asamese Language, মন্তব্য দ্ৰষ্টব্য) যদিও মধ্যযুগৰ পণ্ডিত-লেখকৰ চকুত পুথি নকল কৰোঁ‌তাৰ এনে প্ৰমাদ চকুত নপৰাকৈ থকা নাছিল (যেন মতে লিখি আছে তেমনে পঢ়ন্ত।/কি পঢ়স বুলি খঙ্গি মাধৱে মাতন্ত।।/লাঠিকাটা 'জ' দিবে লাগয় যথাত।/পুখুৰীয়া 'য' দি আছন্ত তথাত।।/পুখুৰীয়া লাগৈ যথা লাঠিকাটা তাত।/বৰ 'ও' দিলে 'ঞ' লাগে জানা যাত।।/'ইয়' দিলে 'উৱ' যত লাগয় দিবাক।/'ৱ'ৰ ঠাইত বৰ 'ও' যে দিলেক।।)

       আধুনিক অসমীয়া ভাষা-সাহিত্যৰ আৰম্ভণ বুলিলে ঔপনিৱেশিক আমোলৰ আৰম্ভণি, বেপ্তিষ্ট মিছনাৰী আৰু তেওঁলোকৰ উদ্যোগত ছপাযন্ত্ৰৰ আগমন, পাশ্চাত্য শিক্ষাৰ সূচনা আৰু পাশ্চাত্য সাহিত্যৰ genre সমূহৰ আমদানি আৰু চৰ্চাকে সাধাৰণতে গুৰুত্ব দিয়া হয় যদিও চতুৰ্দশ শতিকাৰ প্ৰাক-শংকৰী কবিসকলৰপৰা আৰম্ভ হোৱা পদপুথি-চৰ্চাৰ পৰম্পৰা (লিখা আৰু নকল কৰা) ঊনবিংশ শতিকাত ভেটা পৰিল নে সজীৱ ৰূপত 'নতুন ভাৰ্নেকুলাৰ'ৰ সমান্তৰালভাৱে ৰক্ষিত হ'ল তাৰ খা-খবৰ সাহিত্যৰ বুৰঞ্জীসমূহে আমাক তেনেদৰে দিয়া নাই।ডিম্বেশ্বৰ নেওগৰ বুৰঞ্জীত বাদে বাকীসমূহত উল্লেখেই নাই।দুই-এখনত যৎকিঞ্চিৎ উল্লেখহে আছে।

       তীৰ্থনাথ শৰ্মায়েই বোধকৰোঁ‌ ঊনবিংশ শতিকাৰ পদপুথি-চৰ্চাৰ এই দিশটোক প্ৰথমবাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলঃ"... পুৰণি আৰ্হিত পদবন্ধে ৰচনা কৰা পুথিৰ সংখ্যাও এই শতিকাত অলপীয়া নাছিল।ঊনৈশ শতিকাত ৰচিত প্ৰাচীন পৰম্পৰাৰ বাহক পদ-পুথিৰ এটা সুকীয়া সঙ্কলনৰ আৱশ্যক হৈ পৰিব।"(ভূমিকা, ৰামনবমী-নাটক,সম্পাঃ যতীন্দ্ৰমোহন ভট্টাচাৰ্য,১৯৬৫) অৰ্থাৎ ছপাৰ আগমন আৰু নতুন ভাৰ্নেকুলাৰৰ উত্থানৰ সমান্তৰালভাৱে পুৰণি পদপুথিৰ চৰ্চা অব্যাহত আছিল।তলত ঔপনিৱেশিক সময়ছোৱাত ৰচিত কেইখনমাত্ৰ প্ৰখ্যাত পদপুথিৰ নাম উল্লেখ কৰা হ'লঃ

       (১) বেলিমাৰৰ বুৰঞ্জী, বিশ্বেশ্বৰ বৈদ্যাধিপ, ১৮৩৩-১৮৪৬ ৰ ভিতৰত ৰচিত

       (২) কলি ভাৰত, দুতিৰাম হাজৰিকা (১৮০৬--১৯০১), ১৮৬২

       (৩) কল্কি পুৰাণ, ঘনশ্যাম খাৰঘৰীয়া ফুকন (১৭৯৫--১৮৮০)

