Saturday, August 22, 2020

বৰপেটাৰ ছপাযন্ত্ৰ

               ছপাপুথিৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিতে বৰপেটাৰ উদ্যোগ আৰু উদ্যম মন কৰিবলগীয়া।অসমীয়া ছপাপুথিৰ ইতিহাসত হৰিবিলাস গুপ্তই প্ৰকাশ কৰা 'কীৰ্ত্তন'(১৮৭৬)ক মাইলৰ খুঁটিৰূপে চিহ্নিত কৰা হয় যদিও বৰপেটাৰ অনাদৰ দাস উকিলে ছপোৱা 'কথা-গীতা'(১৮৭৫)ক সেই হিচাপে গুৰুত্ব দিয়া হোৱা নাই।পুথিখনো দুৰ্লভ হৈ পৰাত সেই সম্পৰ্কত একো ক'ব পৰা নাযায়।এই পুথিৰ প্ৰথম উল্লেখ আমি পাইছোঁ হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা আৰু প্ৰকাশ কৰা 'কথা-গীতা'ৰ(১৯১৮) পাতনিত।এই পুথিখন ছপোৱাৰ সময়ত গোস্বামীয়ে ৰিজাই চাইছিল 'কথা-গীতা'ৰ তিনিটা পাঠ।তাৰে এটা আছিল অনাদৰ দাস উকিলে প্ৰকাশ কৰা 'কথা-গীতা'ৰ ছপাৰূপ।গোস্বামীয়ে লিখিছেঃ "বড়পেটাৰ ছপা কিতাপ।ঁভট্টদেৱৰ কথা-গীতা কিতাপ আকাৰে ছপা হোৱা এয়েই প্ৰথম।এই কিতাপ বড়পেটাৰ অন্তৰ্গত বড়িগাঁও নিবাসী ঁঅনাদৰ দাস উকিলে ১২৮২ চনত ছপা কৰে।৪৩ বছৰ আগেয়ে এই পুথি কিতাপ আকাৰে ছপা কৰি উলিওৱাৰ বাবে ঁঅনাদৰ দাস উকিল মহাশয় অশেষ ধন্যবাদৰ পাত্ৰ।কিন্তু দুখৰ বিষয় এইহে যে কিতাপখন আদিৰে পৰা অন্তলৈকে অশুদ্ধ পাঠেৰে ভৰা আৰু সেইগুণে ইয়াক পঢ়ি গীতাৰ অৰ্থ বুজাও অসম্ভৱ।তাত বাজেও এই কিতাপ আজিকালি কতো পাবলৈ নাইকিয়া।আমি অনেক পুৰুষাৰ্থ কৰিহে পাটবাউসী সত্ৰৰ বৰ্তমান অধিকাৰ ঁভট্টদেৱৰ বংশধৰ মাননীয় শ্ৰীশ্ৰীযুক্ত গোবিন্দদেৱ গোস্বামীৰ পৰা যেনে তেনে মতে জীৰ্ণাৱস্থাৰ এখন কিতাপ সংগ্ৰহ কৰিছোঁ।ঁঅনাদৰ দাস উকিল মহাশয়ে ছপোৱা কিতাপৰ এইখনেই শেষ সংখ্যা হলেও হব পাৰে।এই কিতাপত অনেক ভুল থাকিলেও ইয়াৰ পৰাও যে আমি ঠায়ে ঠায়ে উপকাৰ পোৱা নাই তেনে নহয়।"(পৃঃ৪)

