Tuesday, January 31, 2023

অসমত কাব্য-চৰ্চাঃ এটা দুঃস্বপ্নৰ অভিজ্ঞতা




 

         অসমত কাব্য-চৰ্চাঃ এটা দুঃস্বপ্নৰ অভিজ্ঞতা

                                  নীলমণি ফুকন

    আজি আন্ধাৰৰ শক্তিবোৰে অসমীয়া কবিতাক, অসমীয়া সাহিত্য-সংস্কৃতিক যিভাৱে বিপৰ্যস্ত কৰিবলৈ লৈছে--সেই দৃশ্যটো সঁ‌চাকৈয়ে ভয়াবহ!
    সৎ কাব্যচৰ্চাৰ প্ৰচেষ্টাৰ প্ৰতিকূলে আজি অসমীয়া সমাজত কবিতাৰ ৰস আস্বাদন কৰিব পৰা বা কবিতা আৰু অকবিতাৰ মাজত থকা পাৰ্থক্য উপলব্ধি কৰিব পৰা পাঠক আৰু সমালোচকৰ একান্ত বিৰলতাৰ সমস্যাটোৱেই নাই। তাৰ লগত আজি যোগ হৈছে চৰিত্ৰহীনতাৰ সমস্যাটোও। সত্যৰ ঠাইত অসত্যক, যুক্তিৰ ঠাইত চলাহিক, নীতিৰ ঠাইত অনীতিক, ন্যায়ৰ ঠাইত অন্যায়ক সাহিত্য-সংস্কৃতিৰ মাজ মজিয়াতেই আকোৱালি লোৱা আৰু প্ৰশ্ৰয় দিয়া (অথচ সামাজিক দায়বদ্ধতাৰ কথাও উচ্চাৰণ কৰা) বহুতো লোকৰ উদ্যমৰ ফলত আজি অসমীয়া সাহিত্য-সংস্কৃতিয়েই এটা শোচনীয়, বিকাৰগ্ৰস্ত ৰূপ লবলৈ আৰম্ভ কৰিছে।
    এই জঘন্য ষড়যন্ত্ৰৰ সন্মুখীন হৈয়েই আজি এই কথা লিখিবলৈ বাধ্য হৈছোঁ‌।

    ১৯৭৪ চনৰ ৰঙালী বিহু সংখ্যা 'আমাৰ প্ৰতিনিধি'ৰ 'শিল্পীৰ পৃথিৱী' নামৰ চ'ৰাত কোনোবা এজন শ্ৰীমৃদুপৱন বৰুৱাই মোৰ ছটা কবিতাৰ বিৰুদ্ধে 'প্ৰভাৱ, অনুকৰণ নে আন কিবা কাব্যৰহস্য'ৰ অভিযোগ আনিছিল। লগতে তেওঁ আন দুজন অসমীয়া কবিকো একপ্ৰকাৰে আক্ৰমণ কৰিছিল যদিও মূল লক্ষ্য আছিলোঁ‌ মইহে। বিশেষভাৱে গৰ্হিত কথা হ'ল মোৰ বিৰুদ্ধে অনা এই অভিযোগটোৰ গুৰুত্বপূৰ্ণ অংশটোৱেই জালিয়াতিৰ নিদৰ্শন।
    উল্লেখযোগ্য  যে এই 'আমাৰ প্ৰতিনিধি'ৰে ১৯৭৩ চনৰ ৰঙালী বিহু সংখ্যাত কোনোবা এজনে ভবেন বৰুৱাৰ কবিতা এটাৰ ওপৰতো এক নিৰ্বোধ আক্ৰমণ চলাইছিল। পঁ‌চিশটা ('৪৭-'৭২) বছৰৰ 'অসমীয়া সাহিত্যত আধুনিক চিন্তা-অনুভূতিৰ পৰিচয় বহন কৰা' দহখন কিতাপৰ এখন হিচাপে 'সংলাপৰ সন্মান' লাভ কৰা মোৰ 'ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে' নামৰ কবিতা-সংকলনখনৰ পৰাই মোৰ ছটা কবিতা আক্ৰমণৰ বাবে শ্ৰীমৃদুপৱন বৰুৱাই বাছি লোৱাটোও এটা মন কৰিব লগীয়া কথা। ইয়াৰ উপৰি, ভবেন বৰুৱাই 'সংলাপ'ত (১৯৭৩) এই সংকলনখনৰ ভাল কবিতা কেইটাৰ ভিতৰত 'টোপনিতো তেওঁ‌ মোক খেদি ফুৰিছিল' নামৰ যিটো কবিতাৰ কথা সৰ্বাগ্ৰে উল্লেখ কৰিছিল সেই কবিতাটোৰ প্ৰসংগতেহে যে Lenon Fellip Camino নামৰ এজন ৰহস্যময় স্পেনীছ কবিৰ এটা কবিতাৰ আবিৰ্ভাৱ হ'ল, সিও এটা তাৎপৰ্যপূৰ্ণ কথা। মোৰ বিৰুদ্ধে উঠা এই অভিযোগটোৰ সূত্ৰত মোৰ অগ্ৰজস্থানীয় এগৰাকী সংস্কৃতিসেৱীক লগ ধৰি কথাটো কওঁ‌তে তেওঁও কৈ পেলালেঃ 'Let Bhaben Barua come out to defend you.' মই আৰু অবাক হ'লোঁ‌। এইটোৱেই হ'ল বহুতৰে মানসিক দৃষ্টিভঙ্গী।

                                                                *

    'প্ৰভাৱ, অনুকৰণ আৰু আন এক কাব্য ৰহস্য'ৰে দুষ্ট বুলি শ্ৰীমৃদুপৱন বৰুৱাই প্ৰমাণ কৰিবলৈ চেষ্টা কৰা মোৰ ছটা কবিতাৰ ছয়োটাই মোৰ। 'টোপনিতো তেওঁ‌ মোক...' কবিতাটোৰ প্ৰসঙ্গ পাছলৈ থৈ বাকী পাঁ‌চোটা কবিতাৰ সম্পৰ্কত মোৰ বক্তব্য হ'লঃ আকস্মিক সাদৃশ্যৰ লক্ষণো এই পাঁ‌চোটা কবিতাত নাই; 'প্ৰভাৱ' বুলিলে যিটো বুজায় এই পাঁ‌চোটা কবিতা তাৰপৰাও মুক্ত। শ্ৰীমৃদুপৱন বৰুৱাই আক্ৰমণ কৰা মোৰ ছটা কবিতাৰ তিনিটা উদ্ধৃত কৰা নাছিল। তলত মোৰ সেই কবিতা তিনিটাৰ লগতে আন ভাষাৰ কবিতা তিনিটাও প্ৰকাশ কৰিছোঁ‌। পোন আখৰৰ শব্দবোৰতেই বৰুৱাই কি উদ্দেশ্যেৰে 'প্ৰভাৱ, অনুকৰণ নে আন কিবা কাব্যৰহস্য' আবিষ্কাৰ কৰিছিল বুজোতাসকলে বুজি পাব।

                                  ৮ নং কবিতা
        দীঘল ক্ৰমে দীঘল হৈ অহা পাহাৰটোৰ আন্ধাৰে
        ঢাকি ধৰিছিল নৈখন
        ধাৰনিছিগা স্তব্ধতাৰ এটি ধাৰ
       নৈখনৰ ওপৰত জিলমিলাই উঠিছিল জোনাকীবোৰ
       সিহঁতৰ উৰি ফুৰা পোহৰত
       গোধূলিৰ আনত মুখ

         ইমান দিন যেন মৌন এটি গাথাৰ গহ্বৰত
         পোত খাই আছিল
          প্ৰেমৰ সকলো নগ্নতা

          প্ৰেমৰ সকলো নগ্নতা
          ক্ৰমে দীঘল দীঘল হৈ অহা পাহাৰটোৰ আন্ধাৰে
          ঢাকি ধৰিছিল

             'O boundless, boundless evening'
                                (Georg Heym)
  O boundless, boundless evening, soon the glow
  Of long hills on the skyline will be gone,
  Like clear dream country now, rich-hued sun.
  O boundless evening, where the cornfields throw
   The scattered daylight back in an aureole,
   Swallows high up are singing, very small.
   On every meadow glitters their swift flight,
    In woods of rushes and where tall masts stand
    In brilliant bays, Yet in ravines beyond
    Between the hills already nests the night.           (ইংৰাজী অনুবাদ)


                                      ১১ নং কবিতা

                                      চৰগ পৰি থিয় দি থকা
                                      বৃদ্ধ ভিখাৰী

                                      সন্ধ্যা

                                      প্ৰত্যেকৰে তেজৰ মাজেদি
                                      উৰি যোৱা কাউৰী

                                     ধোঁ‌ৱা

                                     আন্ধাৰৰ শিল হৈ
                                     পৰি থকা অজগৰ

                                     ভয়

                                     পৰিপূৰ্ণ স্তব্ধতাৰ
                                     বধিৰ সময়

                               

                                    দিনান্তে
                            (সুভাষ মুখোপাধ্যায়)
              

  পশ্চিমেৰ আকাশে ৰক্তগঙ্গা বইয়ে দিয়ে
   যিন কোন দুৰ্ধৰ্ষ ডাকাতেৰ মত
   ৰাস্তাৰ মানুষদেৰ চোখ ৰাঙাতে ৰাঙাতে
   সূৰ্য।
   তাৰ অনেকক্ষণ পৰে
   সৰজমিন তদন্তে
             দিনকে ৰাত কৰতে
              যেন পুলিসেৰ
                       কালো গাড়িতে এল
   সন্ধ্যা।
   আলোটা জ্বালতেই
            জানলা দিয়ে বাইৰে
                        লাফিয়ে পড়ল
    অন্ধকাৰ।
    পৰ্দাটা সৰাতেই
               ভয়চকিত হৰিণীৰ মত
               আমাকে জড়িয়ে ধৰল
     হাওয়া।।


                                ৩ নং কবিতা

                    এই এটা মাত্ৰ শব্দ--সেউজী
                   সাগৰৰ বুকুত নগ্ন কোনো নাৰীৰ ওঁ‌ঠৰপৰা
                   এজন কবিয়েই চিঙি আনিছিল
                   এই শব্দটো
                    তেজ ৰঙা এই শব্দটোৰ মাজেৰে
                    সূৰ্যলৈ এটা বাট আছে
                    বতাহৰ মাজলৈ হৃদয়ক প্ৰসাৰিত কৰা
                    শব্দটো সেউজী
                   এই এটা মাত্ৰ শব্দ সেউজী
                    কেবল এই এটা শব্দৰেই আছে
                    গান গাব পৰা এটা গভীৰ কণ্ঠ
                     বৈ থকা এখন সৰু নদীৰ দৰে
 

                    শৰীৰী এটা উজ্জ্বল স্বৰ


                                                                  Somnambulistic Ballad
                        (Lorca)
       Green, green, I want you green I
       Green the wind and green the boughs,
       The ship upon the ocean seen,
       The horses upon the mountain's brow.
       With the shadows round her waist
        Upon her balcony she dreams.
         Green her flesh and Green her tresses
         In her eyes chill silver gleams
         Green, green, I want you green,
         While the gypsy moonbeam plays,
          Things at her are gazing keenly
          But she cannot meet their gaze.

          Green, green, I want you green,
          See the great stars of the frost
           Come rustling with the fish of shadow

          To find the way the dawn has lost.--ইত্যাদি (ইংৰাজী অনুবাদ)

    অভিযোগৰ এটা অংশৰ চৰিত্ৰটো আছিল ইমানেই হাস্যকৰ! মোৰ বিৰুদ্ধে এনে এটা অভিযোগকে প্ৰকাশ কৰা হৈছিল।

                                         *
    এতিয়া আহোঁ‌ 'টোপনিতো তেওঁ মোক খেদি ফুৰিছিল' কবিতাটোৰ প্ৰসঙ্গলৈ। 'আমাৰ প্ৰতিনিধি'ত মোৰ বিৰুদ্ধে অভিযোগটো প্ৰকাশ হোৱাৰ কিছুদিনৰ পিছতে মোৰ 'টোপনিতো তেওঁ‌ মোক খেদি ফুৰিছিল' কবিতাটোৰ মাজতে থকা আত্মিক প্ৰকৃতিৰ সাক্ষ্যখিনি দেখুৱাই ভবেন বৰুৱাই প্ৰবন্ধ এটা লিখি মোক দিছিল। সেইটো আজিহে প্ৰকাশ কৰাৰ সুবিধা পালোঁ‌।
    বন্ধুবৰ্গ আৰু মই Leon Fellip Camino নামৰ কোনো স্পেনীছ কবিৰ কথা নজনাত আন কোনোবাই জানিব পাৰে বুলি ভাবি ২৫ এপ্ৰিলৰ ('৭৪) 'দৈনিক অসম'ত  মই এটা বিজ্ঞাপন প্ৰকাশ কৰিছিলোঁ‌। বিজ্ঞাপনটোত লিখিছিলোঁ‌,..."Nightmare নামৰ কোনো কবিতা মই পঢ়া নাই।...যদি পাঠকসকলৰ কোনো জনে পঢ়িছে, কোনখন বিদেশী আলোচনী বা কিতাপত কবিতাটো আছে (নাম, প্ৰকাশকৰ নাম, সংস্কৰণ, বছৰ, সংখ্যা) জনাব নে?"
     মোৰ এই বিজ্ঞাপনটো ওলোৱাৰ ন দিনৰ পিছত 'আমাৰ প্ৰতিনিধি'ৰ সম্পাদকে এটা বিজ্ঞাপনৰ যোগেদি ('দৈনিক অসম': ৪ মে, ১৯৭৪) এইখিনি কথা ৰাইজৰ আগত প্ৰকাশ কৰিছিলঃ
        "বিহু সংখ্যা 'আমাৰ প্ৰতিনিধি'ৰ ৯৯৭ পৃষ্ঠাত প্ৰকাশিত Leon Fellip Caminoৰ Nightmare কবিতাটো নিম্নলিখিত কবিতা আলোচনীত প্ৰকাশ হৈছিলঃ
                         

                                      ECHO
                A Galaxy of International Poets
                             (Spring:1961)
                Collected & Published by HYDER BAIG
                             Coir Road, Cochin (India) Rs. 1/-                  Printed at: Raghawan Press, Eluru Road, Vijayawada."

    এই বিজ্ঞাপনটো দেখি মই আৰু বিস্মিত হ'লোঁ‌। Echo নামৰ কোনো কবিতা-পত্ৰিকাৰ নাম মই কাহানিও শুনাই নাছিলোঁ‌!

    এই প্ৰসঙ্গত কেইটামান মৌলিক প্ৰশ্ন উত্থাপন কৰিব পাৰি। ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদকে Nightmare নামৰ কবিতাটো কবিতা হ’ব পাৰে নে নোৱাৰে আৰু Lion Fellip Camino নামৰ স্পেনীছ কবি এজন আছে নে নাই, সাহিত্য সম্পৰ্কীয় এই কথা দুটা উপলব্ধি কৰিব পাৰিছিলে নে? যদি পৰা নাছিল তেতিয়াহ’লে অন্ততঃ মই দিয়া বিজ্ঞাপনটোৰ (দৈনিক অসম,২৫ এপ্ৰিল,৭৪) গুৰুত্বখিনি উপলব্ধি কৰিবলৈ চেষ্টা কৰিছিলে নে? এনে ক্ষেত্ৰত শ্ৰীমৃদুপৱন বৰুৱা প্ৰদত্ত তথ্যপাতিৰ বাহিৰলৈ গৈ তেওঁ উলিওৱা Echo নামৰ আলোচনীখনৰ নিৰ্ভৰযোগ্যতা আছে নে নাই সেই আলোচনীখনৰ প্ৰকাশক Hyder Baig আছে নে নাই, নিৰপেক্ষভাৱে এই কথাবোৰৰ সত্যাসত্য বিচাৰ কৰি চোৱাৰ সম্পাদকীয় দায়িত্ব ‘আমাৰ প্ৰতিনিধি’ৰ পক্ষ‌ই পালন কৰিব লাগিছিল। কৰিছিলে নে ? কিয় এই দায়িত্ব পালন নকৰি বৰং শ্ৰী মৃদুপৱন বৰুৱাৰ জাল তথ্যবোৰৰ ভেটিতেই ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদক ডাঙৰীয়াই পিছত মোৰ বাবে সন্মান হানিকৰ এটা মন্তব্যৰ সৈতে জনৈক অমৰেন্দ্ৰ শৰ্মাৰ এখন চিঠিহে প্ৰকাশ কৰিছিল? আৰু যদি Leon Fillip Camino তথা Nightmare ৰ সত্যাসত্য বিচাৰ কৰিহে অভিযোগটো প্ৰকাশ কৰা হৈছিল, তেতিয়াহলে ‘দৈনিক অসম’ত মোৰ দ্বিতীয়টো বিজ্ঞাপন(১১ আগষ্ট,'৭৪) প্ৰকাশ হোৱাৰ পিছত ‘আমাৰ প্ৰতিনিধি’ৰ  পক্ষ‌ই Nightmare-অৰ ৰচিয়তা Leon Fellip Camino আৰু Echoৰ অস্তিত্বৰ সমৰ্থনত তথ্য,যুক্তি দাখিল কৰিব লাগিছিল। ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদকৰ তৰফৰ পৰা এইবোৰ একো কৰা নহ'ল। কিয় ?
    ৰহস্যময় Echoত ‘a galaxy of international poets’-অৰ মাজত স্থান পোৱা Leon Fellip Caminoৰ অস্তিত্বটোকে স্পেনীছ কবি তথা কবিতাৰ পৰিচয় থকা, ইউৰোপ আমেৰিকাত ছপা হোৱা আঠখনমান গ্ৰন্থৰ ক'তো পোৱা নগ'ল। (Leon Felipe নামেৰেহে এজন স্পেনীছ কবি আছে। পাৰিবাৰিক সূত্ৰে তেওঁ Camino Galicia, কিন্তু কবি হিচাপে তেওঁ সদায়ে Leon Felipe নামটোহে ব্যৱহাৰ কৰিছিল।) Leon Fellip Camino আৰু Nightmare নামৰ কবিতাটোৰ অস্তিত্বৰ বিষয়ে ভাৰতৰ আৰু ভাৰতৰ বাহিৰৰ কেইবাজনো বিদ্বান লোক আৰু স্পেনীছ সাহিত্যৰ পণ্ডিতৰ লগতো ম‌ই যোগাযোগ কৰিছিলোঁ। Penguin Books of Spanish Vaerse'ৰ সম্পাদক J.M. Cohen-এও ইংলেণ্ডৰ পৰা মোক জনালে যে Nightmare নামৰ এই International স্পেনীছ বস্তুটো তেওঁৰো অজ্ঞাত। মেক্সিকোৰ Academia Maxicanaৰ সঞ্চালক Augustin Yanez আৰু নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ স্পেনীছ অধ্যয়ন বিভাগৰ প্ৰধান অধ্যাপক Dr. S. Dey-এও মোক সেই কবিতাটোৰ একো সম্ভেদ দিব নোৱাৰিলে। এই সংক্ৰান্তত আন কেইজনমানৰ নামো উল্লেখ কৰিব পাৰি : ফাদাৰ দ্যতিয়েন (কলিকতা), Mrs. Maria Herla(Department of Spanish Literature, University of Liege, Belgium), ডক্টৰ বি.বি. আগ্ৰৱাল( সাহিত্য অকাডেমি, নতুন দিল্লী) , অধ্যাপক অমৃত বৰুৱা (কলম্বিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ ) । তাৰ উপৰি কলিকতাত থকা মোৰ এজন বন্ধুৱে এই প্ৰসঙ্গত ডক্টৰ সুনীতিকুমাৰ চট্টোপাধ্যায়, ডক্টৰ প্ৰণবেন্দু দাসগুপ্ত, চিত্তৰঞ্জন বন্দ্যোপাধ্যায় প্ৰমূখ্যে কেইবাগৰাকীও পণ্ডিত, সমালোচক আৰু গ্ৰান্থগাৰিকক লগ ধৰিছিল। কলিকতাৰ নেচনেল লাইব্ৰেৰীয়েও Echo ৰ কোনো সম্ভেদ দিব নোৱাৰিলে। মাদ্ৰাজৰ পৰা ওলোৱা কবিতা - পত্ৰিকা Ocarina ৰ সম্পাদক অমল ঘোষ, কালিকট বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰধান অধ্যাপক ডক্টৰ এচ. ভেলাউধন আৰু কলিকতাৰ কবি-উপন্যাসিক-সাংবাদিক সুনীল গঙ্গোপাধ্যায় আদিৰ লগত যোগাযোগ কৰিও Echo নাইবা Lion Fellip Camino - ৰ শুংসূত্ৰ উদ্ধাৰ কৰিব নোৱাৰিলোঁ। মোৰ হাতত ভবেন বৰুৱাই লিখা প্ৰবন্ধটো আছিল যদিও বহুতো লোকৰ লগত যোগাযোগ কৰি এইদৰে আন বিধৰ সাক্ষ্য সংগ্ৰহ কৰিবলৈ মোক পৰিস্থিতিয়ে বাধ্য কৰিছিল। ৰস-বিচাৰমূলক সেই প্ৰবন্ধটোৱে ৰসবোধহীন বহুতো লোকৰ চিঞৰ-বাখৰ বন্ধ কৰাৰ সম্ভাৱনা নাছিল।
    এদল অসমীয়া কবি-সাহিত্যিক আৰু পাঠকৰ মনোভাব লক্ষ্য কৰিয়েই Echo ছপা কৰা প্ৰেছটোৰ কৰ্তৃপক্ষলৈ Echo-ৰ সংশ্লিষ্ট সংখ্যাটো বিচাৰি ম‌ই reply paid urgent telegram দিছিলোঁ। প্ৰদত্ত ঠিকনাৰ প্ৰকাশকজনলৈ ম‌ই দিয়া জৰুৰী চিঠি কোচিনত সেই নামৰ কাকো উলিয়াব নোৱাৰি ত্ৰিবান্দ্ৰমৰ R.L.O আফিছে মোলৈ ঘূৰাই পঠালে আৰু প্ৰেছটোৰ পৰিচালকলৈ দিয়া reply paid urgent টেলিগ্ৰাফ খনৰ ক্ষেত্ৰতো প্ৰদত্ত নাম-ঠিকনা অজ্ঞাত বুলি তাঁৰ বিভাগে পত্ৰযোগে মোক জনালে। Echoৰ সংগ্ৰাহক আৰু প্ৰকাশকলৈ দিয়া দ্বিতীয়খন চিঠিৰ উত্তৰত মোলৈ বেচ আমোদজনক এখন চিঠি আহিছিল। চিঠিখন হুবহু উদ্ধৃত কৰিলোঁ :

