Tuesday, June 9, 2020

ঊনবিংশ শতিকাৰ পঢ়াশলীয়া পাঠ্যপুথি

(১)লৰাদৰ্শক,১ম ভাগ /মুনশি এয়াৰ মহাম্মদ /১৮৭৬ খ্ৰীষ্টাব্দ।

১৮৭৩ চনত অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাৰ পিছত অসমীয়া ভাষাত লিখা পঢ়াশলীয়া পাঠ্যপুথিৰ প্ৰয়োজনীয়তা আহি পৰিছিল।সেই সময়ত অসমীয়া শিক্ষিত মধ্যবিত্তৰ সংখ্যা কম হোৱাৰ বাবে বংগদেশৰপৰা প্ৰব্ৰজিত শিক্ষিত একশ্ৰেণীৰ লোকেও অসমীয়া পাঠ্যপুথি ৰচনাত হাত দিছিল।তেনে এগৰাকী ব্যক্তি আছিল ডিব্ৰুগড়ৰ এয়াৰ মহাম্মদ।"লৰাদৰ্শক" ১ম ভাগৰ 'ভূমিকা'ত তেওঁ লিখিছে,"লক্ষীমপুৰ স্কুলস্থ হেডমাষ্টাৰ শ্ৰীযুক্ত বাবু বৰদানাথ সৰকাৰ মহাশয়ে লৰাবোৰৰ শিক্ষাৰ্থে সৰল অসমীয়া ভাষাৰে মোক এখন পুস্তক  প্ৰণয়ণ কৰিবলৈ অনুৰোধ কৰাত মই এই ক্ষুদ্ৰ পুথিখনি প্ৰস্তুত কৰিবলৈ প্ৰবৃত্ত হওঁ‌।এনেতে ওপৰ আসামৰ স্কুল সমূহৰ একটীং ডিপুটি ইনস্ পেক্ টৰ শ্ৰীযুক্ত বাবু ফণিধৰ চালিহা এদিনা পুথি খনিৰ কিঞ্চিৎ দৰ্শন কৰি মুদ্ৰিত কৰিবলৈ উপদেশ দিয়াত গ্ৰন্থ খনি লৈ জন সমাজত উপস্থিত হলোঁ‌।"গ্ৰন্থখনৰ মুঠ পৃষ্ঠাসংখ্যা ৪৪।ভাষাত বঙলুৱা ঠাঁ‌চ বিদ্যমান। গোৱালপাৰাৰ হিত-বিধায়িনী যন্ত্ৰত নবকান্ত নাথৰদ্বাৰা মুদ্ৰিত।


(২)অসমীয়া লৰাৰ ব্যাকৰণ / হেমচন্দ্ৰ বৰুৱা /১৮৮২ খ্ৰীষ্টাব্দ।


ব্যাকৰণ আৰু অভিধান প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই ঊনবিংশ শতিকাৰ অসমত একাধিক পঢ়াশলীয়া পুথি ৰচনা কৰিছিল।১৮৫৯ চনত শিৱসাগৰৰ মিছনাৰী প্ৰেছৰপৰা "অসমীয়া ভাষাৰ ব্যাকৰণ" প্ৰকাশ কৰাৰ পিছত ১৮৭৩ চনত আগৰ ব্যাকৰণখন সংশোধন কৰি "অসমীয়া ব্যাকৰণ" নামে প্ৰকাশ কৰে।"অসমীয়া লৰাৰ ব্যাকৰণ" হৈছে মূলতঃ পঢ়াশলীয়া ল'ৰা(ছোৱালী যিহেতু নাছিলেই)সকলৰ নিমিত্তে ৰচিত ব্যাকৰণ।এই ব্যাকৰণৰ পাতনিত লেখকে লিখিছে, "ইয়াৰ আগেয়ে মোৰ দ্বাৰা যে এখান অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰচাৰিত হৈছে, সি প্ৰথমে অসমীয়া শিকিবলৈ আৰম্ভ কৰা লৰা আৰু গাঁ‌ৱলীয়া পঢ়াশালীত (Primary Schools) পঢ়া ছাতৰবিলাকৰ নিমিত্তে কঠিন আৰু বাহুল্য যেন বোধ হোৱাত সিবিলাকৰ উপকাৰৰ কাৰণে এই সংক্ষেপ-ব্যাকৰণ যুগুত কৰা গ'ল;এই পুথিত অসমীয়া ভাষাৰ জানিব লগীয়া প্ৰায় সকলো কথাকে মুঠকৈ দিয়া হৈছে।"অৱশ্যে পাতনিত "এখান ব্যাকৰণ" প্ৰচাৰ হোৱাৰ কথা লেখকে লিখিছে যদিও ১৮৮২ চনৰ আগত বৰুৱাই দুখনকৈ ব্যাকৰণ ৰচনা কৰিছিল।বোধকৰোঁ‌ লেখকে "অসমীয়া ব্যাকৰণ"খনকেই নিৰ্দেশ কৰিছিল পাতনিত।মুঠ পৃষ্ঠাসংখ্যা ৮৯।গুৱাহাটীৰ প্ৰথমটো ছপাশাল চিদানন্দ-যন্ত্ৰত ৰামদেৱ শৰ্মাৰদ্বাৰা মুদ্ৰিত।পুথিখনত অসমীয়া 'ৰ' ৰ ঠাইত ফুটদিয়া ৰ ব্যৱহাৰ হৈছে।