              অনিল ৰায়চৌধুৰীয়ে  দিয়া তথ্য অনুসৰি ১৮৮৫ চনত বৰপেটাৰ যজ্ঞৰাম দাসে 'ডাক ভণিতা' সংগ্ৰহ কৰি ছপাই আনিছিল কলিকতাৰ 'বিজ্ঞান যন্ত্ৰ'ত।১৮৯৫ চনত হাহিৰাম বেপাৰী(বৰপেটা) সংকলিত 'বৰগীত' ছপাই প্ৰকাশ কৰিছিল ভোগজুৰ বেপাৰী আৰু লাক্ৰিসিং বেপাৰীয়ে (পৃঃ৬২,নামনি অসমৰ সামাজিক পটভূমি)।১৮৯৫ চনতে প্ৰথমটো ছপাখানা স্থাপন কৰে পোৰা মহাজনে।উল্লেখ্য যে এই ছপাখানাতে ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস 'মিৰি জীয়ৰী'(১৮৯৫),তেওঁৰ দ্বাৰা সম্পাদিত 'দীপিকা ছন্দ' ছপা হৈছিল।মাধৱ চন্দ্ৰ বৰদলৈৰ প্ৰখ্যাত মাধৱ কন্দলি বিৰচিত 'ৰামায়ণো'(১৮৯৬) এই ছপাশালতে ছপা হৈছিল (সংবাদ দাতাঃ অক্ষয়কুমাৰ মিশ্ৰ)।এইখিনিতে উল্লেখ কৰিব পাৰি যে মাধৱ চন্দ্ৰ বৰদলৈ নিজা খচৰতে 'ৰামায়ণ' প্ৰকাশ কৰি উলিয়াইছিল।তদুপৰি নিজাকৈ এটি ছপাযন্ত্ৰ কিনাৰো তেওঁৰ মন আছিল।'ঁমাধৱচন্দ্ৰ বৰদলৈ' প্ৰবন্ধৰ লেখক হৰনাথ বৰুৱাই লিখিছেঃ"ৰামায়ণ লুপ্তপ্ৰায় হোৱা দেখি তেওঁ বহু অৰ্থ ব্যয় কৰি তাক ছপা কৰাইছিল।...চৰকাৰী কামৰপৰা অৱসৰ লৈ এখন ছপাযন্ত্ৰ কিনি তাৰদ্বাৰা সকলো পুৰণি পুথি লাহে লাহে ছপোৱাটোৱেই তেওঁৰ জীৱনৰ প্ৰধান উদ্দেশ্য আছিল,কিন্তু তেওঁৰ সেই আশা পূৰণ নহ'ল।"(পৃঃ২১৮,উষা)

              বিংশ শতিকাৰ আৰম্ভণিতে,১৯০২ চনত 'বৰগীত'ৰ প্ৰকাশক ভোগজুৰ বেপাৰীয়ে হাফ-ক্ৰাউন আকাৰৰ এটি সৰু হেণ্ডপ্ৰেছ কলিকতাৰপৰা কিনি আনি বৰপেটাত স্থাপন কৰে আৰু 'সনাতন ধৰ্মযন্ত্ৰ' নাম দিয়ে।পুৰণি পুথি যেনে কীৰ্ত্তনঘোষা,নামঘোষা আদি ছপোৱাই ভোগজুৰ বেপাৰীৰ মুখ্য উদ্দেশ্য আছিল।কিন্তু কিছুদিন চলোৱাৰ পিছতে 'মন দি কাম কৰা ভাল মানুহৰ অভাৱত' 'সনাতন ধৰ্মযন্ত্ৰ' নিষ্কৰ্মা হৈ পৰে।বোধকৰোঁ একেটা চনতে গুৱাহাটীৰ মথুৰামোহন বৰুৱাই এই ছপাযন্ত্ৰটো বেপাৰীৰপৰা কেৰেয়াত আনি গুৱাহাটীত স্থাপন কৰে আৰু 'ভিক্টোৰীয়া প্ৰেছ' নাম দিয়ে।