K. Mohamed Kunju, M.A                                            
Research Officer      

Coir Board

(Govt. of India)

Ernakulam

Cochin-682016

Phone: 31807


My dear unknown friend,
          Your letter dated 16.5.1974 addressed to Mr. Hyder Baig, Coir Road, Cochin was lying in the Notice Board of our office since the past few weeks. I do not know to whom you have addressed this letter. It is definite that the address is not full and there is no road at Cochin by the name ‘Coir Road ’.  The Letter happened to be put in the letter box of our office presumably because of the impression that it may be for somebody in the Coir Board. anyway I am redirecting this letter to you.
       Please write to me if I do anything in locating this addresse, if he is at Cochin.
                                                                                                              Yours sincerely
                                                                                                             K. Mohamed Kunju

Prof. Nilmani Phookan

    এবিধ সাহিত্যসেৱী আৰু পাঠকৰ আচৰণ আৰু মনোভাব লক্ষ্য কৰিয়েই ম‌ই Echo আলোচনীখন আৰু প্ৰেছটোৰ বিষয়ে অনুসন্ধান কৰিবলৈ গুৱাহাটীৰ পুলিচ বিভাগৰ ওচৰত এখন দৰ্খাস্ত দিবলৈও বাধ্য হৈছিলোঁ। মোৰ দৰ্খাস্তৰ উত্তৰত গুৱাহাটীৰ পুলিচ বিভাগে মোক লিখিতভাৱে ১৯৭৪ চনৰ ১১ জুলাইত (Secret Memo No 5790/c, dt, Gauhati , the 11th July, 1974 ) জনালে যে বিজৱাদাতা ‘ৰাঘৱন’ নামৰ কোনো প্ৰেছেই নাই আৰু কোচিনত Echo নামৰ কোনো প্ৰত্ৰিকা পোৱা নগ'ল।
    এইখিনি তথ্যপাতি সংগ্ৰহ কৰি ম‌ই ‘দৈনিক অসম’ত (১১ আগষ্ট, ১৯৭৪) দ্বিতীয় এটা বিজ্ঞাপনৰ যোগেদি মোৰ বক্তব্য প্ৰকাশ কৰিছিলোঁ ।  পুলিচ বিভাগৰ অনুসন্ধানৰ ফলাফলৰ ভেটিত এই ৰহস্যময় তাৎপৰ্য বুদ্ধিবৃত্তি থকা যিকোনো মানুহেই বুজি পাব বুলি আশা কৰা যায়। আৰু বিশেষকৈ এই অনুসন্ধানৰ ফলাফলৰ ভেটিত এই ৰহস্যময় এটা ষড়যন্ত্ৰ বুলিয়েই চিনাক্ত কৰিব লাগিব ।
    প্ৰথম কথাটো হ'ল : Echo নামৰ আলোচনীখন যিয়েই নুলিয়াওক কিয়, ডাক বিভাগ , তাঁৰ বিভাগ আৰু আনকি পুলিচ বিভাগেও উলিয়াব নোৱাৰা অৰ্থাৎ অস্তিত্বহীন এটা প্ৰেছ আৰু এজন প্ৰকাশকৰ নাম ঠিকনা সেই আলোচনীখনত প্ৰকাশ হোৱা কথাটোৱে এইটোৱে বুজায় মে সেই আলোচনীখন এটা বিশেষ গোপন উদ্দেশ্যত উলিওৱা হৈছিল। দ্বিতীয় কথাটো হ'ল : স্পেনীছ কবি আৰু কবিতা সম্পৰ্কীয় কোনো পশ্চিমীয়া বিৱৰণত যাৰ নামটোৰে উল্লেখ নাই আৰু যাৰ কোনো শুংসূত্ৰ পোৱা নগ'ল , Leon Fellip Campino নামৰ তেনে এজন স্পেনীছ কবিৰ ৰচনা হিচাপে Nightmare নামৰ বস্তুটো সেই আলোচনীখনত প্ৰকাশ হোৱা কথাটোৱে এইটোকে বুজায় যে Nightmare নামৰ বস্তুটো এটা বিশেষ উদ্দেশ্যেত ব্যৱহাৰ কৰিবলৈকে কোনোবাই Echo নামৰ আলোচনীখন প্ৰস্তুত কৰি উলিয়াইছিল।
    অৰ্থাৎ, Nightmare বস্তুটো মোৰ অসমীয়া কবিতাটো পঢ়া আৰু মোক অপদস্থ কৰিবলৈ বিচৰা কোনো লোকেই প্ৰস্তুত কৰিছে ; সেইটো কোনো Lion Fellip Camino নামৰ স্পেনীছ কবিৰ ৰচনা হ'ব নোৱাৰে। আৰু সেই কাৰণে এই কথাটোও ক'ব লাগিব যে মোৰ কবিতাটো পঢ়ি লৈ Nightmare নামৰ বস্তুটো বনোৱা মানুহেই Echo নামৰ আলোচনীখনো উলিয়াইছে। সেইখন অসমীয়া ভাষা নজনা কোচিনৰ বা বাজৱাদৰ কোনো Hyder Baig-এ উলিওৱা নাই। যিসকল লোকে মোৰ বিৰুদ্ধে Nightmare নামৰ বস্তুটো তথা Echo নামৰ আলোচনীখন ব্যৱহাৰ কৰিছে, সেই সকল লোকেই মোৰ কবিতাটো অনুকৰণত Nightmare বস্তুটো তৈয়াৰ নকৰিলে কোনে তৈয়াৰ কৰিব ?
    Echo নামৰ আলোচনীখনো অসমীয়া ভাষা জনা কোনো লোকেই প্ৰস্তুত কৰি উলিয়াইছে , যি মোৰ কবিতাটো পঢ়িছে , যি মোৰ কবিতাটো বিকৃতভাৱে ইংৰাজীলৈ তৰ্জমা কৰি লৈ Nightmare নামৰ বস্তুটো প্ৰস্তুত কৰি মোক অপদস্থ কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিছে।
                                                                        *
    ভাৰতৰ আৰু ভাৰতৰ বাহিৰৰ বিভিন্ন সাহিত্যিকৰ আৰু পাঠকৰ চিঠি-পত্ৰ, ডাক-বিভাগৰ অনুসন্ধান, তাঁৰ বিভাগ আৰু পুলিচ বিভাগৰ অনুসন্ধানৰ ভেটিত ‘দৈনিক অসম’ত ম‌ই দ্বিতীয়টো বিজ্ঞাপন দিয়াৰ পিছতো অসমীয়া সমাজৰ কিছুসংখ্যক সংস্কৃতিসেৱী লোকৰ আচৰণ আৰু বিৰূপ মনোভাৱ লক্ষ্য কৰি শেষত ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত এখন সভাৰ আয়োজন কৰি পঁচিশ গৰাকী মান কবি, সাহিত্যিক, সাংবাদিক আৰু শিক্ষকক তালৈ নিমন্ত্ৰণ কৰি এই ষড়যন্ত্ৰটোৰ সামাজিক দিশটৌলৈ দৃষ্টি আকৰ্ষণ কৰি ম‌ই সংগ্ৰহ কৰা তথ্য পাতিবোৰৰ সহায়ত মোৰ বক্তব্য বিবৰি ক'বলৈ বাধ্য হ'লো। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰ অধ্যাপক ড: সত্যেন্দ্ৰনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত গৃহীত এটা প্ৰস্তাৱত কোৱা হ'ল: “শ্ৰীফুকনৰ তথ্যপূৰ্ণ প্ৰমাণৰ পৰ্যালোচনাৰ পিছত সমজুৱাসকল এই সিদ্ধান্তত উপনীত হয় যে উক্ত 'ইকো’ কাকত আৰু কবিতাটো উদ্দেশ্য-প্ৰণোদিত কোনো ব্যক্তি বিশেষৰ কল্পনা- প্ৰসূত । শ্ৰীফুকনক হেয় কৰাৰ এনে হীন প্ৰচেষ্টাক সভাই গৰিহনা দিয়ে।” সভাত উপস্থিত থকাসকল হ'ল : সৰ্বশ্ৰী সত্যেন্দ্ৰনাথ শৰ্মা, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য, মুনীন বৰকটকী, যোগেশ দাস, ভবেন্দ্ৰ নাথ শইকীয়া, কেশৱ মহন্ত, বীৰেন্দ্ৰনাথ দত্ত, ললিতকুমাৰ বৰুৱা, শ্ৰীমতী তুলতুল বৰুৱা, শ্ৰীৰাধিকামোহন ভাগৱতী, শ্ৰীমতী নিৰ্মলপ্ৰভা বৰদলৈ, সৰ্বশ্ৰী হীৰেন্দ্ৰনাথ দত্ত , অৱনী দাস, তাৰকাচন্দ্ৰ গোস্বামী, অৰুণ শৰ্মা , দীনেশ বৰুৱা, টাবু টাইড, অজিত বিশ্বাস, মহেন্দ্ৰ বৰঠাকুৰ, নলিনীধৰ ভট্টাচাৰ্য, প্ৰসন্নকুমাৰ ফুকন আৰু কমললোচন দাস। 'দৈনিক অসম' আৰু 'দৈনিক বাতৰি'ত সভাত গৃহীত প্ৰস্তাৱটো প্ৰকাশ কৰা হৈছিল।
    ইয়াৰ পাছতো ‘আমাৰ প্ৰতিনিধি'ৰ পক্ষ‌ই ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ প্ৰয়োজনবোধ নকৰিলে ! আনহাতে কিছুসংখ্যক লোকে মোৰ কবিতাটোৰ বিষয়ে এতিয়াও সন্দেহ প্ৰকাশ কৰাটো লক্ষ্য কৰিছোঁ !! যিটো সত্য উদ্ধাৰ হ'ল তাৰ কথা বহুত পাঠকেই জানিবলৈ নাপালে।
    কোনো সভ্য সমাজতেই কোনো কবিয়েই মোৰ দৰে এনেকৈ একাধিক পৰ্যায়ত জাল তথ্যভিত্তিক আক্ৰমনৰ দ্বাৰা সামাজিকভাৱে অপমানিত হোৱা নাই। ষড়যন্ত্ৰৰ জালত পৰি অবাবতে ম‌ই প্ৰচুৰ অৰ্থ (প্ৰায় ৬০০ শ মান‌ টকা), সময় আৰু শক্তি ব্যয় কৰিবলগীয়া হ'ল, গভীৰ মানসিক অশান্তিত ভুগিব লগীয়া হ'ল কেনে এটা সাংস্কৃতিক পৰিবেশত? এনে পৰিবেশত প্ৰকৃত কাব্য চৰ্চাৰ কিবা মূল্য আছে নে ?
    এই গোটেই ঘটনাতো আজিৰ অসমীয়া সাহিত্য-সমাজত এটা বিচ্ছিন্ন ঘটনা নহয়, ইয়াৰ এটা গভীৰ সামাজিক তাৎপৰ্য আছে। অসমীয়া সাহিত্য-সংস্কৃতিত আজি আন্ধাৰৰ শক্তিবোৰৰে ৰাজত্ব চলিবলৈ ধৰিছে।

                (সংজ্ঞা, প্ৰস্তাৱনা সংখ্যা, ১৯৭৫)

 (প্ৰকাশকৰ পৰিয়ালৰ অনুমতি সাপেক্ষে পুনৰ প্ৰচাৰ কৰা হ'ল।)

Saturday, July 16, 2022

ডিব্ৰুগড় মহিলা সমিতিঃ চমু টোকা

 



১৯২৬ চনৰ অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত "আসাম মহিলা সমিতি" গঠনৰ পূৰ্বে অসমৰ একাধিক ঠাইত মহিলা সমিতি গঠন হৈছিল। "অসম প্ৰাদেশিক মহিলা সমিতিৰ ইতিবৃত্ত" (১৯৬১) নামৰ পুস্তিকাখনিত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজেই ১৯২৬ চনৰ আগতে ক্ৰমে ডিব্ৰুগড়, নগাঁ‌ও আৰু তেজপুৰত মহিলা সমিতি হোৱাৰ কথা কৈছে। প্ৰায় সকলো গৱেষকে অসমত মহিলা সমিতিৰ ইতিহাস আলোচনাৰ বেলিকা কেবল মাত্ৰ শইকীয়ানীৰদ্বাৰা লিখিত উপৰিউক্ত পুস্তিকাখনকে সাৰথি কৰি লয়। তাত থকা তথ্য পুনৰীক্ষণৰ প্ৰশ্নই নাই। যিহেতু কিছুমান কথা শইকীয়ানীয়ে স্মৃতিৰ পৰাও লিখিছিল তাত দুই-এক বিসংগতি থকাটো স্বাভাৱিক কথা।বিশেষকৈ আৰম্ভণী কালৰ মহিলা সমিতি সম্পৰ্কে কেইবাটাও তথ্যৰ বিসংগতি আছে। উদাহৰণ স্বৰূপে ডিব্ৰুগড় মহিলা সমিতিৰ কথাকে ক'ব পাৰি। একেদৰে ক'ব পাৰি তেজপুৰ মহিলা সমিতিৰ বিষয়েও। তেজপুৰৰ চন্দ্ৰবালা বৰুৱাই (অলকা পটঙ্গীয়া) অপ্ৰকাশিত আত্মকথাত লিখিছে--"চন্দ্ৰপ্ৰভা দাস তেজপুৰৰ পৰা গৈ...শ্ৰীচন্দ্ৰপ্ৰভা শইকীয়ানী বুলি নাম লৈ প্ৰাদেশিক মহিলা সমিতি এখন সংগঠন কৰে। তেজপুৰ মহিলা সমিতিখন প্ৰাদেশিকৰ অন্তৰ্ভুক্ত কৰিবলৈ মোলৈ বৰকৈ লিখা লিখি কৰাত আমাৰ মহিলা সমিতিৰ সভ্যসকলে তাৰ অন্তৰ্ভুক্ত হ'বলৈ ভীষণ আপত্তি কৰিছিল। সভ্যাসকলৰ বিশিষ্ট মহিলাসকলে উক্ত চন্দ্ৰপ্ৰভাৰ নামেই শুনিব নুখুজিছিল। কিন্তু মই সভ্যাসকলক মানুহৰ দোষখিনি বাদ দি গুণগ্ৰাহী হ'বলৈ নথৈ যত্ন কৰাত শেষত তেজপুৰ মহিলা সমিতি অসম প্ৰাদেশিক মহিলা সমিতিৰ অন্তৰ্ভুক্ত হৈছিল।

শ্ৰীচন্দ্ৰপ্ৰভা শইকীয়ানীয়ে প্ৰাদেশিক মহিলা সমিতি স্থাপন সম্পৰ্কে যিখন কিতাপ ছপাই উলিয়াইছে, তাত তেজপুৰ মহিলা সমিতিও তেওঁৰ দ্বাৰাই স্থাপিত হোৱা বুলি প্ৰচাৰ কৰিছে। তাক পঢ়িবলৈ পায়ো, সেই বিষয়ে কোনো প্ৰতিবাদ আদি মই লিখা নাই। কাৰণ বাদ-প্ৰতিবাদৰ ফলত প্ৰাদেশিক মহিলা সমিতিখনৰ ওপৰত কোনো অভাৱনীয় কুপ্ৰভাৱ পৰাৰ আশংকাই ঘাই কথা। প্ৰাদেশিক নাৰী সংস্থা এটা থকা আমাৰ অতি প্ৰয়োজনীয়। নামে কি কৰিব? কাম হ'লেই হ'ল।"

একেদৰে ডিব্ৰুগড় মহিলা সমিতি সম্পৰ্কে "ইতিবৃত্ত"ত  শইকীয়ানীয়ে লিখিছে এনেদৰেঃ

"মহিলা সমিতিৰ প্ৰথম প্ৰতিষ্ঠা--১৯১৫ চন; একমাত্ৰ "ডিব্ৰুগড় মহিলা সমিতি" নামে সমিতি এখনহে তেতিয়া আছিল। স্বৰ্গীয়া হেমপ্ৰভা দাস আছিল ইয়াৰ প্ৰতিষ্ঠাকাৰিণী। এই সমিতিৰ পৰাই উচ্চশিক্ষা লোৱা দুখীয়া ছাত্ৰী দুই এগৰাকীক জলপানী পৰ্যন্ত দিয়া হৈছিল। সেই সময়ৰ বাবে ই এখন উল্লেখযোগ্য তিৰোতাৰ অনুষ্ঠান বুলিব পাৰি।" (পৃষ্ঠা ২) 

কিন্তু এইখিনি কথা সম্পূৰ্ণ সত্য নহয়। অসমৰ ভিতৰত মহিলা সমিতি গঠনৰ প্ৰথম কুচ-কাৱাজ চলিছিল ডিব্ৰুগড় চহৰত, কুৰি শতিকাৰ প্ৰাৰম্ভতে। বিশেষকৈ বঙ্গমূলীয় মহিলা আৰু ব্ৰাহ্মধৰ্মাৱলম্বী এচাম লোকৰ তৎপৰতাত হৈছিল এই সমিতি গঠন। নিয়মীয়াকৈ এই সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। অসমৰ বৌদ্ধিক ইতিহাসত "ডিব্ৰুগড় মহিলা সমিতি"ৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। এই সমিতিৰ সম্পাদিকা পদ্মাৱতী দাসে কাৰ্যবিৱৰণী বাংলা ভাষাৰ "ভাৰত-মহিলা" পত্ৰিকাত প্ৰকাশ কৰিছিল ১৯১২ চনত। তাৰ এটি অনুবাদ তলত তুলি দিয়া হ'ল। লগতে একেটা বছৰতে ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত "আসাম-বান্ধৱ" আলোচনীতো পদ্মাৱতী দাসৰ কাৰ্যবিৱৰণীৰ আধাৰত এটি টোকা প্ৰকাশ হৈছিল। সেইটোৱো লগতে তুলি দিয়া হ'ল। দু্যোটা চমু টোকাই অসমত মহিলা জাগৰণ সম্পৰ্কত নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰিব পাৰিঃ


                   ডিব্ৰুগড় মহিলা সমিতি

মূল বাংলাঃ পদ্মাবতী দাস, অনুবাদঃ সঞ্জীৱ পল ডেকা

আজি ভালেমান বছৰ হ'ল শ্ৰদ্ধাস্পদ সৰোজিনী বসু মহাশয়াৰ উদ্যোগত এই ডিব্ৰুগড়ত এখনি মহিলা সমিতি স্থাপিত হয়। কিছুদিন ইয়াৰ কাৰ্য সুন্দৰৰূপে চলে। কিন্তু তেওঁৰ পাৰিবাৰিক প্ৰতিবন্ধকতাৰ বাবে আৰু অন্যান্য সদস্যসকলৰ উদাসীনতাৰ বাবে এই সমিতিৰ অস্তিত্ব লোপ পোৱাৰ উপক্ৰম হয়। সৌভাগ্যক্ৰমে এই সময়তে ইয়ালৈ ভক্তিভাজন স্বৰ্গীয় প্ৰকাশ চন্দ্ৰ ৰায় মহাশয়ৰ শুভাগমন হয়। ভগিনী সুৰমা দাসৰ উৎসাহ-যত্নত আৰু উক্ত প্ৰচাৰক মহাশয়ৰ সৎ পৰামৰ্শত এই সমিতিয়ে পুনৰ্জীৱন লাভ কৰে আৰু ১৯০৭ চনৰ ২৩ অক্টোবৰত ইয়াৰ প্ৰথম অধিৱেশন হয়। এই সমিতিৰ উদ্দেশ্য--একেলগে সন্মিলিত হৈ সঙ্গীত, সদগ্ৰন্থ পাঠ, প্ৰবন্ধ পাঠ, প্ৰশ্নোত্তৰ আৰু আলোচনা প্ৰভৃতিৰ দ্বাৰা মহিলাসকলৰ মাজত যাতে জ্ঞান আৰু নীতিৰ উৎকৰ্ষ সাধিত হয় আৰু ধৰ্ম্মভাৱ পৰিস্ফুট হয়, তাৰ চেষ্টা কৰা। জাতি আৰু ধৰ্ম্ম নিৰ্বিশেষে সকলো ভদ্ৰ মহিলা এই সমিতিৰ সভ্য হ'ব পাৰে। সমিতিৰ কাৰ্যনিৰ্বাহৰ বাবে প্ৰত্যেক সভ্যই মাহেলী কিছু চান্দা দিব লাগে। এই চান্দাৰ জৰিয়তে স্থানীয় ব্ৰাহ্ম-সমাজ আৰু দৰিদ্ৰাশ্ৰমত মাহিলী বৰঙণি আৰু ছোৱালীসকলৰ উৎসাহ বঢ়াবৰ বাবে বালিকা বিদ্যালয় আৰু নীতি বিদ্যালয়ত পাৰিতোষিক দিয়া হয় আৰু সময়ে সময়ে কোনো বিপন্ন লোকক বা পৰিয়ালক সাহায্য প্ৰদান কৰা হয়। নৱেম্বৰৰ পৰা অক্টোবৰ পৰ্যন্ত এই সমিতিৰ বছৰ গণনা হয়। সমিতিৰ বৰ্তমান সভ্যসংখ্যা ৩৫ জন। প্ৰতি মাহে ইয়াৰ দুবাৰকৈ অধিৱেশন হৈ থাকে। ইয়াত প্ৰবন্ধ আৰু সদগ্ৰন্থ পাঠ, সঙ্গীত আদি নানা বিষয়ৰ আলোচনা হয় আৰু আয়-ব্যয় আৰু কাৰ্য আলোচনা কৰিবৰ বাবে বছৰেকত এবাৰ বাৰ্ষিক অধিৱেশন হয়। যোৱা ২৭ নৱেম্বৰত সমিতিৰ পঞ্চম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ গৈছে। শ্ৰীযুতা হেমপ্ৰভা দাস মহাশয়াই অনুগ্ৰহ পূৰ্বক সভাপতিৰ আসন গ্ৰহণ কৰিছিল। সভ্যসকলৰ বাহিৰেও নিমন্ত্ৰিত অনেক ভদ্ৰ মহিলা উপস্থিত আছিল। সভাপতিৰ দ্বাৰা প্ৰাৰ্থনা হৈছিল। প্ৰাৰ্থনাৰ আগত আৰু পাছত সম্পাদিকাৰ দ্বাৰা দুটি গীত পৰিৱেশিত হয়। প্ৰাৰ্থনাৰ অন্তত সমিতিৰ কাৰ্য আৰম্ভ হৈছিল। প্ৰথমে বাৰ্ষিক ৰিপোৰ্ট পাঠ হয়, তাৰ সংক্ষিপ্ত বিৱৰণ এনেধৰণৰ--"এই বছৰ ২৬ টা নিয়মীয়া বৈঠক বহাৰ কথা আছিল; কিন্তু নানা প্ৰতিবন্ধকতাৰ বাবে ৭ টা বৈঠিক বহিব পৰা নগ'ল, বাকী ১৯ টাত ৰীতিমতে কাৰ্য হৈছিল। ইয়াৰ বাহিৰেও বিশেষ কাৰ্য উপলক্ষে দুটি অতিৰিক্ত অধিৱেশন অনুষ্ঠিত হয়। এই বছৰ মাহিলী বৰঙণি দানৰ বাহিৰেও এটি বিপন্ন পৰিয়ালক আৰু এটি ভদ্ৰ সন্তানক কিছু আৰ্থিক সাহায্য কৰা হয় আৰু ল'ৰা-ছোৱালীসকলৰ উৎসাহ বঢ়াবৰ বাবে স্থানীয় নীতি বিদ্যালয়ত এটি ৰূপৰ পদক দিয়া হৈছে।" ইয়াৰ পিছত শ্ৰীযুতা সৰযুবালা মল্লিকে "সন্তান লালন", শ্ৰীযুতা হৰিদাসী বন্দোপাধ্যায়ে "সমিতিৰ উদ্দেশ্য" আৰু সম্পাদিকাই "আমাৰ শিক্ষা" বিষয়ক প্ৰবন্ধ পাঠ কৰে। ইয়াৰ পিছত শ্ৰীযুতা হেম নলিনী মুখাৰ্জী আৰু শ্ৰীযুতা হৰিদাসী বন্দোপাধ্যায়ে একোটিকৈ গীত পৰিৱেশন কৰে। তাৰ পিছতে শ্ৰীযুতা সৰযুবালা মল্লিকে ৰামায়ণী কথাৰ পৰা লোৱা "কৌশল্যা" আখ্যায়িকা পাঠ কৰে। পিছৰ বছৰৰ বাবে শ্ৰীপদ্মাৱতী দাসক পুনৰায় সম্পাদিকা আৰু শ্ৰীযুতা চাৰুবালা সেনক সহকাৰী সম্পাদিকা মনোনীত কৰা হৈছে। ইয়াৰ পিছত সভাপতি মহাশয়াই সমিতিৰ কাৰ্য সম্পৰ্কে নিজ মন্তব্য প্ৰকাশ কৰে আৰু "নাৰী জাতিৰ শিক্ষা" সম্বন্ধে এটি সুন্দৰ উপদেশপূৰ্ণ প্ৰবন্ধ পাঠ কৰে। সৰ্বশেষত ডিব্ৰুগড় ভিক্টোৰিয়া বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা সৰযুবালা মল্লিকে অৰ্গেন বজাই তেওঁৰ কেইবাগৰাকীও ছাত্ৰীৰ দ্বাৰা এটি সুন্দৰ গীত পৰিৱেশন কৰোৱাইছিল। তাৰ পিছত সভাপতিক ধন্যবাদ দি অধিৱেশনৰ কাৰ্য সমাপ্ত কৰা হয়। ইয়াৰ পিছত এই উপলক্ষে প্ৰীতি ভোজন হৈছিল।

শ্ৰীপদ্মাবতী দাস

সম্পাদিকা, ডিব্ৰুগড় মহিলা সমিতি

 (পৃষ্ঠা ৩৫২, ভাৰত-মহিলা, ৮ ম ভাগ, ১১শ সংখ্যা)

 



                         ।।সংযোজন।।

ডিব্ৰুগৰ মহিলা সমিতিঃ

ডিব্ৰুগৰৰ শ্ৰদ্ধাস্পদ উকীল শ্ৰীযুত ধৈৰ্য্যনাৰায়ণ দাস ডাঙ্গৰীয়াৰ পত্নী এই সমিতিৰ সুযোগ্যা সম্পাদিকা। তেওৰ পৰা আমি এই বছৰৰ এখান কাৰ্য্যবিবৰণী পাই বাধিত হইছো। এই সমিতি কেইবছৰমান আগেয়ে ডিব্ৰুগৰত স্থাপিত হয়, কিন্তু নানা কাৰণত কিছুদিনৰ পিছতে ইয়াৰ অস্তিত্ব লোপ পোৱাৰ নিচিনা হয়। ১৯০৭ সনৰ অক্টোবৰ মাহৰ পৰা এই সমিতিক পুনৰ্জীবিত কৰি সভ্যসকলে ইয়াৰ কাম বৰ উৎসাহ সহকাৰে চলাই আছে। সমিতিৰ উদ্দেশ্য একেলগ লাগি আলোচনা, সদগ্ৰন্থ পাঠ, প্ৰবন্ধ পাঠ, সঙ্গীত, ইত্যাদিৰ দ্বাৰা মহিলাবিলাকৰ ভিতৰত জ্ঞান, নীতি আৰু ধৰ্ম্মভাব ফুটাই তোলা। জাতি ধৰ্ম্ম নিৰ্ব্বিশেষে সকলো ভদ্ৰমহিলাই এই সভাৰ সভ্য হব পাৰে। সভ্যবিলাকে মাহিলী চাঁ‌দা দিব লাগে। এই চাঁ‌দাৰ পৰা ব্ৰাহ্মসমাজত, দৰিদ্ৰাশ্ৰমত আৰু বালিকাস্কুলত প্ৰাইজ দিয়া হয়। মাজে মাজে বিপন্ন মানুহকো সাহায্য কৰ হয়। সমিতিৰ সভ্য সংখ্যা এতিয়া ৩৫ জন। যোৱা বছৰত ১৯ দিন সভা হৈছিল। নবেম্বৰ মাহত বাৎসৰিক অধিবেশন হইছিল। শ্ৰীযুতা হেমপ্ৰভা দাস মহাশয়াই সভানেত্ৰীৰ আসনত বহিছিল। ইয়াত ভালেমান মহিলাই ৰচনা পাঠ কৰিছিল। তাৰ ভিতৰত সম্পাদিকা মহাশয়াৰ প্ৰবন্ধটো ৩য় বছৰৰ আসাম বান্ধৱৰ ১১শ সংখ্যাত ওলাইছে আৰু শ্ৰীযুতা হেমপ্ৰভা দাস মহাশয়াৰ প্ৰবন্ধটো পৰিবৰ্দ্ধিত আকাৰে এইবাৰৰ 'বান্ধৱ'ত ওলাইছে। এই সভাত প্ৰায়বিলাক সভ্যই বাঙ্গালী। আমি আশাকৰো যে এই সভাত আমাৰ অসমীয়া মহিলাইও বেচি কৰি যোগ দান কৰি আমাৰ দেশৰ কল্যাণকৰ কাৰ্য্যত সহায় হই আমাৰ সুশুপ্ত দেশক জগাই দিয়ে। তেওঁবিলাকৰ সহায় ব্যতিৰেকে আমাৰ দেশৰ মঙ্গল নাই। (পৃষ্ঠা ৪০, আসাম-বান্ধৱ, ৪ৰ্থ বছৰ, ১ম সংখ্যা, ফাগুন মাহ, ১৩১৯)

Friday, January 14, 2022

 

সূতিকা-পটলৰ ১৯০৮ চনৰ সংস্কৰণৰ নাম-পত্ৰ


সূতিকা পটল আৰু ঊনবিংশ শতিকাৰ অসমৰ সাহিত্য-পৰম্পৰা


"গোবিন্দৰ পদ চিন্তি শ্ৰীগোবিন্দ দাস

ৰচিলে পয়াৰ ইতো, নহবা নিৰাশ।"

গোবিন্দৰাম চৌধুৰী(১৮২৬--১৮৯৬)য়ে অনুবাদ কৰা 'সূতিকা পটল'ক ঊনবিংশ শতিকাৰ অসমৰ সাহিত্য-পৰম্পৰাৰ এক অভূতপূৰ্ব, বিৰল আৰু আমোদজনক সংযোজন হিচাপে চিহ্নিত কৰিব পাৰি।এই পুথি যি মূল গ্ৰন্থক আধাৰ হিচাপে লৈ অনূদিত হৈছিল, সেই গ্ৰন্থ ৰচিত হৈছিল আধুনিক বাংলাত, কথোপকথনৰ ভংগীত।কিন্তু অসমীয়ালৈ অনুবাদ কৰোঁ‌তে অনুবাদকে আশ্ৰয় ল'লে পুৰণি পদপুথিৰ ভাষা আৰু শৈলীৰ।সমসাময়িক ভাৰতীয় আন ভাৰ্নেকুলাৰত এনে ঘটনা ঘটিছিলনে নাই সন্দেহ আছে।এই অনুবাদে এফালে ঊনবিংশ শতিকাৰ শেষাৰ্ধতো অসমৰ সমাজ-জীৱনত পুৰণি পদপুথিৰ সজীৱ পৰম্পৰাৰ উপস্থিতি ঘোষণা কৰে, আনহাতে পাশ্চাত্য শিক্ষাৰে শিক্ষিত মধ্যবিত্তৰ তৎপৰতাত নিৰ্মীয়মান সমমানৰ (standardised) আৰু ছপাৰূপৰ অসমীয়া ভাৰ্নেকুলাৰৰ গ্ৰহণযোগ্যতাৰ প্ৰতি কেতবোৰ প্ৰশ্ন দাঙি ধৰে।

      ডাক্তৰ যদুনাথ মুখোপাধ্যায় প্ৰণীত "ধাত্ৰী-শিক্ষা এবং প্ৰসূতি-শিক্ষা"ৰ প্ৰথম ভাগ প্ৰথম প্ৰকাশ হৈছিল ১৮৬৭ চনত।দুয়োটা খণ্ড একত্ৰে একে শিৰোনামেৰে প্ৰকাশ হৈছিল ১৮৭১ চনত।ইয়াৰে প্ৰথম ভাগ গোবিন্দৰাম চৌধুৰীয়ে "কামৰূপী ভাষা"ত পদ কৰিছে।'গ্ৰন্থকাৰৰ ভূমিকা'ত লেখকে লিখিছেঃ

      "গৰ্ভ অৱস্থাৰ সাবধানতা, প্ৰসৱৰ ব্যবস্থা, শিশুপালন, তাৰ ৰোগৰ কাৰণ বা ঔষধ কামৰূপী স্ত্ৰীলোক সকলে নাজানে।

      সেই কাৰণে শৰীৰত আৰু মনত মহাকষ্ট ভোগ কৰে।আকে জানি মহাত্মা যদুনাথ ডাক্তৰৰ কৰা "ধাত্ৰী শিক্ষাৰ" প্ৰথম ভাগৰ কামৰূপী ভাষায়ে সস্তা কথা দি পদ কৰিলোঁ‌।

      গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে।তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।"

      যদুনাথ মুখাৰ্জীৰ গ্ৰন্থখন "চিদানন্দে" আনি দিয়া বুলি অনুবাদকে উল্লেখ কৰিছে। গোবিন্দৰাম চৌধুৰীৰ ভতিজাক আৰু গুৱাহাটীৰ প্ৰথমটো ছপাশাল 'চিদানন্দ প্ৰেছ'(প্ৰতিষ্ঠা ১৮৭২ চন)ৰ স্বত্বাধিকাৰ চিদানন্দ চৌধুৰীয়েই 'সূতিকা পটল'ত উল্লিখিত "চিদানন্দ"।একাধিকবাৰ তেওঁৰ নাম উল্লেখ কৰা হৈছে পুথিখনত যেনেঃ

      সু-সাধু ভাষাৰ আৰ মূলগ্ৰন্থ খানি।

      চিদানন্দে পদ্য কৰিবাক দিলা আনি।।

      স্ত্ৰীগণে বুঝিব হেন তাৰ অভিলাষ।

      বুঝিলে হোৱয় তাৰ মনত উল্লাস।।

      মোৰ ভ্ৰাতৃ পুত্ৰ চিদা স্নেহৰ ভাজন।

      এতেকতে পদ্য ৰচনাত দিলোঁ‌ মন।।(পৃষ্ঠা ১-২)

      বা

      এড়ি অন্য ভাৱ,  কৰি ভক্তি ভাৱ,

              ভাৱা সেই চিদানন্দে।

      ভাৱি শ্ৰীগোবিন্দ,   ৰচিল গোবিন্দ,

               যি কহিল চিদানন্দে।।(পৃষ্ঠা ১১)

পুথিৰ শেষত কাইথেলী অংকেৰে পুথিখনৰ ৰচনাৰ কাল নিৰ্দেশ কৰা হৈছেঃ

        ৰস ৰস সাগৰ সূত অঙ্ক।

        গোবিন্দ চৌধুৰী শঁ‌ক বলয় নিশঙ্ক।।

ৰস=৬/৯ সাগৰ =৭ আৰু সূত (সূতল?)=১ ধৰিলে ৬৬৭১ (ওলোটালে ১৭৬৬ শক অৰ্থাৎ ১৮৪৪ খ্ৰীষ্টাব্দ) বা ৯৯৭১ (ওলোটালে ১৭৯৯ শক অৰ্থাৎ ১৮৭৭ খ্ৰীষ্টাব্দ)।যদুনাথ মুখাৰ্জীৰ মূল গ্ৰন্থখনেই যিহেতু ১৮৬৭ চনত প্ৰথম প্ৰকাশ হৈছে, সেয়ে ১৮৪৪ খ্ৰীষ্টাব্দ হ'ব নোৱাৰে।গতিকে গোবিন্দৰাম চৌধুৰীয়ে ১৮৭৭ খ্ৰীষ্টাব্দত 'কামৰূপী ভাষা'ত এই পুথি অনুবাদ কৰিছিল।

অনুবাদ-ৰীতিৰ ক্ষেত্ৰত মূলৰ বক্তব্য বিষয় সংক্ষেপকৈ ভাবানুবাদ কৰা দেখা যায়।পুথিখনৰ আৰম্ভণিৰফালৰ পদৰপৰা উদাহৰণ দাঙি ধৰা হ'লঃ

              গৰ্ভৱতীক দিবৰ জুলাপ।

           লক্ষ্মী বোলে নিয়মিত শৌচ নহইলে।

           শৌচ কৰাবাক লাগে "ক্যাষ্টেৰ অইলে"।।

           দুই বা আড়াই তোলা আৰ পৰিমাণ।

           অধিক নেদিবা আত হৱা সাৱধান।।

           পাচ তোলা তপ্ত দুগ্ধে তাক মিশলাই।

           খুৱাইবা সেই তৈল তাত ভয় নাই।।

           ভেদৰ নিমিত্তে অন্য ঔষধ আছয়।

           নিদিবা সিসব বহু ভেদৰ সংশয়।।

           বিনোদিনী বোলে বহু ভেদে কি সংশয়।

           লক্ষ্মী বোলে বহু ভেদে গৰ্ভ নষ্ট হয়।।(পৃষ্ঠা ৩)

মূলপাঠঃ

লক্ষ্মী। ৰোজ তাৰ যাতে দাস্ত পৰিষ্কাৰ হয় তা কোৰো।কোষ্ঠ বদ্ধ হলে আধ ছটাক খানেক ক্যাষ্টৰ অইল খাইয়ে দিও।

ক্যাষ্টৰ অইল ভিন্ন অন্য কোন জোলাপ দিও না।যাতে বেশী দাস্ত হয় এমন জোলাপ দেয়া বড় দোষ।

বিনোদিনী।  আচ্ছা বেশী দাস্ত হলে কি হয়?

লক্ষ্মী।   দাস্ত বেশী হলে গৰ্ভপাত হতে পাৰে।

বি।  ওঃ তবে ত জোলাপ টোলাপ বেশ বিবেচনা কৰে দেয়া উচিত।

ভাল, আমাদেৰ যে বলে, গৰ্ভ হলে অসুদ দিতে নাই, সে কথাটা কেমন?

ল।  সে আমাদেৰ ভুল। তোমৰা ভাব যে অসুদ দিলিই বুঝি গৰ্ভ নষ্ট হয়।কিন্তু তা নয়। যাতে গৰ্ভ নষ্ট হয় তাই কেবল দেবে না। তা ভিন্ন অসুদ দিতে দোষ কি? আহা বৈদ্যৰা সাহস পুৰে অসুদ দিতে পাৰিনি বলে কত পোয়াতি মাৰা পড়েছে।পোয়াতিৰ ব্যাম স্যাম হলে অসুদ দিয়ে তাকে আগে আৰাম কৰা উচিত।নৈলে একেৰ দায়ে দুটিই যায়। বুঝ্তিই পাচ্যো।

বি।  তাই ভ। আমাদেৰ ত তবে এটা বড় ভুল ভাল এখন ইস্তক আৰ ও কথা শোনা হবে না।আচ্ছা, ক্যাষ্টৰ অইল খাওয়াতে বল্যে, পোয়াতিতে তা কেমন কৰে খাবে?

ল।  কেন?

বি।  ও যে গেলা যায়না। গন্ধেতেই ন্যাকাৰ আসে। আৰ যে বেজল বেজল?

ল।  ছটাক খানেক কি ছটাক দেড়েক গৰম দুদেৰ সঙ্গে মিশিয়ে খেলে আৰ ও ৰকম গন্ধ টন্ধ টেৰ পাওয়া যায় না। বেশ খাওয়া যায়।

বি। গৰম দুদেৰ ভাবেতে বুঝি ও গন্ধটা লুকোয়।আৰ ওৰ সঙ্গে মিশুলে বুঝি অত আটা আটা ও থাকে না?

ল। হ্যাঁ‌, ঠিক বলেচ।

বি।  তবে আৰ কি? অত বড় মন্দফিকিৰ শেখা থকল্যো না।তাৰ পৰ আৰ কি নিয়ম বলব্যে, বল।

ল। বলি! (পৃষ্ঠা ৩)

আনহাতে গোটেই পুথিখনতে লেখকে এটা ছন্দই ব্যৱহাৰ কৰা নাই।দুলড়ীৰ প্ৰয়োগ চাওকঃ


                  সূতিকা গৃহ।

লক্ষ্মী বোলে ঘৰ,        মুক্ত স্থানে কৰ,

            দুৰ্গন্ধ কাষে নথাকে।

পৰিষ্কাৰ স্থান,         ভিটি পৰিমাণ,

            ময় বোলোঁ‌ শুনা তাকে।।

দৈৰ্ঘ্যে বাৰ হস্ত,       ছয় হাত প্ৰস্থ,

             উচ্চত হাত আড়াই।

শুকান ভিটিত,        হোৱে বহু হিত,

             ভিজাত সকাম নাই।।

বেড়িবা চৌফালে,    মুছিবাহা ভালে,

              ৰাখিবা খিৰকী তাতে।

বেড়াতে মুঁ‌ধাৰ,      খিৰকীৰ দ্বাৰ,

              কাটা সম সূত্ৰপাতে।। 

....

লক্ষ্মী বোলে কথা,    দ্বাৰ হব যথা,

            কহোঁ‌ মনে হৈল ভালে।

হৈলে বৰ্ষাকাল,       পূৰ্ব্বদ্বাৰ ভাল,

             তথৈবচ শীতকালে।।

শাস্ত্ৰ অভিমত,         গ্ৰীষ্ম সময়ত,

              দক্ষিণে দুৱাৰ কৰা।

সুযুক্তি বচন,            দিয়া আতমন,

              আক দৃঢ় কৰি ধৰা।।(পৃষ্ঠা ৯)

মূলপাঠঃ

বি। আচ্ছা কেমন জায়গায় আঁ‌তুড় ঘৰ বাধব্যো?

ল।  জায়গাটী খুব ভাল হওয়া চাই।

বি।  ভা কি ৰকম?

ল।  জায়গাটী পৰিষ্কাৰ পৰিছন্ন হবে, আৰ নিকটে কোন খানে দুৰ্গন্ধ থ্যাকবে না। আৰ তাৰ চাৰি দিক বেশ খোলা থাকব্যে।

আঁ‌তুড় ঘৰেৰ মেজে খুব শুকন হওয়া চাই। স্যাঁ‌ত সেতে হওয়া বড় দোষ। সূতিকা ঘৰ খানি প্ৰশস্ত হওয়া ভাৰি আবশ্যক। মেজেটী লম্বে দশ বাৰো হাত ও আড়ে পাঁ‌চ ছ হাত হলেই ভাল হয়।ঘৰেৰ পোতা দু হাত আড়াই হাত উচ না কল্যে মেজে শুকন হবে না। এ ছাড়া দিন থাকত্যে ঘৰ তয়েৰ কৰে ৰাখল্যে মেজেটী শুকন খট খটে হয়ে থাকব্যে। শীত কালে আৰ বৰ্ষা কালে পূৰ্ব্ব দ্বাৰি ও গ্ৰীষ্ম কালে দক্ষিণদ্বাৰি সূতিকা ঘৰ ভাল। ঘৰেৰ উত্তৰ দক্ষিণে দুইটী ৰুজু ৰুজু জানলা থাকা চাই। তা ঝাঁ‌পেৰ বেড়াই হোক্ আৰ মাটি ইটেৰ দেয়ালেই হোক্।(পৃষ্ঠা ২১-২২)

ধাত্ৰী-শিক্ষাৰ নাম-পত্ৰ


অনুবাদকৰ পৰিচয়

গোবিন্দৰাম চৌধুৰীৰ বিষয়ে সাহিত্যৰ ইতিহাসত পাবলৈ নাই। তেওঁৰ নাতি, 'বিদ্ৰোহী কবি' প্ৰসন্নলাল চৌধুৰীয়ে লিখা " সূতিকা পটলৰ লিখক গোবিন্দৰাম চৌধুৰী" শীৰ্ষক নিৱন্ধটিয়েই গোবিন্দৰাম চৌধুৰী সম্পৰ্কত লিখা একমাত্ৰ নিৰ্ভৰযোগ্য লেখা বুলিব পাৰি।অৱশ্যে পৰৱৰ্তী কালত অনিল ৰায়চৌধুৰী(১৯২৬--২০২০)য়েও চৌধুৰী সম্পৰ্কত এটি নিৱন্ধ লিখে।

গোবিন্দৰামৰ পিতৃ হৰিপ্ৰসাদ চৌধুৰী হাদিৰা চকীৰ চকীয়াল অৰ্থাৎ সীমান্ত নিৰাপত্তাৰ দায়িত্বত থকা ৰাজ কৰ্মচাৰী আছিল।সেই সূত্ৰেই আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালৰ লগত চৌধুৰীৰ ঘনিষ্ঠতা হৈছিল। হৰিপ্ৰসাদ চৌধুৰীয়ে বেজালিও কৰিছিল আৰু 'ওজা চৌধুৰী'ৰূপে বিখ্যাত হৈ পৰিছিল। প্ৰসন্নলাল চৌধুৰীয়ে লিখা মতে গোবিন্দৰাম চৌধুৰীৰ ফাৰ্ছী আৰু বাংলা ভাষাত ব্যুৎপত্তি আছিল। বৰপেটাত থাকোঁ‌তে চৌধুৰীৰ ঘৰলৈ আনন্দৰাম ঢেকিয়াল ফুকনৰ সততে অহা-যোৱা হৈছিল আৰু উভয়ে নানান সাংস্কৃতিক আলোচনাত ৰত হৈছিল।প্ৰসন্নলাল চৌধুৰীয়ে লিখিছে, "চৌধুৰীয়ে সেই সময়ৰ কলিকতাৰ 'বঙ্গদৰ্শন', 'সমাচাৰ দৰ্পণ', 'বেদব্যাস', 'তত্ত্ববোধিনী পত্ৰিকা' আদি আলোচনী নিয়মিতভাৱে পঢ়িছিল আৰু চিঠি-পত্ৰৰ দ্বাৰাও এই লিখকগোষ্ঠীৰ লগত সম্পৰ্ক ৰাখি চলিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে বৰপেটাত থাকোঁ‌তে আইন সংক্ৰান্ত ইংৰাজী গ্ৰন্থসমূহ বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল আৰু এই সম্পৰ্কে গোবিন্দৰাম চৌধুৰীয়ে তেওঁক হাতে কামে সহায় কৰিছিল।" (পৃষ্ঠা ৮২০, প্ৰসন্নলাল চৌধুৰী ৰচনাৱলী)

গুণাভিৰাম বৰুৱাই লিখিছে, "সত্ৰ আৰু আন ঠাইৰ মহন্ত আৰু আন ভদ্ৰলোকসকল তেওঁ(ঢেকিয়াল ফুকন)ৰ তালৈ গৈছিল। সুন্দৰীদিয়াৰ আতিৰাম বৰুৱা আৰু ব্ৰহ্মচাৰী বাবাৰ দিনত হাদীৰা চকিত কৰ্ম্ম কৰা হৰিপ্ৰসাদ চৌধুৰী আৰু গঙ্গাপ্ৰসাদ চক্ৰৱৰ্ত্তী মাজে মাজে আহিছিল। সেই সকলৰ মুখে তেওঁ নানাবিধ গল্প শ্ৰৱণ কৰিছিল।

...ব্লাকইষ্টোনচ কমেণ্টৰী অৰ্থাৎ ইংলণ্ডৰ আইনৰ সাৰ সংগ্ৰহ নামে পুস্তকৰ আদৰ্শেৰে বঙ্গদেশৰ আইন আৰু ব্যৱস্থাৰ সাৰ সংগ্ৰহ প্ৰস্তুত কৰিবলৈ ফুকনৰ মন হ'ল। সেই কাৰণে তেওঁ সেইৰূপে পুস্তক প্ৰচাৰৰ পক্ষে যত্ন কৰিবলৈ ধৰিলে। গবৰ্ণমেণ্টৰ প্ৰচাৰিত যাবতীয় আইন আৰু কনষ্ট্ৰকচন চাৰ্কুলাৰ আৰু অনেক চাহাবসকলে কৰা হিন্দু আৰু মুচলমানৰ ব্যৱস্থা ইত্যাদি চাবলৈ ধৰিলে। বৰপেটাত এই বিষয়ে তেওঁ সময় আৰু সুবিধা পাইছিল। সেইসকল পুথি চাই ক্ৰমে তেওঁ তাক বঙ্গলা ভাষাত অনুবাদ কৰিবলৈ ধৰিলে। হৰিপ্ৰসাদ চৌধুৰীৰ পুতেক গোবিন্দৰামৰ হস্তাক্ষৰ ভাল আছিল। সেই অনুবাদ ৰচনা গোবিন্দৰামে নকল কৰিবলৈ ধৰিলে।" (পৃষ্ঠা ১১৫-১১৬, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ, ১৯৭১)

লক্ষীনাথ বেজবৰুৱাই গোবিন্দৰাম চৌধুৰীপৰ কথা লিখিছে এনেদৰে, "গুৱাহাটীৰ ভদ্ৰলোকসকলৰ ভিতৰত উকিল শ্ৰীমন্ত সেন, যশোমন্ত সেন, এই দুজনৰ কথা আৰু গোবিন্দৰাম চৌধুৰীৰ কথা মোৰ মনত আছে।এওঁ‌লোক আমাৰ ঘৰলৈ সততে আহিছিল আৰু দেউতাৰ আদৰৰ পাত্ৰ আছিল। গোবিন্দৰাম চৌধুৰী ওখ, ডাঙৰ আৰু দেখিবলৈ সভা শুৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দৰাম চৌধুৰী চকুত পৰা চেহেৰাৰ লোক।(পৃষ্ঠা ২৪, মোৰ জীৱন-সোঁ‌ৱৰণ)


১৯০৮ চনৰ সূতিকা পটলৰ সংস্কৰণ

১৮৭৭ চনতে অনূদিত পুথিখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিল সঠিককৈ জনা হোৱা নাই। আমাৰ হাতত থকা পুথিখন ১৯০৮ চনত নবীনচন্দ্ৰ তালুকদাৰে তেওঁৰ স্বৰ্গীয়া পত্নী যজ্ঞেশ্বৰী দেবীৰ নামে প্ৰকাশ কৰা।পুথিখনৰ একমাত্ৰ এজেণ্ট আছিল নলবাড়ীৰ অমৃত এজেঞ্চি।কলিকতাৰ ৫১।২ নং চুকীয়া ষ্ট্ৰীটৰ মণিকা যন্ত্ৰত হেমচন্দ্ৰ দেৰদ্বাৰা মুদ্ৰিত হৈছিল।বেচ আছিল চাৰিঅনা।মুঠ পৃষ্ঠাসংখ্যা ১১০।নবীনচন্দ্ৰ তালুকদাৰে আঘোণ, ১৩১৫ চন (ইং ১৯০৮)ত লিখিছে যে "গ্ৰন্থকাৰৰ সুযোগ্য পুত্ৰ ঁ‌শ্যামলাল চৌধুৰী চব ডিপুটি কলেক্টৰে তিনমাহ আগতে এই পুথিৰ সকলো স্বত্ত্ব আমাক এড়ি দিছে।" তালুকদাৰে অৱশ্যে প্ৰথম বা দ্বিতীয় সংস্কৰণ কিবা আছিল যদিও উল্লেখ কৰা নাই। ১৮৭৭ চনতে অনূদিত পুথিখন ১৯০৮ চনলৈ প্ৰকাশ নোহোৱাকৈ নিশ্চয় নাছিল। গোবিন্দৰাম চৌধুৰী আছিল প্ৰতিপত্তি থকা লোক, তাতে গুৱাহাটীৰ 'চিদানন্দ প্ৰেছ'ৰ গৰাকী চিদানন্দ চৌধুৰী আছিল সূতিকা পটলৰ অনুবাদৰ আঁ‌ৰৰ মানুহ। প্ৰসন্নলাল চৌধুৰীয়ে এই পুথিখন "গাঁ‌ৱলীয়া মহিলাৰ মাজত প্ৰচাৰ কৰাৰ মানসেৰে সাঁ‌চিপতীয়া পুথিৰ আকাৰত প্ৰকাশ কৰে"(পৃষ্ঠা ৮২০) বুলি উল্লেখ কৰিছে।১৯০৮ চনৰ সংস্কৰণটো যিহেতু সাঁ‌চিপতীয়া পুথিৰ আকাৰত প্ৰকাশ কৰা নাছিল, নিশ্চয় আগৰ সংস্কৰণৰ কথাই চৌধুৰীয়ে উল্লেখ কৰিছে।উল্লেখ্য যে, ১৮৭৭ চনত সাঁ‌চিপতীয়া পুথিৰ আকাৰত মাধৱদেৱৰ ভক্তি ৰত্নাৱলীখন 'চিদানন্দ প্ৰেছ'ত মুদ্ৰিত হৈছিল।

১৯০৮ চনৰ সংস্কৰণটো প্ৰকাশ কৰাৰ অন্তৰালত প্ৰকাশকৰ এটি মহৎ উদ্দেশ্য লুকাই আছিল। এই কথাও অসমীয়া গ্ৰন্থৰ ইতিহাসত গুৰুত্বপূৰ্ণ। নবীনচন্দ্ৰ তালুকদাৰৰ পৰিবাৰ, বেলতলাৰ কোচৰজাৰ জীয়ৰী যজ্ঞেশ্বৰী দেৱীয়ে অকালতে ১৯০৮ চনৰ ভাদ মাহত প্ৰাণ ত্যাগ কৰে।তালুকদাৰে লিখিছে, "যজ্ঞেশ্বৰী দেবী মৃত্যুৰ সময়ত কিছুমান সঞ্চিত ধন এৰি থৈ যায়। এই খিনি হাঁ‌হ, পাৰা, ছাগল প্ৰভৃতি পুহি তেওঁ নিজে উপাৰ্জ্জন কৰা ধন। সেই বাবে এই খিনি তেওঁৰ স্মৃতিৰ অৰ্থে কোনো সদ্ কামত ব্যয় কৰা আমাৰ কৰ্ত্তব্য আছিল।পুত্ৰ সন্তান এটি প্ৰসৱ কৰি ঁ‌যজ্ঞেশ্বৰী দেবীৰ মৃত্যু হোৱাৰ সমান দুখ লগা কথা তেওঁৰ জ্ঞাতি-বান্ধৱসকলৰ ওচৰত একো নাই। এই দৰে যে আমাৰ নজনা দেশত কিমান তিৰোতাই ইষ্টমিত্ৰক কন্দুৱাই অকাল মৃত্যুত প্ৰাণত্যাগ কৰিব ধৰিছে তাৰ সংখ্যা নাই। সেই দেখি এই পুথি খন ছপাই তেওঁ যি কালৰোগত পৰি ইহলীলা সম্বৰিলে, তাক দমন কৰিবলৈকে অলপমানো সহায় কৰি অসমীয়া তিৰোতাক ডাঙৰ বিপদ এটিৰ পৰা উদ্ধাৰৰ এটি সঙ্কীৰ্ণ পথ দেখাই দিব পৰাতকৈ একো ভাল স্মৃতি চিহ্ন হ'ব নোৱাৰে জানি, এই পুথিখন তেওঁৰ নামে ছপা কৰা হ'ল। সেইবাবেই ইয়াৰ মূল্য সম্ভৱমতে সস্তা কৰা হৈছে।"


'নতুন ভাৰ্নেকুলাৰ' আৰু পুৰণি পদপুথি

     কোনবোৰ সামাজিক-সাংস্কৃতিক পটভূমিত গোবিন্দৰাম চৌধুৰীয়ে বাংলা গদ্যপুথি এখন পুৰণি পদৰ আৰ্হিত অনুবাদ কৰিলে সি নিশ্চয় বিচাৰ্য বিষয়। "সূতিকা পটলে" ঊনবিংশ শতিকাৰ বৌদ্ধিক ইতিহাসৰ লগতে সাহিত্যৰ ইতিহাসকো নকৈ চাবলৈ অনুপ্ৰেৰণা যোগাব। প্ৰিণ্ট, পঢ়ুৱৈসমাজ আদিৰ ইতিহাসে এই ক্ষেত্ৰত সহায় কৰিব।

     ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত ছপা বা প্ৰিণ্টে অসমীয়া পঢ়ুৱৈ সমাজক এক অভূতপূৰ্ব অভিজ্ঞতাৰ সৈতে পৰিচয় কৰাই দিছিল।১৮২০ (১৮১৩ নহয়) চনত শ্ৰীৰামপুৰ মিছন প্ৰেছৰপৰা উইলিয়াম কেৰি আৰু আত্মাৰাম শৰ্মাৰ যৌথ প্ৰচেষ্টাত প্ৰকাশিত "অসমীয়া ধৰ্ম্মপুস্তক"-এ কেইবাশতিকা ধৰি চলি অহা অসমীয়া পৰম্পৰাগত ভাৰ্নেকুলাৰৰ ঠাইত 'নতুন ভাৰ্নেকুলাৰ' (New Vernacular)ৰ শুভাৰম্ভণি ঘটাইছিল।পৰৱৰ্তী কালত আমেৰিকান বেপ্তিষ্ট মিছনাৰীসকলৰ উদ্যোগত এই নতুন ভাৰ্নেকুলাৰৰে আন এটি সজীৱ তৰংগ যুক্ত হৈছিল 'অৰুনোদই' সম্বাদ-পত্ৰ আৰু আন পুথি প্ৰকাশৰ যোগেদি।প্ৰিণ্টে জন্ম দিয়া এই 'নতুন ভাৰ্নেকুলাৰ' সৃষ্টিত  পৰম্পৰাগত পদপুথি, সপ্তদশ-অষ্টাদশ শতিকাৰ গদ্য (ভট্টদেৱ-চৰিত পুথিৰ সত্ৰীয়া গদ্য আৰু বুৰঞ্জী পুথিৰ গদ্য--এই দুয়োটা ধাৰাৰ) আৰু সমসাময়িক কথ্যভাষা--এই তিনিসুঁ‌তিৰদ্বাৰা কিমান দূৰ প্ৰভাৱান্বিত হৈছিল সি এই পৰ্যন্ত অনুসন্ধানৰ বিষয় হৈ ৰৈছে।আনহাতে এই ছপাসৃষ্ট ভাৰ্নেকুলাৰ যিহেতু মূলতঃ মিছনাৰী আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত (আত্মাৰাম শৰ্মা ব্যতিক্ৰম) লোকসকলৰ উদ্যোগত ঠন ধৰি উঠিছিল, স্বাভাৱিকতে এই ক্ষেত্ৰত, বিশেষকৈ বাক্যৰ গঠনৰ ক্ষেত্ৰত ইংৰাজী ভাষাৰ প্ৰভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল(বাক্যতাত্ত্বিক অধ্যয়নে এই প্ৰভাৱৰ ভালেখিনি দিশ পোহৰলৈ অনাৰ সম্ভাৱনা)।এই ভাৰ্নেকুলাৰ যিহেতু ছপামাধ্যমৰ যোগেদি সৃষ্টি হৈছিল, সমান্তৰালভাৱে ইয়াৰ সমমানকৰণ (standardisation)ৰো ব্যৱহাৰিক প্ৰয়োজনীয়তা আহি পৰিছিল (নেথন ব্ৰাউনৰ প্ৰচেষ্টা আৰু তেখেতে Grammatical Notices of the Asamese Language, ১৮৪৮--ৰ পাতনিত ছপা অসমীয়া ভাৰ্নেকুলাৰৰ আখৰ-জোঁ‌টনিৰ বিষয়ে আগবঢ়োৱা মন্তব্য স্মৰণীয়।)।আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা--এই তিনিগৰাকী পাশ্চাত্য শিক্ষাৰে শিক্ষিত প্ৰথমৰ ফালৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধিস্থানীয় সাহিত্যিকে বেলেগ বেলেগ ধৰণে নিৰ্মীয়মান 'নতুন ভাৰ্নেকুলাৰ'ক সমৃদ্ধ কৰিছিল ঊনবিংশ শতিকাৰ পঞ্চমটো দশকৰ শেষ ভাগৰপৰা বিংশ শতিকাৰ আৰম্ভণী বৰ্ষটোলৈকে (১৮৪৮ চনত অসমিয়া লৰাৰ মিত্ৰ প্ৰকাশৰপৰা ১৯০০ চনত হেমকোষ প্ৰকাশলৈকে)।এই 'নতুন ভাৰ্নেকুলাৰ' বা 'আধুনিক অসমীয়া ভাষা/গদ্য' ফলে-ফূলে জাতিষ্কাৰ হৈ উঠিছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ (জন্ম ২৫ আগষ্ট, ১৮৮৮ চন) মুখপত্ৰ জোনাকী(১৮৮৯ চনৰপৰা প্ৰকাশিত)ৰ পাতত।অসমীয়া ভাষা-সাহিত্যই 'অৰুনোদই'ৰ যোগেদি পাশ্চাত্য সাহিত্য-পৰম্পৰাৰ ভালেমান genre ৰ সৈতে পৰিচিতি লাভ কৰি জোনাকীৰ পাতত জাতীয়তাবাদৰ নিৰ্মাতা-লেখকসকলৰ যোগেদি পাশ্চাত্য সাহিত্যৰ genre সমূহৰ এক সমৃদ্ধৰূপ প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলে।

বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পুথিভঁ‌ৰালত সংৰক্ষিত সাঁ‌চিপাতৰ আৰ্হিত মুদ্ৰিত ভক্তি-ৰত্নাৱলী  (১৮৭৭)ৰ   এখিলা পাত


       কিন্তু এইখিনিতে কেইটামান প্ৰশ্ন হয়, দ্বন্দ্বমুখৰ ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰিণ্টৰ জৰিয়তে সৃষ্টি হোৱা 'নতুন ভাৰ্নেকুলাৰ' আৰু ই লৈ অনা পাশ্চাত্য সাহিত্যৰ নানাটা genre ৰ প্ৰতি সমসাময়িক পঢ়ুৱৈ সমাজৰ (Reading Public) সঁ‌হাৰি কেনে আছিল?ছপাৰ উত্থানৰ লগে লগে 'পুৰণি ভাৰ্নেকুলাৰ' (বা মূলতঃ পদপুথিৰ ভাষা) চৰ্চাৰ পৰম্পৰা অন্তৰ্ধান হৈ গৈছিলনে?এটা কথা স্পষ্ট যে 'নতুন' আৰু 'পুৰণি' ভাৰ্নেকুলাৰৰ ভাষিক মিল-অমিল যিয়েই নাথাকক, 'নতুন ভাৰ্নেকুলাৰ' আছিল মূলতঃ গদ্য আৰু ইয়াৰ মাধ্যম আছিল ছপা---আখৰ-জোঁ‌টনিৰ সমমান ৰূপ এটিৰে সৈতে ইয়াৰ আবিৰ্ভাৱ হৈছিল।বিপৰীতে, 'পুৰণি ভাৰ্নেকুলাৰ' মূলতঃ পদ্য, ইয়াৰ সমমান ৰূপ এটি ত্ৰয়োদশ শতিকামানতে নিৰ্মাণ হৈছিল। (কিদৰে এই প্ৰক্ৰিয়া সাধিত হৈছিল, কমতাধিপতি দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰচিত হেম সৰস্বতীৰ 'প্ৰহ্ৰাদ চৰিত্ৰ'ৰ ভাষাৰ সৈতে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰচিত মাধৱ কন্দলীৰ 'ৰামায়ণ'ৰ ভাষা আৰু মূল শৈলীৰ সাদৃশ্য কি কাৰণত দেখা গ'ল, কাল-স্থানৰ পাৰ্থক্য সত্বেও?এই সমমান ৰূপকে আধাৰ কৰি পৰৱৰ্তী কালৰ বৈষ্ণৱ কবিসকলে কিদৰে পুৰণি অসমীয়া ভাষা-সাহিত্য সমৃদ্ধ কৰিলে?এইসমূহ দিশ আজিকোপতি বিশদভাৱে অধ্যয়ন কৰা হোৱা নাই।)'পুৰণি ভাৰ্নেকুলাৰ' চৰ্চাৰ মাধ্যম আছিল সাঁ‌চিপাত (কাচিৎ তুলাপাত, ঊনবিংশ শতিকাত 'কোম্পানী পেপাৰ'লৈ ই সম্প্ৰসাৰিত হৈছিল), আখৰ-জোঁ‌টনিৰ ক্ষেত্ৰত হৰণ-ভগন প্ৰায়ে হৈছিল (ব্ৰাউনৰ "Although, as a spoken language, the Asamese has been fixed in its present form for centuries, it appears never to have been written on any settled and uniform principles of orthography", পৃষ্ঠা vii, Grammatical Notices of the Asamese Language, মন্তব্য দ্ৰষ্টব্য) যদিও মধ্যযুগৰ পণ্ডিত-লেখকৰ চকুত পুথি নকল কৰোঁ‌তাৰ এনে প্ৰমাদ চকুত নপৰাকৈ থকা নাছিল (যেন মতে লিখি আছে তেমনে পঢ়ন্ত।/কি পঢ়স বুলি খঙ্গি মাধৱে মাতন্ত।।/লাঠিকাটা 'জ' দিবে লাগয় যথাত।/পুখুৰীয়া 'য' দি আছন্ত তথাত।।/পুখুৰীয়া লাগৈ যথা লাঠিকাটা তাত।/বৰ 'ও' দিলে 'ঞ' লাগে জানা যাত।।/'ইয়' দিলে 'উৱ' যত লাগয় দিবাক।/'ৱ'ৰ ঠাইত বৰ 'ও' যে দিলেক।।)

       আধুনিক অসমীয়া ভাষা-সাহিত্যৰ আৰম্ভণ বুলিলে ঔপনিৱেশিক আমোলৰ আৰম্ভণি, বেপ্তিষ্ট মিছনাৰী আৰু তেওঁলোকৰ উদ্যোগত ছপাযন্ত্ৰৰ আগমন, পাশ্চাত্য শিক্ষাৰ সূচনা আৰু পাশ্চাত্য সাহিত্যৰ genre সমূহৰ আমদানি আৰু চৰ্চাকে সাধাৰণতে গুৰুত্ব দিয়া হয় যদিও চতুৰ্দশ শতিকাৰ প্ৰাক-শংকৰী কবিসকলৰপৰা আৰম্ভ হোৱা পদপুথি-চৰ্চাৰ পৰম্পৰা (লিখা আৰু নকল কৰা) ঊনবিংশ শতিকাত ভেটা পৰিল নে সজীৱ ৰূপত 'নতুন ভাৰ্নেকুলাৰ'ৰ সমান্তৰালভাৱে ৰক্ষিত হ'ল তাৰ খা-খবৰ সাহিত্যৰ বুৰঞ্জীসমূহে আমাক তেনেদৰে দিয়া নাই।ডিম্বেশ্বৰ নেওগৰ বুৰঞ্জীত বাদে বাকীসমূহত উল্লেখেই নাই।দুই-এখনত যৎকিঞ্চিৎ উল্লেখহে আছে।

       তীৰ্থনাথ শৰ্মায়েই বোধকৰোঁ‌ ঊনবিংশ শতিকাৰ পদপুথি-চৰ্চাৰ এই দিশটোক প্ৰথমবাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিছিলঃ"... পুৰণি আৰ্হিত পদবন্ধে ৰচনা কৰা পুথিৰ সংখ্যাও এই শতিকাত অলপীয়া নাছিল।ঊনৈশ শতিকাত ৰচিত প্ৰাচীন পৰম্পৰাৰ বাহক পদ-পুথিৰ এটা সুকীয়া সঙ্কলনৰ আৱশ্যক হৈ পৰিব।"(ভূমিকা, ৰামনবমী-নাটক,সম্পাঃ যতীন্দ্ৰমোহন ভট্টাচাৰ্য,১৯৬৫) অৰ্থাৎ ছপাৰ আগমন আৰু নতুন ভাৰ্নেকুলাৰৰ উত্থানৰ সমান্তৰালভাৱে পুৰণি পদপুথিৰ চৰ্চা অব্যাহত আছিল।তলত ঔপনিৱেশিক সময়ছোৱাত ৰচিত কেইখনমাত্ৰ প্ৰখ্যাত পদপুথিৰ নাম উল্লেখ কৰা হ'লঃ

