ঊনবিংশ শতিকাৰ পাঠ্যপুথি
(৭) অসমীয়া লৰাৰ আদিপাঠ (আগ ছোৱা,মাজ ছোৱা আৰু শেহ ছোৱা) /হেমচন্দ্ৰ দেবশৰ্ম্মা /১৮৭৫-৭৬ খ্ৰীষ্টাব্দ
"আত্ম-জীৱনচৰিত"ত হেমচন্দ্ৰ শৰ্ম্মাই (পিছলৈ বৰুৱা) লিখিছে, "ইং ১৮৭৩ শকত তেতিয়াৰ লেৱটেনেণ্ট গবৰ্ণৰ স্যাৰ জৰ্জ্জ কেম্বেল চাহাবৰ জাননী অনুসৰি আন অনেকৰ দৰে মই আদি-পাঠ নামেৰে এখান অসমীয়া ভাষাৰ প্ৰথম শিক্ষাৰ পুথি লিখোঁ।এই প্ৰকাৰৰ ৫০ খানমান পুথি লিখা হৈছিল।সেইবিলাকৰ গুণাগুণৰ বিবেচনা কৰিবৰ কাৰণ(এ) বহা সমজুৱাবিলাকে আদিপাঠক সকলোতকৈ শ্ৰেষ্ঠ বোলাত ৫০০ টকা বঁটা পাওঁ।"(পৃষ্ঠা ৪৩৯, জোনাকী, সম্পাঃ নগেন শইকীয়া,অসম সাহিত্য সভা, ২০০১ চন) অসমীয়া লৰাৰ আদিপাঠৰ প্ৰথমছোৱা মুঠ ১৮ পৃষ্ঠা, মাজছোৱাত ১৯ পৃষ্ঠা আৰু শেহছোৱাত ২৩ পৃষ্ঠা আছে।প্ৰথমছোৱা ১৮৭৫ চনত আৰু মাজছোৱা আৰু শেহছোৱা ১৮৭৬ চনত প্ৰকাশ হৈছিল।আটাইকেইটা খণ্ডই কলিকতাৰ বেপ্তিষ্ট মিছন প্ৰেছত চি বি লেৱিছৰদ্বাৰা মুদ্ৰিত।আটাইকেইটা খণ্ডতে published by authority for use in the schools of the Assam province বুলি লিখা আছে।প্ৰতি ছোৱাৰ মূল্য ৩ পইচাকৈ।আগ আৰু শেহছোৱাত ফুটদিয়া 'ৰ' ব্যৱহাৰ হৈছে।ব্ৰিটিছ লাইব্ৰেৰীত তিনিওছোৱা একত্ৰে সংকলিত হৈ আছে।
(৮) কাব্য-কুসুম /সংকলকঃ গুণাভিৰাম বৰুৱা /১৮৮৪ খ্ৰীষ্টাব্দ।

এই সংকলনৰ প্ৰকাশক হৰিবিলাসৰ গুপ্তক সম্বোধন কৰি সংকলকে লিখা চিঠি এখন গ্ৰন্থৰ আৰম্ভণিতে সন্নিবিষ্ট হৈছে।তাত লিখিছে, " বহু শ্ৰমেৰে নানা ঠাইৰ পৰা অসমীয়া পদ্য সংগ্ৰহ কৰি তাৰে কোনো কোনো অংশ এই পুথীত উদ্ধৃত কৰা হইছে।...এই পুথী কাব্য-কুসুম নামে এক শ্ৰেণীৰ পুথীৰ প্ৰথম ভাগ মাত্ৰ।নগাওঁৰ "টেকষ্ট বুক কমিটী"য়েও এই পুথী পাঠ্য পুস্তকৰ শ্ৰেণীত মনোনীত কৰিছে।" মধ্যযুগৰ অসমীয়া কবি শংকৰদেৱ, মাধৱদেৱ, দ্বিজ হৰিবৰ কবি, অনন্ত কন্দলী, ৰাম সৰস্বতী, শ্ৰীধৰ কন্দলী, মাধৱ কন্দলী, লক্ষীদেৱ, শ্ৰীচন্দ্ৰ ভাৰতী (অনন্ত কন্দলী)ৰ কাব্যাংশ এই সংকলনত অন্তৰ্ভুক্ত হৈছে।কেতবোৰ পাঠৰ অন্তত সংকলকৰ নোট সন্নিবিষ্ট হৈছে।মুঠ পৃষ্ঠাসংখ্যা ৮৯।কলিকতাৰ কৰ্ণৱালিছ ষ্ট্ৰীটৰ বাঙ্গালা যন্ত্ৰত নলিনীমোহন দাসৰদ্বাৰা মুদ্ৰিত।মূল্য চাৰি অনা মাথোন।
(৯) অসমীয়া লৰাৰ মিত্ৰ (সংক্ষিপ্ত)/ঁআনন্দৰাম ঢেকিয়াল ফুকন কৰ্ত্তৃক ৰচিত /গুণাভিৰাম শৰ্ম্মা কৰ্ত্তৃক সংক্ষিপ্তৰূপে প্ৰচাৰিত /১৮৭৩ খ্ৰীষ্টাব্দ।
এই গ্ৰন্থৰ 'ভূমিকা'ত গুণাভিৰাম শৰ্ম্মাই লিখিছে, "ইংৰাজী ১৮৪৯ শঁকত ঁ প্ৰাপ্ত আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লৰাৰ মিত্ৰ নামে দুখানি পুথি ছপায়।দেশৰ উপকাৰ কৰাই তেঁওৰ প্ৰধান ইচ্ছা।সেই পুথী ইমান দিনে কোনো পাঠশালাত চলতি হোৱা নাছিল।এতিয়া অসম দেশৰ পঢ়াশালী বিলাকত অসমীয়া ভাষা চলিবলৈ ৰাজাজ্ঞা প্ৰচাৰ হোৱাত সেই পুথীৰ দ্বিতীয় কাণ্ডৰ পৰা কিছু কথা তুলি মূল নামে এই পুথী প্ৰচাৰ কৰা গল।" এই সংক্ষিপ্ত "অসমীয়া লৰাৰ মিত্ৰ"ত অন্তৰ্ভুক্ত হৈছে 'পাঠকৰ প্ৰতি নিবেদন', 'উপদেশ বাক্য', 'সদানন্দ হোৱাৰ সঙ্কেত', 'সন্তান সকলৰ পিতৃ মাতৃৰ প্ৰতি কৰ্ত্তব্য কৰ্ম্ম', 'ছাত্ৰৰ অধ্যাপকৰ প্ৰতি কৰ্ত্তব্য কৰ্ম্ম', 'জ্ঞানৰ সংবাদ', 'কলিকাতা নগৰৰ বিবৰণ', 'ভাৰতবৰ্ষৰ সঙ্ক্ষেপ বুৰঞ্জি', 'অসম দেশৰ সংক্ষেপ বুৰঞ্জি', 'অসম দেশৰ বিবৰণ' আদি পাঠ। লগতে দৰং, নগাঁও, শিবসাগৰ, লক্ষ্মীপুৰ (লক্ষীমপুৰ), নাগাহিলছ্ বা নাগাপৰ্ব্বত, খাসিয়া বা জয়ন্তীয়া পৰ্ব্বত, গোয়ালপাৰা বা গুৱালপাৰা আদি জিলাসমূহৰ বৰ্ণনাও সন্নিবিষ্ট হৈছে।তদুপৰি ভোট, অকা, ডফলা, মীকিৰ, আবৰ, মিচিমী, খামতী, চিংখৌ, কছাৰী, গাৰো আদি জনজাতিসমূহৰ চমু পৰিচয় অন্তৰ্ভুক্ত হৈছে।মুঠ পৃষ্ঠাসংখ্যা ৭২। মূল্য পাঁচ আনা মাত্ৰ।কলিকতাৰ বাল্মীকি যন্ত্ৰত কালীকিঙ্কৰ চক্ৰবৰ্তীৰদ্বাৰা মুদ্ৰিত।
(১০) আদি শিক্ষা, প্ৰথম ভাগ /পূৰ্ণানন্দ সেন /পঞ্চম সংস্কৰণ /১৮৮৭ খ্ৰীষ্টাব্দ।