       (৪) ধৰ্ম্ম পুৰাণ, পৰশুৰাম দ্বিজ, ঊনবিংশ শতিকা

       (৫) বিষ্ণু পুৰাণ, পৰশুৰাম দ্বিজ, ঐ

       (৬) কেলি ৰহস্য,ললিতচন্দ্ৰ গোস্বামী (১৮৪৫--১৯৯০, নলবাৰীৰ নাৰায়ণপুৰ সত্ৰ)

       (৭) নল চৰিত্ৰ, পূৰ্ণকান্ত দেৱশৰ্মা (১৮৫৬--১৯২০), ১৮৮৯

       (৮) অনাদি-পাতন, পূৰ্ণকান্ত দেৱশৰ্মা (ঊনবিংশ শতিকাত ৰচিত আৰু ১৯২৮ চনত প্ৰকাশিত)

       (৯) খোবা খুবুনীৰ আখ্যান, ঐ

       (১০) কলঙ্ক ভঞ্জন, গোপীনাথ চক্ৰৱৰ্তী (নামনি অসম)

       (১১) হিতোপদেশী কাব্য, ৰঘুদেৱ গোস্বামী (জখলাবন্ধা সত্ৰ), ১৮৮০--১৮৮৬ ৰ ভিতৰত ৰচিত

       (১২) বৰ-চৰিত, দীননাথ বেজবৰুৱা (১৮১২--১৮৯৫)

       (১৩) বেজবৰুৱা বংশাৱলী, দীননাথ বেজবৰুৱা (প্ৰথম ভাগ) আৰু শ্ৰীনাথ বেজবৰুৱা (দ্বিতীয় ভাগ), ১৯২৭ চনত প্ৰকাশিত

       (১৪) সন্তমালা, দ্বাৰিকা দ্বিজ, ঊনবিংশ শতিকা

       (১৫) ঠাকুৰ আতা, হলিৰাম মহন্ত,১৯১৭ চনত প্ৰকাশিত

       (১৬) সূতিকা পটল, (অনুবাদ) গোবিন্দৰাম চৌধুৰী, ১৮৭৭

       ইয়াৰে পূৰ্ণকান্ত দেৱশৰ্মাই আধুনিক অসমীয়া গদ্যত কেইবাখনো পুথি আৰু দীননাথ বেজবৰুৱাই চিঠি-পত্ৰ, প্ৰৱন্ধাদি লিখিছিল।

       তাৎপৰ্যপূৰ্ণ যে, 'নতুন ভাৰ্নেকুলাৰ' সৃষ্টিৰ অন্যতম ভিত্তিস্বৰূপ 'অৰুনোদই'ত অসমীয়া খ্ৰীষ্টান নিধিৰাম কেওট বা নিধি লেভি ফাৰৱেলে আধুনিক গদ্যৰ সমান্তৰালভাৱে পদপুথিৰ আৰ্হিত ভালেমান খ্ৰীষ্টধৰ্মীয় পদ ৰচনা কৰিছিল। অসমীয়া লোকক খ্ৰীষ্টধৰ্মৰ প্ৰতি আকৰ্ষণৰ হেতু এই শৈলী ব্যৱহাৰ কৰিব পাৰে, কিন্তু একে সময়তে ফাৰৱেলৰ মনত সজীৱ হৈ থকা পৰম্পৰাগত পদপুথিৰ ভাষা-শৈলী আৰু সুৰেও নিঃসন্দেহে প্ৰভাৱান্বিত কৰিছিল। তলত ১৮৫১ চনৰ ফেব্ৰুৱাৰী মাহৰ 'অৰুনোদই'ত প্ৰকাশিত ন ল ফৰ নামত ৰচিত দীঘলীয়া পদৰপৰা কেইশাৰীমান চানেকি স্বৰূপে তুলি দিয়া হ'লঃ

       হিন্দু লোকে মানি থাকে নানা অৱতাৰ,

       অল্প কৰি কহোঁ‌ মই ব্ৰিতান্ত তাহাৰ।

       মত্স্য ৰুপে অৱতাৰ ভৈলা প্ৰথমতে,

       উধাৰিলা চাৰি বেদ প্ৰলয় জলতে।

       বা

       তুমি জদি পাপি হবা,  সেই নৰকতে জাবা,

               মনে মনে দেখাহা বুজিয়া;

        এতিয়া সময় আচে,   লোআ খ্ৰিষ্টে ত্ৰান জাচে,

              পাপ কৰ্ম সকলো চাৰিয়া।

        বা

        ধৰ্ম পথ ধৰা, তেজি পাপ হেৰা,

        ভজিও খ্ৰিষ্ট সৰন;

        পাপ অন্ধকাৰে কিয় ঘুৰি মৰে

        মুদিয়া দুটি নহয়?