       (১) বেলিমাৰৰ বুৰঞ্জী, বিশ্বেশ্বৰ বৈদ্যাধিপ, ১৮৩৩-১৮৪৬ ৰ ভিতৰত ৰচিত

       (২) কলি ভাৰত, দুতিৰাম হাজৰিকা (১৮০৬--১৯০১), ১৮৬২

       (৩) কল্কি পুৰাণ, ঘনশ্যাম খাৰঘৰীয়া ফুকন (১৭৯৫--১৮৮০)

       (৪) ধৰ্ম্ম পুৰাণ, পৰশুৰাম দ্বিজ, ঊনবিংশ শতিকা

       (৫) বিষ্ণু পুৰাণ, পৰশুৰাম দ্বিজ, ঐ

       (৬) কেলি ৰহস্য,ললিতচন্দ্ৰ গোস্বামী (১৮৪৫--১৯৯০, নলবাৰীৰ নাৰায়ণপুৰ সত্ৰ)

       (৭) নল চৰিত্ৰ, পূৰ্ণকান্ত দেৱশৰ্মা (১৮৫৬--১৯২০), ১৮৮৯

       (৮) অনাদি-পাতন, পূৰ্ণকান্ত দেৱশৰ্মা (ঊনবিংশ শতিকাত ৰচিত আৰু ১৯২৮ চনত প্ৰকাশিত)

       (৯) খোবা খুবুনীৰ আখ্যান, ঐ

       (১০) কলঙ্ক ভঞ্জন, গোপীনাথ চক্ৰৱৰ্তী (নামনি অসম)

       (১১) হিতোপদেশী কাব্য, ৰঘুদেৱ গোস্বামী (জখলাবন্ধা সত্ৰ), ১৮৮০--১৮৮৬ ৰ ভিতৰত ৰচিত

       (১২) বৰ-চৰিত, দীননাথ বেজবৰুৱা (১৮১২--১৮৯৫)

       (১৩) বেজবৰুৱা বংশাৱলী, দীননাথ বেজবৰুৱা (প্ৰথম ভাগ) আৰু শ্ৰীনাথ বেজবৰুৱা (দ্বিতীয় ভাগ), ১৯২৭ চনত প্ৰকাশিত

       (১৪) সন্তমালা, দ্বাৰিকা দ্বিজ, ঊনবিংশ শতিকা

       (১৫) ঠাকুৰ আতা, হলিৰাম মহন্ত,১৯১৭ চনত প্ৰকাশিত

       (১৬) সূতিকা পটল, (অনুবাদ) গোবিন্দৰাম চৌধুৰী, ১৮৭৭

       ইয়াৰে পূৰ্ণকান্ত দেৱশৰ্মাই আধুনিক অসমীয়া গদ্যত কেইবাখনো পুথি আৰু দীননাথ বেজবৰুৱাই চিঠি-পত্ৰ, প্ৰৱন্ধাদি লিখিছিল।

       তাৎপৰ্যপূৰ্ণ যে, 'নতুন ভাৰ্নেকুলাৰ' সৃষ্টিৰ অন্যতম ভিত্তিস্বৰূপ 'অৰুনোদই'ত অসমীয়া খ্ৰীষ্টান নিধিৰাম কেওট বা নিধি লেভি ফাৰৱেলে আধুনিক গদ্যৰ সমান্তৰালভাৱে পদপুথিৰ আৰ্হিত ভালেমান খ্ৰীষ্টধৰ্মীয় পদ ৰচনা কৰিছিল। অসমীয়া লোকক খ্ৰীষ্টধৰ্মৰ প্ৰতি আকৰ্ষণৰ হেতু এই শৈলী ব্যৱহাৰ কৰিব পাৰে, কিন্তু একে সময়তে ফাৰৱেলৰ মনত সজীৱ হৈ থকা পৰম্পৰাগত পদপুথিৰ ভাষা-শৈলী আৰু সুৰেও নিঃসন্দেহে প্ৰভাৱান্বিত কৰিছিল। তলত ১৮৫১ চনৰ ফেব্ৰুৱাৰী মাহৰ 'অৰুনোদই'ত প্ৰকাশিত ন ল ফৰ নামত ৰচিত দীঘলীয়া পদৰপৰা কেইশাৰীমান চানেকি স্বৰূপে তুলি দিয়া হ'লঃ

       হিন্দু লোকে মানি থাকে নানা অৱতাৰ,

       অল্প কৰি কহোঁ‌ মই ব্ৰিতান্ত তাহাৰ।

       মত্স্য ৰুপে অৱতাৰ ভৈলা প্ৰথমতে,

       উধাৰিলা চাৰি বেদ প্ৰলয় জলতে।

       বা

       তুমি জদি পাপি হবা,  সেই নৰকতে জাবা,

               মনে মনে দেখাহা বুজিয়া;

        এতিয়া সময় আচে,   লোআ খ্ৰিষ্টে ত্ৰান জাচে,

              পাপ কৰ্ম সকলো চাৰিয়া।

        বা

        ধৰ্ম পথ ধৰা, তেজি পাপ হেৰা,

        ভজিও খ্ৰিষ্ট সৰন;

        পাপ অন্ধকাৰে কিয় ঘুৰি মৰে

        মুদিয়া দুটি নহয়?

        ...

        এই হেতু সুন, মোৰ নিবেদন,

        খ্ৰিষ্টত কৰা আস্ৰই;

        য়িচু বিনে আৰ নাহিকে উধাৰ,

        জানিবা নিচয়ে ভাই।(পৃষ্ঠা ৫১৯--৫২৩, অৰুনোদই, ১৮৪৬--১৮৫৪, সম্পাদনাঃ মহেশ্বৰ নেওগ,১৯৮৩)

        ওপৰৰ পদকেইফাকিত কীৰ্তন-নামঘোষাৰ সুৰ-লয়, ভাৱ-ভাষাৰ প্ৰভাৱ দেখদেখ। আনকি নিধিলেভিয়ে ৰচনা কৰা গদ্যৰ('নতুন ভাৰ্নেকুলাৰ') মাজতো পুৰণি পুথিৰ আৰ্হিৰ পদ দেখা যায়। ১৮৫১ চনৰ জুন সংখ্যা 'অৰুনোদই'ত প্ৰকাশিত 'খ্ৰিষ্টৰ কথাত তোমোলাকৰ মনে কি ধৰে?' শীৰ্ষক গদ্যৰচনাৰ মাজতে এই পদৰ অৱতাৰণা কৰা হৈছেঃ

        তেন্তে নিবেদন কৰোঁ‌, সুনা কৰ্ন পাতি,

        ব্ৰাহ্মন আৰু সুদ্ৰ আদি আচে জত জাতি;

        জি কৰিলে য়িচু খ্ৰিষ্টে জগত তাৰন,

        সুনা তাক বন্ধু, সুনা মধুৰ বচন।

        ...

        অতি বিতোপন কথা ধৰ্ম অৱতাৰ,

        জাহাৰ বিস্বাসে তৰে জগত সংসাৰ।

        আৰু বাৰ বিনয় পূৰ্বক কহোঁ‌ সুনা,

        খ্ৰিষ্টত আস্ৰই ললে এৰাবা জাতনা। (পৃষ্ঠা ৫৮৫, পূৰ্বোক্ত গ্ৰন্থ)


প্ৰিণ্ট, পৰম্পৰা আৰু পঢ়ুৱৈ সমাজ

প্ৰিণ্ট এখন যোগাযোগ-শূন্য আৰু সাহিত্য পৰম্পৰা-শূন্য পৃথিৱীত প্ৰৱেশ কৰা নাছিল। ছপাশাল অহাৰ আগেয়ে অসমত আছিল সাঁ‌চিপতীয়া পুথি লিখন, পঠন-শ্ৰৱণৰ এক শক্তিশালী পৰম্পৰা।মধ্যযুগৰ ভক্তি আন্দোলনে পুথি-চৰ্চাৰ এই পৰম্পৰা প্ৰসাৰিত হোৱাত সহায় কৰিছিল। মধ্যযুগীয় সাহিত্য পঠন-কাৰ্য ছপা-উত্তৰ পঠনৰ দৰে নীৰৱ আৰু ব্যক্তিগত (silent and private)  কাৰ্য নাছিল। ই আছিল সমূহীয়া, উচ্চ স্বৰত পাঠ কৰা কাৰ্য য'ত aurality য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাগৱতী আৰু পাঠক সপ্তদশ শতিকামানৰ অসমত বিকাশ হোৱা এনে দুটা শ্ৰেণী যি পঠন-কাৰ্যৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত আছিল। সমূহীয়া পঠনৰ যোগেদিয়ে বৈষ্ণৱ পৰম্পৰাৰ কেতবোৰ পাঠ, যেনে--কীৰ্তন-নামঘোষা, বধকাব্য, ভীমচৰিত আদি, অনাখৰী শ্ৰোতাৰ মাজত ইমানেই জনপ্ৰিয় হৈছিল যে সেইবোৰ মানুহৰ মনত ৰৈ গৈছিল আৰু প্ৰায় লোকসাহিত্যৰ মৰ্যাদা পোৱাৰ দৰে হৈছিল। এই সমাজখন আৰু সাহিত্য-পৰম্পৰা ছপাশাল অহাৰ লগে লগে বা পাশ্চাত্য শিক্ষাৰ সূচনাৰ লগে লগে অন্তৰ্ধান হোৱা নাছিল। বৰং ছপাপুথি আৰু নিৰ্মীয়মান ছপাৰূপৰ অসমীয়া ভাষাটোৰ সমান্তৰালভাৱে পুৰণি ভাষা-সাহিত্যৰ পঠন-শ্ৰৱণ কাৰ্য চলি আছিল। জ্ঞাননাথ বৰা(১৮৯০--১৯৬৮)ৰ শৈশৱকালৰ ৰোমন্থনে এনে এখন সমাজৰে উমান দিয়েঃ

"এতিয়াও মোৰ মনত পৰে আইৰ কোলাত শুই কলাঘুমটীয়া হৈ গোপিনী সবাহত শুনা "গোপাল গোবিন্দ যদু নন্দন, কৃষ্ণৰ চৰণে লৈলো শৰণ।" তেতিয়া মই মাথোন লৰি ফুৰিছিলোঁ‌, ফলি পুথি হাতত লোৱা নাই।তাকে শুনি কতদিন ময়ো থুনুক-থানাক কৈ আধাফুটা মাতেৰে গাইছিলোঁ‌ "গোপাল গোবিন্দ যদু নন্দন" আৰু গাইছিলোঁ‌--"ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ। এতেকে মুকুতি পাইবা কহিলো স্বৰূপ।।" আৰু মনত পৰে  ওচৰ-চুবুৰীয়া ল'ৰাজাকৰ সৈতে হাত চাপৰি বাই ফুৰা "ৰান কৃষ্ণ গোপাল। ত্ৰাহি ত্ৰাহি কৃপাল।" ল'ৰালি কালত কিমান গোপিনী সবাহত, কিমান নামত এই পদবোৰ শুনিছিলোঁ‌ তাৰ আদি অন্ত নাই।মোৰ দৰে কত সহস্ৰ ল'ৰাই কেঁ‌চুৱা কালৰে পৰা এই পদবোৰ শুনি আহিছে আৰু গাই আহিছে। কিমান দিন ঘৰৰ পিৰালিত বহি আইৰ মুখত শুনিছিলোঁ‌। কিমান দিন লগৰীয়া ল'ৰাৰ লগত বাটত গাইছিলোঁ‌! কিমান দিন পদূলি মুখত, পথাৰত, নৈৰ ঘাটত, কলনিৰ তলত শুনিছিলোঁ‌ আৰু

গাইছিলোঁ‌! আমাৰ জীৱনৰ হেজাৰ হেজাৰ ঘটনা এই পদবোৰৰ লগত গথাঁ‌ আছে। এই পদবিলাকৰ মাজত আমি উপজিছোঁ‌ আৰু এই পদবিলাকৰ মাজত ডাঙ্গৰ-দীঘল হৈছোঁ‌।

      যেতিয়া হাতত ফলিপুথি ল'লোঁ‌ তেতিয়া সেই পদবোৰত কি কথা আছে তাৰ অলপ বুজ পালোঁ‌। আই,খুৰী, পেহী, মাহী, বাইদেউহঁ‌তৰ মুখত ভগৱন্ত শ্ৰীকৃষ্ণৰ পুতনা বধ, বকাসুৰ বধ,কালীয় দমন, অজামিলৰ উপাখ্যান, গজেন্দ্ৰৰ উপাখ্যান, প্ৰহ্লাদ চৰিত, বলিছলনৰ কথা কিমান ভাল লাগিছিল। স্যমন্তক হৰণৰ পদ গাই গাই বুজাই দিয়া ভালকৈ মনত পৰে। তেতিয়া দুটা কথাই কীৰ্ত্তনলৈ মন আকৰ্ষণ কৰিছিল--এটা ইয়াৰ সাধু, আনটো ইয়াৰ লয়।" (পৃষ্ঠা ৩৩, অসমীয়া পুৰণি সাহিত্য)

      একেদৰে "ভীম চৰিত"ৰ কথাও জ্ঞাননাথ বৰাই লিখিছেঃ "আঢ়ৈ কুৰি বছৰৰ আগেয়ে যিবিলাক গাঁ‌ৱলীয়া লোক পাইছিলোঁ‌ সিবিলাকৰ সৰহভাগে ভীম চৰিতৰ দুই এক আধ্যা আওৰাব পাৰিছিল। অপঢ়ুৱা মানুহসকলেও তাৰ বহুত পদ গাব পাৰিছিল। ভীম চৰিতৰ কথা নজনা মানুহ বাস্তৱতে বৰ বিৰল আছিল। এই পুথিখন সকলোৰে ইমান আদৰণীয় হ'ল কিয়?" (পৃষ্ঠা ৫৮, পূৰ্বোক্ত গ্ৰন্থ)

      বাণীকান্ত কাকতিয়েও "পুৰণি অসমীয়া সাহিত্য" (১৯৪০)ত  বধকাব্যৰ জনপ্ৰিয়তাৰ কথা লিখিছেঃ "ঘটাসুৰ, বঘাসুৰ, কুলাচল, অশ্বকৰ্ণ, কুৰ্ম্মাবলী, জঙ্ঘাসুৰ বধ আদি আখ্যানবোৰে পুৰণি সাহিত্যত আজিকালিৰ উপন্যাস, গল্প আদিৰ ঠাই অধিকাৰ কৰি আছে। অসমীয়া গাঁ‌ৱলীয়া সমাজত এতিয়াও সেইবোৰৰ প্ৰভূত সমাদৰ। খেতিবাতিৰ পৰা আজৰি পোৱা সময়ত গাওঁ‌ৰ মানুহে চাক পাতি বহি গোট খাই পুৰণি কালত ধৰ্ম্মাৰণ্যত মুনিসকলে পুৰাণ, ইতিহাস আদি শুনাৰ দৰে এই বধকাব্যৰ আখ্যানবোৰ শুনি শৰীৰ আৰু মনৰ ভাগৰ পলুৱায়।" (পৃষ্ঠা ২০)

      গতিকে এনে এক সজীৱ সাহিত্য-পৰম্পৰা থকা সমাজত, ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত প্ৰিণ্ট সাধাৰণ লোকৰ মাজত জনপ্ৰিয় নোহোৱাৰ কাৰণ দুটা--এক,অপৰিচিত মাধ্যম আৰু দুই, বিষয়বস্তুৰ অবোধগম্যতা। মূলতঃ খ্ৰীষ্টধৰ্মীয় বিষয়বস্তু লৈয়েই প্ৰিণ্টে অসমত প্ৰৱেশ কৰিছিল। মধ্য-ঊনবিংশ শতিকাৰপৰা অসমীয়া শিক্ষিত মধ্যশ্ৰেণীয়ে শিক্ষা, সমাজ-সংস্কাৰ আদি বিষয় লৈ অনাৰ উপৰি শতিকাটোৰ শেহলৈ প্ৰিণ্টত পাশ্চাত্য সাহিত্য-পৰম্পৰাৰপৰা আমদানিকৃত genre সমূহৰ সবল উপস্থিতি দেখা যায়। গতিকে প্ৰিণ্টৰ 'নতুন ভাৰ্নেকুলাৰ' আৰু পাশ্চাত্য genre সমূহ অলপীয়া শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ মাজত প্ৰচলিত হ'লেও ঊনবিংশ শতিকাত সমান্তৰালভাৱে পদপুথি-চৰ্চা--লিখন-পঠন-শ্ৰৱণ প্ৰবল ৰূপত চলি আছিল। এই যুক্তিৰ সপক্ষে দুটা দিশ আঙুলিয়াব পৰা যায়, এক, এই শতিকাত ৰচিত পদপুথিসমূহৰ তালিকা ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে। এইখন থূলমূল তালিকাহে। এই তালিকা আৰু অধিক দীঘল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

      দুই, তাৎপৰ্যপূৰ্ণ কথা যে অসমত বৰ্তমানে সংৰক্ষিত সাঁ‌চিপতীয়া পুথিসমূহৰ সৰহভাগেই অষ্টাদশ শতিকাৰ শেষ আৰু ঊনবিংশ শতিকাত নকল কৰা।(তথ্যদাতাঃ ধনজিত তালুকদাৰ, সহকাৰী সংৰক্ষক, সাঁ‌চিপাত শাখা, কৃষ্ণকান্ত সন্দিকৈ পুথিভঁ‌ৰাল, গুৱাহাটী বিশ্ববিদ্যালয়)কামৰূপ অনুসন্ধান সমিতি, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন সত্ৰসমূহত বৰ্তমানে সংৰক্ষিত সাঁচিপতীয়া পুথিৰ মুঠ সংখ্যা দহহাজাৰৰো অধিক হ'ব। কেবল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতে প্ৰায় চাৰি হাজাৰ সাঁ‌চিপতীয়া পুথি আছে, যিসমূহৰ প্ৰায় আশী শতাংশ ঔপনিৱেশিক কালছোৱাত নকল কৰা। আমাৰ গৃহজিলা দৰঙতো মানুহৰ ঘৰ আৰু দুই এখন সত্ৰ মিলি মুঠ তিনিহাজাৰমান পুথি সংৰক্ষিত হৈ আছে। এইসমূহৰো বেছিভাগ ঊনবিংশ শতিকাত কপি কৰা। পুৰণি পুথি সংগ্ৰহৰ ক্ষেত্ৰত ঐতিহাসিক ভূমিকা পালন কৰোঁ‌তা উদ্যমী পণ্ডিত হেমচন্দ্ৰ গোস্বামী (১৮৭২--১৯২৭)য়ে অসমীয়া সমাজত প্ৰচলিত সাঁ‌চিপতীয়া পুথিৰ বিষয়ে সাহিত্য সভাৰ সভাপতি(১৯২০)ৰ আসনৰপৰা কৈছিলঃ

      "মই কেবল কেইখনমান জিলাৰ পৰা লৰালৰিকৈ বেলেগ বেলেগ বিষয়ৰ প্ৰায় আঢ়ৈশমান পুথিহে সংগ্ৰহ কৰিব পাৰিলোঁ‌। তেতিয়া মই অসম দেশত থকা পুথিৰ মোটামুটি পিয়ল এটা লৈ দেখিছিলোঁ‌ যে আমাৰ দেশত কমকৈও বেলেগ বেলেগ বিষয়ত প্ৰায় পাঁ‌চ হেজাৰমান পুথি আছে।...এই পুথিবিলাক অসমীয়া মানুহে নিজৰ প্ৰাণতকৈয়ো মূল্যৱান বুলি ভাবে। এনে ভাবৰ পৰাই এই পুথিবোৰ আজিলৈকে তিষ্ঠি আছে।...মই আপোনালোকক দেখুৱাবৰ নিমিত্তে আৰু এখন পুথি আনিছোঁ‌। এইখন কবিৰাজ চক্ৰৱৰ্তীয়ে কৰা "শঙ্খচূড-বধ কাব্য"।এই পুথিখন মই এজনী কেও-কিছু নাইকিয়া বুঢ়ী বিধবা তিৰোতাৰ হাতত পাওঁ‌।"(পৃষ্ঠা ৬৮, অসম সাহিত্য সভাৰ ভাষণাৱলী, প্ৰথম ভাগ,সম্পাঃ অতুলচন্দ্ৰ হাজৰিকা, ১৯৫৫)

      তদুপৰি ঊনবিংশ শতিকাত পুথি লিখনৰ শক্তিশালী পৰম্পৰাৰ ইংগিত বহন কৰে 'কোম্পানী পেপাৰ  মেনুস্ক্ৰিপ্ট'সমূহে। এই বিষয়ে এই পৰ্যন্ত একোৱেই আলোচনা হোৱা নাই। ইষ্ট ইণ্ডিয়া কোম্পানীৰ নামেৰে হৈছে "কোম্পানী পেপাৰ"। বিভিন্ন অফিচ-কাছাৰীত ব্যৱহৃত পেপাৰসমূহৰ খালী পিঠিসমূহত মধ্যযুগৰ পদপুথিসমূহ কপি কৰা হৈছিল। অৰ্থাৎ যুগ সলনি হৈছিল, মাধ্যম সলনি হৈছিল, কিন্তু পুথি লিখনৰ পৰম্পৰা ইমানেই শক্তিশালী আছিল যে সাঁ‌চিপাত এৰি অসমীয়া নকলকাৰে নতুন মাধ্যমত তাক চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল। ঊনবিংশ শতিকাত লিখা এনে কোম্পানী পেপাৰ মেনুস্ক্ৰিপ্টৰ সংখ্যাও একেবাৰে কম নহয়। আচৰিত নহয়, কেবল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰতে এনে পেপাৰ মেনুস্ক্ৰিপ্ট প্ৰায় এহেজাৰমান সংৰক্ষিত হৈ আছে!