(৩)অসমীয়া ল'ৰাৰ শিক্ষাসাৰ /পদ্মহাস গোস্বামী /১৮৭৪ খ্ৰীষ্টাব্দ।

নগাঁ‌ও হাইস্কুলৰ সংস্কৃত শিক্ষক পদ্মহাস গোস্বামীৰদ্বাৰা ৰচিত পঢ়াশলীয়া পুথি।এই পুথিত অন্তৰ্ভুক্ত হৈছে "সৃষ্টিকৰ্ত্তা", 'পিতৃমাতৃলৈ ভক্তি প্ৰকাশ কৰা', 'শিক্ষকলৈ কৃতজ্ঞ হোৱা', 'ভাইভনীৰ প্ৰতি ব্যৱহাৰ', 'নিজদেশৰ হিত চেষ্টা কৰা', 'মিত্ৰতা', 'প্ৰভু আৰু ভৃত্যৰ ব্যৱহাৰ', 'মেঘৰ বিষয়ে', 'বৃষ্টি বা বৰষুণ', 'ৰামধেনু', 'বিদ্যুৎ আৰু বজ্ৰাঘাত', ' চন্দ্ৰ সূৰ্য্যৰ গ্ৰহণ', 'পৃথিৱীৰ আকৃতি', 'ভূঁ‌ইকঁ‌প্ বা ভূমিকম্প' আৰু 'পৰমাণু' শীৰ্ষক মুঠ পোন্ধৰটা পাঠ। নীতিশিক্ষামূলক আৰু বিজ্ঞান বিষয়ক এই চুটি চুটি পাঠসমূহৰ গদ্য সৰল আৰু পোনপটীয়া।মুঠ পৃষ্ঠাসংখ্যা ৫৫।নগাঁ‌ও ডিষ্ট্ৰিক্ট স্কুল কমিটিৰ সদস্য মিলাৰাম দেৱশৰ্ম্মাৰদ্বাৰা প্ৰকাশিত আৰু কালিকিঙ্কৰ চক্ৰবৰ্তীৰদ্বাৰা কলিকতাৰ বাল্মীকি যন্ত্ৰত মুদ্ৰিত।মূল্য চাৰি অনা।পুথিখনৰ বিষয়ে আৰম্ভণিতে সেই সময়ৰ নগাঁ‌ৱৰ দুগৰাকী বিশিষ্ট ব্যক্তি মাইলছ বন্সন আৰু গুণাভিৰাম বৰুৱাৰ ইংৰাজীত লিখা চমু মন্তব্য প্ৰকাশিত হৈছে।


(৪) অসমীয়া ভাষাৰ ল'ৰাবোধ ব্যাকৰণ /ধৰ্মেশ্বৰ গোস্বামী /১৮৮৪ খ্ৰীষ্টাব্দ।

ঊনবিংশ শতিকাৰ শেষাৰ্ধত অসমীয়া ভাষাত যি তিনি-চাৰিখন পঢ়াশলীয়া ব্যাকৰণ ৰচিত হৈছিল, তাৰ ভিতৰত ধৰ্মেশ্বৰ গোস্বামীৰ "অসমীয়া ভাষাৰ ল'ৰাবোধ ব্যাকৰণ" অন্যতম।পুুুথিৰ 'বিজ্ঞাপন'ত লেখকে লিখিছে, "বৰ্ত্তমান যি কেই খানি অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰচলিত আছে, তাত বহুত আৱশ্যকীয় কথাৰ উল্লেখ নাই।সেইবিলাক  কথা ভাষা শিক্ষাৰ্থী সকলৰ পক্ষে অতি আৱশ্যকীয়।আমি সেই বিলাক কথা এই পুস্তকত ব্যক্ত কৰিছোঁ‌।...ৰচনা লিখিবৰ নিয়ম, অলঙ্কাৰ-ব্যাখ্যা অন্য ব্যাকৰণত নাই।আমি তাৰো সংক্ষেপ বিবৰণ দিছোঁ‌‌।"পুুথিখন পুথিবছা সমিতিৰ সদস্য ক্ৰমে গুণাভিৰাম বৰুৱা, ৰত্নকান্ত বৰুৱা আৰু প্ৰসন্ন কুমাৰ সেনে পঢ়াশালীসমূহৰ পাঠ-যোগ্য বুলি ঘোষণা কৰে আৰু ১৭৫ টকাৰ পুৰস্কাৰ দিবলৈ মত প্ৰকাশ কৰে।মুঠ পৃষ্ঠাসংখ্যা ১৩০।কলিকতাৰ কৰ্ণৱালিছ ষ্ট্ৰীটৰ ভিক্টোৰিয়া প্ৰেছত ভুবন মোহন ঘোষৰদ্বাৰা মুদ্ৰিত।