স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, ওভোতা (সানমিহলি) স্বৰ-ব্যঞ্জনবৰ্ণকে ধৰি মুঠ ৩৪ টা চমু পাঠ অন্তৰ্ভুক্তিৰে পুথিখনৰ মুঠ পৃষ্ঠাসংখ্যা ২৪।নগাঁওস্থিত লেখকগৰাকীৰ বিষয়ে তথ্য পোৱা হোৱা নাই।জানকী নাথ সেন (লেখকৰ আত্মীয়?) পুথিখনৰ প্ৰকাশক।১৮৮৭ চনলৈ পঞ্চমবাৰলৈ মুদ্ৰিত হোৱাটোৱে পুথিখনৰ জনপ্ৰিয়তাক সূচায়।পঞ্চম সংস্কৰণটো কলিকতাৰ ২ নং বেণেটোলা লেইনৰ সখা-যন্ত্ৰত নটবৰ চক্ৰবৰ্তীৰদ্বাৰা মুদ্ৰিত।মূল্য ১ আনা।নগাঁৱৰে মধুসূদন গুপ্তৰদ্বাৰা পৰিৱেশিত।পুথিখনৰ বকলাপিঠিত গুপ্তৰ ওচৰত উপলব্ধ অসমীয়া পাঠ্যপুথিৰ "জাননী" প্ৰকাশ হৈছে।
এই পঢ়াশলীয়া পুথিখন 'ৰ ফলা'ৰপৰা আৰম্ভ হৈছে আৰু সংযোগী আখৰৰো পৰিচয় দিয়া হৈছে।লগতে চুটি চুটি বাক্য সন্নিবিষ্ট বিভিন্ন বিষয়ৰ ১৬ টা পাঠ অন্তৰ্ভুক্ত হৈছে।শেহলৈ বাৰ, মাহ, ঋতুৰ নাম আৰু সৰু নেওতা আৰু মধ্যম নেওতা দিয়া হৈছে।মুঠ পৃষ্ঠাসংখ্যা ৪৫।শিৱসাগৰৰ বাপ্তিষ্ট মিশ্যন যন্ত্ৰত মুদ্ৰিত।কপিৰ সংখ্যা ১০০০।
(১২) অসমীয়া ভাষাৰ বাৰে মতৰা /ই ডব্লিউ ক্লাৰ্ক/পঞ্চম সংস্কৰণ /১৮৭৪ খ্ৰীষ্টাব্দ।

স্বৰ, ব্যঞ্জন, মিহলোৱা আখৰ, য ফলা, ৰ্ক ফলা আদিৰ লগতে সৰল আৰু চুটি বাক্যৰ সচিত্ৰ ৬ টা পাঠ অন্তৰ্ভুক্ত হৈছে।১৮৭৪ চনত পঞ্চম সংস্কৰণ প্ৰকাশ হোৱা আৰু এই সংস্কৰণত ২০০০ কপি মুদ্ৰণ হোৱাটোৱে পুথিখনৰ জনপ্ৰিয়তাক সূচায়। মুঠ পৃষ্ঠাসংখ্যা ২২।
No comments:
Post a Comment