      অৰ্থাৎ প্ৰিণ্টৰ সমান্তৰালকৈ ঊনবিংশ শতিকাৰ অসমত এইসমূহ ভালদৰেই চৰ্চিত হৈ আছিল। প্ৰিণ্ট আৰু সাঁ‌চিপতীয়া পুথিৰ সমান্তৰাল উপস্থিতিয়ে এই দুই শ্ৰেণীৰ পঢ়ুৱৈৰো জন্ম দিছিল--একে কেবল প্ৰিণ্ট পঢ়িব পাৰিছিল আৰু আন একশ্ৰেণীয়ে কেবল সাঁ‌চিপতীয়া আখৰহে পঢ়িব পাৰিছিল। ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে গুণাভিৰাম বৰুৱাৰ ৰাম-নবমী(১৮৫৭) নাটকত এই দুই শ্ৰেণী পঢ়ুৱৈৰ কথা সুন্দৰকৈ আঙুলিয়াই দেখুৱাইছেঃ

      ফুলে। অসমীয়া পুথী পঢ়িছনে কিবা?

      জয়ন্তী।  ময় কেইখন মান পঢ়িছোঁ‌। সখীয়ে হলে হাতে লেখা পঢ়িব নোয়াৰে।"অসমীয়া লৰাৰ মিত্ৰ" আৰূ মাজে মাজে "অৰূণোদয়ো" পঢ়ে।তাত অনেক ভাল ভাল কথা আছে।

      নবমী। আই।সখীয়ে নাম দিবও পাৰে।মাতটীও ভাল।পদো সৰহ জানে।আৰূ কুমলী আইটীৰ বিয়াৰ দিনা এনেহে যোৰানাম দিছিল দৰা ঘৰীয়া বিলাক কান্দি গ'ল।

      ফুলে। অসমিয়া পুথী পঢ়িলেহে পদ শিকিব পাৰি।আই নবমী!তয়ও পঢ়িবি।

      নবমী। ছাপা নহলে ময় পঢ়িব নোয়াৰোঁ‌।(পৃষ্ঠা ৪২৮, প্ৰবন্ধ,২০১৯)

      অৱশ্যে ঊনবিংশ শতিকাৰ ডাঙৰীয়া শ্ৰেণীৰ লোক আৰু পাশ্চাত্য শিক্ষাৰে শিক্ষিত লোকসকলৰ বেছিভাগে সাঁ‌চিপতীয়া আখৰ আৰু প্ৰিণ্টৰ আখৰ, দুয়োটা পঢ়িব পাৰিছিল।কিন্তু আধুনিক শিক্ষাৰ প্ৰসাৰৰ লগে প্ৰিণ্টৰ প্ৰসাৰো বাঢ়িছিল আৰু ১৯১০ চনমানলৈ সাঁ‌চিপতীয়া আখৰ পঢ়িব পৰা শিক্ষিত ডেকাৰ সংখ্যা প্ৰায় নোহোৱা হোৱাৰ দৰেই হৈছিল।কীৰ্ত্তিচন্দ্ৰ বিদ্যাভূষণ গোস্বামীয়ে আলোচনীৰ ২য় বছৰ ৬ ষ্ঠ সংখ্যা (১৯১০ চন)ত লিখা "অসমীয়া ভাষাত বঙ্গলা আখৰ" শীৰ্ষক চুটি নিবন্ধটোত এনেদৰে লিখিছে,

       "অসমীয়া ভাষা যেনে স্বতন্ত্ৰ এসময়ত ইয়াৰ বৰ্ণাৱলীও তেনে স্বতন্ত্ৰ আছিল আগৰ অসমীয়া লিখকসকলে সাঁ‌চিপাত আৰু তুলাপাতত যিবিলাক পুথি লিখি থৈ গৈছে, সেইবিলাক পুথিৰ আখৰ আজিকালিৰ ডেকাসকলে মাতিবই নোৱাৰে। ইয়াৰ কাৰণ, অসমীয়া আখৰৰ লগত সিসকলৰ সামান্য প্ৰণয় মাত্ৰ। আগৰ লিখাৰু সকলে কি সংস্কৃত ভাষাৰ পুথি, কি অসমীয়া ভাষাৰ পুথি সকলোতে অসমীয়া আখৰকেহে ব্যৱহাৰ কৰিছিল।

      ...মুদ্ৰা-যন্ত্ৰৰ শ্ৰীবৃদ্ধিৰ লগে লগে অসমীয়া বৰ্ণমালা প্ৰায় লোপ হৈছে।..সম্প্ৰতি যদিওবা শতকৰা দহজনে অসমীয়া কিছুমান বেলেগ আখৰ বুলি জানে, যেনেকুৱা পৰিৱৰ্ত্তন দেখা গৈছে আৰু কিছুদিনৰ পাচত "ৰ" "ৱ"ৰ বাহিৰে নাই বুলিলেও অত্যুক্তি নহব।কাৰণ বৰ্ত্তমান লিখাৰুসকলে ছাপাৰ আখৰৰ আৰ্হিৰে সকলো অসমীয়া আখৰ লিখে, ছাপাৰ আখৰ "ৰ" "ৱ" ভিন্ন সকলো বঙ্গলা।" (পৃষ্ঠা ১৮২-৮৩)

      আনকি নিবন্ধৰ শেষত লেখকে শিক্ষিতমণ্ডলীলৈ আহ্বানো জনাইছেঃ "অসমীয়া শিক্ষিত মণ্ডলীক সবিনয়ে জনাওঁ‌, সিসকলে যেন আধুনিক বিদ্যাৰ্থীসকলক পুৰণা অসমীয়া আখৰ লিখিবলৈ আৰু পঢ়িবলৈ উদগাই অসমীয়া ভাষা আৰু জাতিৰ গৌৰৱ বঢ়ায়।" (ঐ)

      কিন্তু এটা তাৎপৰ্যপূৰ্ণ কথা যে ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰপৰা অসমীয়া পঢ়ুৱৈসমাজ ক্ৰমে ক্ৰমে ছপা আখৰৰ লগত পৰিচিত হৈ আহিলেও তেওঁলোকে প্ৰিণ্টত নতুন genre সমূহ পঢ়িবলৈ বিচৰা নাছিল। ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ প্ৰথম দশককেইটাৰ ছপাগ্ৰন্থৰ ইতিহাসে অন্ততঃ সেই কথা প্ৰতীয়মান কৰে।আউনীআটী সত্ৰ, হৰিবিলাস গুপ্ত,বাঞ্চাৰাম চৌধুৰী, কালীৰাম বৰুৱা, ভোগজুৰ বেপাৰী, গণেশৰাম আগৰৱালা, দিৱাকৰ দুৱৰা, শিৱনাথ ভট্টাচাৰ্য্য (ভট্টাচাৰ্য্য এজেঞ্চি), নন্দেশ্বৰ চক্ৰৱৰ্তী (এজেঞ্চি কোম্পানী), গোপালচন্দ্ৰ বৰুৱা (বৰুৱা এজেঞ্চি), বৰকটকী কোম্পানী, হৰিনাৰায়ণ দত্তবৰুৱা,তীৰ্থনাথ গোস্বামী (পুথিতীৰ্থ প্ৰকাশন), দুৰ্গাধৰ বৰকটকী আদি ঊনবিংশ শতিকাৰ শেষভাগৰপৰা বিংশ শতিকাৰ ত্ৰিশৰ দশকলৈকে উত্থান ঘটা প্ৰকাশকসকলে কেবল আৰু কেবল পুৰণি পদপুথিসমূহেই ছপাইছিল। মন কৰিবলগীয়া যে, এইসমূহ প্ৰতিষ্ঠিত প্ৰকাশকে পাশ্চাত্য genre সমূহ প্ৰায় প্ৰকাশ কৰা নাছিল। অৰ্থাৎ 'ৰোমাণ্টিক যুগ' বা 'বেজবৰুৱা যুগ' বুলি অভিহিত কৰা এই সময়ছোৱাৰ সৈতে যিসকল প্ৰখ্যাত সাহিত্যিকৰ নাম আমি যুক্ত কৰোঁ‌, তেওঁলোকৰ গ্ৰন্থসমূহ সমসাময়িক প্ৰকাশকসকলে প্ৰকাশ কৰা নাছিল! যিসময়ত আধুনিক গল্প-কবিতা-উপন্যাস-ৰম্য ৰচনা আদি ৰচনা কৰা হৈছিল, একাংশ পাশ্চাত্য শিক্ষাৰে শিক্ষিত নতুন পঢ়ুৱৈক বাদ দি পৰম্পৰাগত অসমীয়া পঢ়ুৱৈয়ে কীৰ্তন-নামঘোষা-ভাগৱতৰ উপৰি সকলো বিষয়ৰ (আনকি তুলনামূলকভাৱে নাম নুশুনা লেখকৰো) পদপুথি প্ৰিণ্টত পঢ়ি আছিল! গোবিন্দৰাম চৌধুৰীয়ে "সূতিকা পটল"ৰ 'গ্ৰন্থকাৰৰ ভূমিকা'ত লিখা "গ্ৰামিক লোকে পদ পুথিক শ্ৰদ্ধা কৰি ঘৰৰ কাঠিত বহি ৰাগ টানি পঢ়ে।তাতে স্ত্ৰীলোকে শুনিব এই ভৰসা।" বুলি কোৱা বাক্যষাৰিৰো তাৎপৰ্য বোধকৰোঁ‌ এয়ে।

Saturday, August 22, 2020

ডিব্ৰুগড়ৰ দুটা ছপাখানা


      'টাইমছ অভ আছাম'(১৮৯৫-১৯৪৭)ৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰকাশক ৰাধানাথ চাংকাকতী(মৃত্যু ১৯২৩)ৰ মনত এখন কাকত উলিওৱাৰ কথা পোনতে ১৮৮০-৮১ চনতে খেলাইছিল আৰু এই ক্ষেত্ৰত তেওঁ বিশেষ উৎসাহ পাইছিল বেংগল আৰ্মিৰ পৰা  অৱসৰ গ্ৰহণ কৰি উজনি অসম চৰকাৰৰ সামৰিক আৰু অসামৰিক প্ৰধান চিকিৎসকৰূপে কৰ্মৰত ডাঃ জন বেৰী হোৱাইট(১৮৩৪-১৮৯৬)ৰ পৰা।লক্ষ্মীনাথ ফুকনে লিখা মতে 'অকল মুখৰ কথাৰে উৎসাহ নিদি ডাক্তৰ বেৰী হোৱাইটে আনকি বিলাতৰ পৰা চাংকাকতীলৈ বুলি ৰেল কোম্পানীৰ চীফ ইঞ্জিনীয়াৰৰ ঠিকনাত পঠিয়াই দিছিল সকলো সা-সৰঞ্জামেৰে সৈতে এখন ছপাশাল;পিছে ছপাশালখন চাংকাকতীক নিদি ৰেল কোম্পানীৰ নতুন মেনেজাৰজনে ৰেলৰ টিকট আদি ছপাবৰ কাৰণে লৈ থলে।(পৃঃ৯৫,মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ)উল্লেখ্য,বেৰী হোৱাইটৰ তৎপৰতাতে ঊনবিংশ শতিকাৰ সত্তৰৰ দশকৰ শেষৰফালে গঠিত হৈছিল 'আসাম ৰেইলৱেজ এণ্ড ট্ৰেডিং কোম্পানী' (চমুকৈ এ আৰ এণ্ড টি কোম্পানী) আৰু ডাঃ হোৱাইট এই কোম্পানীৰ সঞ্চালকো আছিল।চাংকাকতীয়ে এই ঘটনাৰ পিছত ১৮৮১ চনত কলিকতাৰ পৰা ফুলস্কেপ আকাৰৰ কাঠৰ ছপাশাল এখন আনি আমোলপট্টিৰ সৰু খেৰীঘৰ এটাত পাতি সৰু সুৰা ছপাৰ কাম আৰম্ভ কৰিছিল।ফুকনে লিখিছে-দুবছৰমান হওঁতে নৌহওঁতেই এদিন ৰাতি কোনোবাই জুই লগাই দিয়াত ঘৰ আৰু ছপাশাল জুইত জাহ গ'ল ....তথাপি হতাশ নেমানি চাংকাকতীয়ে অ'ৰ ত'ৰ পৰা কিছু টকা যোগাৰ কৰি আগৰ ঠাইতে ডিমাই আকাৰৰ এখন লোহাৰ ছপাশাল পাতিলে(ঐ) ।এই ছপাশালৰ পৰাই ১৮৯৫ চনৰ ৫ জানুৱাৰীৰ পৰা প্ৰকাশ পায় অসমৰ প্ৰথমখন ইংৰাজী ভাষাৰ বাতৰি কাকত(সাপ্তাহিক)।ইপিনে যদিও বেৰী হোৱাইটে চাংকাকতীলৈ পঠিয়াই দিয়া ছপাযন্ত্ৰটো 'ৰেলৰ টিকট ছপাবৰ বাবে' ৰেলৱে কোম্পানিয়ে ৰাখি থৈছিল,ঊনবিংশ শতিকাৰ শেষৰ পৰা আৰম্ভ কৰি বিংশ শতিকাৰ দ্বিতীয়  দশকলৈ এই ছপাশালৰ পৰা ভালেমান পুথি প্ৰকাশ হোৱাৰ খবৰ পোৱা যায়।ঔপনিৱেশিক অসমৰ বেছিভাগ ছপাশাল স্থাপন হোৱাৰ মূলতে আছিল কাকত প্ৰকাশৰ উদ্দেশ্য।ক্ৰমবৰ্ধমান ছপাপুথিৰ চাহিদা পূৰাব পৰাকৈ ছপাযন্ত্ৰৰ সংখ্যা তেতিয়া নাছিল।আৰু এই চাহিদা ভালেখিনি পূৰাইছিল ডিব্ৰুগড়ৰ এ আৰ টি কোম্পানীৰ ছপাশালে।ঊনবিংশ শতিকাৰ একেবাৰে শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে অসমৰ অন্যান্য প্ৰান্তৰ তুলনাত ডিব্ৰুগড়ৰ  পৰাই সৰ্বাধিক অসমীয়া কিতাপ ছপা হৈছিল।মন কৰিব পাৰি,গ্ৰন্থ ব্যৱসায়ৰ ক্ষেত্ৰত এই সময়ছোৱাৰ দুগৰাকী সফল প্ৰকাশক আছিল ডিব্ৰুগড়ৰ।তেওঁলোক ক্ৰমে শিৱনাথ ভট্টাচাৰ্য্য(পিছলৈ ভট্টাচাৰ্য্য এজেন্সিৰ প্ৰতিষ্ঠাপক) আৰু নন্দেশ্বৰ চক্ৰৱৰ্তী(১৮৮৫-১৯৬৮,১৯০৫ চনত এজেন্সি কোম্পানীৰ প্ৰতিষ্ঠাপক)।যি হওক,'ডিব্ৰুগড়ৰ বুৰঞ্জী' গ্ৰন্থত ১৮৯৮ চনত ৰেলৱে ছপাশালৰ পৰা প্ৰকাশিত এখন গ্ৰন্থৰ উল্লেখ পোৱা গৈছেঃ১৮৯৮ চনতে ডিব্ৰুগড়ৰ মোহনাঘাটৰ মুহিৰাম দাস নামৰ এজন লেখকে প্ৰথমে হৰি দেউ কানীয়াৰ কথা নামৰ এখন উপন্যাস লিখিছিল।পুথিখনৰ প্ৰকাশকৰ নামৰ ঠাইত লিখা আছে এ আৰ টি কোম্পানীৰ নাম।(পৃঃ২৫৫)অৱশ্যে এ আৰ টি কোম্পানী প্ৰকাশক হোৱাৰ সম্ভাৱনা নাই,মুদ্ৰক হোৱাহে সম্ভৱ।এই একে সময়ৰে বিহুৰাম গোহাঁই(বি আৰ গোহাঁইন)নামৰ চিৰিং চাপৰিৰ লেখক এগৰাকীৰ পদত লিখা 'আই দেউ অচল' নামৰ আমোদজনক পুথিখনৰ শেষৰ পৃষ্ঠাত এ আৰ টি কোম্পানীৰ প্ৰেছত মুদ্ৰিত হোৱাৰ উল্লেখ পোৱা যায়ঃprinted at the A.R.&T Co.Ld Press by D.C.Ghose.ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে এই ছপাখানাত ছপা হোৱা আন গ্ৰন্থকেইখনমান হ'লঃৰঙ্গলাল দাসৰ দ্বাৰা প্ৰকাশিত ৰঙ্গ ও ধেমালি(১৮৯৯,পৃষ্ঠাসংখ্যা ২২),ভেকুলী বিয়া(প্ৰকাশৰ চন,লেখক আৰু প্ৰকাশকৰ নাম নাই,মুঠ পৃষ্ঠাসংখ্যা ১৪),এজেন্সি কোম্পানীৰ দ্বাৰা প্ৰকাশিত 'শিপিনী কীৰ্ত্তন'(লিখোঁতা শ্ৰীবিনন্দ ৰাম গগৈ,১৯০৭,মুঠ পৃষ্ঠাসংখ্যা ২৩), 'বাৰভণী বিষালী মন্ত্ৰ'(১৯০৭,পৃষ্ঠাসংখ্যা ৩৬),ডাক চৰিত্ৰ(১৯০৭,মুঠ পৃষ্ঠাসংখ্যা ৩১)আৰু উদ্ধৱ সংবাদ ও কুকুৰ চৰিত,কাক চৰিত ও দিকভণিতা(১৯০৭,শ্ৰীবিষ্ণুৰাম দাসৰদ্বাৰা সংগৃহীত,মুঠ পৃষ্ঠাসংখ্যা ৭১)।ইয়াৰে ১৮৯৯ চনত প্ৰকাশিত 'ৰঙ্গ ও ধেমালী'ৰ বকলাপিঠিত 'গোপীৰ বস্ত্ৰহৰণ' নামৰ কোনো পুথিৰ বিজ্ঞাপনো প্ৰকাশ হৈছে এনেদৰেঃ'

'নুতন পুথি!নুতন পুথি!!নুতন পুথি!!!'

গোপীৰ বস্ত্ৰ হৰণ

শ্ৰীকৃষ্ণয় গোপীসকলেৰে কেনেকৈ কেলি কৰিছিল আৰু বস্ত্ৰ কি উপায়েৰে হৰণ কৰিলে সকলো ভালকৈ লিখা হৈছে।এবাৰ পঢ়িলে জানিব পাৰিব। 
শ্ৰীদি দুৱৰা এণ্ড কোং 
ডিব্ৰুগৰ।                                             

        বিজ্ঞাপনটিত 'নুতন পুথি' আৰু 'গোপীৰ বস্ত্ৰ হৰণ'ৰ মাজত ৰেলগাড়ীৰ ছবি এখনো দিয়া হৈছে।হয়তো পঢ়ুৱৈক আকৰ্ষণ কৰিবৰ বাবেই এই ব্যৱস্থা।দি দুৱৰা বা দিবাকৰ দুৱৰাই ১৯০৩ চনত প্ৰকাশ কৰা 'থুপৰি চৰিত' নামে এখন ১৭ পৃষ্ঠাৰ পদপুথি পোৱা গৈছে।অৱশ্যে এই সৰু পুথিখন কলিকতাৰ সাম্য প্ৰেছত ছপাই আনিছিল।এই পুথিখনৰ বকলাপিঠিতো দি দুৱৰাই ছখন কিতাপৰ জাননী দিছে।লগতে লিখিছে-মোৰ ওচৰত তলত লিখা পুথিবিলাক পাব।এজেণ্ট হবৰ ইচ্ছা থাকিলে মোলৈ লিখিলেই সকলো জানিব পাৰিব।কিতাপকেইকখন হৈছেঃবড় বেজালী(মাজ আৰু শেহ চোৱা),গোপিনী কিৰ্তন,লক্ষণ চৰিত,থুপৰি চৰিত,গোপীৰ বস্ত্ৰহৰণ আৰু জুমকী।

        আনহাতে প্ৰকাশৰ চন নথকা 'ভেকুলীৰ বিয়া'ৰ বকলাপিঠিত 'ৰঙ্গ ও ধেমালী'ৰ প্ৰকাশক ৰঙ্গলাল দাসে কিতাপৰ জাননী এখন দিছে।গুৱাহাটীৰ কামাখ্যা পুস্তকালয়ৰ কালীৰাম বৰুৱাৰ পিছতেই ডিব্ৰুগড়ৰ ৰঙ্গলাল দাসৰ এই বিজ্ঞাপনটি ঊনবিংশ শতিকাৰ একেবাৰে শেষৰ অসমীয়া গ্ৰন্থৰ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ বুলিব পাৰি।মুঠ দহখন গ্ৰন্থৰ কথা বিজ্ঞাপনটিত আছেঃজুমকি,হৰিনাম সত্য,তিৰোতাৰ লক্ষণ চৰিত,তিৰী-পাঠ,হৰ মোহন,প্ৰসঙ্গীয়া কীৰ্তন(যন্ত্ৰস্থ),গোপিনী কীৰ্তন,ওভোতা গুকৰতি পুথি,যদুমণি(জিৰণী পুথি),গোপীৰ বস্ত্ৰ হৰণ।এইধৰণৰ গ্ৰন্থৰ বজাৰ-চাহিদাৰ প্ৰতি লক্ষ্য কৰিয়েই হয়তো বাঙালী সম্প্ৰদায়ৰ দাসে এই পুথিসমূহ ছপাই উলিয়াইছিল।দিবাকৰ দুৱৰা আৰু ৰঙ্গলাল দাসৰ বেছিভাগ পুথি এ আৰ টি কোম্পানীৰ প্ৰেছতেই ছপা হোৱাটো সম্ভৱ।আনহাতে ডিব্ৰুগড়ৰ দুগৰাকী সফল গ্ৰন্থ ব্যৱসায়ী ক্ৰমে শিৱনাথ ভট্টাচাৰ্য্য আৰু নন্দেশ্বৰ চক্ৰবৰ্ত্তীৰ ভিতৰত নন্দেশ্বৰ চক্ৰবৰ্ত্তীয়ে ১৯০৭ চনত নিজাববীয়াকৈ ছপাযন্ত্ৰ(গৌৰীশংকৰ যন্ত্ৰ) অনাৰ আগলৈকে এ আৰ টি কোম্পানীৰ প্ৰেছতেই প্ৰায় সকলো কিতাপ ছপাই আনিছিল।'কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তী'(১৯৭৫) গ্ৰন্থৰ লেখক শ্ৰীনন্দ গোস্বামীয়ে লিখিছে-আনৰ কিতাপ আনি বিক্ৰি কৰাৰ উপৰিও নিজে(চক্ৰৱৰ্তীয়ে) ভালেখিনি কিতাপ ছপা কৰি উলিয়ালে।প্ৰথমে তেখেতে এ-আৰ-এণ্ড টি কোম্পানীৰ প্ৰেছত কিতাপ ছপাই আনিছিল।(পৃঃ১৮)১৯০৭ চনত চক্ৰৱৰ্তীৰ কবিতাপুথি 'কবিতা পাঠ' এই প্ৰেছতেই ছপাই আনিছিল।(ঐ)একেটা চনতে প্ৰকাশিত বিনন্দ ৰাম গগৈৰ 'শিপিনী কীৰ্তন'ৰ বকলাপিঠিত দিয়া এজেন্সি কোম্পানীৰ ৩৮ খন কিতাপৰ জাননী প্ৰকাশ হৈছে।একেটা চনৰে 'উদ্ধৱ সম্বাদ'ৰ বকলাপিঠিতো ৪৩ খন কিতাপৰ বিজ্ঞাপন প্ৰকাশ হৈছে।এই কিতাপসমূহ হৈছে-কান খোৱা,স্যমন্ত হৰণ,লীলামালা,ভীমচৰিত,লক্ষ্মী চৰিত্ৰ,ধৰ্ম্ম সংবাদ,ৰাধাহৰণ,অশোক চৰিত্ৰ,গুপ্তমনি,বহুৱা চৰিত্ৰ,প্ৰেম কুঁহি,সিপিনী কীৰ্ত্ত্ন,বিলাহী বেজিনী,অসমীয়া ভক্তিতত্ত্ব,সীতাৰ বনবাস,অনাদি পাতন,বিষালি মন্ত্ৰ,হুচৰী কীৰ্ত্তন,হাচতি কীৰ্ত্তন,ফুল কোঁৱৰ,মনিকোৱৰ,দৈবকোষ,পাৰ্ব্বতী চৰিত্ৰ,লাও ফলা,উদ্যোগ পৰ্ব,অগ্নি পুৰাণ,বৰকৰতি,গু কৰতি,বৰগীত,ভটিমা,গুণমালা,বৰগীত ভটিমা গুণমালা(একত্ৰে),পাতালি কাণ্ড ৰামায়ণ,কুলাচল বধ পকাবন্ধা,সপ্তকাণ্ড ৰামায়ণ অসমীয়া,সচিত্ৰ বৃহৎ মহাভাৰত,সচিত্ৰ কীৰ্ত্তন ঘোষা পকাবন্ধা,দশম স্কন্ধ ভাগৱত,পদ্মপুৰাণ,অসমীয়া পদ্যগীতা,অসমীয়া পদ্যগীতা পকাবন্ধা,মহীৰাবণ বধ,সিন্ধুৰা পৰ্ব্ব,সিন্ধুৰা পৰ্ব্ব পকাবন্ধা,নামঘোষা ইত্যাদি।যিহেতু নন্দেশ্বৰ চক্ৰৱৰ্তীয়ে নিজাকৈ প্ৰেছ অনাৰ আগেয়ে এইসমূহ গ্ৰন্থ প্ৰকাশিত,ইয়াৰে প্ৰায়সমূহ গ্ৰন্থই এ আৰ টি কোম্পানীৰ প্ৰেছত ছপোৱা সম্ভৱ।

        অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী(১৮৮৫-১৯৬৭)ৰ প্ৰথম কাব্যপুথি 'তুমি'(১৯১৬)ও এই যন্ত্ৰতেই  ছপা কৰাৰ কথা লেখকে কৈছে-ঁডাঃউমেশ দাস আৰু সংগীত সহবন্ধু ঁকীৰ্ত্তিনাথ শৰ্মাৰ কিছু অৰ্থ-সাহায্য আৰু মই ঘৰুৱা শিক্ষকতা কৰি,গান শিকাই পোৱা ধনেৰে ইং ১৯১৬ চনত ডিব্ৰুগড়ৰ ৰেলৱে প্ৰেছত পোন প্ৰথমতে 'তুমি'খন একহেজাৰ ছপা কৰাওঁ।ছপাত প্ৰকাশ হৈ ৰাইজৰ আগত  ওলোৱা কবিতা বা কাব্যপুথি এয়ে মোৰ প্ৰথম।(পৃঃ৪০,মোৰ জীৱন ধুমুহাৰ এছাটি)কুৰি শতিকাৰ প্ৰথম দশকৰ শেষৰ ফালে (১৯০৯)প্ৰকাশিত গুৰুত্বপূৰ্ণ আলোচনী 'আসাম বান্ধৱ' এ আৰ টি কোম্পানীৰ প্ৰেছতেই ছপা হৈছিল।উল্লেখযোগ্য,প্ৰথমে তেজপুৰৰ 'বান্ধৱ সমিতি'ৰ পৰা তাৰানাথ চক্ৰৱৰ্তীৰ সম্পাদনাত 'আসাম বান্ধৱ' প্ৰকাশ হৈছিল।চাৰিটা সংখ্যা তেজপুৰৰ পৰা ওলোৱাৰ পিছত পৰৱৰ্তী সংখ্যাবোৰ ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হ'বলৈ ধৰে।ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত 'বান্ধৱ'ৰ উদ্দেশ্যও বেলেগ হৈ পৰে আৰু এইবাৰ পৃষ্ঠপোষকতা কৰে ডাঃ হৰিকৃষ্ণ দাস,কালিৰাম মেধি,ভাৰত চন্দ্ৰ দাস,গঙ্গাৰাম চৌধুৰী আদি নামনি অসমৰ বুদ্ধিজীৱীসকলে।আলোচনীখনৰ ১৯১৫ অৰ পৰা ১৯১৭ চনৰ সহকাৰী সম্পাদক অম্বিকাগিৰী ৰায়চৌধুৰীয়ে জনোৱা মতে 'আসাম বান্ধৱ' এ আৰ এণ্ড কোম্পানীৰ প্ৰেছতেই ছপোৱা হৈছিল--ডিব্ৰুগড়ত ৰেলৱে প্ৰেছ আছে।তাতে 'আসাম বান্ধৱ' ছপায়।(পৃঃ৬০,ঐ)(আজিৰ 'দৈনিক অসম'ত প্ৰকাশিত

তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ' আৰু লীলা এজেন্সি

            ঔপনিৱেশিক সময়ছোৱাত গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ পিছতে লেখত ল'বলগীয়া দুখন চহৰ আছিল তেজপুৰ আৰু যোৰহাট।তেজপুৰৰ বৌদ্ধিক পৰিৱেশ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা ওজা সাহিত্যিকগৰাকী আছিল পদ্মনাথ (গোহাঞি)বৰুৱা(১৮৭১-১৯৪৬)।গোহাঞিবৰুৱাই 'মোৰ সোঁৱৰণী'(১৯৭১)ত লিখা মতে ১৮৯৬ চনৰ ২৬ ডিচেম্বৰৰ পৰা তেজপুৰ নৰ্মাল স্কুলৰ হেডমাষ্টৰ আৰু 'তেজপুৰ অসমীয়া ভাষা আলোচনী সভা'ৰ সম্পাদক এই দুই চৰ্কাৰী আৰু সমজুৱা বিষয়বাব লৈ তেওঁ তেজপুৰীয়া জীৱন আৰম্ভ কৰে।উল্লেখ্য যে গোহাঞিবৰুৱাই যাৰ ঠাইত প্ৰধান শিক্ষকৰূপে যোগদান কৰিছিল,তেওঁ আছিল পৰৱৰ্তী কালত,অসহযোগ আন্দোলনৰ সময়ত স্কুল ইন্সপেক্টৰৰ চাকৰি ইস্তফা দি গ্ৰন্থ প্ৰকাশনত মন দিয়া দুৰ্গাধৰ বৰকটকী()।তেজপুৰলৈ অহাৰ পূৰ্বেই গোহাঞিবৰুৱাই ইতিমধ্যেই সাহিত্যিক হিচাপে পৰিচিতি লাভ কৰিছিল আৰু ভানুমতি,লাহৰী আদি উপন্যাস,গাওঁবুঢ়া আদি নাটকৰ লগতে কেইবাখনো স্কুলীয়া পাঠ্যপুথিও প্ৰণয়ন কৰিছিল।তাৰ ভিতৰত 'আদি শিক্ষা','নীতি শিক্ষা' আগছোৱা,'সাহিত্য-সংগ্ৰহ' আদি আছিল প্ৰধান।তেজপুৰলৈ আহি গোহাঞিবৰুৱাই লক্ষীমপুৰীয়া বন্ধু পাণীন্দ্ৰনাথ গগৈৰ দৰেই আন্তৰিক সম্পৰ্কৰ এগৰাকী সাহিত্যিক বন্ধুৰ সান্নিধ্য লাভ কৰাৰ কথা আত্মজীৱনীত সোঁৱৰিছে।তেওঁ হ'ল অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য।আৰু এইগৰাকী বন্ধুৰ সৈতে হোৱা যুটীয়া চিন্তালোচনাৰ ফলস্বৰূপেই ১৯০০ চনত তেজপুৰত প্ৰতিষ্ঠা হৈছিল চহৰখনৰ প্ৰথমটো ছপাখানা--অসম চেণ্ট্ৰেল প্ৰেছ।অসমৰ ছপাখানাৰ ইতিহাসত এই প্ৰেছৰ এটা গুৰুত্ব এই যে ৰাইজৰ বৰঙণিৰে প্ৰতিষ্ঠা হোৱা এইটোৱেই বোধকৰোঁ অসমৰ প্ৰথম প্ৰেছ।গোহাঞিবৰুৱাৰ ভাষাত 'ভট্টাচাৰ্য্যদেৱৰ গা-তোলা ওজস্বিনী বুজনিৰ প্ৰেৰণাত উলাহিত হৈ স্থানীয় মাৰোৱাৰী সমাজেও অসমীয়াৰ লগত সহযোগিতা দান কৰি আমাক মটমটীয়া কৰি তুলিলে।(পৃঃ১০৩,মোৰ সোঁৱৰণী)এটি প্ৰেছ প্ৰতিষ্ঠাৰ বাবে হাত উজান দি এমাহৰ ভিতৰত ঊনবিংশ শতিকাৰ একেবাৰে শেষত তেজপুৰৰ দৰে চহৰ এখনত ২০০০ টকাৰ বৰঙণি গোট খোৱাটো এহাতে যিদৰে পদ্মনাথ-কমলাকান্তৰ প্ৰতি ৰাইজৰ আস্থাৰ প্ৰকাশ,আনহাতে তেজপুৰীয়া ৰাইজৰ প্ৰগতিশীলতাৰো পৰিচায়ক।এইখিনি ধনেৰে গোহাঞিবৰুৱাই তেওঁৰ বন্ধু গুৱাহাটীৰ মথুৰামোহন বৰুৱা(১৮৬৩-১৯১৯)ক মতাই আনি কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ অনাৰ দায়িত্ব অৰ্পণ কৰে।গোহাঞিবৰুৱা চৰ্কাৰী কৰ্মচাৰী আছিল বাবে প্ৰকাশ্যে তেওঁ এই কাম কৰাত অসুবিধা আছিল।আনহাতে প্ৰেছ সম্পৰ্কত অভিজ্ঞ আছিল মথুৰামোহন বৰুৱা।বোম্বাই বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা বৰুৱা বোম্বাই আৰু হায়দৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'চেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল।প্ৰেছ আহি পোৱাৰ আগতেই সৰ্বসন্মতিক্ৰমে বৰুৱাক তেজপুৰৰ সংকল্পিত প্ৰেছটোৰ পৰা প্ৰকাশ পাবলগীয়া কাকতখনৰ সম্পাদকো মনোনীত কৰা হৈছিল।দায়িত্ব মতেই বৰুৱাই কুৰি শতিকাৰ প্ৰাৰম্ভতে কলিকতাৰ পৰা এটি ছপাযন্ত্ৰ তেজপুৰলৈ লৈ আনিলে।গোহাঞিবৰুৱাৰ ভাষাত---'যথাসময়ত কলিকতাৰ পৰা সম্পূৰ্ণ সৰঞ্জামে সৈতে প্ৰেছ আহি তেজপুৰ পালেহি;কিন্তু তেতিয়ালৈকে ছপাখানাখন পাতিবলৈ আমি সুচল ঠাই পোৱা নাই এথোন।সেইভাৱেই সপ্তাহচেৰেক পাৰ হৈ যোৱাৰ পাচত,মোৰ প্ৰস্তাৱ আৰু ঁজয়দেৱ শৰ্মা আৰু ঁৰবীন্দ্ৰ শৰ্মা বৰুৱা তহচিলদাৰৰ সমৰ্থন মতে পাচত প্ৰতিষ্ঠিত হোৱা বৰ্তমান অ ভা উ সা সভাৰ নামঘৰত লগা 'বাণ ষ্টেজ'ৰ সমুখৰ তিনিকোণীয়া মাটিডোখৰতে ছপাখানা ঘৰ সজোৱা স্থিৰ হ'ল।ঘৰটো সজোৱাৰ ভাৰ পৰিল বৰগোলাৰ বৰ গোমস্তা ঁচুজিৰাম বাবু আৰু মোৰ ওপৰত,সেই অনুসৰি বৰগোলাৰ বাগীত উঠি টাউনৰ পৰা দুমাইলমান দূৰৈৰ পৰা শাল কাঠ কটাই আনি আৰু বৰগোলাৰ পৰাই টিন,গজাল আদি লাগতিয়াল সমল যুগুত কৰি ছমাহৰ ভিতৰত ছপাখানা ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত 'অসম চেণ্ট্ৰেল প্ৰেছ' প্ৰতিষ্ঠিত হ'ল।'(পৃঃ১০৪,ঐ)

       এই প্ৰেছৰ মেনেজাৰ নিযুক্ত কৰা হয় ভৱানীচৰণ ভট্টাচাৰ্য্যক(পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত,১৮৯৪ চনত, ভট্টাচাৰ্য্য পথৰুঘাট তহচিলৰ তহচিলদাৰ আছিল।)আনহাতে গুৱাহাটীৰ কালীৰাম বৰুৱাৰ 'আসাম নিউজ' যন্ত্ৰৰ এসময়ৰ প্ৰিণ্টাৰ দুতিৰাম মেধিক 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ প্ৰিণ্টাৰ কৰি গুৱাহাটীৰ পৰা অনা হয়।গুৱাহাটীৰ পৰাই আৰু এজন অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়।আৰু ১৮২১ শকৰ পহিলা মাঘত 'অসম বন্তি' মথুৰামোহন বৰুৱাৰ সম্পাদনাত 'অসম চেণ্ট্ৰেল প্ৰেছ'ৰ পৰা প্ৰকাশ হ'বলৈ ধৰে।

            'অসম বন্তি'ৰ প্ৰকাশৰ উদ্দেশ্যেই যিহেতু এই প্ৰেছ প্ৰতিষ্ঠা হৈছিল,সেইবাবেই হয়তো এই প্ৰেছত অন্য পুথি ছপোৱাৰ তথ্য পোৱা নাযায়।গোহাঞিবৰুৱাৰ 'মহাৰাণী'(১৯০০)খনৰ প্ৰথম সংস্কৰণ 'অসম চেণ্ট্ৰেল প্ৰেছ'ত ছপা হোৱাৰ কথা লেখকে আত্মজীৱনীত উল্লেখ কৰিছে যদিও মহাৰাণীৰ পৰৱৰ্তী সংস্কৰণ 'সচিত্ৰকৈ আৰু ধুনীয়াকৈ কলিকতীয়া ছপাখানাত সৰহীয়াকৈ ছপাই' আনিছিল।গোহাঞিবৰুৱাৰ অন্যান্য পাঠ্যপুথিবোৰো কিন্তু কলিকতাৰ প্ৰেছতহে ছপাই আনিছিল।উদাহৰণস্বৰূপে নীতি-শিক্ষা,মাজছোৱা(১৯০০)ৰ প্ৰথম সংস্কৰণ আৰু আসামৰ বুৰঞ্জীৰ ১৯০৫ চনৰ সংস্কৰণ ছপোৱা হৈছিল কলিকতাৰ 'ৰাধাৰমণ যন্ত্ৰ'ত।তেনেদৰে দেশী-কচৰৎ(১৯০৪)ছপা হৈছিল শ্বিলঙস্থিত অসম সচিবালয়ৰ ছপাযন্ত্ৰত।সৰহীয়াকৈ আৰু দৃষ্টিনন্দন হোৱাকৈ পুথি ছপোৱাৰ সুব্যৱস্থা তেতিয়াও অসমত হোৱা নাছিল বাবেই গোহাঞিবৰুৱাৰ দৰে লেখকসকলে কলিকতীয়া প্ৰেছৰ ওপৰতেই ঘাইকৈ নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

            ইপিনে ঊনবিংশ শতিকাৰ শেষ ভাগত চাকৰিজীৱন আৰম্ভ কৰাৰ পূৰ্বে দেউতাক ঘিণাৰাম বৰুৱাৰ নৰীয়া সূত্ৰে গোহাঞিবৰুৱাই উত্তৰ লক্ষীমপুৰৰ নিজা ঘৰত কেইদিনমান কটাব লগাত পৰে।সেই সময়তে কলিকতাৰ অ ভা উ সা  সভাৰ আৰ্হিত একে নামেৰেই পদ্মনাথে বাল্যবন্ধু পাণীন্দ্ৰনাথ গগৈৰ লগ লাগি লক্ষীমপুৰত সভা এখন গঠন কৰে।অসমীয়া পাঠ্যপুথিৰ তেনেই তথৈবচ অৱস্থাৰ বাবেই অসমৰ মজলীয়া আৰু ওখখাপৰ পঢ়াশালিবোৰত চলাবৰ নিমিত্তে দেশী ভাষাৰ পাঠ্যপুথি প্ৰস্তুতকৰণ এই সভাৰ অন্যতম মুখ্য উদ্দেশ্য হৈ পৰিছিল।এই সংকল্পৰ ফলস্বৰূপে পাণীন্দ্ৰনাথ গগৈৰ 'অসমীয়া ল'ৰাৰ ভূগোল' আৰু 'ল'ৰা-শিক্ষা' তিনিছোৱা  আৰু গোহাঞিবৰুৱাৰ 'নীতি-শিক্ষা' তিনিছোৱা,'ভূগোল দৰ্পণ' আৰু 'অসমৰ বুৰঞ্জী'য়ে প্ৰকাশৰ মুখ দেখা পাইছিল।কেইবছৰমান পিছত গগৈৰ অকাল বিয়োগৰ পিছত গোহাঞিবৰুৱাই অকলেই পাঠ্যপুথি প্ৰণয়নৰ গধুৰ দায়িত্ব পালন কৰিছিল।দেখা যায় ঔপনিৱেশিক সময়ছোৱাৰ ওজা সাহিত্যিকসকলৰ ভিতৰত একমাত্ৰ গোহাঞিবৰুৱায়েই সাহিত্য সাধনা,কাকত-আলোচনী সম্পাদনা আৰু শিক্ষকতাৰ সমান্তৰালভাৱে এই দায়িত্ব পালন কৰিছিল।হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই গোহাঞিবৰুৱাৰ আগত এই দায়িত্ব পালন কৰি আদৰ্শ দাঙি ধৰিছিল যদিও সত্যনাথ বৰা,লম্বোদৰ বৰা,বেণুধৰ ৰাজখোৱা,ৰজনীকান্ত বৰদলৈ আদি প্ৰতিষ্ঠিত সাহিত্যিকসকলে দুই একোখন  পাঠ্যপুথি ৰচনা কৰা বাদে আন খ্যাতিমন্ত অসমীয়া লেখকসকলে স্কুলীয়া পাঠ্যপুস্তক ৰচনা কৰাৰ উদাহৰণ কম।গোহাঞিবৰুৱাতকৈ কণিষ্ঠ শৰৎ চন্দ্ৰ গোস্বামীহে এই ক্ষেত্ৰত ব্যতিক্ৰম।পাঠ্যপুথি প্ৰণয়নে গোহাঞিবৰুৱাক এহাতে আৰ্থিকভাৱে লাভান্বিত কৰিলে,আনহাতে অসমীয়া ছাতৰসকলকো ঐতিহাসিকভাৱে উপকৃত কৰিলে।

          উল্লেখযোগ্য যে,ঔপনিৱেশিক সময়ছোৱাত মাত্ৰ দুইধৰণৰ পুথি প্ৰকাশনহে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ আছিল---এক,শংকৰদেৱ-মাধৱদেৱৰ জনপ্ৰিয় পদপুথিসমূহকে ধৰি সকলোধৰণৰ পদপুথি আৰু দুই,স্কুলীয়া পাঠ্যপুথি। অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত এই কথাটো মনত ৰখা উচিত।সেইবাবেই মূলতঃ এই দুই ধৰণৰ পুথি প্ৰকাশ কৰিয়েই ঔপনিৱেশিক সময়ছোৱাত অসমীয়া প্ৰকাশকৰ উত্থান হৈছিল।আনহাতে পাঠ্যপুথিসমূহৰ বেছিভাগেই লেখকসকলে নিজাববীয়াকৈ ছপাই উলিয়াইছিল(দুই এজনক বাদ দি লেখকসকল আছিল মূলতঃ শিক্ষক।) ।গোহাঞিবৰুৱাও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিল।কোনো গুৰুত্বপূৰ্ণ লেখকে এককভাৱে  দিয়া কিতাপৰ বিজ্ঞাপনৰ ক্ষেত্ৰত গোহাঞিবৰুৱাই বোধকৰোঁ প্ৰথম লেখক আছিল।১৯০০ চনত প্ৰকাশিত 'নীতি-শিক্ষা' মাজছোৱাৰ বকলাপিঠিত মুঠ ১৩ খন কিতাপৰ বিজ্ঞাপন দিয়া হৈছিল এনেদৰেঃ


জাননী

শ্ৰীযুত পদ্মনাথ বৰুৱা প্ৰণীত তলত দিয়া কিতাপবিলাক তলত লিখা ঠিকনাত পোৱা যায়।একে সময়তে পাঁচ টকাৰ ওপৰ দামৰ কিতাপ কিনোতাক ১২ অনা হাৰে কমিচন দিয়া যাব।

কিতাপৰ তালিকাত এইকেইখন গ্ৰন্থৰ নাম আছে---শিক্ষাবিধি, সাহিত্য সংগ্ৰহ, নীতি-শিক্ষা(আদিছোৱা), নীতি-শিক্ষা(মাজছোৱা), ভূগোল-দৰ্পণ,সাহিত্য সংগ্ৰহৰ অৰ্থপুথি, নীতি-শিক্ষা আদিছোৱাৰ অৰ্থপুথি, আসামৰ সংক্ষিপ্ত বুৰঞ্জী, লাহৰী(উপন্যাস), লীলা(কাব্য), গাঁওবুঢ়া(ধেমেলীয়া নাটক), ভাৰতবৰ্ষৰ বুৰঞ্জী(সোনকালে ওলাব), মানৰ দিন(কাব্য)(সোনকালে ওলাব)।তলৰ ঠিকনাত এইসকল ব্যক্তিৰ নাম আছে--শ্ৰীযুত নীলকণ্ঠ বৰুৱা,উঃলক্ষীমপুৰ,শিৱনাথ ভট্টাচাৰ্য্য,ডিব্ৰুগড়,ডি এম বৰুৱা এণ্ড চনচ,সোমধৰ বৰুৱা,শিৱসাগৰ,এন চি ব্ৰাডাৰ্চ এণ্ড কোম্পানী,গুৱাহাটী,পদ্মনাথ বৰুৱা,তেজপুৰ।