(৫) অসমীয়া লৰাৰ ব্যাকৰণ /দীনবন্ধু তৰ্কালঙ্কাৰ /১৮৭৩ খ্ৰীষ্টাব্দ।

ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ ৰখন জনপ্ৰিয় পঢ়াশলীয়া ব্যাকৰণ আছিল "অসমীয়া লৰাৰ ব্যাকৰণ"।পুথিখনিৰ প্ৰকাশক ঊনবিংশ শতিকাৰ অগ্ৰণী বুদ্ধিজীৱী গুণাভিৰাম বৰুৱা।"ভূমিকা"ত তেওঁ লিখিছে, "আমাৰ দেশৰ পঢ়াশালি বিলাকত অসমীয়া ভাষা শিক্ষা দিবলৈ সংক্ষেপ ব্যাকৰণ নোহোৱাত শ্ৰীযুক্ত দীনবন্ধু তৰ্কালঙ্কাৰ মহাশয়ে এই ব্যাকৰণ খানি ৰচনা কৰি তেঁ‌ওৰ ছাত্ৰ বিলাকক শিক্ষা দিছিল।ইয়াক ময় পঢ়ি চালোঁ‌।সংস্কৃত ভাষাৰ ব্যাকৰণ অবলম্বন কৰি ইয়াক ৰচনা কৰা হ'লেও সেই ভাষাৰ নিয়ম আমাৰ ভাষাত যিমান চলিছে তিমানহে ইয়াত সংক্ষেপে আছে।"১৮৭৫ চনলৈ তিনিটা সংস্কৰণ প্ৰকাশ পোৱা আৰু প্ৰত্যেকটো সংস্কৰণতে ১০০০ কপি মুদ্ৰিত হোৱাটোৱে গ্ৰন্থখনৰ বহুল প্ৰচলনৰ সাক্ষ্য বহন কৰে।মুঠ পৃষ্ঠাসংখ্যা ৫৩।৩য় সংস্কৰণ কলিকতাৰ সুচাৰু যন্ত্ৰত ৰামব্ৰহ্ম মুখোপাধ্যায়ৰদ্বাৰা মুদ্ৰিত।মূল্য চাৰি অনা।


(৬)  আশুবোধ ব্যাকৰণ /নাৰায়ণ শৰ্ম্মা বিদ্যাভূষণ /১৮৮৭ খ্ৰীষ্টাব্দ।

গুৱাহাটীৰ নৰ্মাল স্কুলৰ শিক্ষক নাৰায়ণ শৰ্ম্মাই ৰচনা কৰা ব্যাকৰণ।পাতনিত লেখকে লিখিছে, "কামৰূপৰ স্কুলবিলাকৰ বৰ্ত্তমান ডেপুটী ইনেস্পেক্টৰ মান্যবৰ শ্ৰীযুক্ত বাবু হৰিমোহন লাহিড়ী মহাশয়ে এদিন কথা প্ৰসঙ্গে আজি-কালিৰ অসমীয়া পঢ়াশালীবিলাকৰ পাঠ্য ব্যাকৰণৰ ন্যূনতা দেখাই সেই ভাষাৰ  এখানি ব্যাকৰণ কৰিবলৈ আমাক উৎসাহিত্ কৰাত্ আমিও তালৈ চেষ্টা কৰিম্ বুলি স্বীকাৰ পালোঁ‌হঁ‌ক।পিচে কেইখানিমান অসমীয়া আৰু বঙ্গালী ব্যাকৰণ চাই সৰল ভাষাৰে এই ব্যাকৰণখানি ৰচনা কৰা হল।"মুঠ পৃষ্ঠাসংখ্যা ৯৪।দ্বিতীয় সংস্কৰণ প্ৰকাশ পায় ১৮৮৭ চনত।কলিকতাৰ সখা যন্ত্ৰত নটবৰ চক্ৰবৰ্তীৰদ্বাৰা মুদ্ৰিত।বেচ চাৰি অনা মাত্ৰ।(আগলৈ)

No comments:

Post a Comment