        ...

        এই হেতু সুন, মোৰ নিবেদন,

        খ্ৰিষ্টত কৰা আস্ৰই;

        য়িচু বিনে আৰ নাহিকে উধাৰ,

        জানিবা নিচয়ে ভাই।(পৃষ্ঠা ৫১৯--৫২৩, অৰুনোদই, ১৮৪৬--১৮৫৪, সম্পাদনাঃ মহেশ্বৰ নেওগ,১৯৮৩)

        ওপৰৰ পদকেইফাকিত কীৰ্তন-নামঘোষাৰ সুৰ-লয়, ভাৱ-ভাষাৰ প্ৰভাৱ দেখদেখ। আনকি নিধিলেভিয়ে ৰচনা কৰা গদ্যৰ('নতুন ভাৰ্নেকুলাৰ') মাজতো পুৰণি পুথিৰ আৰ্হিৰ পদ দেখা যায়। ১৮৫১ চনৰ জুন সংখ্যা 'অৰুনোদই'ত প্ৰকাশিত 'খ্ৰিষ্টৰ কথাত তোমোলাকৰ মনে কি ধৰে?' শীৰ্ষক গদ্যৰচনাৰ মাজতে এই পদৰ অৱতাৰণা কৰা হৈছেঃ

        তেন্তে নিবেদন কৰোঁ‌, সুনা কৰ্ন পাতি,

        ব্ৰাহ্মন আৰু সুদ্ৰ আদি আচে জত জাতি;

        জি কৰিলে য়িচু খ্ৰিষ্টে জগত তাৰন,

        সুনা তাক বন্ধু, সুনা মধুৰ বচন।

        ...

        অতি বিতোপন কথা ধৰ্ম অৱতাৰ,

        জাহাৰ বিস্বাসে তৰে জগত সংসাৰ।

        আৰু বাৰ বিনয় পূৰ্বক কহোঁ‌ সুনা,

        খ্ৰিষ্টত আস্ৰই ললে এৰাবা জাতনা। (পৃষ্ঠা ৫৮৫, পূৰ্বোক্ত গ্ৰন্থ)


প্ৰিণ্ট, পৰম্পৰা আৰু পঢ়ুৱৈ সমাজ

প্ৰিণ্ট এখন যোগাযোগ-শূন্য আৰু সাহিত্য পৰম্পৰা-শূন্য পৃথিৱীত প্ৰৱেশ কৰা নাছিল। ছপাশাল অহাৰ আগেয়ে অসমত আছিল সাঁ‌চিপতীয়া পুথি লিখন, পঠন-শ্ৰৱণৰ এক শক্তিশালী পৰম্পৰা।মধ্যযুগৰ ভক্তি আন্দোলনে পুথি-চৰ্চাৰ এই পৰম্পৰা প্ৰসাৰিত হোৱাত সহায় কৰিছিল। মধ্যযুগীয় সাহিত্য পঠন-কাৰ্য ছপা-উত্তৰ পঠনৰ দৰে নীৰৱ আৰু ব্যক্তিগত (silent and private)  কাৰ্য নাছিল। ই আছিল সমূহীয়া, উচ্চ স্বৰত পাঠ কৰা কাৰ্য য'ত aurality য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাগৱতী আৰু পাঠক সপ্তদশ শতিকামানৰ অসমত বিকাশ হোৱা এনে দুটা শ্ৰেণী যি পঠন-কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আছিল। সমূহীয়া পঠনৰ যোগেদিয়ে বৈষ্ণৱ পৰম্পৰাৰ কেতবোৰ পাঠ, যেনে--কীৰ্তন-নামঘোষা, বধকাব্য, ভীমচৰিত আদি, অনাখৰী শ্ৰোতাৰ মাজত ইমানেই জনপ্ৰিয় হৈছিল যে সেইবোৰ মানুহৰ মনত ৰৈ গৈছিল আৰু প্ৰায় লোকসাহিত্যৰ মৰ্যাদা পোৱাৰ দৰে হৈছিল। এই সমাজখন আৰু সাহিত্য-পৰম্পৰা ছপাশাল অহাৰ লগে লগে বা পাশ্চাত্য শিক্ষাৰ সূচনাৰ লগে লগে অন্তৰ্ধান হোৱা নাছিল। বৰং ছপাপুথি আৰু নিৰ্মীয়মান ছপাৰূপৰ অসমীয়া ভাষাটোৰ সমান্তৰালভাৱে পুৰণি ভাষা-সাহিত্যৰ পঠন-শ্ৰৱণ কাৰ্য চলি আছিল। জ্ঞাননাথ বৰা(১৮৯০--১৯৬৮)ৰ শৈশৱকালৰ ৰোমন্থনে এনে এখন সমাজৰে উমান দিয়েঃ

