Saturday, July 16, 2022

ডিব্ৰুগড় মহিলা সমিতিঃ চমু টোকা

 



১৯২৬ চনৰ অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত "আসাম মহিলা সমিতি" গঠনৰ পূৰ্বে অসমৰ একাধিক ঠাইত মহিলা সমিতি গঠন হৈছিল। "অসম প্ৰাদেশিক মহিলা সমিতিৰ ইতিবৃত্ত" (১৯৬১) নামৰ পুস্তিকাখনিত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজেই ১৯২৬ চনৰ আগতে ক্ৰমে ডিব্ৰুগড়, নগাঁ‌ও আৰু তেজপুৰত মহিলা সমিতি হোৱাৰ কথা কৈছে। প্ৰায় সকলো গৱেষকে অসমত মহিলা সমিতিৰ ইতিহাস আলোচনাৰ বেলিকা কেবল মাত্ৰ শইকীয়ানীৰদ্বাৰা লিখিত উপৰিউক্ত পুস্তিকাখনকে সাৰথি কৰি লয়। তাত থকা তথ্য পুনৰীক্ষণৰ প্ৰশ্নই নাই। যিহেতু কিছুমান কথা শইকীয়ানীয়ে স্মৃতিৰ পৰাও লিখিছিল তাত দুই-এক বিসংগতি থকাটো স্বাভাৱিক কথা।বিশেষকৈ আৰম্ভণী কালৰ মহিলা সমিতি সম্পৰ্কে কেইবাটাও তথ্যৰ বিসংগতি আছে। উদাহৰণ স্বৰূপে ডিব্ৰুগড় মহিলা সমিতিৰ কথাকে ক'ব পাৰি। একেদৰে ক'ব পাৰি তেজপুৰ মহিলা সমিতিৰ বিষয়েও। তেজপুৰৰ চন্দ্ৰবালা বৰুৱাই (অলকা পটঙ্গীয়া) অপ্ৰকাশিত আত্মকথাত লিখিছে--"চন্দ্ৰপ্ৰভা দাস তেজপুৰৰ পৰা গৈ...শ্ৰীচন্দ্ৰপ্ৰভা শইকীয়ানী বুলি নাম লৈ প্ৰাদেশিক মহিলা সমিতি এখন সংগঠন কৰে। তেজপুৰ মহিলা সমিতিখন প্ৰাদেশিকৰ অন্তৰ্ভুক্ত কৰিবলৈ মোলৈ বৰকৈ লিখা লিখি কৰাত আমাৰ মহিলা সমিতিৰ সভ্যসকলে তাৰ অন্তৰ্ভুক্ত হ'বলৈ ভীষণ আপত্তি কৰিছিল। সভ্যাসকলৰ বিশিষ্ট মহিলাসকলে উক্ত চন্দ্ৰপ্ৰভাৰ নামেই শুনিব নুখুজিছিল। কিন্তু মই সভ্যাসকলক মানুহৰ দোষখিনি বাদ দি গুণগ্ৰাহী হ'বলৈ নথৈ যত্ন কৰাত শেষত তেজপুৰ মহিলা সমিতি অসম প্ৰাদেশিক মহিলা সমিতিৰ অন্তৰ্ভুক্ত হৈছিল।

শ্ৰীচন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰাদেশিক মহিলা সমিতি স্থাপন সম্পৰ্কে যিখন কিতাপ ছপাই উলিয়াইছে, তাত তেজপুৰ মহিলা সমিতিও তেওঁৰ দ্বাৰাই স্থাপিত হোৱা বুলি প্ৰচাৰ কৰিছে। তাক পঢ়িবলৈ পায়ো, সেই বিষয়ে কোনো প্ৰতিবাদ আদি মই লিখা নাই। কাৰণ বাদ-প্ৰতিবাদৰ ফলত প্ৰাদেশিক মহিলা সমিতিখনৰ ওপৰত কোনো অভাৱনীয় কুপ্ৰভাৱ পৰাৰ আশংকাই ঘাই কথা। প্ৰাদেশিক নাৰী সংস্থা এটা থকা আমাৰ অতি প্ৰয়োজনীয়। নামে কি কৰিব? কাম হ'লেই হ'ল।"

একেদৰে ডিব্ৰুগড় মহিলা সমিতি সম্পৰ্কে "ইতিবৃত্ত"ত  শইকীয়ানীয়ে লিখিছে এনেদৰেঃ

"মহিলা সমিতিৰ প্ৰথম প্ৰতিষ্ঠা--১৯১৫ চন; একমাত্ৰ "ডিব্ৰুগড় মহিলা সমিতি" নামে সমিতি এখনহে তেতিয়া আছিল। স্বৰ্গীয়া হেমপ্ৰভা দাস আছিল ইয়াৰ প্ৰতিষ্ঠাকাৰিণী। এই সমিতিৰ পৰাই উচ্চশিক্ষা লোৱা দুখীয়া ছাত্ৰী দুই এগৰাকীক জলপানী পৰ্যন্ত দিয়া হৈছিল। সেই সময়ৰ বাবে ই এখন উল্লেখযোগ্য তিৰোতাৰ অনুষ্ঠান বুলিব পাৰি।" (পৃষ্ঠা ২) 

কিন্তু এইখিনি কথা সম্পূৰ্ণ সত্য নহয়। অসমৰ ভিতৰত মহিলা সমিতি গঠনৰ প্ৰথম কুচ-কাৱাজ চলিছিল ডিব্ৰুগড় চহৰত, কুৰি শতিকাৰ প্ৰাৰম্ভতে। বিশেষকৈ বঙ্গমূলীয় মহিলা আৰু ব্ৰাহ্মধৰ্মাৱলম্বী এচাম লোকৰ তৎপৰতাত হৈছিল এই সমিতি গঠন। নিয়মীয়াকৈ এই সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। অসমৰ বৌদ্ধিক ইতিহাসত "ডিব্ৰুগড় মহিলা সমিতি"ৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। এই সমিতিৰ সম্পাদিকা পদ্মাৱতী দাসে কাৰ্যবিৱৰণী বাংলা ভাষাৰ "ভাৰত-মহিলা" পত্ৰিকাত প্ৰকাশ কৰিছিল ১৯১২ চনত। তাৰ এটি অনুবাদ তলত তুলি দিয়া হ'ল। লগতে একেটা বছৰতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত "আসাম-বান্ধৱ" আলোচনীতো পদ্মাৱতী দাসৰ কাৰ্যবিৱৰণীৰ আধাৰত এটি টোকা প্ৰকাশ হৈছিল। সেইটোৱো লগতে তুলি দিয়া হ'ল। দু্যোটা চমু টোকাই অসমত মহিলা জাগৰণ সম্পৰ্কত নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰিব পাৰিঃ


                   ডিব্ৰুগড় মহিলা সমিতি

মূল বাংলাঃ পদ্মাবতী দাস, অনুবাদঃ সঞ্জীৱ পল ডেকা

আজি ভালেমান বছৰ হ'ল শ্ৰদ্ধাস্পদ সৰোজিনী বসু মহাশয়াৰ উদ্যোগত এই ডিব্ৰুগড়ত এখনি মহিলা সমিতি স্থাপিত হয়। কিছুদিন ইয়াৰ কাৰ্য সুন্দৰৰূপে চলে। কিন্তু তেওঁৰ পাৰিবাৰিক প্ৰতিবন্ধকতাৰ বাবে আৰু অন্যান্য সদস্যসকলৰ উদাসীনতাৰ বাবে এই সমিতিৰ অস্তিত্ব লোপ পোৱাৰ উপক্ৰম হয়। সৌভাগ্যক্ৰমে এই সময়তে ইয়ালৈ ভক্তিভাজন স্বৰ্গীয় প্ৰকাশ চন্দ্ৰ ৰায় মহাশয়ৰ শুভাগমন হয়। ভগিনী সুৰমা দাসৰ উৎসাহ-যত্নত আৰু উক্ত প্ৰচাৰক মহাশয়ৰ সৎ পৰামৰ্শত এই সমিতিয়ে পুনৰ্জীৱন লাভ কৰে আৰু ১৯০৭ চনৰ ২৩ অক্টোবৰত ইয়াৰ প্ৰথম অধিৱেশন হয়। এই সমিতিৰ উদ্দেশ্য--একেলগে সন্মিলিত হৈ সঙ্গীত, সদগ্ৰন্থ পাঠ, প্ৰবন্ধ পাঠ, প্ৰশ্নোত্তৰ আৰু আলোচনা প্ৰভৃতিৰ দ্বাৰা মহিলাসকলৰ মাজত যাতে জ্ঞান আৰু নীতিৰ উৎকৰ্ষ সাধিত হয় আৰু ধৰ্ম্মভাৱ পৰিস্ফুট হয়, তাৰ চেষ্টা কৰা। জাতি আৰু ধৰ্ম্ম নিৰ্বিশেষে সকলো ভদ্ৰ মহিলা এই সমিতিৰ সভ্য হ'ব পাৰে। সমিতিৰ কাৰ্যনিৰ্বাহৰ বাবে প্ৰত্যেক সভ্যই মাহেলী কিছু চান্দা দিব লাগে। এই চান্দাৰ জৰিয়তে স্থানীয় ব্ৰাহ্ম-সমাজ আৰু দৰিদ্ৰাশ্ৰমত মাহিলী বৰঙণি আৰু ছোৱালীসকলৰ উৎসাহ বঢ়াবৰ বাবে বালিকা বিদ্যালয় আৰু নীতি বিদ্যালয়ত পাৰিতোষিক দিয়া হয় আৰু সময়ে সময়ে কোনো বিপন্ন লোকক বা পৰিয়ালক সাহায্য প্ৰদান কৰা হয়। নৱেম্বৰৰ পৰা অক্টোবৰ পৰ্যন্ত এই সমিতিৰ বছৰ গণনা হয়। সমিতিৰ বৰ্তমান সভ্যসংখ্যা ৩৫ জন। প্ৰতি মাহে ইয়াৰ দুবাৰকৈ অধিৱেশন হৈ থাকে। ইয়াত প্ৰবন্ধ আৰু সদগ্ৰন্থ পাঠ, সঙ্গীত আদি নানা বিষয়ৰ আলোচনা হয় আৰু আয়-ব্যয় আৰু কাৰ্য আলোচনা কৰিবৰ বাবে বছৰেকত এবাৰ বাৰ্ষিক অধিৱেশন হয়। যোৱা ২৭ নৱেম্বৰত সমিতিৰ পঞ্চম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গৈছে। শ্ৰীযুতা হেমপ্ৰভা দাস মহাশয়াই অনুগ্ৰহ পূৰ্বক সভাপতিৰ আসন গ্ৰহণ কৰিছিল। সভ্যসকলৰ বাহিৰেও নিমন্ত্ৰিত অনেক ভদ্ৰ মহিলা উপস্থিত আছিল। সভাপতিৰ দ্বাৰা প্ৰাৰ্থনা হৈছিল। প্ৰাৰ্থনাৰ আগত আৰু পাছত সম্পাদিকাৰ দ্বাৰা দুটি গীত পৰিৱেশিত হয়। প্ৰাৰ্থনাৰ অন্তত সমিতিৰ কাৰ্য আৰম্ভ হৈছিল। প্ৰথমে বাৰ্ষিক ৰিপোৰ্ট পাঠ হয়, তাৰ সংক্ষিপ্ত বিৱৰণ এনেধৰণৰ--"এই বছৰ ২৬ টা নিয়মীয়া বৈঠক বহাৰ কথা আছিল; কিন্তু নানা প্ৰতিবন্ধকতাৰ বাবে ৭ টা বৈঠিক বহিব পৰা নগ'ল, বাকী ১৯ টাত ৰীতিমতে কাৰ্য হৈছিল। ইয়াৰ বাহিৰেও বিশেষ কাৰ্য উপলক্ষে দুটি অতিৰিক্ত অধিৱেশন অনুষ্ঠিত হয়। এই বছৰ মাহিলী বৰঙণি দানৰ বাহিৰেও এটি বিপন্ন পৰিয়ালক আৰু এটি ভদ্ৰ সন্তানক কিছু আৰ্থিক সাহায্য কৰা হয় আৰু ল'ৰা-ছোৱালীসকলৰ উৎসাহ বঢ়াবৰ বাবে স্থানীয় নীতি বিদ্যালয়ত এটি ৰূপৰ পদক দিয়া হৈছে।" ইয়াৰ পিছত শ্ৰীযুতা সৰযুবালা মল্লিকে "সন্তান লালন", শ্ৰীযুতা হৰিদাসী বন্দোপাধ্যায়ে "সমিতিৰ উদ্দেশ্য" আৰু সম্পাদিকাই "আমাৰ শিক্ষা" বিষয়ক প্ৰবন্ধ পাঠ কৰে। ইয়াৰ পিছত শ্ৰীযুতা হেম নলিনী মুখাৰ্জী আৰু শ্ৰীযুতা হৰিদাসী বন্দোপাধ্যায়ে একোটিকৈ গীত পৰিৱেশন কৰে। তাৰ পিছতে শ্ৰীযুতা সৰযুবালা মল্লিকে ৰামায়ণী কথাৰ পৰা লোৱা "কৌশল্যা" আখ্যায়িকা পাঠ কৰে। পিছৰ বছৰৰ বাবে শ্ৰীপদ্মাৱতী দাসক পুনৰায় সম্পাদিকা আৰু শ্ৰীযুতা চাৰুবালা সেনক সহকাৰী সম্পাদিকা মনোনীত কৰা হৈছে। ইয়াৰ পিছত সভাপতি মহাশয়াই সমিতিৰ কাৰ্য সম্পৰ্কে নিজ মন্তব্য প্ৰকাশ কৰে আৰু "নাৰী জাতিৰ শিক্ষা" সম্বন্ধে এটি সুন্দৰ উপদেশপূৰ্ণ প্ৰবন্ধ পাঠ কৰে। সৰ্বশেষত ডিব্ৰুগড় ভিক্টোৰিয়া বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা সৰযুবালা মল্লিকে অৰ্গেন বজাই তেওঁৰ কেইবাগৰাকীও ছাত্ৰীৰ দ্বাৰা এটি সুন্দৰ গীত পৰিৱেশন কৰোৱাইছিল। তাৰ পিছত সভাপতিক ধন্যবাদ দি অধিৱেশনৰ কাৰ্য সমাপ্ত কৰা হয়। ইয়াৰ পিছত এই উপলক্ষে প্ৰীতি ভোজন হৈছিল।

শ্ৰীপদ্মাবতী দাস

সম্পাদিকা, ডিব্ৰুগড় মহিলা সমিতি

 (পৃষ্ঠা ৩৫২, ভাৰত-মহিলা, ৮ ম ভাগ, ১১শ সংখ্যা)

 



                         ।।সংযোজন।।

ডিব্ৰুগৰ মহিলা সমিতিঃ

ডিব্ৰুগৰৰ শ্ৰদ্ধাস্পদ উকীল শ্ৰীযুত ধৈৰ্য্যনাৰায়ণ দাস ডাঙ্গৰীয়াৰ পত্নী এই সমিতিৰ সুযোগ্যা সম্পাদিকা। তেওৰ পৰা আমি এই বছৰৰ এখান কাৰ্য্যবিবৰণী পাই বাধিত হইছো। এই সমিতি কেইবছৰমান আগেয়ে ডিব্ৰুগৰত স্থাপিত হয়, কিন্তু নানা কাৰণত কিছুদিনৰ পিছতে ইয়াৰ অস্তিত্ব লোপ পোৱাৰ নিচিনা হয়। ১৯০৭ সনৰ অক্টোবৰ মাহৰ পৰা এই সমিতিক পুনৰ্জীবিত কৰি সভ্যসকলে ইয়াৰ কাম বৰ উৎসাহ সহকাৰে চলাই আছে। সমিতিৰ উদ্দেশ্য একেলগ লাগি আলোচনা, সদগ্ৰন্থ পাঠ, প্ৰবন্ধ পাঠ, সঙ্গীত, ইত্যাদিৰ দ্বাৰা মহিলাবিলাকৰ ভিতৰত জ্ঞান, নীতি আৰু ধৰ্ম্মভাব ফুটাই তোলা। জাতি ধৰ্ম্ম নিৰ্ব্বিশেষে সকলো ভদ্ৰমহিলাই এই সভাৰ সভ্য হব পাৰে। সভ্যবিলাকে মাহিলী চাঁ‌দা দিব লাগে। এই চাঁ‌দাৰ পৰা ব্ৰাহ্মসমাজত, দৰিদ্ৰাশ্ৰমত আৰু বালিকাস্কুলত প্ৰাইজ দিয়া হয়। মাজে মাজে বিপন্ন মানুহকো সাহায্য কৰ হয়। সমিতিৰ সভ্য সংখ্যা এতিয়া ৩৫ জন। যোৱা বছৰত ১৯ দিন সভা হৈছিল। নবেম্বৰ মাহত বাৎসৰিক অধিবেশন হইছিল। শ্ৰীযুতা হেমপ্ৰভা দাস মহাশয়াই সভানেত্ৰীৰ আসনত বহিছিল। ইয়াত ভালেমান মহিলাই ৰচনা পাঠ কৰিছিল। তাৰ ভিতৰত সম্পাদিকা মহাশয়াৰ প্ৰবন্ধটো ৩য় বছৰৰ আসাম বান্ধৱৰ ১১শ সংখ্যাত ওলাইছে আৰু শ্ৰীযুতা হেমপ্ৰভা দাস মহাশয়াৰ প্ৰবন্ধটো পৰিবৰ্দ্ধিত আকাৰে এইবাৰৰ 'বান্ধৱ'ত ওলাইছে। এই সভাত প্ৰায়বিলাক সভ্যই বাঙ্গালী। আমি আশাকৰো যে এই সভাত আমাৰ অসমীয়া মহিলাইও বেচি কৰি যোগ দান কৰি আমাৰ দেশৰ কল্যাণকৰ কাৰ্য্যত সহায় হই আমাৰ সুশুপ্ত দেশক জগাই দিয়ে। তেওঁবিলাকৰ সহায় ব্যতিৰেকে আমাৰ দেশৰ মঙ্গল নাই। (পৃষ্ঠা ৪০, আসাম-বান্ধৱ, ৪ৰ্থ বছৰ, ১ম সংখ্যা, ফাগুন মাহ, ১৩১৯)