              ভোগজুৰ  বেপাৰীৰ আঠবছৰ পিছত,১৯১০ চনত বৰপেটাৰ তৃতীয়টো প্ৰেছ স্থাপন হয় পণ্ডিত নাৰায়ণ দেৱমিশ্ৰৰ পৃষ্ঠপোষকতাত।"জীৱিকা নিৰ্বাহ লগতে মহাপুৰুষীয়া শাস্ত্ৰসমূহৰ বিশুদ্ধ সংস্কৰণ প্ৰকাশৰ অভিপ্ৰায়ে কেইজনমান অংশীদাৰ লৈ তেওঁ (দেৱমিশ্ৰই) 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ' নাম দি ১৯১০ চনতে বৰপেটাত এটি প্ৰেছ স্থাপন কৰে।এই প্ৰেছত ছপা হোৱা উল্লেখযোগ্য পুথিসমূহ হ'লঃঅখ্যাত চন্দ্ৰিকা,বৰগীত,প্ৰসঙ্গ প্ৰণালী,মালা প্ৰকাশ,নিমিনৱসিদ্ধ সংবাদ,ধাতুৰূপাৱলী।সংস্কৃত ব্যাকৰণ খণ্ডখণ্ডভাৱে ছপাই সংস্কৃতৰ ছাত্ৰসকলক সস্তা দামত কিতাপ যোগোৱাৰ উদ্দেশ্যও তেওঁৰ আছিল।পিছত নানা কাৰণে এই ছপাখানা বন্ধ ৰাখিবলগীয়া হয় আৰু এই প্ৰেছটো অম্বিকাগিৰী ৰায়চৌধুৰীক দি দিয়া হয়।(পৃঃ১২-১৩,পণ্ডিতপ্ৰবৰ নাৰায়ণ দেৱমিশ্ৰ স্মৃতিগ্ৰন্থ)

              এই প্ৰেছত ছপা হোৱা পুথিসমূহ এখনো হাতত পৰা নাই বাবে সবিশেষ ক'ব পৰা নাযাব।কেবল 'প্ৰসঙ্গ প্ৰণালী' প্ৰকাশৰ লগে লগে 'আসাম-বান্ধৱ' আৰু 'বাঁহী'ত একোটিকৈ টোকা প্ৰকাশ পাইছিল।পুহ,১৩১৯(ইং ১৯১৩ চন)সংখ্যা  'আসাম-বান্ধৱ'ত প্ৰকাশিত টোকাটো আছিল এনেধৰণৰঃপ্ৰসঙ্গ প্ৰণালী।শ্ৰীযুক্ত নাৰায়ণ দেৱ মিশ্ৰ সংকলিত।মূল্য ।।০ আঠ আনা।এই পুথি পাই আমি বৰ আনন্দ পালো।পুথি খানি য়ে বৈষ্ণৱসকলৰ এটা ডাঙৰ অভাৱ গুচালে তাত কোনো  সংশয় নাই।এই পুথিত বিশেষ কৰি মহাপুৰুষীয়া সম্প্ৰদায়ৰ ভকতসকলৰ নিত্যনৈমিত্তিক শৰণ,ভজন,উপাসনা,কীৰ্ত্তন,প্ৰসঙ্গাদিৰ ব্যৱস্থা বিশদৰূপে দিয়া আছে।ইয়াৰ ভাষা শুদ্ধ আৰু সাৰ্ব্বজনীন,সদীয়াৰ পৰা ধুবুৰীলৈকে সকলোৱে ইয়াক সহজে বুজিব পাৰিব।ইয়াত প্ৰাদেশীক দোষ নাই।আশা কৰো ই সৰ্বসাধাৰণৰ আদৰ পাব।(পৃঃ৩৫৯)৩য় বছৰ ১১শ সংখ্যা(আহিন,১৮৩৪ শক)'বাঁহী'ত প্ৰকাশিত 'চমু মন্তব্য' এনেকুৱাঃপ্ৰসঙ্গ প্ৰণালী--শ্ৰীযুক্ত নাৰায়ণদেৱ মিশ্ৰ সঙ্কলিত।বৰপেটা শাস্ত্ৰ প্ৰকাশ সমিতিৰ দ্বাৰা প্ৰকাশিত মূল্য ।।০ অনা।আমি এই পুথিখন পাই বৰ সুখী হৈছোঁ।অসমীয়া বৈষ্ণৱ সত্ৰত প্ৰচলিত,ঘাইকৈ বৰপেটা সত্ৰত প্ৰচলিত প্ৰসঙ্গৰ প্ৰণালী ইয়াত সুন্দৰকৈ লিখা হৈছে।পুথিখন ভক্তসকলৰ নিশ্চয় আদৰৰ ধন হ'ব।(পৃঃ৫২৭-২৮)