"এতিয়াও মোৰ মনত পৰে আইৰ কোলাত শুই কলাঘুমটীয়া হৈ গোপিনী সবাহত শুনা "গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ।" তেতিয়া মই মাথোন লৰি ফুৰিছিলোঁ‌, ফলি পুথি হাতত লোৱা নাই।তাকে শুনি কতদিন ময়ো থুনুক-থানাক কৈ আধাফুটা মাতেৰে গাইছিলোঁ‌ "গোপাল গোবিন্দ যদু নন্দন" আৰু গাইছিলোঁ‌--"ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।।" আৰু মনত পৰে  ওচৰ-চুবুৰীয়া ল'ৰাজাকৰ সৈতে হাত চাপৰি বাই ফুৰা "ৰান কৃষ্ণ গোপাল। ত্ৰাহি ত্ৰাহি কৃপাল।" ল'ৰালি কালত কিমান গোপিনী সবাহত, কিমান নামত এই পদবোৰ শুনিছিলোঁ‌ তাৰ আদি অন্ত নাই।মোৰ দৰে কত সহস্ৰ ল'ৰাই কেঁ‌চুৱা কালৰে পৰা এই পদবোৰ শুনি আহিছে আৰু গাই আহিছে। কিমান দিন ঘৰৰ পিৰালিত বহি আইৰ মুখত শুনিছিলোঁ‌। কিমান দিন লগৰীয়া ল'ৰাৰ লগত বাটত গাইছিলোঁ‌! কিমান দিন পদূলি মুখত, পথাৰত, নৈৰ ঘাটত, কলনিৰ তলত শুনিছিলোঁ‌ আৰু

গাইছিলোঁ‌! আমাৰ জীৱনৰ হেজাৰ হেজাৰ ঘটনা এই পদবোৰৰ লগত গথাঁ‌ আছে। এই পদবিলাকৰ মাজত আমি উপজিছোঁ‌ আৰু এই পদবিলাকৰ মাজত ডাঙ্গৰ-দীঘল হৈছোঁ‌।

      যেতিয়া হাতত ফলিপুথি ল'লোঁ‌ তেতিয়া সেই পদবোৰত কি কথা আছে তাৰ অলপ বুজ পালোঁ‌। আই,খুৰী, পেহী, মাহী, বাইদেউহঁ‌তৰ মুখত ভগৱন্ত শ্ৰীকৃষ্ণৰ পুতনা বধ, বকাসুৰ বধ,কালীয় দমন, অজামিলৰ উপাখ্যান, গজেন্দ্ৰৰ উপাখ্যান, প্ৰহ্লাদ চৰিত, বলিছলনৰ কথা কিমান ভাল লাগিছিল। স্যমন্তক হৰণৰ পদ গাই গাই বুজাই দিয়া ভালকৈ মনত পৰে। তেতিয়া দুটা কথাই কীৰ্ত্তনলৈ মন আকৰ্ষণ কৰিছিল--এটা ইয়াৰ সাধু, আনটো ইয়াৰ লয়।" (পৃষ্ঠা ৩৩, অসমীয়া পুৰণি সাহিত্য)

      একেদৰে "ভীম চৰিত"ৰ কথাও জ্ঞাননাথ বৰাই লিখিছেঃ "আঢ়ৈ কুৰি বছৰৰ আগেয়ে যিবিলাক গাঁ‌ৱলীয়া লোক পাইছিলোঁ‌ সিবিলাকৰ সৰহভাগে ভীম চৰিতৰ দুই এক আধ্যা আওৰাব পাৰিছিল। অপঢ়ুৱা মানুহসকলেও তাৰ বহুত পদ গাব পাৰিছিল। ভীম চৰিতৰ কথা নজনা মানুহ বাস্তৱতে বৰ বিৰল আছিল। এই পুথিখন সকলোৰে ইমান আদৰণীয় হ'ল কিয়?" (পৃষ্ঠা ৫৮, পূৰ্বোক্ত গ্ৰন্থ)

      বাণীকান্ত কাকতিয়েও "পুৰণি অসমীয়া সাহিত্য" (১৯৪০)ত  বধকাব্যৰ জনপ্ৰিয়তাৰ কথা লিখিছেঃ "ঘটাসুৰ, বঘাসুৰ, কুলাচল, অশ্বকৰ্ণ, কুৰ্ম্মাবলী, জঙ্ঘাসুৰ বধ আদি আখ্যানবোৰে পুৰণি সাহিত্যত আজিকালিৰ উপন্যাস, গল্প আদিৰ ঠাই অধিকাৰ কৰি আছে। অসমীয়া গাঁ‌ৱলীয়া সমাজত এতিয়াও সেইবোৰৰ প্ৰভূত সমাদৰ। খেতিবাতিৰ পৰা আজৰি পোৱা সময়ত গাওঁ‌ৰ মানুহে চাক পাতি বহি গোট খাই পুৰণি কালত ধৰ্ম্মাৰণ্যত মুনিসকলে পুৰাণ, ইতিহাস আদি শুনাৰ দৰে এই বধকাব্যৰ আখ্যানবোৰ শুনি শৰীৰ আৰু মনৰ ভাগৰ পলুৱায়।" (পৃষ্ঠা ২০)

      গতিকে এনে এক সজীৱ সাহিত্য-পৰম্পৰা থকা সমাজত, ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰিণ্ট সাধাৰণ লোকৰ মাজত জনপ্ৰিয় নোহোৱাৰ কাৰণ দুটা--এক,অপৰিচিত মাধ্যম আৰু দুই, বিষয়বস্তুৰ অবোধগম্যতা। মূলতঃ খ্ৰীষ্টধৰ্মীয় বিষয়বস্তু লৈয়েই প্ৰিণ্টে অসমত প্ৰৱেশ কৰিছিল। মধ্য-ঊনবিংশ শতিকাৰপৰা অসমীয়া শিক্ষিত মধ্যশ্ৰেণীয়ে শিক্ষা, সমাজ-সংস্কাৰ আদি বিষয় লৈ অনাৰ উপৰি শতিকাটোৰ শেহলৈ প্ৰিণ্টত পাশ্চাত্য সাহিত্য-পৰম্পৰাৰপৰা আমদানিকৃত genre সমূহৰ সবল উপস্থিতি দেখা যায়। গতিকে প্ৰিণ্টৰ 'নতুন ভাৰ্নেকুলাৰ' আৰু পাশ্চাত্য genre সমূহ অলপীয়া শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ মাজত প্ৰচলিত হ'লেও ঊনবিংশ শতিকাত সমান্তৰালভাৱে পদপুথি-চৰ্চা--লিখন-পঠন-শ্ৰৱণ প্ৰবল ৰূপত চলি আছিল। এই যুক্তিৰ সপক্ষে দুটা দিশ আঙুলিয়াব পৰা যায়, এক, এই শতিকাত ৰচিত পদপুথিসমূহৰ তালিকা ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে। এইখন থূলমূল তালিকাহে। এই তালিকা আৰু অধিক দীঘল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

      দুই, তাৎপৰ্যপূৰ্ণ কথা যে অসমত বৰ্তমানে সংৰক্ষিত সাঁ‌চিপতীয়া পুথিসমূহৰ সৰহভাগেই অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাত নকল কৰা।(তথ্যদাতাঃ ধনজিত তালুকদাৰ, সহকাৰী সংৰক্ষক, সাঁ‌চিপাত শাখা, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁ‌ৰাল, গুৱাহাটী বিশ্ববিদ্যালয়)কামৰূপ অনুসন্ধান সমিতি, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন সত্ৰসমূহত বৰ্তমানে সংৰক্ষিত সাঁচিপতীয়া পুথিৰ মুঠ সংখ্যা দহহাজাৰৰো অধিক হ'ব। কেবল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতে প্ৰায় চাৰি হাজাৰ সাঁ‌চিপতীয়া পুথি আছে, যিসমূহৰ প্ৰায় আশী শতাংশ ঔপনিৱেশিক কালছোৱাত নকল কৰা। আমাৰ গৃহজিলা দৰঙতো মানুহৰ ঘৰ আৰু দুই এখন সত্ৰ মিলি মুঠ তিনিহাজাৰমান পুথি সংৰক্ষিত হৈ আছে। এইসমূহৰো বেছিভাগ ঊনবিংশ শতিকাত কপি কৰা। পুৰণি পুথি সংগ্ৰহৰ ক্ষেত্ৰত ঐতিহাসিক ভূমিকা পালন কৰোঁ‌তা উদ্যমী পণ্ডিত হেমচন্দ্ৰ গোস্বামী (১৮৭২--১৯২৭)য়ে অসমীয়া সমাজত প্ৰচলিত সাঁ‌চিপতীয়া পুথিৰ বিষয়ে সাহিত্য সভাৰ সভাপতি(১৯২০)ৰ আসনৰপৰা কৈছিলঃ

      "মই কেবল কেইখনমান জিলাৰ পৰা লৰালৰিকৈ বেলেগ বেলেগ বিষয়ৰ প্ৰায় আঢ়ৈশমান পুথিহে সংগ্ৰহ কৰিব পাৰিলোঁ‌। তেতিয়া মই অসম দেশত থকা পুথিৰ মোটামুটি পিয়ল এটা লৈ দেখিছিলোঁ‌ যে আমাৰ দেশত কমকৈও বেলেগ বেলেগ বিষয়ত প্ৰায় পাঁ‌চ হেজাৰমান পুথি আছে।...এই পুথিবিলাক অসমীয়া মানুহে নিজৰ প্ৰাণতকৈয়ো মূল্যৱান বুলি ভাবে। এনে ভাবৰ পৰাই এই পুথিবোৰ আজিলৈকে তিষ্ঠি আছে।...মই আপোনালোকক দেখুৱাবৰ নিমিত্তে আৰু এখন পুথি আনিছোঁ‌। এইখন কবিৰাজ চক্ৰৱৰ্তীয়ে কৰা "শঙ্খচূড-বধ কাব্য"।এই পুথিখন মই এজনী কেও-কিছু নাইকিয়া বুঢ়ী বিধবা তিৰোতাৰ হাতত পাওঁ‌।"(পৃষ্ঠা ৬৮, অসম সাহিত্য সভাৰ ভাষণাৱলী, প্ৰথম ভাগ,সম্পাঃ অতুলচন্দ্ৰ হাজৰিকা, ১৯৫৫)

      তদুপৰি ঊনবিংশ শতিকাত পুথি লিখনৰ শক্তিশালী পৰম্পৰাৰ ইংগিত বহন কৰে 'কোম্পানী পেপাৰ  মেনুস্ক্ৰিপ্ট'সমূহে। এই বিষয়ে এই পৰ্যন্ত একোৱেই আলোচনা হোৱা নাই। ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামেৰে হৈছে "কোম্পানী পেপাৰ"। বিভিন্ন অফিচ-কাছাৰীত ব্যৱহৃত পেপাৰসমূহৰ খালী পিঠিসমূহত মধ্যযুগৰ পদপুথিসমূহ কপি কৰা হৈছিল। অৰ্থাৎ যুগ সলনি হৈছিল, মাধ্যম সলনি হৈছিল, কিন্তু পুথি লিখনৰ পৰম্পৰা ইমানেই শক্তিশালী আছিল যে সাঁ‌চিপাত এৰি অসমীয়া নকলকাৰে নতুন মাধ্যমত তাক চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল। ঊনবিংশ শতিকাত লিখা এনে কোম্পানী পেপাৰ মেনুস্ক্ৰিপ্টৰ সংখ্যাও একেবাৰে কম নহয়। আচৰিত নহয়, কেবল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতে এনে পেপাৰ মেনুস্ক্ৰিপ্ট প্ৰায় এহেজাৰমান সংৰক্ষিত হৈ আছে!

      অৰ্থাৎ প্ৰিণ্টৰ সমান্তৰালকৈ ঊনবিংশ শতিকাৰ অসমত এইসমূহ ভালদৰেই চৰ্চিত হৈ আছিল। প্ৰিণ্ট আৰু সাঁ‌চিপতীয়া পুথিৰ সমান্তৰাল উপস্থিতিয়ে এই দুই শ্ৰেণীৰ পঢ়ুৱৈৰো জন্ম দিছিল--একে কেবল প্ৰিণ্ট পঢ়িব পাৰিছিল আৰু আন একশ্ৰেণীয়ে কেবল সাঁ‌চিপতীয়া আখৰহে পঢ়িব পাৰিছিল। ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে গুণাভিৰাম বৰুৱাৰ ৰাম-নবমী(১৮৫৭) নাটকত এই দুই শ্ৰেণী পঢ়ুৱৈৰ কথা সুন্দৰকৈ আঙুলিয়াই দেখুৱাইছেঃ

      ফুলে। অসমীয়া পুথী পঢ়িছনে কিবা?

      জয়ন্তী।  ময় কেইখন মান পঢ়িছোঁ‌। সখীয়ে হলে হাতে লেখা পঢ়িব নোয়াৰে।"অসমীয়া লৰাৰ মিত্ৰ" আৰূ মাজে মাজে "অৰূণোদয়ো" পঢ়ে।তাত অনেক ভাল ভাল কথা আছে।

      নবমী। আই।সখীয়ে নাম দিবও পাৰে।মাতটীও ভাল।পদো সৰহ জানে।আৰূ কুমলী আইটীৰ বিয়াৰ দিনা এনেহে যোৰানাম দিছিল দৰা ঘৰীয়া বিলাক কান্দি গ'ল।

      ফুলে। অসমিয়া পুথী পঢ়িলেহে পদ শিকিব পাৰি।আই নবমী!তয়ও পঢ়িবি।

      নবমী। ছাপা নহলে ময় পঢ়িব নোয়াৰোঁ‌।(পৃষ্ঠা ৪২৮, প্ৰবন্ধ,২০১৯)

      অৱশ্যে ঊনবিংশ শতিকাৰ ডাঙৰীয়া শ্ৰেণীৰ লোক আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত লোকসকলৰ বেছিভাগে সাঁ‌চিপতীয়া আখৰ আৰু প্ৰিণ্টৰ আখৰ, দুয়োটা পঢ়িব পাৰিছিল।কিন্তু আধুনিক শিক্ষাৰ প্ৰসাৰৰ লগে প্ৰিণ্টৰ প্ৰসাৰো বাঢ়িছিল আৰু ১৯১০ চনমানলৈ সাঁ‌চিপতীয়া আখৰ পঢ়িব পৰা শিক্ষিত ডেকাৰ সংখ্যা প্ৰায় নোহোৱা হোৱাৰ দৰেই হৈছিল।কীৰ্ত্তিচন্দ্ৰ বিদ্যাভূষণ গোস্বামীয়ে আলোচনীৰ ২য় বছৰ ৬ ষ্ঠ সংখ্যা (১৯১০ চন)ত লিখা "অসমীয়া ভাষাত বঙ্গলা আখৰ" শীৰ্ষক চুটি নিবন্ধটোত এনেদৰে লিখিছে,

       "অসমীয়া ভাষা যেনে স্বতন্ত্ৰ এসময়ত ইয়াৰ বৰ্ণাৱলীও তেনে স্বতন্ত্ৰ আছিল আগৰ অসমীয়া লিখকসকলে সাঁ‌চিপাত আৰু তুলাপাতত যিবিলাক পুথি লিখি থৈ গৈছে, সেইবিলাক পুথিৰ আখৰ আজিকালিৰ ডেকাসকলে মাতিবই নোৱাৰে। ইয়াৰ কাৰণ, অসমীয়া আখৰৰ লগত সিসকলৰ সামান্য প্ৰণয় মাত্ৰ। আগৰ লিখাৰু সকলে কি সংস্কৃত ভাষাৰ পুথি, কি অসমীয়া ভাষাৰ পুথি সকলোতে অসমীয়া আখৰকেহে ব্যৱহাৰ কৰিছিল।

      ...মুদ্ৰা-যন্ত্ৰৰ শ্ৰীবৃদ্ধিৰ লগে লগে অসমীয়া বৰ্ণমালা প্ৰায় লোপ হৈছে।..সম্প্ৰতি যদিওবা শতকৰা দহজনে অসমীয়া কিছুমান বেলেগ আখৰ বুলি জানে, যেনেকুৱা পৰিৱৰ্ত্তন দেখা গৈছে আৰু কিছুদিনৰ পাচত "ৰ" "ৱ"ৰ বাহিৰে নাই বুলিলেও অত্যুক্তি নহব।কাৰণ বৰ্ত্তমান লিখাৰুসকলে ছাপাৰ আখৰৰ আৰ্হিৰে সকলো অসমীয়া আখৰ লিখে, ছাপাৰ আখৰ "ৰ" "ৱ" ভিন্ন সকলো বঙ্গলা।" (পৃষ্ঠা ১৮২-৮৩)

      আনকি নিবন্ধৰ শেষত লেখকে শিক্ষিতমণ্ডলীলৈ আহ্বানো জনাইছেঃ "অসমীয়া শিক্ষিত মণ্ডলীক সবিনয়ে জনাওঁ‌, সিসকলে যেন আধুনিক বিদ্যাৰ্থীসকলক পুৰণা অসমীয়া আখৰ লিখিবলৈ আৰু পঢ়িবলৈ উদগাই অসমীয়া ভাষা আৰু জাতিৰ গৌৰৱ বঢ়ায়।" (ঐ)

      কিন্তু এটা তাৎপৰ্যপূৰ্ণ কথা যে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰপৰা অসমীয়া পঢ়ুৱৈসমাজ ক্ৰমে ক্ৰমে ছপা আখৰৰ লগত পৰিচিত হৈ আহিলেও তেওঁলোকে প্ৰিণ্টত নতুন genre সমূহ পঢ়িবলৈ বিচৰা নাছিল। ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ প্ৰথম দশককেইটাৰ ছপাগ্ৰন্থৰ ইতিহাসে অন্ততঃ সেই কথা প্ৰতীয়মান কৰে।আউনীআটী সত্ৰ, হৰিবিলাস গুপ্ত,বাঞ্চাৰাম চৌধুৰী, কালীৰাম বৰুৱা, ভোগজুৰ বেপাৰী, গণেশৰাম আগৰৱালা, দিৱাকৰ দুৱৰা, শিৱনাথ ভট্টাচাৰ্য্য (ভট্টাচাৰ্য্য এজেঞ্চি), নন্দেশ্বৰ চক্ৰৱৰ্তী (এজেঞ্চি কোম্পানী), গোপালচন্দ্ৰ বৰুৱা (বৰুৱা এজেঞ্চি), বৰকটকী কোম্পানী, হৰিনাৰায়ণ দত্তবৰুৱা,তীৰ্থনাথ গোস্বামী (পুথিতীৰ্থ প্ৰকাশন), দুৰ্গাধৰ বৰকটকী আদি ঊনবিংশ শতিকাৰ শেষভাগৰপৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈকে উত্থান ঘটা প্ৰকাশকসকলে কেবল আৰু কেবল পুৰণি পদপুথিসমূহেই ছপাইছিল। মন কৰিবলগীয়া যে, এইসমূহ প্ৰতিষ্ঠিত প্ৰকাশকে পাশ্চাত্য genre সমূহ প্ৰায় প্ৰকাশ কৰা নাছিল। অৰ্থাৎ 'ৰোমাণ্টিক যুগ' বা 'বেজবৰুৱা যুগ' বুলি অভিহিত কৰা এই সময়ছোৱাৰ সৈতে যিসকল প্ৰখ্যাত সাহিত্যিকৰ নাম আমি যুক্ত কৰোঁ‌, তেওঁলোকৰ গ্ৰন্থসমূহ সমসাময়িক প্ৰকাশকসকলে প্ৰকাশ কৰা নাছিল! যিসময়ত আধুনিক গল্প-কবিতা-উপন্যাস-ৰম্য ৰচনা আদি ৰচনা কৰা হৈছিল, একাংশ পাশ্চাত্য শিক্ষাৰে শিক্ষিত নতুন পঢ়ুৱৈক বাদ দি পৰম্পৰাগত অসমীয়া পঢ়ুৱৈয়ে কীৰ্তন-নামঘোষা-ভাগৱতৰ উপৰি সকলো বিষয়ৰ (আনকি তুলনামূলকভাৱে নাম নুশুনা লেখকৰো) পদপুথি প্ৰিণ্টত পঢ়ি আছিল! গোবিন্দৰাম চৌধুৰীয়ে "সূতিকা পটল"ৰ 'গ্ৰন্থকাৰৰ ভূমিকা'ত লিখা "গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে।তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।" বুলি কোৱা বাক্যষাৰিৰো তাৎপৰ্য বোধকৰোঁ‌ এয়ে।

2 comments:

  1. বৰ মূল্যবান লেখা৷

    ReplyDelete
  2. আপুৰুগীয়া প্ৰবন্ধ

    ReplyDelete