একেখন গ্ৰন্থতে 'লীলা' কাব্যৰ সুকীয়াকৈ বিজ্ঞাপন প্ৰকাশ হৈছিল।

লীলা।

উৎকৃষ্ট অসমীয়া কাব্যগ্ৰন্থ।

শ্ৰীযুত পদ্মনাথ বৰুৱা ৰচিত।

বেচ--- 

পকা জিলৰ খনে     আধলি

ধুনীয়া কাকৰ জিলৰ খনে   ডেৰঅনা

বিশেষ লাভ----

'লীলা' খনে প্ৰতি ৰচোঁতাৰ প্ৰতিমূৰ্ত্তিৰ একোটি ধুনীয়া ছবি উপহাৰ পাব।

সিপিঠিৰ এজেণ্টসকলৰ ওচৰতো পোৱা যায়।

প্ৰকাশিকা

শ্ৰীমতী হিৰন্ময়ী বৰুৱাণী।

            উল্লেখ্য যে গোহাঞিবৰুৱাৰ প্ৰথমা ভাৰ্যা লীলাৱতী দেৱীৰ ১৯০০ চনত অকাল বিয়োগ হয়।তেওঁৰ স্মৃতিতেই গোহাঞিবৰুৱাই ৰচনা কৰে লীলা কাব্য(১৯০০)।প্ৰথমা পত্নীৰ নামেৰেই গোহাঞিবৰুৱাই পৰৱৰ্তী কালত লীলা এজেন্সি নামেৰে কিতাপৰ এক এজেন্সিৰ জন্ম দিয়ে।এই এজেন্সিৰ পৰা অৱশ্যে গোহাঞিবৰুৱাৰ বাদে আন লেখকৰ গ্ৰন্থ প্ৰকাশ কৰাৰ তথ্য পোৱা নাই।নিজাকৈ প্ৰণয়ন আৰু প্ৰকাশ কৰা গ্ৰন্থবোৰ যাতে সুচাৰুৰূপে প্ৰচলন হয়,তাৰ নিমিত্তেই গোহাঞিবৰুৱাই হয়তো এই গ্ৰন্থ এজেন্সিৰ জন্ম দিছিল।'নীতি-শিক্ষা' শেহছোৱাৰ ১৯১৮ চনত প্ৰকাশিত চতুৰ্থ তাঙৰণৰ বকলাপিঠিত 'লীলা এজেঞ্চি,তেজপুৰ'ৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ২৭ খন গ্ৰন্থৰ বিজ্ঞাপন দিছে।

সাহিত্যিক পেঞ্চনভোগী

ৰায়চাহাব শ্ৰীযুক্ত পদ্মনাথ গোহাঁই বৰুৱা প্ৰণীত,

তলত নাম দিয়া কিতাপবিলাক আমাৰ এজেঞ্চিৰ পৰা নিলে শতকৰা ১২ আৰু বাজে কিতাপত ১৫ নিৰিখে কমিচন পায়;---

 লীলা(কাব্য), জুৰণি(কবিতা), ফুলৰ চানেকী(বিবিধ ছন্দৰ কবিতা), লাহৰী(উপন্যাস),  জয়মতী(নাটক), গদাধৰ(নাটক), সাধনী(নাটক), লাচিত বৰফুকন(নাটক), গাঁওবুঢ়া(ধেমেলীয়া নাটক), টেটোন তামুলি(ধেমেলীয়া নাটক), মহাৰাণী(ভিক্টোৰীয়া চৰিত, সচিত্ৰ), শিক্ষাবিধি(শিক্ষকৰ হাতৰ পুথি), জীৱনী-সংগ্ৰহ(সচিত্ৰ চৰিতাৱলী), সাহিত্য-সংগ্ৰহ(বিবিধ প্ৰবন্ধাৱলী), নীতি-শিক্ষা(আদিছোৱা, সচিত্ৰ), নীতি-শিক্ষা(মাজছোৱা,সচিত্ৰ),  নীতি-শিক্ষা(শেহছোৱা, সচিত্ৰ), ভূগোলদৰ্পণ(পৃথিৱীৰ ব্যাহিক বিবৰণ), আসামৰ বুৰঞ্জী(সচিত্ৰ), বুৰঞ্জীবোধ(সচিত্ৰ), আদিশিক্ষা(আদিছোৱা ,সচিত্ৰ), আদিশিক্ষা(মাজছোৱা, সচিত্ৰ), আদিশিক্ষা(শেহছোৱা সচিত্ৰ), ভাৰতবৰ্ষৰ বুৰঞ্জী(আদিছোৱা, হিন্দু-ৰাজত্ব), দেশী কছৰৎ(ব্যায়াম শিক্ষা) আৰু সভাপতিৰ অভিভাষণ।

 ইতি--মেনেজাৰ, লীলা-এজেঞ্চি, তেজপুৰ, আসাম।

            একেদৰে ১৯২৪ চনত প্ৰকাশিত নীতি-শিক্ষা আদিছোৱাৰ ৫ম সংস্কৰণৰ বকলাপিঠিত লীলা-এজেঞ্চিৰ মেনেজাৰে গোহাঞিবৰুৱা ৰচিত মুঠ ৩২ খন কিতাপৰ বিজ্ঞাপন দিছে।অৱশ্যে  'লীলা এজেন্সি' সম্পৰ্কত গোহাঞিবৰুৱাই আত্মজীৱনীত কোনো কথা লিখা নাই।গতিকে এই এজেন্সিৰ জন্মৰ  সঠিক চন-তাৰিখ দিয়াটো সম্ভৱ নহ'ব।'মহাৰাণী'ৰ ১৯১৬ চনৰ তৃতীয় তাঙৰণত গ্ৰন্থখন 'তেজপুৰ,লীলা-এজেঞ্চি'ৰ পৰা প্ৰকাশিত বুলি উল্লেখ থকালৈ চাই আনুমানিক সেই চনটোৰ পৰাই বোধকৰোঁ এই এজেঞ্চিৰ আৰম্ভ হয়।১৯১৮ চনমানত গোহাঞিবৰুৱা ৰচিত স্কুলীয়া পাঠ্যপুথিৰ সংখ্যা বাঢ়ি অহাত এইসমূহ বিতৰণৰ সুবিধা হোৱাকৈ(পাঠ্যপুথিৰ ব্যৱসায় নিশ্চয় সন্তোষজনক আছিল) কোনো মেনেজাৰক নিযুক্ত কৰিছিল।মহাদেৱ শৰ্মাৰ 'অৰুণ পাব্লিছিং হাউছ','আসাম কো-অপাৰেটিভ এজেন্সি' আৰু ভাবিৰাম কলিতাৰ 'বি আৰ কলিতা এণ্ড কোম্পানী' আদি গ্ৰন্থ এজেন্সিৰ পূৰ্বে তেজপুৰ চহৰৰ গ্ৰন্থ প্ৰকাশনৰ ইতিহাসত 'লীলা এজেন্সি'য়ে এক সুকীয়া গুৰুত্ব নিশ্চয় দাবী কৰে।(আজিৰ 'দৈনিক অসম'ত প্ৰকাশিত।)


গুৱাহাটীৰ 'ভিক্টোৰীয়া প্ৰেছ' আৰু মথুৰামোহন বৰুৱা

             চিদানন্দ চৌধুৰী আৰু কালিৰাম বৰুৱাৰ পিছত গুৱাহাটী চহৰত কুৰি শতিকাৰ আৰম্ভণিতে এটি প্ৰেছ প্ৰতিষ্ঠা হৈছিল যোৰহাটৰ প্ৰখ্যাত ৰসেন্দ্ৰ বংশৰ মথুৰামোহন বৰুৱাৰ(১৮৬৩-১৯১৯) উদ্যোগত।'মথুৰামোহন বৰুৱা'(সংগ্ৰাহকঃশুভ বৰুৱা,১৯৮৫) গ্ৰন্থত দিয়া বংশলতা অনুসৰি ৰসেন্দ্ৰ বংশৰ শূলপাণি ভৰালী বৰুৱাৰ তৃতীয় পুত্ৰ দিগম্বৰ;তেওঁৰ দুই পুত্ৰ ৰবিচন্দ্ৰ আৰু বলোচন্দ্ৰ।সূৰ্য্যকুমাৰ ভূঞাৰ তথ্য মতে ঊনবিংশ শতিকাৰ গুৱাহাটীৰ প্ৰখ্যাত ব্যক্তি ৰবিচন্দ্ৰ ডেকাবৰুৱাই 'আসাম কায়দা-বন্দী' বাংলাৰপৰা অসমীয়ালৈ অনুবাদ কৰিছিল।(পৃঃ১৩,মথুৰামোহন বৰুৱা)ৰবিচন্দ্ৰৰ বৰপুত্ৰ কেশৱ চন্দ্ৰ বা কেশী বৰুৱা আছিল পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ শহুৰেক।কেশৱচন্দ্ৰৰ আন এক ভাতৃ ৰাধিকাচন্দ্ৰই খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈ "আৰ চি বেঞ্জামিন নাম লৈ উত্তৰ ভাৰতৰ বিভিন্ন অঞ্চলত ব্যৱসায় কৰি ফুৰিছিল"(পৃঃ১৫,পূৰ্বোক্ত গ্ৰন্থ)।এওঁৰ আৰ্থিক সাহায্যতে খুৰাৱক বলোচন্দ্ৰৰ একমাত্ৰ পুত্ৰ মথুৰামোহনে বোম্বাই চহৰত ডাক্তৰি পঢ়ে।অৱশ্যে বিভিন্ন কাৰণত মথুৰামোহনৰ পঢ়া অসমাপ্ত হয়।প্ৰফুল্লদত্ত গোস্বামীয়ে লিখিছে,"পঢ়া বিফল হ'লত মথুৰামোহনে সাংবাদিকতাৰ ফালে মন মেলে।তেওঁৰ ইংৰাজীত ভাষাত দখল আছিল আৰু দৰকাৰ হ'লে লিখিবও পাৰিছিল।...তেওঁ কিছুদিন বোম্বাই আৰু হাইদৰাবাদৰ 'ইণ্ডিয়ান স্পেকটেটৰ' আৰু 'ছেম্পিয়ন' কাকতৰ সম্পাদকীয় বিভাগত কাম কৰে।তাৰ পিছতহে ১৯০০ চনত তেওঁ তেজপুৰত 'আসাম বন্তি'ৰ ভাৰ লয়হি।"(পৃঃ১৫-১৬)

            কেবল "অসম বন্তি"ৰ সম্পাদনাৰ লগতে নহয়,সেই কাকত মুদ্ৰণ হোৱা তেজপুৰৰ "অসম চেণ্ট্ৰেল প্ৰেছ"ৰ লগতো বৰুৱা জড়িত আছিল।"মোৰ সোঁৱৰণী"ত পদ্মনাথ গোহাঞিবৰুৱাই লিখিছেঃ"আমি প্ৰেছ প্ৰতিষ্ঠা বিষয়ত অনভিজ্ঞ আৰু কোম্পানী সংগঠিত কৰা বিষয়তো তথৈবচ।কাৰ্যকাৰক সমিতিৰ আঁৰ লৈ কাম কৰোতা মোৰ গাতেই প্ৰেছ সম্বন্ধীয় অভিজ্ঞতা অলপ থকাৰ গম ধৰি,সমিতিয়ে প্ৰেছ অনোৱাৰ যুগুতিৰ ভাৰ মোৰ মূৰতে অৰ্পণ কৰিলে।অৱশ্যে অপ্ৰকাশ্যে,কাৰণ মই চৰ্কাৰী চাকৰীয়া।মোৰ মনত পৰিল মোৰ বন্ধু ঁমথুৰামোহন বৰুৱালৈ।তেওঁ কলিকতা,এলাহাবাদ প্ৰভৃতি ঠাইত বাতৰিকাকতৰ লগত সম্বন্ধ ৰাখি ফুৰা-চকা কৰাৰ কথা মই ভালকৈ জানো।তেওঁ সেই সময়ত এলাহাবাদৰপৰা আহি গুৱাহাটীত আছিলহি।সেইছেগতে সমিতিৰ জৰিয়তে তেওঁক তেজপুৰলৈ মতাই অনালোঁ।তাৰ পাচত আলোচনাৰ ফলত এই সিদ্ধান্ত হয় যে,সময়ত এওঁকেই আমাৰ সংকল্পিত কাকতৰ সম্পাদক পতা যাব,সম্প্ৰতি তেওঁ কলিকতালৈ গৈ এখন ভাল প্ৰেছ কিনি পঠিয়াবলৈ যুগুত দিহা কৰকগৈ।...ছমাহৰ ভিতৰত ছপাখানাৰ ঘৰ আৰু প্ৰেছৰ কাৰ্যকাৰকবিলাক থকা ঘৰ-দুৱাৰ আদি যুগুত কৰি দিয়াত ঁমথুৰামোহন বৰুৱাৰ দ্বাৰাই ইং ১৯০০ চনত "অসম চেণ্ট্ৰেল প্ৰেছ" প্ৰতিষ্ঠিত হ'ল।"(পৃঃ১০৪)বৰুৱা "অসম বন্তি'ৰ লগত এবছৰমানহে থাকে,"কিয়নো পৰিচালক সমিতিৰ লগত মত্ভেদ হৈ তেওঁ সম্পাদকীয় বাব এৰি দিয়ে"(পৃঃ১৮,মথুৰামোহন বৰুৱা)অৱশ্যে গোহাঞিবৰুৱাৰ মতে 'অসম চেণ্ট্ৰেল প্ৰেছ' কোম্পানীৰ ধাৰ লগাত "সমস্যাৰ গতি বুজি সম্পাদক ঁমথুৰামোহন বৰুৱা ছুটীত ঘৰলৈ গৈ আৰু ঘূৰি নাহিল।"(পৃঃ১৩৭,মোৰ সোঁৱৰণী)

            প্ৰফুল্লদত্ত গোস্বামীৰ তথ্যমতে,১৯০২ চনৰ জানুৱাৰী মাহত বৰুৱাই গুৱাহাটীলৈ আহি এটি সৰু হেণ্ডপ্ৰেছ স্থাপন কৰে।আৰু ছপাখানাটোৰ নামকৰণ কৰে "ভিক্টোৰীয়া প্ৰেছ"ৰূপে।বৰুৱাৰ বন্ধু আৰু 'মহাৰাণী'(১৯০০) গ্ৰন্থৰ প্ৰণেতা পদ্মনাথ গোহাঞিবৰুৱাৰ দৰেই বোধকৰোঁ বৰুৱায়ো ১৯০০ চনত "মহাৰাণী ভাৰতেশ্বৰী ভিক্টোৰীয়াৰ মৃত্যু আটাইতকৈ বৰ" খবৰ হিচাপে গণ্য কৰিছিল।মথুৰামোহন বৰুৱাই "ভিক্টোৰীয়া প্ৰেছ" নাম দি প্ৰতিষ্ঠা কৰা ছপাখানাটো আনিছিল বৰপেটাৰ ভোগজুৰ বেপাৰীৰপৰা।এই তথ্য দিছে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে তেওঁৰ আত্মজীৱনীতঃ"মথুৰ বৰুৱাই 'এডভোকেট অৱ আসাম' ছপোৱা হাফ-ক্ৰাউন আকাৰ হেণ্ড প্ৰেছখন প্ৰকৃততে ভোগজুৰ বেপাৰীৰে আছিল।তেওঁ ইং ১৯০২ চনত এই প্ৰেছখন কলিকতাৰপৰা কিনি আনি 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' নাম দি বৰপেটাত পাতিছিল কীৰ্ত্তনঘোষা,নামঘোষা আদি কিতাপবিলাক প্ৰকাশৰ বাবে।কিছুদিন চলাই মন দি কাম কৰা ভাল মানুহৰ অভাৱত প্ৰেছখন এনেয়ে পেলাই ৰাখিছিল।মথুৰ বৰুৱাই বোম্বাইৰপৰা আহি 'এডভোকেট অৱ আসাম' নামৰ ইংৰাজী সাপ্তাহিক কাকতখন প্ৰকাশ কৰিবলৈ প্ৰেছখন লিখা-পঢ়া কৰি ভোগজুৰ বেপাৰীৰপৰা ইং ১৯০৫ চনত গুৱাহাটীলৈ আনিছিল।"(পৃঃ১০১-০২,মোৰ জীৱন-ধুমুহাৰ এছাটি)অৱশ্যে এই অনুচ্ছেদটোত কেইটামান তথ্য বিভ্ৰান্তি আছে।১৯০২ চনৰ আগতেই ভোগজুৰ বেপাৰীয়ে কলিকতাৰপৰা প্ৰেছখন আনিব লাগিব,কিয়নো প্ৰফুল্লদত্ত গোস্বামীয়ে লিখা মতে ১৯০২ চনৰ জানুৱাৰীত মথুৰামোহন বৰুৱাই ইতিমধ্যে প্ৰেছখন গুৱাহাটীত প্ৰতিষ্ঠা কৰিছেহি।আনহাতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "শাস্ত্ৰ প্ৰকাশ প্ৰেছ'' নাছিল।নাৰায়ণ দেৱমিশ্ৰই ১৯১০চনত বৰপেটাত স্থাপন কৰা ছপাযন্ত্ৰটোৰ নামহে 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' আছিল।অক্ষয় কুমাৰ মিশ্ৰই আমাক জনোৱা মতে ভোগজুৰ বেপাৰীৰ প্ৰেছখনৰ নাম "সনাতন ধৰ্মযন্ত্ৰ" আছিল।ৰায়চৌধুৰীয়ে লিখাৰ দৰে ১৯০৫ চনতো বেপাৰীৰপৰা বৰুৱাই যন্ত্ৰটো অনা নাছিল,কিয়নো ১৯০৩ চনৰ অক্টোবৰ মাহৰপৰা "এডভোকেট অৱ আসাম" "ভিক্টোৰীয়া প্ৰেছ"ৰপৰা প্ৰকাশ পাইছে।গতিকে তাৰ আগতেই প্ৰেছখন বৰপেটাৰপৰা আনিব লাগিব।উল্লেখ্য যে নিজাকৈ প্ৰেছ অনাৰ আগতে বৰপেটাৰ ব্যৱসায়ী ভোগজুৰ বেপাৰীয়ে লাক্ৰিসিং বেপাৰীৰ লগ লাগি ১৮৯৫ চনত হাহিৰাম বেপাৰী(বৰপেটা)সংকলিত "বৰগীত"খন ছপাই উলিয়াইছিল(পৃঃ৬২,নামনি অসমৰ সামাজিক পটভূমি,অনিল ৰায়চৌধুৰী)।

            ভিক্টোৰীয়া প্ৰেছৰপৰা মথুৰামোহন বৰুৱাৰ সম্পাদনাত প্ৰকাশিত 'দ এডভোকেট অভ আছাম' ১৯০৩ চনৰপৰা কোনোৰ মতে ১৯১০ চনলৈ আৰু কোনোৰপৰা এৰাধৰাকৈ ১৯২০ চনলৈ চলি আছিল।এই প্ৰেছতে নিজৰ কাকত মুদ্ৰণ হোৱাৰ লগতে সত্যনাথ বৰাৰ সম্পাদনাত গুৱাহাটীৰপৰা প্ৰকাশিত "জোনাকী" মুদ্ৰিত হৈছিল।১৯১৯ চনৰ ৭ জুনত বৰুৱাৰ মৃত্যু হোৱালৈকে প্ৰেছখনো নিজৰ লগতে আছিল বুলি অনুমান কৰিব পাৰি,কিয়নো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে বৰুৱাৰ মৃত্যুৰ পিছতহে প্ৰেছখন বিচাৰি গৈছিল।ভিক্টোৰীয়া প্ৰেছত প্ৰিণ্টাৰ আছিল কালিৰাম বৰুৱাৰ প্ৰেছত কাম কৰা প্ৰখ্যাত দুতিৰাম মেধি।"অৰুণা প্ৰেছ"ৰ বাবে প্ৰেছৰ কাম জনা মানুহ বিচৰা প্ৰসংগত অম্বিকাগিৰীয়ে লিখিছেঃউজান বজাৰত দুতিৰাম মেধি নামৰ প্ৰেছৰ ভাল কাম জনা মানুহ আছে।তেওঁ কালিৰাম বৰুৱা,চিদানন্দ চৌধুৰী,মথুৰ বৰুৱাৰ 'এডভোকেট অৱ আসাম'ত কাম কৰা পুৰণি মানুহ।(পৃঃ৭০,মোৰ জীৱন-ধুমুহাৰ এছাটি)একেখন গ্ৰন্থতে গোবিন্দ গগৈ নামৰ আন এগৰাকী প্ৰেছৰ কামজনা ব্যক্তিৰ উল্লেখ আছে যি ভিক্টোৰীয়া প্ৰেছত কাম কৰিছিল।এই গোবিন্দ বা গোবিন্দধৰ গগৈয়ে অম্বিকাগিৰীৰ 'অৰুণা প্ৰেছ'ত কাম কৰাৰ উপৰি চন্দ্ৰকুমাৰ আগৰৱালাৰ 'নিউ প্ৰেছ'(প্ৰতিষ্ঠা ১৯১৮)তো কাম কৰিছিল।দুতিৰাম মেধিয়ে তেজপুৰৰ 'অসম চেণ্ট্ৰেল প্ৰেছ'তো ১৯০০ চনত কাম কৰাৰ তথ্য পোৱা যায়ঃগুৱাহাটীৰপৰা দুতিৰাম মেধিক প্ৰিণ্টাৰ কৰি আনি বহুৱাই লৈ,তাৰেপৰা জনদিয়েক অসমীয়া কম্পোজিটৰ অনাই প্ৰেছৰ ছপাকাৰ্যত লগোৱা হয়(পৃঃ১০৬,মোৰ সোঁৱৰণী)মথুৰামোহন বৰুৱাই 'আসাম বন্তি' এৰি গুৱাহাটীত নিজাকৈ প্ৰেছ প্ৰতিষ্ঠা কৰাত সম্ভৱতঃ মেধিয়েও সেই প্ৰেছতে কামত যোগ দিয়েহি।

    মথুৰামোহন বৰুৱাৰ মৃত্যুৰ পিছত এই ভিক্টোৰীয়া প্ৰেছ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিনি লয়।