               'আসাম-বান্ধৱ'ৰ ২য় বছৰ ১২শ সংখ্যা(মাঘ,১৩১৮)ত  প্ৰকাশিত এটি বিজ্ঞাপনৰপৰা অনুমান কৰিব পাৰি কালিৰাম মেধি সম্পাদিত আৰু হেম সৰস্বতী বিৰচিত 'প্ৰহ্লাদ চৰিত্ৰ'(১৯১৩)ত শাস্ত্ৰ প্ৰকাশ প্ৰেছতেই ছপা হৈছিল।'আসাম-বান্ধৱ'ৰে বৈহাগ মাহ,১৩১৯(ইং ১৯১৩)ত  প্ৰকাশিত এটি লেখাত বৰপেটাৰ দাইবৰ ৰাম বেপাৰীয়ে সাৰ্ব্বভৌম ভট্টাচাৰ্য্যৰ 'স্বৰ্গখণ্ড ৰহস্য' প্ৰকাশ কৰাৰ তথ্য পোৱা  যায়।এই পুথিও  একেটা প্ৰেছতে ছপা হোৱা সম্ভৱ।১৯১০ চনৰপৰা চাৰি-পাঁচবছৰমান বোধকৰোঁ এই ছপাযন্ত্ৰত কাম চলিছিল।১৯১৯ ত এই প্ৰেছটো এনেয়ে বহি থকাৰ কথা অম্বিকাগিৰীয়ে ৰায়চৌধুৰীয়ে উল্লেখ কৰিছেঃমনত পৰিল,বৰপেটাৰ পণ্ডিত নাৰায়ণদেৱ মিশ্ৰৰ হাতত বহুত নতুন আখৰ আৰু ছপাৰ অন্যান্য সৰঞ্জাম সৈতে ডিমাই হেণ্ডপ্ৰেছ এটা কাম নকৰাকৈ  এনেয়ে বহি আছে।পিছদিনাই বৰপেটালৈ যাত্ৰা কৰিলোঁ।সৰুপেটা ষ্টেচনত ৰেলৰপৰা নামি বাৰিষাৰ বানে খছি থেৰ্থেৰীয়া কৰি থোৱা দ ৰাস্তাটোৱেদি ১৪ মাইল খোজকাঢ়ি বাহিৰে বাহিৰে গৈ পণ্ডিত মিশ্ৰক লগ ধৰি প্ৰেছটোৰ কথা উলিয়ালোঁ।তেখেতে ক'লে--"এৰা,প্ৰেছটো পৰি আছে মনদি ভালকৈ কাম কৰা মানুহৰ অভাৱত।"(পৃঃ৬৩-৬৪,মোৰ জীৱন-ধুমুহাৰ এছাটি)

              ঔপনিবেশিক অসমৰ গুৰুত্বপূৰ্ণ চহৰ ডিব্ৰুগড়ত কেইবাটাও প্ৰেছ (এ আৰ টি কোম্পানীৰ প্ৰেছ,ৰাধানাথ চাংকাকতীৰ টাইমছ প্ৰেছ,নন্দেশ্বৰ চক্ৰৱৰ্তীৰ গৌৰীশংকৰ যন্ত্ৰ আদি) সুকলমে চলি থকাৰ সময়তে সত্ৰ নগৰী বৰপেটাৰ দুটাকৈ ছপাযন্ত্ৰ কুৰি শতিকাৰ আৰম্ভণিত 'মন দি ভালকৈ কাম কৰা মানুহৰ অভাৱত' বন্ধ হোৱাৰ অন্তৰালত সেই সময়ৰ আৰ্থ-সামাজিক কাৰকো ক্ৰিয়াশীল আছিল।যি হওক,নাৰায়ণদেৱ মিশ্ৰ আৰু আন অংশীদাৰীসকলৰপৰা 'শাস্ত্ৰ প্ৰকাশ প্ৰেছ'টো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে গুৱাহাটীলৈ  লৈ আনি বৰপেটীয়াপাৰাত স্থাপন কৰে আৰু এই ছপাযন্ত্ৰটোৱে হৈ পৰে প্ৰখ্যাত 'অৰুণা প্ৰেছ'।

2 comments: